অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ পুৰুষ হকী দলৰ প্ৰশংসা কৰে৷ প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী ভাৰতীয়ৰ অন্তৰ আৰু মনত হকীৰ প্ৰতি এক বিশেষ স্থান আছে বুলি উল্লেখ কৰে৷ তেওঁ লগতে কয় যে ৫আগষ্ট, ২০২১ৰ দিনটো প্ৰতিগৰাকী হকী প্ৰেমী আৰু ক্ৰীড়া অনুৰাগীৰ আটাইতকৈ স্মৰণীয় দিন হৈ থাকিব৷

প্ৰধানমন্ত্ৰীয়ে এলানি টুইটযোগে ভাৰতীয় দলৰ প্ৰতিগৰাকী খেলুৱৈ-সদস্যক প্ৰশংসা কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয়, “আপোনালোকৰ পেনাল্টি কৰ্ণাৰৰ বিশেষ দক্ষতাই দেশলৈ এক মুল্যবান পদক আনিবলৈ সক্ষম হৈছে আৰু আমাৰ সকলোকে গৌৰৱান্বিত কৰিছে৷

ভাৰতে আপোনালোকৰ ওপৰত বিশ্বাস কৰে আৰু আপোনালোকৰ দৰে আৰু বহুতো ভাৰতীয় হকী খেলুৱৈক চাব বিচাৰে৷ মোৰ শুভেচ্ছা জনালো৷

আপোনালোকৰ শক্তিশালী খেল উপভোগ কৰিলো৷ এই গুৰুত্বপূৰ্ণ গ’লৰ জৰিয়তে আপোনালোকে ভাৰতীয় হকীক সকলোকে আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিলে৷

অপূৰ্ব প্ৰদৰ্শন! আপোনালোকক লৈ গৌৰৱবোধ কৰিছো৷

সুৰেন্দৰ কুমাৰৰ মুখত সুন্দৰ হাঁহি৷ ভাৰতৰ বিৰুদ্ধে গ’ল কৰিবলৈ হ’লে আপোনালোকে তেওঁৰ দুৰ্জেয় আৰু কঠোৰ দিশটো চাব পাৰিব৷ এই মূল্যবান পদক অৰ্জনত তেওঁ মহান ভূমিকা পালন কৰিছে৷

ধন্যবাদ সুৰেন্দৰ৷ আমি আপোনাক লৈ গৌৰৱবোধ কৰিছো৷”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Operation Sagar Bandhu: India provides assistance to restore road connectivity in cyclone-hit Sri Lanka

Media Coverage

Operation Sagar Bandhu: India provides assistance to restore road connectivity in cyclone-hit Sri Lanka
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 ডিচেম্বৰ 2025
December 05, 2025

Unbreakable Bonds, Unstoppable Growth: PM Modi's Diplomacy Delivers Jobs, Rails, and Russian Billions