"দেশৰ ১০ কোটি গ্ৰাম্য পৰিয়ালক পাইপযোগে পৰিষ্কাৰ পানীৰ সুবিধাৰ সৈতে সংযুক্ত কৰা হৈছে"
"গোৱা প্ৰথম হৰ ঘৰ জল প্ৰমাণিত ৰাজ্য"
"দাদৰা নগৰ হাভেলি আৰু দমন আৰু ডিউ এই কৃতিত্ব অৰ্জন কৰা প্ৰথম কেন্দ্ৰীয়শাসিত অঞ্চল হৈ পৰিছে"
"দেশৰ বিভিন্ন ৰাজ্যৰ এক লাখ গাওঁ অ'ডিএফ প্লাছ হৈ পৰিছে"
"অমৃত কালৰ ইয়াতকৈ ভাল আৰম্ভণি হ'ব নোৱাৰে"
"যিসকলে দেশৰ প্ৰতি গুৰুত্ব নিদিয়ে, তেওঁলোকে দেশৰ বৰ্তমান বা ভৱিষ্যত নষ্ট হোৱাৰ বিষয়ে কোনো আগ্ৰহ নাই ৷ এনে লোকসকলে নিশ্চিতভাৱে ডাঙৰ কথা ক'ব পাৰে, কিন্তু কেতিয়াও পানীৰ বাবে ডাঙৰ কাম কৰিব নোৱাৰে।"
"৭ দশকত মাত্ৰ ৩ কোটি পৰিয়ালৰ তুলনাত মাত্ৰ ৩ বছৰত ৭ কোটি গ্ৰাম্য পৰিয়াল পাইপযুক্ত পানীৰ সৈতে সংযুক্ত হৈছে"
"এয়া মানৱ-কেন্দ্ৰিক বিকাশৰ এক উদাহৰণ, যাৰ বিষয়ে মই এইবাৰ লালকিল্লাৰ পৰা ঘোষণা কৰিছিলো"
"জল জীৱন অভিযান কেৱল চৰকাৰী আঁচনি নহয়, কিন্তু ই সম্প্ৰদায়ৰ দ্বাৰা পৰিচালিত এক আঁচনি "
জনশক্তি, মহিলাশক্তি আৰু প্ৰযুক্তিৰ শক্তিয়ে জল জীৱন মিছনক শক্তি প্ৰদ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে জল জীৱন মিছনৰ অধীনত হৰ ঘৰ জল উৎসৱত ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানটো পানাজী গোৱাত অনুষ্ঠিত হৈছিল। অনুষ্ঠানত উপস্থিত থকা সকলৰ ভিতৰত গোৱাৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্ত আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱৎ অন্যতম আছিল। প্ৰধানমন্ত্ৰীয়ে পৱিত্ৰ জন্মাষ্টমী উপলক্ষে শ্ৰীকৃষ্ণৰ ভক্তসকলক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে আৰম্ভণিতে আজি সম্পূৰ্ণ হোৱা অমৃত কালত ভাৰতে কাম কৰি থকা বৃহৎ লক্ষ্যৰ সৈতে সম্পৰ্কিত তিনিটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিৰ ওপৰত প্ৰতিজন ভাৰতীয়ৰ গৌৰৱ ভাগ-বতৰা কৰে। তেওঁ কয়, "প্ৰথমতে, আজি দেশৰ ১০ কোটি গ্ৰাম্য পৰিয়ালক পাইপযোগে পৰিষ্কাৰ পানীৰ সুবিধাৰ সৈতে সংযুক্ত কৰা হৈছে। প্ৰতিটো পৰিয়ালক পানী যোগান ধৰাটো চৰকাৰৰ অভিযানৰ এইটো এটা ডাঙৰ সফলতা। এইটো 'সবকা প্ৰয়াস'ৰ এক উৎকৃষ্ট উদাহৰণ। দ্বিতীয়তে, তেওঁ গোৱাক প্ৰথম হৰ ঘৰ জল প্ৰমাণিত ৰাজ্য হোৱাৰ বাবে অভিনন্দন জনায় য'ত প্ৰতিটো পৰিয়াল পাইপযুক্ত পানীৰ সৈতে সংযুক্ত হৈ আছে। তেওঁ দাদৰা নগৰ হাভেলী আৰু দমন আৰু ডিউক এই কৃতিত্ব অৰ্জন কৰা প্ৰথম কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে স্বীকাৰ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণ, চৰকাৰ আৰু স্থানীয় স্ব-চৰকাৰ প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰে। তেওঁ জনাই যে অতি সোনকালেই বহুতো ৰাজ্য তালিকাখনত যোগদান হ’বলৈ গৈ আছে।

প্ৰধানমন্ত্ৰীয়ে জনোৱা অনুসৰি তৃতীয়টো সাফল্য হ'ল যে দেশৰ বিভিন্ন ৰাজ্যৰ এক লাখ গাওঁ অ'ডিএফ প্লাছত পৰিণত হৈছে। কেইবছৰমান আগতে দেশখনক মুকলিত শৌচ মুক্ত (অ'ডিএফ) ঘোষণা কৰাৰ পিছত, পৰৱৰ্তী প্ৰস্তাৱটো আছিল গাওঁবোৰৰ বাবে অ'ডিএফ প্লাছ ৰ মৰ্যাদা প্ৰাপ্ত কৰা, অৰ্থাৎ তেওঁলোকৰ সামূহিক শৌচালয়, প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা, ধূসৰ পানী ব্যৱস্থাপনা, আৰু গোবৰ ধন প্ৰকল্প থাকিব লাগে।

বিশ্বই সন্মুখীন হৈ থকা পানী সুৰক্ষা প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উন্নত ভাৰত- বিকশিত ভাৰতৰ সংকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত পানীৰ অভাৱ এক বৃহৎ বাধা হৈ পৰিব পাৰে। "আমাৰ চৰকাৰে পানী সুৰক্ষা প্ৰকল্পৰ বাবে যোৱা ৮ বছৰ ধৰি নিৰন্তৰ ভাৱে কাম কৰি আহিছে", তেওঁ কয়। স্বাৰ্থপৰ হ্ৰস্বম্যাদী দৃষ্টিভংগীৰ ঊৰ্ধত দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয়, "এয়া সঁচা যে চৰকাৰ গঠনৰ বাবে দেশ গঢ়িবলৈ যিমান কঠোৰ পৰিশ্ৰম কৰিব লাগিব সিমান পৰিশ্ৰম কৰিব নালাগে। আমি সকলোৱে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে কাম কৰিবলৈ বাছি লৈছো। সেইকাৰণে আমি বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ ওপৰত কাম কৰি আছো। যিসকলে দেশৰ প্ৰতি গুৰুত্ব নিদিয়ে, তেওঁলোকে দেশৰ বৰ্তমান বা ভৱিষ্যত নষ্ট হোৱাৰ বিষয়ে চিন্তা নকৰে। এনে লোকসকলে নিশ্চিতভাৱে ডাঙৰ কথা ক'ব পাৰে, কিন্তু কেতিয়াও পানীৰ বাবে ডাঙৰ কাম কৰিব নোৱাৰে।"

জল সুৰক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰৰ বহুমুখী দৃষ্টিভংগীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে 'বৰষুণ ধৰা', অটল ভূজল আঁচনি, প্ৰতিখন জিলাত ৭৫ টা অমৃত সৰোবৰ, নদী সংযোগ আৰু জল জীৱন মিছনৰ দৰে পদক্ষেপৰ তালিকা তৈয়াৰ কৰাৰ কথা কয়। তেওঁ কয় যে ভাৰতত ৰামচৰ আৰ্দ্ৰভূমি স্থানৰ সংখ্যা ৭৫ লৈ বৃদ্ধি পাইছে, যাৰ ভিতৰত যোৱা ৮ বছৰত ৫০ খন যোগ কৰা হৈছে।

"অমৃত কালৰ উন্নত আৰম্ভণি হ'ব ইয়াতকৈ অন্য হ’ব নোৱাৰে", প্ৰধানমন্ত্ৰীয়ে মাত্ৰ ৩ বছৰত ৭ কোটি গ্ৰাম্য পৰিয়ালক পাইপযুক্ত পানীৰ সৈতে সংযোগ কৰাৰ কৃতিত্বক প্ৰশংসা কৰে আৰু আনহাতে স্বাধীনতাৰ পিছত ৭ দশকত মাত্ৰ ৩ কোটি পৰিয়ালে এই সুবিধা লাভ কৰিছিল বুলি কয়। তেওঁ কয়, "দেশত প্ৰায় ১৬ কোটি গ্ৰাম্য পৰিয়াল আছিল, যি সকলে পানীৰ বাবে বাহিৰৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিল।  সেইকাৰণে ৩ বছৰ পূৰ্বে মই লালকিল্লাৰ পৰা ঘোষণা কৰিছিলো যে প্ৰতিখন ঘৰে পাইপযোগে পানী লাভ কৰিব। এই অভিযানত ৩ লাখ ৬০ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে। ১০০ বছৰৰ আটাইতকৈ ডাঙৰ মহামাৰীৰ ফলত হোৱা বাধা স্বত্বেও, এই অভিযানৰ গতি হ্ৰাস হোৱা নাছিল। এই নিৰন্তৰ প্ৰচেষ্টাৰ ফলাফল স্বৰূপে মাত্ৰ ৩ বছৰত, দেশখনে ৭টা দশকত কৰা কামৰ দুগুণতকৈও অধিক কাম কৰিছে। এয়া মানৱ-কেন্দ্ৰিক বিকাশৰ এক উদাহৰণ, যাৰ বিষয়ে মই এইবাৰ লালকিল্লাৰ পৰা ঘোষণা কৰিছিলো"

প্ৰধানমন্ত্ৰীয়ে ভৱিষ্যত প্ৰজন্ম আৰু মহিলাসকলৰ বাবে হৰ ঘৰ জলৰ লাভালাভৰ কথা উল্লেখ কৰে। তেওঁ কয় যে পানী সম্পৰ্কীয় সমস্যাৰ মুখ্য ভুক্তভোগী হিচাপে মহিলাসকল চৰকাৰৰ প্ৰচেষ্টাৰ কেন্দ্ৰবিন্দু। ই মহিলাসকলৰ জীৱন ধাৰণৰ সহজতা উন্নত কৰি আছে আৰু তেওঁলোকক পানী যোগানত এক গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰিছে। "জল জীৱন অভিযান কেৱল চৰকাৰী আঁচনি নহয়, কিন্তু ই সম্প্ৰদায়ৰ দ্বাৰা পৰিচালিত এক আঁচনি", তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে জল জীৱন মিছনৰ সফলতাৰ আধাৰত চাৰিটা স্তম্ভ হ’ল জনসাধাৰণৰ অংশগ্ৰহণ, অংশীদাৰসকলৰ অংশগ্ৰহণ, ৰাজনৈতিক ইচ্ছা শক্তি আৰু সম্পদৰ সৰ্বোত্তম ব্যৱহাৰ। স্থানীয় লোক আৰু গ্ৰাম সভা আৰু স্থানীয় শাসনৰ অন্যান্য প্ৰতিষ্ঠানসমূহক এই অভিযানত এক অভূতপূৰ্ব ভূমিকা প্ৰদান কৰা হৈছে। স্থানীয় মহিলাসকলক পানী পৰীক্ষাৰ বাবে প্ৰশিক্ষণ দিয়া হয় আৰু তেওঁলোকক 'পানী সমিতি'ৰ সদস্য কৰি লোৱা হৈছে। পঞ্চায়ত, বেচৰকাৰী সংগঠন, শিক্ষানুষ্ঠান আৰু সকলো মন্ত্ৰালয়ে দেখুওৱা উৎসাহত অংশীদাৰসকলৰ অংশগ্ৰহণ স্পষ্ট হৈছে। একেদৰে, যোৱা ৭ টা দশকত লাভ কৰাতকৈ মাত্ৰ ৭ বছৰত অধিক অৰ্জন কৰাটোৱে ৰাজনৈতিক ইচ্ছাশক্তি সূচায়। সম্পদৰ সৰ্বোত্তম ব্যৱহাৰ এমজিএনৰেগাৰ দৰে আঁচনিৰ সৈতে সমন্বয়ত প্ৰতিফলিত হয়। পাইপযুক্ত পানীৰ সংপৃক্ততাই যিকোনো বৈষম্যৰ সম্ভাৱনাও নাইকিয়া কৰিব, তেওঁ লগতে কয়।

পানী যোগান আৰু গুণগত মানদণ্ড নিয়ন্ত্ৰণৰ বাবে পানীসম্পদৰ জিঅ'টেগিং আৰু ইণ্টাৰনেট অৱ থিংছ সমাধানৰ দৰে প্ৰযুক্তিৰ ব্যৱহাৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জনশক্তি, মহিলাশক্তি আৰু প্ৰযুক্তিৰ শক্তিয়ে জল জীৱন মিছনক শক্তি প্ৰদান কৰিছে।

.

 

 

 

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’

Media Coverage

PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 ছেপ্টেম্বৰ 2026
September 13, 2026

Confidence on the Stage, Consensus in the Room: India’s BRICS 2026 Under PM Modi

PM Modi’s India: UPI in the Pocket, Solar on the Roof, Freight on the Rail