নেতাজী হ’ল ভাৰতৰ পৰাক্ৰম আৰু প্ৰেৰণাৰ প্ৰতীকঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাত অনুষ্ঠিত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫সংখ্যক জন্মবাৰ্ষিকী উদযাপন অনুষ্ঠানত উপস্থিত থাকে। কলকাতাৰ ভিক্ট’ৰিয়া মেম’ৰিয়েলত আয়োজিত ‘পৰাক্ৰম দিৱস’ৰ শুভাৰম্ভ অনুষ্ঠানৰ তেওঁ সভাপতিত্ব কৰে। অনুষ্ঠানত নেতাজীক লৈ এক স্থায়ী প্ৰদৰ্শনী আৰু প্ৰজেক্টচন মেপিং শ্ব’ উদ্বোধন কৰা হয়। প্ৰধানমন্ত্ৰীয়ে এটা স্মাৰক মুদ্ৰা আৰু ডাক টিকটো মুকলি কৰে। পৰাক্ৰম দিৱস উপলক্ষে নেতাজীক মূল বিষয়বস্তু হিচাপে লৈ এক সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হয়।

অনুষ্ঠানৰ পূৰ্বে, প্ৰধানমন্ত্ৰীয়ে ইলগিন ৰোডস্থিত নেতাজী সুভাষ বসুৰ ঘৰ ‘নেতাজী ভৱন’লৈ গৈ নেতাজীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ইয়াৰ পিছথ তেওঁ কলকাতাৰ ৰাষ্ট্ৰীয় পুঁথিভৰাললৈ ৰাওনা হয়। ইয়াক নেতাজীৰ জীৱনৰ ওপৰত আধাৰিত এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু শিল্পীৰ শিবিৰ অনুষ্ঠি হয়। ভিক্ট’ৰিয়া মেম’ৰিয়েলত আয়োজিত ‘পৰাক্ৰম দিৱস’ত উপস্থিত হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে শিল্পী, কলা-কুশলী আৰু সন্মিলনত অংশগ্ৰহণকাৰীসকলৰ সৈতে মতবিনিময় কৰে।

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি মা ভাৰতীৰ এগৰাকী সাহসী সন্তানৰ জন্মদিন, যিয়ে স্বাধীন ভাৰতৰ স্বপ্নক নতুন দিশ দিছিল।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশবাসীয়ে নেতাজীৰ অদম্য সাহস আৰু নিঃস্বাৰ্থ সেৱাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ২৩ জানুৱাৰীৰ দিনটো প্ৰত্যেক বছৰে ‘পৰাক্ৰম দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ কয় যে নেতাজী হ’ল ভাৰতৰ পৰাক্ৰম আৰু প্ৰেৰণাৰ প্ৰতীক।

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৮ত চৰকাৰে আন্দামান দ্বীপপুঞ্জক নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপপুঞ্জ নামেৰে নামাকৰণ কৰাটো তেওঁৰ বাবে এক সৌভাগ্য কথা আছিল। দেশবাসীৰ আবেগৰ প্ৰতি সন্মান জনাই চৰকাৰে নেতাজীৰ সৈতে জড়িত সকলো নথি-পত্ৰ ৰাজহুৱা কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে নেতাজী সুভাষ চন্দ্ৰ বসুৱে দৰিদ্ৰতা, নিৰক্ষৰতা আৰু ৰোগক দেশৰ অন্যতম বৃহৎ সমস্যা হিচাপে গণ্য কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ দেশৰ প্ৰধান সমস্যা হ’ল দৰিদ্ৰতা, নিৰক্ষৰতা, ৰোগ আৰু বৈজ্ঞানিক উৎপাদনৰ অভাৱ। এই সমস্যাসমূহ সমাধান কৰিবলৈ সমাজখন ঐক্যবদ্ধ হৈ আগুৱাই আহিব লাগিব আৰু প্ৰচেষ্টা চলাব লাগিব।

শ্ৰী মোদীয়ে কয় যে নেতাজী সুভাষ বসু আত্মনিৰ্ভৰ ভাৰতৰ সপোনৰ লগতে সোণাৰ বাংলাৰো সবাতোকৈ ডাঙৰ প্ৰেৰণা। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে নেতাজীয়ে দেশৰ স্বাধীনতাৰ বাবে যি ভূমিকা গ্ৰহণ কৰিছিল, পশ্চিম বংগই আত্মনিৰ্ভৰ ভাৰত অভিযানত সেই একেই ভূমিকা গ্ৰহণ কৰিব লাগিব। আত্মনিৰ্ভৰ ভাৰতৰ সপোনক আত্মনিৰ্ভৰ বেংগল আৰু সোণাৰ বাংলাৰ ধাৰণাই নেতৃত্ব দিব লাগিব বুলি কৈ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণ সামৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ছেপ্টেম্বৰ 2026
September 10, 2026

Beyond Metros, Beyond Borders: How India Is Rewriting Its Growth Story Under PM Modi