ভাৰতীয় বধিৰ অলিম্পিক দলৰ এতিয়ালৈকে সৰ্বাধিক পদক অৰ্জনৰে ইতিহাস ৰচনা
“এজন দিব্যাংগ খেলুৱৈৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চত পাৰদৰ্শিতা প্ৰদৰ্শনৰ কৃতিত্ব ক্ৰীড়া সাফল্যতকৈয়ো অধিক”
“দেশখনৰ ইতিবাচক ভাবমূর্তি সৃষ্টিত আপোনালোকৰ অৱদান আন খেলুৱৈসকলতকৈ বহুগুণে বেছি”
“নিজৰ আগ্ৰহ আৰু উৎসাহ অক্ষুন্ন ৰাখক। এই আগ্ৰহে আমাৰ দেশৰ প্ৰগতিৰ নতুন পথ মুকলি কৰিব”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিজৰ বাসগৃহত শেহতীয়াকৈ অনুষ্ঠিত বধিৰ অলিম্পিকত অংশগ্ৰহণকাৰী ভাৰতীয় দলটোৰে মত-বিনিময় কৰে। এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ভাৰতীয় দলটোৱে ব্ৰাজিলত অনুষ্ঠিত বধিৰ অলিম্পিকত ৮ টা সোণৰ পদককে ধৰি ১৬ টা পদক লাভ কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু শ্ৰী নিশীথ প্ৰামাণিকো উপস্থিত থাকে।

 

দলটোৰ জ্যেষ্ঠ সদস্য ৰোহিত ভাকেৰৰে মত-বিনিময় কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰত্যাহ্বানসমূহৰে মোকাবিলাৰ ধৰণ আৰু প্ৰতিদ্বন্দ্বীসকলক মূল্যায়নৰ পদ্ধতি সম্পৰ্কে আলোচনা কৰে। ৰোহিতে প্ৰধানমন্ত্ৰীগৰাকীক ক্ৰীড়াত মনোনিৱেশেৰে দীৰ্ঘদিনে উচ্চতম পৰ্য্যায়ত থকাৰ আঁৰত তেওঁৰ বেকগ্ৰাউণ্ড আৰু অনুপ্ৰেৰণা সম্পৰ্কেও কয়। দক্ষ বেডমিন্টন খেলুৱৈজনক প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এজন ব্যক্তি আৰু ক্ৰীড়াবিদ হিচাপে তেওঁৰ জীৱন এক প্ৰেৰণাৰ উৎস। তেখেতে অধ্যৱসায় আৰু জীৱনৰ বাধাক অতিক্ৰমৰ বাবেও তেওঁক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে খেলুৱৈজনৰ অবিৰত উদ্যম আৰু বয়স বৃদ্ধিৰ লগে-লগে তেওঁৰ উন্নত প্ৰদৰ্শনৰ কথা উল্লেখ কৰে। “সুনাম কৰাৰ সময়ত জিৰণি নোলোৱা আৰু সন্তুষ্ট নোহোৱাটো এজন খেলুৱৈৰ অন্যতম প্ৰধান গুণ। এজন খেলুৱৈয়ে সদায়েই উচ্চতৰ লক্ষ্য নিৰ্ধাৰণ আৰু ইয়াত উপনীত হ’বলৈ চেষ্টা কৰে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

 

মল্লযুঁজাৰু বীৰেন্দ্ৰ সিঙে মল্লযুঁজত নিজৰ পৰিয়ালৰ লিগেচী সম্পৰ্কে কয়। তেওঁ বধিৰ সমাজখনত সুযোগ আৰু প্ৰতিযোগিতা বিচাৰি পোৱাত তেওঁৰ সন্তুোষো ব্যক্ত কৰে। ২০০৫ ৰপৰা বধিৰ অলিম্পিকত তেওঁৰ পদক বিজয়ী ধাৰাবাহিক প্ৰদৰ্শনৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক উৎকৃষ্ট হোৱাৰ ইচ্ছাৰ বাবে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এজন প্ৰবীণ আৰু লগতে এই ক্ৰীড়াৰ ব্যগ্ৰ শিক্ষাৰ্থী হিচাপে তেওঁৰ স্থিতিৰ শলাগ লয়। “আপোনাৰ ইচ্ছাশক্তিয়ে সকলোকে অনুপ্ৰাণিত কৰিছে। দেশৰ যুৱক-যুৱতী আৰু খেলুৱৈ উভয়েই আপোনাৰ ধাৰাবাহিকতাৰ মানদণ্ডৰ পৰা শিকিব পাৰে৷ শীৰ্ষত উপনীত হোৱাটো কঠিন কিন্তু তাতোকৈ অধিক কঠিন হ’ল তাত থাকি অগ্ৰগতিৰ চেষ্টা কৰি থকাটো”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

 

শ্বুটাৰ ধনুশে তেওঁৰ উৎকৃষ্টতাৰ সন্ধান অব্যাহত ৰখাৰ ক্ষেত্ৰত তেওঁৰ পৰিয়ালৰ সমৰ্থনকো কৃতিত্ব প্ৰদান কৰে। যোগ আৰু ধ্যান-ধাৰণাই তেওঁক সহায় কৰাৰ কথাও তেওঁ কয়। তেওঁ তেওঁৰ মাতৃক নিজৰ আদৰ্শ বুলি গণ্য কৰা বুলি কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক সমৰ্থন আগবঢ়াই অহাৰ বাবে মাতৃ আৰু পৰিয়ালবৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰে। খেল’ ইণ্ডিয়াই তৃণমূল পৰ্য্যায়ত খেলুৱৈসকলক সহায় কৰি থকাত তেওঁ আনন্দ প্ৰকাশ কৰে।

শ্বুটাৰ প্ৰিয়েশা দেশমুখে তেওঁৰ যাত্ৰা, পৰিয়ালৰ সমৰ্থন আৰু প্ৰশিক্ষক অঞ্জলি ভাগৱত সম্পৰ্কে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰিয়েশা দেশমুখৰ সফলতাত অঞ্জলি ভাগৱতৰ ভূমিকাক প্ৰশংসা কৰে। পুনেকাৰ প্ৰিয়েশাৰ সলসলীয়া হিন্দী ভাষায়েও শ্ৰী মোদীৰ দৃষ্টি আকৰ্ষণ কৰে।

টেনিছৰ জাফ্ৰিন শইকেও পিতৃ আৰু পৰিয়ালৰ সমৰ্থনৰ কথা কয়। প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে মত-বিনিময় কৰি তেওঁ আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশখনৰ কন্যাসকলৰ দক্ষতা আৰু সামৰ্থ্যৰ সমাৰ্থক হোৱাৰ উপৰিও তেওঁ কিশোৰীসকলৰ বাবে আদৰ্শস্বৰূপ। “আপুনি ভাৰতৰ কন্যাই কোনো লক্ষ্যত চকু দিয়া মাত্ৰেকে কোনো বাধায়েই যে তেওঁলোকক ৰুদ্ধ কৰিব নোৱাৰে, আপুনি সেয়া প্ৰমাণ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ সাফল্য মহান আৰু তেওঁলোকৰ আগ্ৰহে ভৱিষ্যতে তেওঁলোকৰ বাবে বহু উচ্চ গৌৰৱৰ ইংগিত প্ৰদান কৰিছে। “এই আগ্ৰহ আৰু উৎসাহ অক্ষুন্ন ৰাখক। এই আবেগে আমাৰ দেশৰ বিকাশৰ নতুন পথ মুকলি কৰিব আৰু উজ্জ্বল ভৱিষ্যৎ নিশ্চিত হ’ব”, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে এজন দিব্যাংগ খেলুৱৈৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চত পাৰদৰ্শিতা প্ৰদৰ্শনৰ কৃতিত্ব ক্ৰীড়া সাফল্যতকৈয়ো অধিক। ই দেশখনৰ সংস্কৃতিক প্ৰদৰ্শন আৰু সংবেদনশীলতাৰ ইংগিত বহন কৰে। দেশখনত তেওঁলোকৰ সামৰ্থ্যৰ প্ৰতি অনুভৱ আৰু সন্মানৰ ভাব সৃষ্টি হয়। সেইবাবেই “ইতিবাচক ভাবমূৰ্তি সৃষ্টিত আপোনালোকৰ অৱদান আন খেলুৱৈসকলতকৈ বহুগুণে অধিক”, প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়।

এই মত-বিনিময়ৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটত কয়, “বধিৰ অলিম্পিকত ভাৰতলৈ গৌৰৱ আৰু সন্মান কঢ়িয়াই অনা আমাৰ চেম্পিয়নসকলৰে মত-বিনিময়ৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰো। খেলুৱৈসকলে তেওঁলোকৰ অভিজ্ঞতাসমূহ ব্যক্ত কৰিছে আৰু মই তেওঁলোকৰ মাজত থকা আবেগ আৰু দৃঢ়তা দেখিবলৈ পালো। তেওঁলোক আটাইলৈকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলো।” প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে “আমাৰ চেম্পিয়নসকলৰ বাবেই এইবাৰৰ বধিৰ অলিম্পিক ভাৰতৰ বাবে শ্ৰেষ্ঠ হৈ উঠিল!”

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
FTAs boost global demand for Indian talent, expand mobility options

Media Coverage

FTAs boost global demand for Indian talent, expand mobility options
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi performs Darshan and Pooja at Baba Vishwanath Temple; prays for the prosperity and good health of all countrymen
April 29, 2026

 

Prime Minister Shri Narendra Modi today performed darshan and pooja at the Baba Vishwanath Temple in Kashi, where he prayed for the happiness, prosperity, and healthy lives of the people of the nation.

"हर हर महादेव !

काशी में बाबा विश्वनाथ मंदिर में दर्शन और पूजन का सौभाग्य मिला। यहां भगवान भोलेनाथ से समस्त देशवासियों के लिए सुख-समृद्धि और आरोग्यपूर्ण जीवन की कामना की।

माँ अन्नपूर्णा एवं माँ गंगा के दर्शन से असीम शांति मिली। उनकी कृपा से हर किसी में सकारात्मक ऊर्जा का संचार हो !

काशी की जनता को पुनः नमन