অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ পুৰুষ হকী দলৰ প্ৰশংসা কৰে৷ প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী ভাৰতীয়ৰ অন্তৰ আৰু মনত হকীৰ প্ৰতি এক বিশেষ স্থান আছে বুলি উল্লেখ কৰে৷ তেওঁ লগতে কয় যে ৫আগষ্ট, ২০২১ৰ দিনটো প্ৰতিগৰাকী হকী প্ৰেমী আৰু ক্ৰীড়া অনুৰাগীৰ আটাইতকৈ স্মৰণীয় দিন হৈ থাকিব৷

প্ৰধানমন্ত্ৰীয়ে এলানি টুইটযোগে ভাৰতীয় দলৰ প্ৰতিগৰাকী খেলুৱৈ-সদস্যক প্ৰশংসা কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয়, “আপোনালোকৰ পেনাল্টি কৰ্ণাৰৰ বিশেষ দক্ষতাই দেশলৈ এক মুল্যবান পদক আনিবলৈ সক্ষম হৈছে আৰু আমাৰ সকলোকে গৌৰৱান্বিত কৰিছে৷

ভাৰতে আপোনালোকৰ ওপৰত বিশ্বাস কৰে আৰু আপোনালোকৰ দৰে আৰু বহুতো ভাৰতীয় হকী খেলুৱৈক চাব বিচাৰে৷ মোৰ শুভেচ্ছা জনালো৷

আপোনালোকৰ শক্তিশালী খেল উপভোগ কৰিলো৷ এই গুৰুত্বপূৰ্ণ গ’লৰ জৰিয়তে আপোনালোকে ভাৰতীয় হকীক সকলোকে আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিলে৷

অপূৰ্ব প্ৰদৰ্শন! আপোনালোকক লৈ গৌৰৱবোধ কৰিছো৷

সুৰেন্দৰ কুমাৰৰ মুখত সুন্দৰ হাঁহি৷ ভাৰতৰ বিৰুদ্ধে গ’ল কৰিবলৈ হ’লে আপোনালোকে তেওঁৰ দুৰ্জেয় আৰু কঠোৰ দিশটো চাব পাৰিব৷ এই মূল্যবান পদক অৰ্জনত তেওঁ মহান ভূমিকা পালন কৰিছে৷

ধন্যবাদ সুৰেন্দৰ৷ আমি আপোনাক লৈ গৌৰৱবোধ কৰিছো৷”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PLI 2.0: India bets big on making more of the smartphone at home

Media Coverage

PLI 2.0: India bets big on making more of the smartphone at home
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 মে’ 2026
May 29, 2026

Every Sector, Every Citizen: How PM Modi’s Vision is Transforming India Across All Fronts