নেতাজী হ’ল ভাৰতৰ পৰাক্ৰম আৰু প্ৰেৰণাৰ প্ৰতীকঃ প্ৰধানমন্ত্ৰী

জয় হিন্দ,

জয় হিন্দ,

জয় হিন্দ!

মঞ্চত উপস্থিত পশ্চিমবংগৰ ৰাজ্যপাল শ্রী জগদীপ ধনকৰ জী, পশ্চিমবংগৰ মুখ্যমন্ত্রী ভগ্নী মমতা বেনার্জী জী, মোৰ কেন্দ্রীয় মন্ত্ৰীসভাৰ সহযোগী শ্রী প্রহ্লাদ পেটেলজী, শ্রী বাবুল সুপ্রিয়জী, নেতাজী সুভাষ চন্দ্র বসুৰ আত্মীয়-স্বজন, ভাৰতক গৌৰৱান্বিত কৰা আজাদ হিন্দ ফৌজৰ পৰাক্রমী সদস্যসকল, তেওঁলোকৰ পৰিয়ালবৰ্গ, ইয়াত উপস্থিত কলা আৰু সাহিত্য জগতৰ দিগগজসকলৰ লগতে পশ্চিমবংগৰ এই মহান ভূমিৰ ভাই-ভনীসকল,

আজি কলকাতালৈ এয়া মোৰ জীৱনৰ এক অতি আবেগপূর্ণ ভ্ৰমণ৷ ল’ৰালি কালতে তেতিয়াই নেতাজী সুভাষ চন্দ্র বসুৰ নাম শুনিছিলো তেতিয়াৰে পৰা সেই নাম শুনিলেই এক নতুন প্রাণশক্তিৰে মোৰ মন ভৰি পৰিছিল৷ ইমান বিশাল ব্যক্তিত্ব, তেওঁৰ বিষয়ে ক’বলৈ শব্দ অভাৱ৷ ইমান দূৰদৃষ্টিসম্পন্ন ব্যক্তিৰ সম্পৰ্কে জানিবলৈ কেইবাটাও জনম ল’ব লাগিব৷ অতি কঠিন পৰিস্থিতিতো ইমান সাহস, ইমান উদ্যম বিশ্বৰ বৃহৎ প্ৰত্যাহ্বানেও তেওঁক দমাই ৰাখিব নোৱাৰিলে৷ মই আজি নেতাজী সুভাষ চন্দ্র বসুৰ চৰণত প্ৰণিপাত জনাইছো৷ তেওঁক প্রণাম জনাইছো। মই প্রণাম জনাইছো সেই মাতৃ, প্রভা দেৱী জী যি নেতাজীক জন্ম দিছিল৷ আজি সেই পবিত্র দিনটোৰ ১২৫ বছৰ পূর্ণ হ’ল। ১২৫ বছৰৰ পূৰ্বে আজিৰ দিনটোতে ভাৰতমাতাৰ কোলা পোহৰ কৰি এই বীৰ পুত্রই জন্মগ্রহণ কৰিছিল যিগৰাকীয়ে স্বাধীন ভাৰতৰ সপোনালক এক নতুন মাত্রা প্ৰদান কৰিছিল৷ আজিৰ দিনটোতে দাসত্বৰ অন্ধকাৰত সেই চেতনা প্রস্ফুটিত হৈছিল যি বিশ্বৰ সর্ববৃহৎ ক্ষমতাৰ বিৰুদ্ধে কৈছিল, “মই তোমালোকৰ পৰা স্বাধীনতা নিবিচাৰো, স্বাধীনতা আজুৰি আনিম"। আজিৰ দিনটোত কেৱল নেতাজী সুভাষ চন্দ্র বসুৰ জন্মই হোৱা নাছিল, ভাৰতৰ নতুন আত্মগৌৰৱৰ জন্ম হৈছিল। ভাৰতৰ নতুন সৈন্য-কৌশলৰ জন্ম হৈছিল। মই আজি নেতাজীৰ ১২৫সংখ্যক জয়ন্তী উপলক্ষে কৃতজ্ঞ ৰাষ্ট্রৰ হৈ এই মহাপুৰুষগৰাকীক কোটি কোটি প্রণাম জনাইছো, তেওঁক অভিবাদন জনাইছো৷

বন্ধুসকল,

মই আজি বালক সুভাষৰ পৰা নেতাজী হৈ উঠা, তেওঁৰ জীৱনৰ তপস্যা, ত্যাগ আৰু তিতীক্ষাৰে গঢ়ি তোলা বংগৰ এই পূণ্যভূমিকো সাদৰ প্রণাম জনাইছো। গুৰুদেৱ শ্রী ৰবীন্দ্রনাথ ঠাকুৰ, বংকিমচন্দ্র চট্টোপাধ্যায়, শৰৎচন্দ্র চট্টোপাধ্যায়ৰ দৰে মহাপুৰুষসকলৰ এই পূণ্যভূমি সকলো সময়য়ে দেশভক্তিৰ ভাৱনাৰে পৰিপূৰ্ণ৷ স্বামী ৰামকৃষ্ণ পৰমহংস, চৈতন্য মহাপ্রভু, শ্রী অৰৱিন্দ, মা সাৰদা, মা আনন্দময়ী, স্বামী বিবেকানন্দ, শ্রীশ্রী ঠাকুৰ অনুকূল চন্দ্রৰ দৰে সাধুসকলে এই পূণ্যভূমিক বৈৰাগ্য, সেৱা আৰু আধ্যাত্মৰ জৰিয়তে অলৌকিক কৰি তুলিছে৷ ঈশ্বৰচন্দ্র বিদ্যাসাগৰ, ৰাজা ৰামমোহন ৰায়, গুৰুচান্দ ঠাকুৰ, হৰিচান্দ ঠাকুৰৰ দৰে বহুত সমাজ সংস্কাৰক, সমাজ সংস্কাৰৰ অগ্রদূতসকলে এই পূণ্যভূমিৰ পৰা দেশত নতুন সংস্কাৰৰ ভেঁটি গঢ়ি তুলিছে৷ জগদীশ চন্দ্র বসু, পি চি ৰায়, এছ এন বসু আৰু মেঘনাদ সাহাৰ দৰে অগণন বৈজ্ঞানিকে এই পূণ্যভূমিক জ্ঞান-বিজ্ঞানৰ জৰিয়তে সমৃদ্ধ কৰিছে। এই পূণ্যভূমিৰ পৰাই দেশে ইয়াৰ ৰাষ্ট্ৰীয় সংগীত আৰু জাতীয় সংগীত পাইছো৷ এই ভূমিতে দেশবন্ধু চিত্তৰঞ্জন দাস, ড০ শ্যামাপ্রসাদ মুখার্জী আৰু আমাৰ সকলোৰে প্রিয় ভাৰতৰত্ন প্রণৱ মুখার্জীৰ সৈতে সাক্ষাৎকাৰ হৈছে। মই এই ভূমিৰ এনে লাখ লাখ মহান ব্যক্তিত্বৰ চৰণতো আজি এই পবিত্র দিনত প্রণাম জনাইছো৷

বন্ধুসকল,

ইয়ালৈ অহাৰ অলপ আগতে মই নেচনেল লাইব্রেৰীলৈ গৈছিলো। নেতাজীৰ ঐতিহ্যক লৈ এক আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু শিল্পী শিৱিৰৰ আয়োজন অংশগ্রহণ কৰিছে৷ মই অনুভৱ কৰিছো নেতাজীৰ নাম শুনিলেই প্রত্যেকে কিমান প্রাণশক্তিৰে ভৰপুৰ হৈ উঠেন। নেতাজীৰ জীৱনৰ এই প্রাণশক্তি যেন তেওঁৰ অন্তৰৰ সৈতে যুক্ত হৈ যায়, তেওঁৰ এই প্রাণশক্তি, এই আদর্শ, এই তপস্যা, এই ত্যাগ দেশৰ প্রতিগৰাকী যুৱক-যুতীৰৰ বাবে বহুত ডাঙৰ প্রেৰণা। আজি যিসময়ত ভাৰতে নেতাজীৰ প্রেৰণা লৈ আগুৱাই গৈছে, সেইসময়ত আমাৰ সকলোৰে কর্তব্য এই যে তেওঁৰ অৱদানক বাৰম্বাৰ স্মৰণ কৰো৷ প্রজন্মৰ পাছত প্রজন্ম ধৰি তেওঁক স্মৰণ কৰিম৷ সেইবাবে দেশবাসীয়ে এইটো ঠিক কৰিছে যে নেতাজীৰ এই ১২৫সংখ্যক জয়ন্তী বৰ্ষটোক ঐতিহাসিক আৰু অভূতপূর্ব অনুষ্ঠান আয়োজনৰ মাধ্যমেৰে গোটেই বছৰ ধৰি পালন কৰা হ’ব। আজি পুৱাৰে পৰা সমগ্ৰ দেশৰ প্রত্যেক প্রান্তত নেতাজীৰ জন্ম দিৱসক লৈ এই কাৰ্যসূচী আৰম্ভ হৈছে। আজি ইয়াৰ লগত সংগতি ৰাখি নেতাজীৰ স্মৃতিত এক স্মাৰক মুদ্রা আৰু ডাক টিকিটো প্রকাশ কৰা হৈছে৷ নেতাজীৰ চিঠিসমূহৰ এক সংকলন পুথিও উন্মোচন কৰা হৈছে৷ কলকাতা তথা বাংলা, য’ত তেওঁৰ কর্মভূমি আছিল, আছিল নেতাজীৰ জীৱনক লৈ এক ডাঙৰ প্রদর্শনী আৰু প্রজেকচন মেপিং শ্ব’ আজিৰ পৰাই আৰম্ভ হৈছে। হাওৰাৰ পৰা যাত্রা আৰম্ভ কৰা হাওড়া-কালকা মেইলৰ নামো আজিৰ পৰা সদলি কৰি নেতাজী এক্সপ্রেস হিচাপে নামকৰণ কৰা হৈছে৷ দেশে এইটোও স্থিৰ কৰিছে যে এতিয়া প্রতি বছৰে আমি নেতাজী জয়ন্তী, অর্থাৎ ২৩ জানুৱাৰীক 'পৰাক্রম দিৱস' হিচাপে পালন কৰিম৷ আমাৰ নেতাজী ভাৰতৰ পৰাক্রমৰ প্রতিমূর্তি লগতে প্রেৰণাৰো থলী৷ আজি যেতিয়া এই বছৰ দেশে ইয়াৰ স্বাধীনতাৰ ৭৫ বছৰত প্রৱেশ কৰিবলৈ অগ্ৰসৰ হৈছে, যেতিয়া দেশে আত্মনির্ভৰ ভাৰতৰ সংকল্প লৈ আগুৱাই গৈছে, তেতিয়া নেতাজীৰ জীৱন, তেওঁৰ প্ৰতিটো কাম, তেওঁৰ প্ৰতিটো সিদ্ধান্ত আমাৰ সকলোৰ বাবে বহুত ডাঙৰ প্রেৰণা৷ তেওঁৰ দৰে বিশাল ইচ্ছাশক্তিসম্পন্ন ব্যক্তিত্বৰ বাবে একোৱেইই অসম্ভৱ নাছিল৷ তেওঁ বিদেশলৈ গৈ ভাৰতৰ বাহিৰত বসবাসকৰা ভাৰতীয়সকলৰ চেতনাক জগাই তুলিছিল৷ তেওঁ স্বাধীনতাৰ বাবে আজাদ হিন্দ ফৌজক শক্তিশালী কৰিছে৷ তেওঁ সমগ্ৰ দেশৰ পৰা জাতি-ধর্ম-বর্ণ নির্বিশেষে প্রত্যেক ইচ্ছুক ব্যক্তিক সৈনিকৰ মর্যাদা দিলে৷ সেই সময়ত যেতিয়া মহিলাসকলে তেওঁলোকৰ সাধাৰণ অধিকাৰক লৈ আলোচনা কৰিছিল, নেতাজীয়ে তেওঁৰ সেনাবাহিনীত ৰাণী ঝান্সি ৰেজীমেণ্ট গঢ় দি মহিলাসকলক তেওঁৰ সৈতে যুক্ত কৰিছিল৷ তেওঁ সেনাবাহিনীক আধুনিক যুদ্ধৰ প্রশিক্ষণ দিছিল৷ তেওঁলোকক দেশৰ বাবে যুঁজাৰ উদ্দীপনা যোগাইছে৷ দেশৰ বাবে মৃত্যু বৰণ কৰাৰ লক্ষ্য ৰাখিছিল৷ নেতাজীয়ে কৈছিল, “ভাৰতে মাতিছে, তেজে তেজক মাতিছে, উঠা, জাগা, সময় নষ্ট কৰা বাবে আমাৰ সময় নাই"৷

বন্ধুসকল,

এইধৰণৰ সাহসী উদ্দীপ্ত হুংকাৰ কেৱল মাথো নেতাজীয়েহে দিব পাৰিছিল৷ অৱশেষত তেওঁ এইটো কৰিও দেখুৱাইছিল যে ব্রিটিছ শাসনৰ সূর্য কেতিয়াও অস্ত নগৈছিল, ভাৰতৰ বীৰ পুত্রসকলে ৰণভূমিত তেওঁলোককো পৰাভুত কৰিব পাৰে৷ তেওঁ সংকল্প লৈছিল৷ ভাৰতৰ মাটিত স্বাধীন ভাৰতৰ, স্বাধীন চৰকাৰৰ ভেঁটি ৰচনা কৰিব৷ নেতাজীয়ে তেওঁৰ প্রতিশ্রুতি পূৰণ কৰি দেখুৱাইছিল৷ তেওঁ আন্দামান তেওঁৰ সৈনিকসকলৰ সৈতে ভাৰতৰ ত্রিৰংগা পতাকা উত্তোলন কৰিছিল৷ যি স্থানত ইংৰাজসকলে দেশৰ স্বাধীনতা সংগ্রামীসকলে অত্যাচাৰ কৰিছিল, কালাপানীৰ শাস্তি দিছিল, সেই স্থানত গৈ তেওঁ সেই স্বাধীনতা সংগ্রামীসকলৰ শ্রদ্ধাঞ্জলি জনাইছিলে৷ সেই চৰকাৰ অখণ্ড ভাৰতৰ প্রথম স্বাধীন চৰকাৰ আছিল৷ নেতাজী অখণ্ড ভাৰতৰ আজাদ হিন্দ চৰকাৰৰ প্রথমগৰাকী প্রধানমন্ত্রী আছিল৷ এয়া মোৰে সৌভাগ্য যে স্বাধীনতাৰ সেই প্রথম অৱস্থাক সুৰক্ষিত ৰখাৰ বাবে ২০১৮ চনত আমি আন্দামানৰ সেই দ্বীপটোৰ নাম সলনি কৰি নেতাজী সুভাষ চন্দ্র বসু দ্বীপ ৰাখিলো৷ দেশৰ ভাৱনা বুজি নেতাজী সম্পৰ্কীয় ফাইলসমূহো আমাৰ চৰকাৰে সকলো সন্মুখলৈ আনিলে৷ এটা আমাৰ চৰকাৰৰে সৌভাগ্য যে ২৬ জানুৱাৰীৰ পেৰেডৰ সময়ত আজাদ হিন্দ ফৌজৰ প্রাক্তন সৈনিকসকলৈ পেৰেডত ভাগ লৈছে৷ আজি ইয়াত এই কাৰ্যসূচীতো আজাদ হিন্দ ফৌজৰ সদস্য, দেশৰ বীৰ পুত্র আৰু কন্যাসকল উপস্থিত আছেন৷ মই আপোনালোকক পুনৰবাৰ প্রণাম জনাইছো আৰু প্রণাম জনাই এই কথা ক’ব বিচাৰিছো যে দেশে সদায় আপোনালোকৰ প্রতি কৃতজ্ঞ হৈ থাকিব৷

বন্ধুসকল,

২০১৮ চনত দেশত মহা ধুমধামেৰে আজাদ হিন্দ চৰকাৰৰ ৭৫সংখ্যক বছৰ পূর্তি পালন কৰিছে৷ দেশে সেই বছৰ দুৰ্যোগ মোকাবিলাৰ ক্ষেত্রত 'সুভাষ চন্দ্র বসু দুৰ্যোগ ব্যৱস্থাপনা পুৰস্কাৰ' প্ৰদানৰ কাম আৰম্ভ কৰিছে৷ নেতাজীয়ে "দিল্লী দূৰত নাই" শ্ল’গান দি লালকিল্লাত ত্রিৰংগা পতাকা উত্তোলনৰ সপোন দেখিছিলে৷ দেশবাসীয়ে সেই জাতীয় পতাকা লালকিল্লাত উত্তোলন কৰি তেওঁৰ সপোন পূৰণ কৰিছে৷

ভাই-ভনীসকল,

যেতিয়া আজাদ হিন্দ ফৌজৰ টুপী পিন্ধি মই লালকিল্লাত সেৱাৰ পতাকা উত্তোলন কৰিছিলো, সেই পতাকাখন মই কপালত স্পৰ্শ কৰিছিলো৷ সেই সময়ত মোৰ মন আৰু মস্তিষ্কত বহুত কথাই আহিছিল, বহুত প্রশ্ন জাগিছিল। কি যে হৈছিল, সেয়া এক বেলেগ অনুভূতি! মই নেতাজী সম্পর্কে ভাৱিছিলো, দেশবাসীয়ে সম্পর্কে ভাৱিছিলো৷ তেওঁ কাৰ বাবে সমগ্ৰ জীৱন ইমান অৰ্পন কৰিছিল, ইয়াৰ একমাত্র উত্তৰ হ’ল আমাৰ বাবে, আপোনালোকৰ বাবে৷ তেওঁ দীর্ঘদিন কাৰ বাবে আমৰণ অনশনত কষ্ট পাইছিল? আপোনালোকৰ বাবে আৰু আমাৰ বাবে৷ তেওঁ মাহৰ পাছত মাহ কাৰ বাবে কষ্ট পাইছিল? আপোনালোকৰ বাবে আৰু আমাৰ বাবে৷ কোন স্বাধীনতা সংগ্রামী এনে আছে যাৰ আগত ইমান ডাঙৰ ব্রিটিছ শাসন আছিল? কিন্তু তেওঁ জীৱন হাতৰ মুঠিত লৈ পলাই গৈছিল৷ সপ্তাহৰ পাছত সপ্তাহ ধৰি কাবুলৰ পথত নিজৰ জীৱন বিপন্ন কৰি এক বিদেশী দূতাবাসৰ পৰা অন্য এটা বিদেশী দূতাবাসত আশ্রয় ভিক্ষা কৰি ঘুৰি ফুৰিছিল কাৰ বাবে? আপোনালোক আৰু আমাৰ বাবে৷ বিশ্বযুদ্ধৰ সেই পৰিৱেশত বিভিন্ন দেশৰ মাজত ক্রম-পৰিৱর্তনশীল সম্পর্কৰ ফলত তেওঁ বহুত সমস্যাৰ সন্মুখীন হৈছিল৷ তথাপিও তেওঁ প্রত্যেক দেশৰ ওচৰত গৈ ভাৰতৰ বাবে সমর্থন বিচাৰিছিল যাতে ভাৰত স্বাধীন হ’ব পাৰে আমি আৰু আপোনালোকে স্বাধীন ভাৰত নিঃশ্বাস ল’ব পাৰো৷ ভাৰতৰ প্রত্যেক ব্যক্তি নেতাজী সুভাষবাবুৰওচৰত ঋণী৷ ১৩০ কোটিতকৈও অধিক ভাৰতীয়ৰ শৰীৰত প্রবাহমান প্ৰতিটোপাল তেজ নেতাজী সুভাষবাবুৰ ওচৰত ঋণী৷ এই ঋণ আমি কিদৰে পৰিশোধ কৰিম? এই ঋণ আমি কেতিয়াবা পৰিশোধ কৰিব পাৰিম নে?

বন্ধুসকল,

যেতিয়া নেতাজী সুভাষ বসু কলকাতাত নিজৰ ৩৮/২ এলগিন ৰোডৰ বাসভৱনত গৃহবন্দী হৈ আছিলে, যেতিয়া তেওঁ ভাৰতৰ পৰা বাহিৰলৈ যোৱাৰ সিদ্ধান্ত লৈছিল, তেতিয়া তেওঁ তেওঁৰ ভতিজা শিশিৰক মাতি কৈছিল, “মোৰ এটা কাম কৰিব পাৰিব?” ইয়াৰ পাছত শিশিৰজীয়ে সেয়াই কৰিছিল যি ভাৰতৰ স্বাধীনতাৰ আটাইতকৈ ডাঙৰ কাৰণসমূহ অন্যতম কাৰণত পৰিণত হৈছিল৷ নেতাজীয়ে এইটো দেখিছিল যে বিশ্বযুদ্ধৰ পৰিৱেশত যদি ব্রিটিছ চৰকাৰক বাহিৰৰ পৰা আঘাত কৰিব পৰা যায় তেতিয়াহ’লে তেওঁলোকে আটাইতকৈ বেছি আঘাত পাব৷ তেওঁ দূৰদৰ্শী আছিল৷ ভৱিষ্যৎ দেখিছিল৷ যিদৰে বিশ্বযুদ্ধত আগুৱাই যাব সেইদৰে ইংৰাজৰ শক্তি হ্রাস পাই আহিব৷ ভাৰতৰ ওপৰত তেওঁলোকক কর্তৃত্ব কমি আহিব৷ এয়াই আছিল তেওঁৰ দূৰদৃষ্টি৷ মই পঢ়িছিলো যে সেই সময়ত তেওঁৰ ভতিজা ইলাক দক্ষিণেশ্বৰ মন্দিৰলৈ পঠিয়াইছিল মাৰ আশীর্বাদ লৈ অহাৰ বাবে৷ তেওঁ দেশৰ পৰা শীঘ্ৰে বাহিৰলৈ যাব বিচাৰিছিল৷ দেশৰ বাহিৰৰ ভাৰতৰ যিমান যিমান সমর্থক শক্তিসমূহ আছে সেইবোৰক একত্রিত কৰিব চাইছিল৷ সেইবাবে তৰুণ যুৱকজনে শিশিৰক কৈছিল "মোৰ এটা কাম কৰিব পাৰিব"?

বন্ধুসকল,

আজি প্রত্যেক ভাৰতীয়ই তেওঁলোকৰ হৃদয়ত হাত ৰাখি নেতাজী সুভাষ চন্দ্রক যদি অনুভৱ কৰো তেতিয়া হ’লে পুনৰবাৰ সেই প্রশ্ন শুনিব পাব– “মোৰ এটা কাম কৰিব পাৰিব?” এই কাম, এই লক্ষ্যৰে আজি ভাৰতক আত্মনির্ভৰ কৰি তোলাৰ কাম৷ দেশৰ প্ৰতিগৰাকী লোকে, দেশৰ প্রত্যেক ক্ষেত্র, দেশৰ প্রত্যেক ব্যক্তিৰ সৈতে জড়িত৷ নেতাজীয়ে কৈছিল, পুৰুষ, অর্থ আৰু উপকৰণ নিজেই বিজয় বা স্বাধীনতা আনিব নোৱাৰে৷ আমাৰ অৱশ্যে সেই উদ্দেশ্য শক্তি থাকিব যি আমাৰ সাহসী কাম আৰু বীৰত্বপূর্ণ শাসনত উদ্বুদ্ধ কৰিব৷ আজি আমাৰ ওচৰত উদ্দেশ্য আছে, শক্তি আছে৷ আমি আত্মনির্ভৰ ভাৰতৰ লক্ষ্য আমাৰ আত্মশক্তি, আমাৰ আত্মসংকল্পৰে সম্পূর্ণ হ’ব৷ নেতাজীয়ে কৈছিল, “আজি আমাৰ কেৱল এটা ইচ্ছা থকা উচিৎ, যাতে আমাৰ ভাৰতক ৰক্ষা কৰিব পাৰি, ভাৰত আগুৱাই যায়।” আমাৰো এটাই লক্ষ্য, নিজৰ তেজ-ঘাম পেলায় দেশৰ বাবে জীয়াই থকা, নিজৰ পৰিশ্রমক লৈ নিজৰ উদ্ভাৱনৰ জৰিয়তে দেশক আত্মনির্ভৰ কৰি তোলা৷ নেতাজীয়ে কৈছিল, "নিজৰ প্রতি সৎ হ’লে সমগ্ৰ বিশ্বৰ প্রতি কোনেও অসৎ হ’ব নোৱাৰে৷” আমি বিশ্বৰ বাবে উন্নতমানৰ সামগ্ৰী উৎপাদন কৰিব লাগিব৷ কোন ধৰণৰ নিকৃষ্ট সামগ্ৰীৰ সৈতে আপোচ কৰিলৈ নহ’ব৷ 'জীৰ’ ডিফেক্ট, জীৰ’ এফেক্ট' সম্পন্ন সামগ্ৰী। নেতাজীয়ে কৈছিল, “স্বাধীন ভাৰতৰ স্বপ্নৰ প্ৰতি কোনোদিন আস্থা নেহেৰুৱাব৷ বিশ্বত এনে কোনো শক্তি নাই যি ভাৰতক পৰাধীনতাৰ শৃংখলাত বান্ধি ৰাখিবলৈ সক্ষম হ’ব।" সচাকৈয়ে বিশ্বত আজি এনে কোনো শক্তি নাই যিসকলে ১৩০ কোটি ভাৰতীয়ক, আমাৰ ভাৰতক আত্মনির্ভৰ ভাৰত গঢ়ি তোলাৰ ক্ষেত্রত বাধা দিব পাৰে৷

বন্ধুসকল,

নেতাজী সুভাষ চন্দ্র বসুয়ে দাৰিদ্র্য, নিৰক্ষৰতা, অসুস্থতাক দেশৰ আটাইতকৈ ডাঙৰ সমস্যা বুলি ভাবিছিল৷ তেওঁ কৈছিল “আমাৰ আটাইতকৈ ডাঙৰ জাতীয় সমস্যা হ’ল দাৰিদ্র্য, নিৰক্ষৰতা আৰু ৰোগ৷ বৈজ্ঞানিক উপায়েৰে এই সমস্যাৰ সমাধান হ’ব৷ কেৱল সামাজিক ভাৱনাচিন্তা দ্বাৰা।” আমি সকলোৱে মিলি চেষ্টা কৰিব লাগিব৷ মই অতিশয় আনন্দিত যে আজি দেশে পীড়িত, শোষিত, বঞ্চিত, আমাৰ কৃষক আৰু দেশৰ মহিলাসকলৰ সবলীকৰণৰ বাবে দিন- ৰাতি এক কৰি কাম কৰিছে৷ আজি প্রতিগৰাকী দুখীয়ালোকক বিনামূলীয়া চিকিৎসাৰ সুবিধা প্ৰদানৰ বাবে স্বাস্থ্য সেৱা আৰম্ভ কৰা হৈছে৷ দেশৰ কৃষকসকলৰ 'বীজৰ পৰা বাজাৰ'লৈকে সকলোধৰণৰ আধুনিক সেৱা দিয়া হৈছে৷ কৃষিৰ ক্ষেত্রত তেওঁলোকৰ সকলো খৰচ হ্রাস কৰাৰ চেষ্টা কৰা হৈছে৷ প্রতিগৰাকী যুৱকে যাতে আধুনিক আৰু উৎকৃষ্ট শিক্ষা পায়, তাৰবাবে দেশৰ শিক্ষা আন্তঃগাঁথনি আধুনিক কৰি তোলা হৈছে৷ দেশৰ বিভিন্ন প্রান্তত কেইবাখনো এইমছ, আইআইটি আৰু আইআইএমৰ দৰে ডাঙৰ প্রতিষ্ঠান খোলা হৈছে৷ আজি দেশত একবিংশ শতিকাৰ প্রয়োজনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিও আৰম্ভ কৰিছে৷

বন্ধুসকল,

মই বহুবাৰ ভাৱিছো যে আজি দেশত যিবোৰ পৰিৱর্তন আহিছে যিবোৰৰ জৰিয়তে নতুন ভাৰত মূর্ত হৈ উঠিছে, সেইবোৰ নিজ চকুৰে দেখিলে নেতাজী কিমান সন্তুষ্ট হ’লহেতেন৷ তেওঁৰ কেনে লাগিলহেতেন? যেতিয়া তেওঁ বিশ্বৰ অত্যাধুনিক প্রযুক্তিৰ জৰিয়তে নিজৰ দেশক আত্মনির্ভৰ হৈ উঠা দেখিছিল, তেতিয়া তেওঁৰ কেনে লাগিলহেতেনে? যেতিয়া তেওঁ সমগ্ৰ বিশ্বৰ ডাঙৰ ডাঙৰ কোম্পানীত শিক্ষা আৰু স্বাস্থ্য ক্ষেত্রত ভাৰতীয়সকলৰ উত্থান দেখিবলৈ পালেহেতেন, তেতিয়া তেওঁৰ কেনে লাগিলহেতেন? আজি ভাৰতীয় সেনাবাহিনীৰ ওচৰত ৰাফেলৰ দৰে আধুনিক বিমান আছে আৰু তেজছৰ দৰে অত্যাধুনিক বিমান ভাৰতে নিজেই নিৰ্মাণ কৰিছে৷ যেতিয়া তেওঁ দেখিলেহেতন যে আজি তেওঁৰ দেশৰ সেনাবাহিনী ইমান শক্তিশালী, তেওঁ যেনেতৈ বিচাৰিছিল তেনেকুৱা আধুনিক অস্ত্রশস্ত্রৰে সুসজ্জিত, তেতিয়া তেওঁৰ কেনে লাগিলহেতেন? আজি যদি নেতাজীয়ে দেখিছিল যে তেওঁৰ ভাৰতে ইমান ডাঙৰ মহামাৰীৰ বিৰুদ্ধে কেনে প্রতিৰোধ গঢ়ি তুলিছে, আজি তেওঁৰ ভাৰতে টিকাৰ দৰে আধুনিক বৈজ্ঞানিক সমাধান নিজে প্ৰস্তুত কৰিছে তেতিয়া তেওঁৰ কেনে লাগিলহেতেন? যেতিয়া তেওঁ দেখিলেহেতেন যে ভাৰতৰ টিকাৰে বিশ্বৰ অন্যান্য দেশকো সহায় কৰিছে, তেতিয়া তেওঁ কিমান যে গৌৰৱ নকৰিলেহেতেন! নেতাজী এতিয়া যি ৰূপতে আমাক দেখিছে, তেওঁ নিশ্চয় আমাক আশীর্বাদ কৰিছে, আমাৰ ভালপোৱা দিছে৷ যি শক্তিশালী ভাৰতৰ কল্পনা তেওঁ কৰিছিল, আজি এলএচিৰ পৰা আৰম্ভ কৰি এলঅ’চিলৈকে ভাৰতৰ সেই শক্তিশালী চেহেৰা বিশ্ববাসী দেখিবলৈ পাইছে৷ য’তেই কোনোৱে ভাৰতৰ সার্বভৌমত্ব আৰু অখণ্ডতাক প্ৰত্যাহ্বান জনোৱাৰ চেষ্টা কৰিছে, ভাৰত তেওঁৰ যোগ্য প্ৰত্যুত্তৰ দিছে৷

বন্ধুসকল,

নেতাজীৰ সম্পর্কে কোৱাৰ বাবে ইমানবোৰ আছে যে কৈ থাকিলে নিশা দুপৰ হৈ যাব৷ নেতাজীৰ দৰে মহান ব্যক্তিসকলৰ জীৱনৰ পৰা আমি সকলোৱেই বিশেষকৈ, নৱ প্রজন্মই বহুত শিকিব পাৰিব৷ কিন্তু আন এটি কথা যিটোৱে আমাক অতি প্রভাৱিত কৰিছে সেয়া হ’ল নিজৰ লক্ষ্যসাধনৰ বাবে নিৰৱচ্ছিন্ন প্রচেষ্টা৷ বিশ্বযুদ্ধৰ সময়ত যেতিয়া সহযোগী দেশ পৰাজয়ৰ সন্মুখীন হৈ আত্মসমর্পণ কৰিছিল, তেতিয়া নেতাজীয়ে তেওঁৰ বাহিনীৰ সহযোগীসকলক যি কথা কৈছিল তাৰ মূল ভাৱ এইটোৱেই আছিল যে "সহযোগী দেশসমূহে হয়তো আত্মসমর্পণ কৰিছে কিন্তু আমি কৰা নাই৷ আমাৰ সংকল্পৰ পৰা সিদ্ধি লাভৰ ক্ষমতা অদ্বিতীয়।" তেওঁ নিজৰ লগত ভাগৱদ্গীতা ৰাখিছিল, তাৰ পৰা প্রেৰণা পাইছিল৷ তেওঁ যদি কোনো কামৰ বাবে এবাৰ সিদ্ধান্ত লয়, তেতিয়া সেয়া বাস্তবায়িত কৰাৰ বাবে তেওঁ যি কোনো সীমালৈকে যাব পাৰিছিল৷ তেওঁ আমাক এই কথা শিকাইছিল যদি কোনো ভাৱনা অত্যন্ত সৰল নহয়, সাধাৰণ নহয়, তাৰ মাজত যদি কোনো জটিলতা থাকে, তথাপিতো নতুন কিবা এটা কৰিবলৈ ভয় কৰিলে নচলিব৷ আপোনালোকে যদি কোনো দিশত আস্থা ৰাখে, তেতিয়াহ’লে আপোনালোকে সেইটো আৰম্ভ কৰাৰ সাহস দেখুৱাব লাগিব৷ এবাৰ কিম্বা বাৰে বাৰে মনত আহিব পাৰে যে আপোনালোকে সোঁতৰ বিপৰীতে যদি সাতুৰিবলৈ যত্ন কৰে, কিন্তু যদি আপোনালোকৰ লক্ষ্য যদি পবিত্র হয়, তেতিয়া হ’লে সেই ক্ষেত্রত কোনো দ্বিধাবোধ থাকিলে নহ’ব৷ তেওঁ এইটো কৰি দেখুৱাইছিল যে যদি আপোনালোকে দূৰগামী কোনো লক্ষ্যৰ প্রতি সমর্পিত হয়, তেতিয়াহ’লে আপোনালোকে সাফল্য অৰ্জন কৰিবই৷

বন্ধুসকল,

আত্মনির্ভৰ ভাৰতৰ সপোনৰ ক্ষেত্ৰত নেতাজী সুভাষ চন্দ্র বসুৱে আমাৰ ‘সোনাৰ বাংলা’ নিৰ্মাণে আটাইতকৈ ডাঙৰ প্রেৰণা যোগাইছে৷ দেশৰ স্বাধীনতাৰ বাবে নেতাজীয়ে যি ভূমিকা পালন কৰিছিল, আজি আপোনালোকে পশ্চিমবংগক আত্মনির্ভৰ ভাৰত অভিযানত জড়িত কৰাৰ জৰিয়তে সেই ভূমিকা পালন কৰিব লাগিব৷ আত্মনির্ভৰ ভাৰত অভিযানৰ সেই নেতৃত্ব আজি ‘আত্মনির্ভৰ বাংলা’ আৰু ‘সোনাৰ বাংলা’ই কৰিব লাগিব৷ বাংলা আকৌ আগুৱাই যাওক, ইয়া গৌৰৱ বৃদ্ধি কৰক, দেশৰ গৌৰৱো বৃদ্ধি কৰক৷ নেতাজীৰ দৰেই আমাৰো নিজৰ সংকল্পসমূহ বাস্তবায়িত কৰালৈ ৰৈ থাকিলে নহ’ব৷ আপোনালোক সকলোৱে নিজৰ প্রচেষ্টাত প্ৰতিটো সংকল্পত সফল হৈ উঠক-এই শুভকামনাৰে আজিৰ এই পবিত্র দিৱসত, ই পবিত্র ভূমিলৈ আহি আপোনালোক সকলোৰে আশীর্বাদ লৈ মই যেন নেতাজীৰ সপোনবোৰ বাস্তবায়িত কৰাৰ লক্ষ্যৰৈ আগুৱাই যাও-এই ভাৱনাৰে মই আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছো৷

জয় হিন্দ,

জয় হিন্দ,

জয় হিন্দ!

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Semiconductor Market Set to Hit $300 Billion, Projected Sixfold Growth by 2035

Media Coverage

India Semiconductor Market Set to Hit $300 Billion, Projected Sixfold Growth by 2035
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Mr. Anutin Charnvirakul on his election as Prime Minister of the Kingdom of Thailand
March 20, 2026

Prime Minister Shri Narendra Modi today extended his heartiest congratulations to Mr. Anutin Charnvirakul on his election as the Prime Minister of the Kingdom of Thailand.

The Prime Minister expressed his keen interest in working closely with the new Thai leadership to further strengthen the multifaceted India-Thailand Strategic Partnership. Shri Modi noted that the ties between the two nations are deeply rooted in a shared civilizational heritage, close cultural connections, and vibrant people-to-people ties. He further affirmed that India and Thailand remain united in their shared aspirations for peace, progress, and prosperity for their respective peoples.

The Prime Minister wrote on X:

"Heartiest congratulations to Mr. Anutin Charnvirakul on his election as Prime Minister of the Kingdom of Thailand. I look forward to working closely with him. Together, we will further deepen the multifaceted India-Thailand Strategic Partnership. Our ties are rooted in shared civilisational heritage, close cultural connect and vibrant people-to-people ties. India and Thailand remain united in our shared aspirations for peace, progress and prosperity for our peoples."