প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ বিখ’-অ’ য়’শ্বুৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷
“নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ বিখ’-অ’ য়শ্বুৰ মৃত্যুত মই মৰ্মাহত৷ তেওঁ এগৰাকী পৰিশ্ৰমী নেতা আছিল, যিয়ে নাগালেণ্ডৰ প্ৰগতিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল৷ এই শোকৰ সময়ত মই তেঁওৰ পৰিয়াল আৰু সমৰ্থকলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো৷ তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক৷”, —প্ৰধানমন্ত্ৰীয়ে কয়৷
Anguished by the demise of the Speaker of Nagaland’s Assembly, Er. Vikho-o Yhoshu. He was a diligent leader who devoted his life towards the progress of Nagaland. My thoughts are with his family and supporters in these moments of sadness. May his soul rest in peace.
— Narendra Modi (@narendramodi) December 31, 2019