প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েটনামৰ প্ৰধানমন্ত্ৰী মহামহিম ফাম মিন চিনৰ সৈতে টেলিফোনৰে বাৰ্তালাপ কৰে।

ভিয়েটনামৰ প্ৰধানমন্ত্ৰী হিচাপে নিয়োজিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে মহামহিম ফাম মিন চিনক অভিনন্দন জনোৱাৰ লগতে তেখেতৰ সুদক্ষ নেতৃত্বত ভাৰত আৰু ভিয়েটনামৰ মাজত থকা বিস্তৃত ৰণকৌশলগত সম্পৰ্ক শক্তিশালী ৰূপত অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে।

দুয়োখন দেশে এক মুক্ত, সৰ্বাত্মক, শান্তিপূৰ্ণ আৰু বিধিৰ দ্বাৰা পৰিচালিত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দৃষ্টিভংগী বহণ কৰি অহা কথাক প্ৰধানমন্ত্ৰী মোদীয়ে আদৰণি জনায় আৰু সেয়ে, ভাৰত-ভিয়েটনাম বিস্তৃত ৰণকৌশলগত সহযোগিতাই আঞ্চলিক সুস্থিৰতা, প্ৰগতি আৰু বিকাশৰ গতি ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াব পাৰিব বুলিও অভিমত ব্যক্ত কৰে। এই প্ৰসংগতে প্ৰধানমন্ত্ৰীয়ে সম্প্ৰতি ভাৰত আৰু ভিয়েনামে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদতো ফেল’-সদস্য হিচাপে ভূমিকা পালন কৰি থকাৰ কথা বিশেষ ভাবে উল্লেখ কৰে।

ক’ভিড-১৯ৰ দ্বিতীয়টো লহৰৰ সময়ত ভিয়েটনামৰ চৰকাৰৰ লগতে জনসাধাৰণে ভাৰতলৈ আগবঢ়োৱা মূল্যবান সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী চিনক ধন্যবাদ জ্ঞাপন কৰে। মহামাৰীবিধৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ ক্ষেত্ৰত পৰস্পৰৰ মাজত দিহা-পৰামৰ্শৰ লগতে সহযোগিতা অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাও স্বীকাৰ কৰে দুয়োগৰাকী নেতাই।

নেতাদ্বয়ে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সমীক্ষা কৰাৰ লগতে সহযোগিতাৰ অন্যান্য ক্ষেত্ৰসমূহ সন্দৰ্ভতো নিজ নিজ দৃষ্টিভংগী বিনিময় কৰে। ২০২২চনত দুয়োখন দেশৰ মাজত স্থাপিত কূটনৈতিক সম্পৰ্কৰ ৫০বৰ্ষ সম্পূৰ্ণ হোৱাৰ কথা সাৰোগত কৰি তেওঁলোকে এই পবিত্ৰ সাফল্যক বিভিন্ন স্মাৰক অনুষ্ঠানৰ জৰিয়তে যথোচিত ভাবে উদযাপন কৰাৰ বাবেও সহমত ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে অচিৰেই এক সুবিধাজনক দিনত আনুষ্ঠানিক ভাবে ভাৰত ভ্ৰমণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী চিনক আমন্ত্ৰণো জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Since 2019, a total of 1,106 left wing extremists have been 'neutralised': MHA

Media Coverage

Since 2019, a total of 1,106 left wing extremists have been 'neutralised': MHA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 ডিচেম্বৰ 2025
December 14, 2025

Empowering Every Indian: PM Modi's Inclusive Path to Prosperity