প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধনতেৰাছ উপলক্ষে ২২ অক্টোবৰৰ বিয়লি ৪ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মধ্যপ্ৰদেশৰ সতনাত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীনৰ প্ৰায় ৪.৫১ লাখ হিতাধিকাৰীৰ ‘গৃহ প্ৰৱেশ’ত অংশগ্ৰহণ কৰিব। এই উপলক্ষে উপস্থিত থকা জনসভাতো ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে।
প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ প্ৰচেষ্টা চলি আহিছে যে দেশৰ প্ৰতিজন নাগৰিকক নিজস্ব এটা ঘৰ, সকলো মৌলিক সা-সুবিধাৰে সমৃদ্ধ কৰা হওক। এই দিশত এয়া আন এক পদক্ষেপ। এই পৰ্যন্ত মধ্যপ্ৰদেশত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰায় ৩৮ লাখ গৃহ অনুমোদন কৰা হৈছে আৰু প্ৰায় ২৯ লাখ গৃহ নিৰ্মাণৰ কাম ৩৫ হাজাৰ কোটিৰো অধিক ব্যয় সাপেক্ষে সম্পূৰ্ণ হৈছে।


