প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গৱেষণা বা অনুসন্ধানক মানুহৰ আত্মাৰ দৰে এক আত্মিক পদক্ষেপ বুলি উল্লেখ কৰিছে। তেওঁ কয় যে চৰকাৰে এটা ক্ষেত্ৰত চলি থকা গৱেষণাক আন এটা ক্ষেত্ৰতো ব্যৱহাৰ কৰিবলৈ আৰু ন ন উদ্ভাৱনক সংস্থাগত ৰূপ প্ৰদান কৰিবৰ বাবে দুটা লক্ষ্যৰে কাম কৰিবলৈ লৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেশ্যনেল মেট্ৰ’ল’জী কনক্লেভ ২০২১ উদ্বোধন কৰি অভ্যাগতসকলক সম্বোধন কৰে। তেওঁ এই সংক্ৰান্তত এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে নেশ্যনেল এট’মিক টাইমস্কেল আৰু ভাৰতীয় নিৰ্দেশক দ্ৰব্য প্ৰণালীকো দেশৰ প্ৰতি উৎসৰ্গা কৰে আৰু নেশ্যনেল এনভিৰণমেণ্টেল ষ্টেণ্ডাৰ্ড লেবৰেটৰীৰ আধাৰশিলাও মুকলি কৰে।


প্ৰধানমন্ত্ৰীয়ে বিভিন্ন জ্ঞানখণ্ডত চলি থকা অনুসন্ধানৰ গুৰুত্বৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে যিকোনো প্ৰগতিশীল সমাজত গৱেষণা কেৱল এক প্ৰাকৃতিক অভ্যাসেই নহয়, বৰঞ্চ ই এক প্ৰাকৃতিক আৰু স্বাভাৱিক প্ৰক্ৰিয়া। তেওঁ কয় যে গৱেষণাৰ প্ৰভাৱ সামাজিক অথবা ব্যৱসায়িকো হ’ব পাৰে আৰু গৱেষণাই আমাৰ জ্ঞান আৰু বোধ দুয়োটাকেই প্ৰসাৰ কৰে। তেওঁ কয় যে গৱেষণাৰ অন্যান্য দিশবোৰ আৰু তাৰ প্ৰয়োগৰ লগতে ইয়াৰ অন্তিম লক্ষ্য সন্দৰ্ভত পূৰ্বানুমান কৰাটো সম্ভৱ নহয়। কেৱল এটা দিশেই নিশ্চিত কৰিব পাৰি আৰু সেয়া হৈছে গৱেষণাই ন ন জ্ঞানৰ দুৱাৰ খোলে আৰু এয়া কেতিয়াও অথলে নাযায়। প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত জেনেটিক্সৰ জনক মেণ্ডেল আৰু নিকোলাচ টেছলাৰো উদাহৰণ দিয়ে, যাৰ উদ্ভাৱনে বহু পলমকৈ মান্যতা লাভ কৰিছে।


তেওঁ কয় যে বহু সময়ত এনেকুৱাও হয় যে গৱেষণাই আমাৰ তৎকালীন লক্ষ্যবোৰ পূৰণ কৰিব নোৱাৰে, কিন্তু এই গৱেষণায়েই আন গৱেষণা ক্ষেত্ৰত অনন্য গুৰুত্বপূৰ্ণ বিবেচিত হৈ পৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে নিজৰ এই ধাৰণা বাখ্যা কৰি জগদীশ চন্দ্ৰ বসুৰ উদাহৰণ দিয়ে, যাৰ মাইক্ৰ’ৱেভৰ ভধাৰণা সেই সময়ত ব্যৱসায়িক দৃষ্টিকোণেৰে লাভজনক নাছিল যদিও আজি ৰেডিঅ’ দূৰসংযোগ সেৱা ইয়াৰ ওপৰতেই আধাৰিত। তেওঁ বিশ্ব যুদ্ধৰ সময়ছোৱাত হোৱা গৱেষণাবোৰৰ উদাহৰণ দি তেওঁ কয় যেসেসময়ৰ গৱেষণাবোৰে পৰৱৰ্তী সময়ত অন্যান্য বিভিন্ন ক্ষেত্ৰত যুগান্তকাৰী পৰিৱৰতন আনি দিছিল। উদাহৰণস্বৰূপে ড্ৰোনবোৰ যুদ্ধৰ বাবে প্ৰস্তুত কৰা হৈছিল, কিন্তু আজি সেই উদ্ভাৱনেই ফটোশ্বুটৰ পৰা আৰম্ভ কৰি সামগ্ৰী প্ৰেৰণ কৰালৈ বিভিন্ন কামত প্ৰয়োগ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এইবাবেই আমি, বিশেষকৈ যুৱ বৈজ্ঞানিকসকলে নিজ নিজ ক্ষেত্ৰত কৰি থকা গৱেষণাবোৰ অন্য ক্ষেত্ৰত প্ৰয়োগ কৰাৰ সম্ভাৱনীয়তা বিচাৰ কৰিব লাগে আৰু এইবোৰ কথা মনত ৰাখিয়েই গৱেষণা কৰিব লাগে।


প্ৰধানমন্ত্ৰীয়ে বিজুলীৰ উদাহৰণ দি কয় যে কেনেদৰে এক সামান্য গৱেষণাই সমগ্ৰ বিশ্বকে এক বৃহৎ পৰিৱৰ্তন প্ৰদান কৰিব পাৰে। তেওঁ কয় যে আজি সকলোদবোৰ কেৱল বিদ্যুতেৰেই চলে। সেয়া লাগিলে পৰিবহনেই হওঁক, টেলিকমিউনিকেশ্যনেই হওঁক অথবা উদ্যোগেই হওঁক, অথবা আমাৰ দৈনন্দিন জীৱনেই হওঁক। এনেদৰেই ছেমি কণ্ডাক্টৰ্ছৰ লেখীয়া আৱিস্কাৰে আমাৰ জীৱনত এক ডিজিটেল বিপ্লৱ আনি দিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ যুৱ গৱেষকসকলৰ সমূখত যথেষ্ট সম্ভাৱনা আছে। তেওঁলোকৰ গৱেষণা আৰু আৱিষ্কাৰবোৰৰ দ্বাৰা আমাৰ ভৱিষ্যৎ সম্পূৰ্ণ পৰিৱৰ্তন হ’ব পাৰে।


প্ৰধানমন্ত্ৰীয়ে ভৱিষ্যৎৰ বাবে এক পৰিস্থিতিতন্ত্ৰ গঠনৰ প্ৰয়াসৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে ভাৰত সম্প্ৰতি গ্লোবেল ইনোভেশ্যন ৰেংকিংৰ ক্ষেত্ৰত শীৰ্ষ ৫০ খন দেশৰ ভিতৰত অন্যতম হৈ আছে। ইয়াৰ উপৰিও ভাৰত এতিয়া বিশ্বৰ তিনি নং স্থানত আছে বিজ্ঞান আু ইঞ্জিনীয়াৰিং পাব্লিকেশ্যনছৰ দিশেৰে। এনেবোৰ দিশেৰে যদি আমি চাওঁ তেন্তে আমি দেখিবলৈ পাও যে গৱেষণাতেই আমাৰ অনবদ্য ভৱিষ্যৎ লুকাই আছে। উদ্যোগ আৰু সংস্থানসমূহৰ মাজত সমন্বয় সুদৃঢ় হৈছে আৰু বিশ্বৰ বৃহৎ বৃহৎ কোম্পানীবোৰে ভাৰতত নিজৰ গৱেষণাগাৰ স্থাপন কৰিবলৈ লৈছে। শেহতীয়াকৈ এনেদৰে স্থাপন কৰা গৱেষণাগাৰৰ সংখ্যা ব্যাপক ৰূপত বৃদ্ধি পাইছে।


প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় যুৱক যুৱতীসকলৰ বাবে গৱেষণা আৰু ন ন উদ্ভাৱনৰ সম্ভাৱনা অপৰিসীম। গতিকে উদ্ভাৱন সংস্থাগত হোৱাটোও সিমানেই গুৰুত্বপূৰ্ণ, যিমান গুৰুত্বপূৰ্ণ সেই উদ্ভাৱনটো নিজেই। আমাৰ যুৱক-যুৱতীসকলে এই কথা বুজিব লাগিব যে বৌদ্ধিক সম্পদবোৰ আমি কিদৰে ৰক্ষা কৰিব পাৰো? আমি মনত ৰাখিব লাগিব যে আমাৰ যিমানে অধিক পেটেণ্ট হ’ব, সিমানেই ইয়াৰ উপযোগিতাও বৃদ্ধি পাব। সেই ক্ষেত্ৰসমূহত আমাৰ উপস্থিতি আৰু পৰিচয় সুদৃঢ় হ’ব, য’ত গৱেষণা মজবুত আৰু নেতৃত্ব প্ৰদানকাৰী হ’ব। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ইয়াত আমি এক সুদৃঢ় ‘ব্ৰেণ্ড ইণ্ডিয়া’ৰ ফালে অগ্ৰসৰ হ’ব পাৰিম।


বৈজ্ঞানিকসকলক কৰ্মযোগী বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পৰীক্ষাগাৰত তেওঁলোকৰ পূৰ্ণ মনোযোগেৰে কামত ব্ৰতী হৈ থকাৰ কথা কৃতজ্ঞতাৰে উল্লেখ কৰে আৰু তেওঁলোকৰ শলাগ লয়। তেওঁ লগতে কয় যে তেওঁলোক ১৩০ কোটি ভাৰতীয়ৰ আশা-আকাঙ্খাৰ বাহক।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design

Media Coverage

India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ছেপ্টেম্বৰ 2026
September 08, 2026

Viksit Bharat, Many Engines: Defence, Diplomacy, Growth & Green Power Under PM Modi