ৰাজহুৱা সেৱা আৰু কল্যানকেন্দ্ৰিক আইনসমূহে নতুন যুগৰ সূচনা কৰিলেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩, ভাৰতীয় ন্যায় সংহিতা, ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম, ২০২৩ সংসদত গৃহীত হোৱাক প্ৰশংসা কৰি ভাৰতৰ ইতিহাসৰ এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰিছে। তেওঁ আলোকপাত কৰে যে এই বিধেয়কসমূহে সমাজৰ দৰিদ্ৰ, প্ৰান্তীয় আৰু দুৰ্বল শ্ৰেণীৰ বাবে বৰ্ধিত সুৰক্ষা নিশ্চিত কৰাৰ লগতে সংগঠিত অপৰাধ, সন্ত্ৰাসবাদ আৰু এনেধৰণৰ অন্যান্য অপৰাধৰ ওপৰতো যথেষ্ট গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই আইনী সংস্কাৰসমূহে ভাৰতৰ আইনী কাঠামোক অমৃত কালত অধিক প্ৰাসংগিক আৰু সহানুভূতিশীল হ’বলৈ পুনৰ সংজ্ঞায়িত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত তিনিখন বিধেয়ক সন্দৰ্ভত আলোচনা কৰাৰ ভিডিঅ’ও শ্বেয়াৰ কৰে।

এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩, ভাৰতীয় ন্যায় সংহিতা, ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম, ২০২৩ গৃহীত হোৱাটো আমাৰ ইতিহাসৰ এক ঐতিহাসিক মুহূৰ্ত। এই বিধেয়কসমূহে ঔপনিৱেশিক যুগৰ আইনসমূহৰ অন্ত পেলায়। ৰাজহুৱা সেৱা আৰু কল্যানকেন্দ্ৰিক আইনসমূহে নতুন যুগৰ সূচনা কৰিলে।

এই পৰিৱৰ্তনশীল বিধেয়কসমূহ সংস্কাৰৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰমাণ। এইবোৰে প্ৰযুক্তি আৰু ফৰেনছিক বিজ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰি আমাৰ আইনী, পুলিচিং আৰু তদন্ত ব্যৱস্থাক আধুনিক যুগলৈ ধাবিত কৰে। এই বিধেয়কসমূহে আমাৰ সমাজৰ দৰিদ্ৰ, প্ৰান্তীয় আৰু দুৰ্বল শ্ৰেণীৰ সুৰক্ষা নিশ্চিত কৰে।

একে সময়তে এই বিধেয়কসমূহে সংগঠিত অপৰাধ, সন্ত্ৰাসবাদ আৰু এনে অপৰাধৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে যিয়ে আমাৰ প্ৰগতিৰ শান্তিপূৰ্ণ যাত্ৰাৰ মূলতে আঘাত হানে। তেওঁলোকৰ জৰিয়তে আমি দেশদ্ৰোহৰ ওপৰত থকা আওপুৰণি শিতানবোৰকো আঁতৰ কৰিছো।

আমাৰ অমৃত কালত এই আইনী সংস্কাৰসমূহে আমাৰ আইনী কাঠামোক অধিক প্ৰাসংগিক আৰু সহানুভূতিশীল হ’বলৈ পুনৰ সংজ্ঞায়িত কৰে। গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহজীয়ে ভাষণত এই বিধেয়কসমূহৰ মূল বৈশিষ্ট্যসমূহৰ বিষয়ে অধিক বিশদভাৱে উল্লেখ কৰিছে।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design

Media Coverage

India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ছেপ্টেম্বৰ 2026
September 08, 2026

Viksit Bharat, Many Engines: Defence, Diplomacy, Growth & Green Power Under PM Modi