প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে কেৱাড়িয়াস্থিত ষ্টেচু অৱ ইউনিটীত জনসাধাৰণক ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত বাক্য পাঠ কৰায়৷ তেওঁ লগতে সমগ্ৰ দেশৰ বিভিন্ন আৰক্ষী বাহিনীৰদ্বাৰা প্ৰদৰ্শন কৰা ৰাষ্ট্ৰীয় একতা দিৱসৰ পেৰেডতো ভাগ লয়৷

২০১৪ৰ ৩১ অক্টোবৰৰ পৰা ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰি অহা হৈছে আৰু সমগ্ৰ দেশত সকলো শ্ৰেণী লোকে একতাৰ দৌৰত অংশ লয়৷

সকলো ৰাজ্যৰ পতাকা বহনকাৰী আৰু গুজৰাট ষ্টুডেণ্ট কেডেট কৰ্পছে প্ৰধানমন্ত্ৰীৰ সন্মুখত ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ক লৈ ড্ৰিল প্ৰদৰ্শন কৰে৷ এনএছজি, চিআইএছএফ, এনডিআৰএফ, চিআৰপিএফ, গুজৰাট আৰক্ষী আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত পৃথককৈ তেওঁলোকৰ বাহিনীৰ কলা-কৌশল প্ৰদৰ্শন কৰে৷

ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে কেৱাড়িয়াত প্ৰযুক্তি প্ৰদৰ্শনী স্থলী উদ্বোধন কৰে৷ আৰক্ষী বাহিনীয়ে তেওঁক বিপনীসমূহ দৰ্শন কৰায়, য’ত অসামৰিক বিমান সুৰক্ষা, আৰক্ষী বাহিনীৰ আধুনিকীকৰণৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ক লৈ আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ প্ৰদৰ্শন কৰা হৈছে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EU Firms Generate 186 Billion Euros In India, Support 6 Million Jobs: Report

Media Coverage

EU Firms Generate 186 Billion Euros In India, Support 6 Million Jobs: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 মে’ 2026
May 08, 2026

Nari Shakti to National Security: One Vision, a Thousand Victories Under PM Modi