নমস্কাৰ!

মই আপোনালোকক ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ হৈ শুভেচ্ছা জ্ঞাপন কৰিছো।

সমগ্ৰ বিশ্বৰ বহু পূৰ্বেই প্ৰাচীন ভাৰতত নিৰ্বাচিত নেতাৰ ধাৰণা এটা সাধাৰণ বৈশিষ্ট্য আছিল। আমাৰ প্ৰাচীন মহাকাব্য মহাভাৰতত নাগৰিকৰ প্ৰথম কৰ্তব্যৰ বৰ্ণনাত নিজৰ নেতা বাছনি কৰাৰ কথা উল্লেখ আছে।

আমাৰ পবিত্ৰ বেদত বিস্তৃত-ভিত্তিৰ পৰামৰ্শদাতা সংস্থাসমূহে ৰাজনৈতিক ক্ষমতা প্ৰয়োগৰ কথা আছে। প্ৰাচীন ভাৰতৰ গণতন্ত্ৰ ৰাজ্যৰ বিষয়েও একাধিক ঐতিহাসিক উল্লেখ আছে, য'ত শাসকসকল বংশগত নাছিল। ভাৰত সঁচাকৈয়ে গণতন্ত্ৰৰ মাতৃ।

মান্যবৰণেষু,

গণতন্ত্ৰ কেৱল এক গাঁথনিয়েই নহয়; ই এক উদ্দীপনাও। ই প্ৰতিজন লোকৰ প্ৰয়োজন আৰু আকাংক্ষা সমানেই গুৰুত্বপূৰ্ণ বুলি বিশ্বাসৰ আধাৰত প্ৰতিষ্ঠিত। ইয়াৰ পৰিপ্ৰেক্ষিতত, ভাৰতত আমাৰ পথ প্ৰদৰ্শনকাৰী দৰ্শন হৈছে "সবকা সাথ, সবকা বিকাশ", অৰ্থাৎ ''সৰ্বাংগীন বিকাশৰ বাবে সমন্বিত প্ৰয়াস''।
জীৱন-শৈলীৰ পৰিৱৰ্তনৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজৰ আমাৰ প্ৰচেষ্টাই হওক, জল সংৰক্ষণেই হওক বা সকলোকে স্বচ্ছ ৰন্ধন ইন্ধন যোগানৰ প্ৰচেষ্টাই হওক, প্ৰতিটো পদক্ষেপ ভাৰতৰ নাগৰিকৰ সামূহিক প্ৰচেষ্টাৰে চালিত হৈছে।
ক’ভিড-১৯ৰ সময়ত ভাৰতৰ সঁহাৰি আছিল জন-চালিত। তেওঁলোকেই ২ বিলিয়নৰো অধিক পালি মেড ইন ইণ্ডিয়া ভেকচিন প্ৰদান সম্ভৱ কৰি তুলিছিল। আমাৰ ''ভেকচিন মৈত্ৰী'' পদক্ষেপৰ অধীনত কেইবা নিযুত ভেকচিন সমগ্ৰ বিশ্বলৈ প্ৰেৰণ কৰা হৈছিল।

এই ক্ষেত্ৰত ''বসুধৈৱ কুটুম্বকম'' - এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ গণতান্ত্ৰিক মনোভাৱেও উদ্দীপনা যোগাইছিল।

মান্যবৰণেষু,
গণতন্ত্ৰৰ গুণৰাজি অলেখ যদিও এইখিনিয়েই কওঁ যে একাধিক বৈশ্বিক প্ৰত্যাহ্বানৰ মাজতো ভাৰত আজি দ্ৰুত বৰ্ধমান বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। এয়াই হৈছে বিশ্বত গণতন্ত্ৰৰ শ্ৰেষ্ঠ নিদৰ্শন। ই ডেম’ক্ৰেচি কেন ডেলিভাৰৰ দৃষ্টান্ত দাঙি ধৰিছে।

এই অধিৱেশনৰ অধ্যক্ষতা কৰাৰ বাবে ৰাষ্ট্ৰপতি ইউনক ধন্যবাদ জনালো।

 আৰু ইয়াত ভাগ লোৱা সকলো বিশিষ্ট নেতাক ধন্যবাদ জ্ঞাপন কৰিলো।

 অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How NPS transformed in 2025: 80% withdrawals, 100% equity, and everything else that made it a future ready retirement planning tool

Media Coverage

How NPS transformed in 2025: 80% withdrawals, 100% equity, and everything else that made it a future ready retirement planning tool
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 ডিচেম্বৰ 2025
December 20, 2025

Empowering Roots, Elevating Horizons: PM Modi's Leadership in Diplomacy, Economy, and Ecology