স্বচ্ছতা, পুৰ্বানুমান আৰু স্বাচ্ছন্দ্যৰে বাণিজ্য কৰাৰ দিশে অগ্ৰসৰ হৈছে ভাৰতৰ প্ৰতিৰক্ষা খণ্ড
প্ৰতিৰক্ষা খণ্ডৰ উত্পাদনী সামৰ্থ্য বৰ্দ্ধনত গুৰুত্ব প্ৰদান কৰা হৈছে : নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰতিৰক্ষা খণ্ডত বাজেটৰ প্ৰস্তাৱসমূহৰ প্ৰভাৱশালী ৰূপায়ণ সন্দৰ্ভত অনুষ্ঠিত এক ৱে’বিনাৰ সম্বোধন কৰে। এই সন্দৰ্ভত প্ৰদান কৰা ভাষণত প্ৰধান্ত্ৰীয়ে কয় যে দেশৰ প্ৰতিৰক্ষা খণ্ডক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দৰে অতিকে গুৰত্বপূৰ্ণ প্ৰসংগ এটাৰ বিষয়ে চৰ্চা কৰাৰ লক্ষ্যৰে অনুষ্ঠিত ৱে’বিনাৰখনে স্বাভাৱিক অৰ্থতে বিশেষ প্ৰসংগিকতা বহণ কৰিছে।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে স্বাধীনতাৰ পূৰ্বে সামৰিক সা-সৰঞ্জাম নিৰ্মাণৰ বাবে শতাধিক কাৰখান আছিল। দুয়োখন বিশ্বযুদ্ধত ভাৰতৰ পৰা বিশাল পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ ৰপ্টানী কৰাও হৈছিল। পিচে, স্বাধীনতাৰ পিচত যিধৰণে এই ব্যৱস্থাটোৰ শ্ৰীবৃদ্ধি হ’ব লাগিছিল বিভিন্ন কাৰণত সেয়া কৰি তোলা নহ’ল।

প্ৰধানমন্ত্ৰীয়ে কয়, ‘তেজছ’ৰ দৰে যুজাৰু বিমান বিকশিত কৰা অভিযন্তা আৰু বিজ্ঞানীসকলৰ সামৰ্থ্যৰ ওপৰত আজিৰ চৰকাৰে বিশ্বাস স্থাপন কৰিছে, যি আজি সাফল্যৰে আকাশত বিচৰণ কৰি আছে। কেই সপ্তাহ মানৰ আগতে মাত্ৰ ‘তেজছ’ৰ নামত ৪৮,০০০কোটি টকাৰ এক ফৰমাইচ দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে।

তেওঁ কয়, ২০১৪চনৰ পৰা চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ সুবাদত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডই স্বচ্ছতা, পুৰ্বানুমান আৰু স্বাচ্ছন্দ্যৰে বাণিজ্য কৰাৰ দিশে অগ্ৰসৰ হৈছে। ইফালে চৰকাৰে অনুজ্ঞা পত্ৰ, নিয়ন্ত্ৰণ বাতিলকৰণ, ৰপ্টানী বৰ্দ্ধন, বিদেশী বিনিয়োগৰ ক্ষেত্ৰত উদাৰীকৰণ নীতি গ্ৰহণৰ দৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে শ্ৰী মোদীয়ে।

স্থানীয় উদ্যোগৰ সহযোগিতাৰে থলুৱা ভাবে নিৰ্মাণ কৰিব পৰা প্ৰতিৰক্ষা সম্পৰ্কীয় ১০০বিধ গুৰুত্বপূৰ্ণ সামগ্ৰীৰ এক তালিকা ভাৰতে ইতিমধ্যে প্ৰস্তুত কৰিছে। এইসমূহ সামগ্ৰী নিৰ্মাণৰ বাবে আমাৰ উদ্যোগসমূহে যাতে পৰিকল্পনা যুগুতাই উলিয়াব পাৰে তাৰ বাবে এক সময়সূচী নিৰ্দ্ধাৰণ কৰি দিয়া হৈছে বুলিও শ্ৰী মোদীয়ে জানিবলৈ দিয়ে।

প্ৰসংগক্ৰমে তেওঁ কয়, চৰকাৰী ভাষাত ইয়াক এক নেতিবাচক তালিকা বুলি অভিহিত কৰা হয় যদিও আত্মনিৰ্ভৰশীলতাৰ ভাষাত ই নিশ্চত ভাবেই এক ইতিবাচক তালিকা। দেশৰ উত্পাদনী সামৰ্থ্য বৃদ্ধি কৰিব পৰাটো ইতিবাচক তালিকাই হয়। ভাৰতত নিয়োগ সম্ভাৱনা সৃষ্টি কৰিব পৰাটো ইতিবাচক তালিকাই হয়। আমাৰ প্ৰতিৰক্ষা খণ্ডৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত বিদেশৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাটো ইতিবাচক তালিকাষ ভাৰতত থলুৱা সামগ্ৰীৰ বিক্ৰী নিশ্চিত কৰিব পৰাটো নিতান্তই ইতিবাচক তালিকা।

ঘৰুৱা ক্ৰয়ৰ এটা অংশ আনকি প্ৰতিৰক্ষা সংক্ৰান্তীয় মূলধনী প্ৰাককলনতো সংৰক্ষিত ৰখা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। গোলকীয় প্ৰেক্ষাপটত দেশৰ পতাকাৰ সন্মান বৃদ্ধি কৰিব পৰাকৈ প্ৰতিৰক্ষা উপকৰণৰ আৰ্হি আৰু উত্পাদনত মনোনিৱেশ কৰাৰ বাবে ব্যক্তিগতখণ্ডৰ প্ৰতিষ্ঠানসমূহক আগবাঢ়ি আহিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়।

‘এমএছএমই’সমূহে সমগ্ৰ উত্পাদনী খণ্ডৰ ৰাজহাড়ৰ দৰে কাম কৰে বুলি অভিহিত কৰা প্ৰধানমন্ত্ৰীয়ে শেহতীয়া ভাবে গ্ৰহণ কৰা সংস্কাৰমূলক পদক্ষেপে ‘এমএছএমই’সমূহক অধিক স্বাধীনতা প্ৰদান কৰিছে বুলিও উল্লেখ কৰে।

প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত আজি নিৰ্মাণ কৰা প্ৰতিৰক্ষা ক’ৰিডৰসমূহে স্থানীয় উদ্যোগী আৰু উত্পাদনীখণ্ডক সহায় আগবঢ়াব। প্ৰতিৰক্ষা খণ্ডৰ আত্ম-নিৰ্ভৰশীলতাক ‘জোৱান’ আৰু ‘যুৱ-প্ৰজন্ম’ৰ সৱলীকৰণ হিচাপে গণ্য কৰিব বিচৰা হৈছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Exports 3.15 lakh Tonnes Sugar in Oct-Feb of 2025-26 Marketing Year: AISTA

Media Coverage

India Exports 3.15 lakh Tonnes Sugar in Oct-Feb of 2025-26 Marketing Year: AISTA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 মাৰ্চ 2026
March 17, 2026

Resilient Bharat Rising: From Safe LPG Deliveries to UPI Dominance and Women's Empowerment Achievements Under PM Modi's Leadership