ক’ভিড-১৯ৰ কাৰণে যিসকল শিশুৱে পিতৃ-মাতৃক হেৰুৱাইছে তেওঁলোকৰ সাহাৰ্য আৰু কল্যানাৰ্থে কেনে ধৰণৰ পদক্ষেপ গ্রহণ কৰিব পৰা যায়, সেই সম্পর্কে আলোচনাৰ বাবে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে এক গুৰুত্বপূর্ণ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত বর্তমান ক’ভিড মহামাৰীৰ ফলত প্রভাৱিত শিশুসকলৰ কল্যাণত প্রধানমন্ত্রী এলানি সুযোগ-সুবিধা প্ৰদানৰ কথা ঘোষণা কৰে। এই সকলো সুযোগ-সুবিধাৰ কথা ঘোষণা কৰি প্রধানমন্ত্রীয়ে কয় যে শিশুসকল দেশৰ ভৱিষ্যতৰ প্রতেওঁধি আৰু তেওঁলোকৰ স্বার্থ সুৰক্ষা কৰাৰ লগতে কল্যাণত আমাৰ কৰণীয় সকলো কাম কৰিম, যাতে তেওঁলোক সু-নাগৰিক হৈ উঠাৰ লগতে নিজৰ বাবে উজ্জ্বল ভৱিষ্যৎ গঢ়ি তুলিব পাৰে। প্রধানমন্ত্রীয়ে লগতে কয় যে এই কঠিন সময়ত এক সমাজ হিচাপে আমাৰ কর্তব্য হ’ল শিশুসকলৰ পৰিচর্যা আৰু চোৱা-চিতা কৰা আৰু তেওঁলোকৰ মাজত উজ্জ্বল ভৱিষ্যতৰ আশাৰ সঞ্চাৰ কৰা। ক’ভিড-১৯ৰ কাৰণে যিসকল শিশুৱে তেওঁলোকৰ পিতৃ-মাতৃ অথবা আইনী অভিভাৱক/দত্তক পিতৃ-মাতৃক হেৰুৱাইছে, তেওঁলোকক পিএম কেয়াৰ্ছ ফৰ চিল্ড্রেন আঁচনিৰ জৰিয়তে সকলো সহায় আগবঢ়োৱা হ’ব। তেওঁ লগতে কয় যে এই ধৰণৰ শিশুসকলৰ বাবে যিবোৰ সা-সুবিধাৰ কথা ঘোষণা কৰা হৈছে, সেয়া সম্ভৱ হৈছে পিএম কেয়াৰ্ছ পুঁজিলৈ মুক্ত হস্তে দান কৰাৰ বাবে, যিটোৱে ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুঁজত সহায় কৰিছে।

শিশুৰ নাম ফিক্সড ডিপজিটঃ

শিশুটিৰ বয়স ১৮বছৰ পূর্ণ হ’লে, তাৰ বাবে এক বিশেষ আঁচনিৰ জৰিয়তে ১০লাখ টকাৰ পুঁজিৰ ব্যৱস্থা কৰা হ’ব। পিএম কেয়াৰ্ছ আঁচনিৰ জৰিয়তে এই পুঁজি গঠনত সহায় কৰা হ’ব। এই পুঁজিৰ সুবিধাবোৰ হ’লঃ

• শিশুটিয়ে ১৮ বছৰ বয়স পূর্ণ কৰিলে মাহিলী ভিত্তিত আর্থিক সুবিধা/ভাতা পাব। পৰৱর্তী ৫ বছৰ ইয়াৰ জৰিয়তে উচ্চশিক্ষাৰ ক্ষেত্রত ব্যক্তিগত প্রয়োজনীয়তা পুৰণত এই পুঁজিয়ে সহায় কৰিব আৰু

• শিশুটিৰ বয়স ২৩ বছৰ পূৰ্ণ হ’লেই, সেই এককালীন ব্যক্তিগত বা বৃত্তিমূলক কামৰ বাবে আর্থিক সুবিধা লাভ কৰিব।

বিদ্যালয় শিক্ষা : ১০ বছৰতকৈ কম বয়স শিশুসকলৰ বাবে

• এই বয়সীয়া শিশুসকলক সমীপৰ কেন্দ্রীয় বিদ্যালয় অথবা দিনৰ ভাগত পঢ়াশুনাৰ সুবিধা থকা আন বেচৰকাৰী বিদ্যালয়ত ভর্তি কৰা হ’ব।

• যদি সংশ্লিষ্ট শিশুটিক বেচৰকাৰী বিদ্যালয়ত ভর্তি কৰা হয়, তেতিয়া পঢ়া-শুনাৰ বাবদ মাছুল শিক্ষাৰ অধিকাৰ আইন অনুযায়ী প্ৰদান কৰা হ’ব। পিএম কেয়াৰ্ছ পূঁজিৰ পৰা এই মাছুল প্ৰদান কৰা হ’ব।

• পিএম কেয়াৰ্ছ আঁচনিৰ জৰিয়তে সংশ্লিষ্ট শিশুসকলৰ বাবে বিদ্যালয়ৰ পোচাক, পাঠ্যপুথি আৰু নোটবুকৰ বাবদ খৰচ দিয়া হ’ব।

বিদ্যালয় শিক্ষা : ১১-১৮ বছৰ বয়স শিশুসকলৰ বাবেঃ

• এই বয়সীয়া শিশুসকলক সৈনিক স্কুল, নবোদয় বিদ্যালয়ৰ দৰে কেন্দ্রীয় চৰকাৰী আবাসিক বিদ্যালয়ত নামভর্তি কৰা হ’ব।

• যদি কোনো শিশুৱে তেওঁৰ অভিভাৱক/ককা-আইতা/পৰিয়ালৰ অন্যান্য সদস্যৰ তত্ত্বাৱধানত থাকি পঢ়া-শুনা কৰিব বিচাৰে, তেনেক্ষেত্রত তেওঁক সমীপৰ কেন্দ্রীয় বিদ্যালয় বা দিনৰ ভাগত পঢ়া-শুনা কৰিব পৰা বেচৰকাৰী বিদ্যালয়ত নামভর্তি কৰা হ’ব৷

• সংশ্লিষ্ট শিশুটিক যদি বেচৰকাৰী বিদ্যালয়ত ভর্তি কৰা হয়, তেতিয়াহ’লে পঢ়া-শুনাৰ বাবদ শিক্ষা মাছুল শিক্ষাৰ অধিকাৰ আইন অনুযায়ী পিএম কেয়াৰ্ছ আঁচনিৰ পৰা প্ৰদান কৰা হ’ব।

• পিএম কেয়াৰ্ছ আঁচনিৰ জৰিয়তে সংশ্লিষ্ট শিশুৰ বাবে বিদ্যালয়ৰ পোচাক, পাঠ্যপুথি আৰু নোটবুকৰ বাবদ খৰচ প্ৰদান কৰা হ’ব।

উচ্চ-শিক্ষা ক্ষেত্রে সাহাৰ্যঃ

• সংশ্লিষ্ট শিশুক বর্তমান শিক্ষা ঋণ বিধি অনুসৰি ভাৰতত যিকোনো বৃত্তিমূলক পাঠ্যক্ৰ/উচ্চ-শিক্ষাৰ বাবে শিক্ষা ঋণ সাহায্য আগবঢ়োৱা হ’ব। ঋণৰ সুদ প্ৰদান কৰা হ’ব পিএম কেয়াৰ্ছ আঁচনিৰ জৰিয়তে।

• কেন্দ্র বা ৰাজ্য চৰকাৰৰ আঁচনিৰ অধীনত এইধৰণৰ শিশুসকলৰ প্ৰাকস্নাতক/বৃত্তিমূলক পাঠ্যক্ৰমত পঢ়া-শুনাৰ বাবে টিউশ্যন মাছুল/পাঠ্যক্ৰম মাছুলৰ মত জলপানিৰ সমান বিকল্প পঢ়া-শুনাৰ সাহায্য প্ৰদান কৰা হ’ব। যিসকল শিশুৱে বর্তমান বৃত্তিমূলক আঁচনিৰ অধীনত সা-সুবিধাৰ বাবে যোগ্য নহয়, তেওঁলোকৰ পিএম কেয়াৰ্ছ আঁচনিৰ জৰিয়তে সমান/বিকল্প বৃত্তিৰ সুবিধা প্রধান কৰা হ’ব।

স্বাস্থ্য বীমাঃ

• সকলো শিশুক আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত অনা হ’ব আৰু তেওঁলোকে ৫ লাখ টকাৰ স্বাস্থ্য বীমাৰ সুবিধা পাব।

• শিশুৰ বয়স ১৮ বছৰ পূর্ণ হোৱালৈকে স্বাস্থ্য বীমা একাউণ্টত পিএম কেয়াৰ্ছ আঁচনিৰ জৰিয়তে প্রিমিয়াম প্ৰদান কৰা হ’ব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s continuing tradition of celebrating its teachers

Media Coverage

India’s continuing tradition of celebrating its teachers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 ছেপ্টেম্বৰ 2026
September 05, 2026

The New Indian Equation: Policy + People = Tangible Progress Under PM Modi