প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ এপ্ৰিলৰ দিনৰ ১২ বজাত নতুন দিল্লীৰ জনপথস্থিত আম্বেদকাৰ ইন্টাৰনেশ্যনেল চেন্টাৰত ‘উৎকল কেশৰী’ ডঃ হৰেকৃষ্ণ মেহতাবৰ ‘ওডিশা ইতিহাস’ৰ হিন্দী সংস্কৰণটো আনুষ্ঠানিকভাৱে উন্মোচন কৰিব। উল্লেখ্য যে এইপৰ্যন্ত এই গ্ৰন্থখনৰ ওডিয়া আৰু ইংৰাজী সংস্কৰণহে পোৱা গৈছিল। শ্ৰী শঙ্কৰলাল পুৰোহিতে এই গ্ৰন্থখনৰ হিন্দী সংস্কৰণটো অনুবাদ কৰিছে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু লোকসভাৰ কটক কেন্দ্ৰৰ সাংসদ শ্ৰী ভৰ্তৃহৰি মেহতাবো উপস্থিত থাকিব। হিন্দী ভাষাত এই সংস্কৰণ প্ৰকাশৰ এই অনুষ্ঠানৰ আয়োজক হৰেকৃষ্ণ মেহতাব ফাউণ্ডেশ্যন।

 

লেখক পৰিচিতি-

ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক পৰিচিত নাম ডঃ হৰেকৃষ্ণ মেহতাব। তেওঁ ১৯৪৬ চনৰ পৰা ১৯৫০ আৰু ১৯৫৬ চনৰ পৰা ১৯৬১ পৰ্যন্ত ওডিশাৰ মুখ্যমন্ত্ৰী আছিল। ১৯৪২ চনৰ পৰা ১৯৪৫ চনৰ সময়ছোৱাত আহমেদনগৰ দুৰ্গৰ জেলত বন্দী হৈ থকাৰ সময়ত তেওঁ ‘ওডিশা ইতিহাস’ গ্ৰন্থখন লিখিছিল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How India brought the lion back from the brink: In Union minister Bhupender Yadav's words

Media Coverage

How India brought the lion back from the brink: In Union minister Bhupender Yadav's words
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 09 আগষ্ট 2026
August 09, 2026

Vikas Bhi, Virasat Bhi: PM Modi’s Blueprint for a Rooted Yet Future-Ready Bharat