২০১৮ত বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি ‘আয়ুষ্মান ভাৰত’ শুভাৰম্ভ কৰা হয়, দেশৰ প্ৰতিখন গাঁৱে লাভ কৰিব বিদ্যুৎঃ #মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
আমাৰ উৎসৱসমূহে ‘অনৈক্যৰ মাজত ঐক্য’ আৰু ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ক প্ৰতিনিধিত্ব কৰেঃ #মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
ইউনেস্ক’ই কুম্ভ মেলাক ‘মানৱতাৰ অদৃশ্য সাংস্কৃতিক ঐতিহ্য’ বুলি দিয়া আখ্যাই ইয়াৰ বিশ্বস্তৰীয় গুৰুত্বক সংজ্ঞায়িত কৰিছেঃ #মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
প্ৰাকৃতিক দিশতো কুম্ভ বৃহৎঃ ই সৰগীয় অনুভূতিৰ সমান্তৰালভাৱে অতি সুন্দৰঃ #মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
সংগমত পবিত্ৰ স্নান কৰাৰ পাছত এইবাৰ প্ৰতিগৰাকী ভক্তই অক্ষয় বটত প্ৰাৰ্থনা আগবঢ়াব পাৰিবঃ #মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
দক্ষিণ আফ্ৰিকাৰ সৈতে পূজ্য বাপুৰ সম্পৰ্ক চিৰস্থায়ীঃ সেইখনেই দক্ষিণ আফ্ৰিকা, য’ত মোহন ‘মহাত্মা’লৈ পৰিৱৰ্তন হৈছিলঃ #মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
মহাত্মা গান্ধীয়ে প্ৰথম দক্ষিণ আফ্ৰিকাত সত্যাগ্ৰহ আৰম্ভ কৰিছিল আৰু তেওঁ বৰ্ণ বৈষম্যৰ বিৰুদ্ধে মাত মাতিছিলঃ #মন কী বাতত প্ৰধানমন্ত্ৰী
চৰ্দাৰ পেটেলে ভাৰতক এক কৰি ৰখাৰ বাবেই গোটেই জীৱন উচৰ্গা কৰিছিল৷ তেওঁ জীৱনৰ প্ৰতিক্ষণ দেশৰ সংহতি ৰক্ষাৰ নামত উচৰ্গা কৰিছিলঃ #মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
গুৰু গোৱিন্দ সিং জীৰ জন্ম হৈছিল পাটনাত, তেওঁৰ কৰ্মভূমি আছিল উত্তৰ ভাৰতত আৰু তেওঁ মহাৰাষ্ট্ৰৰ নানদেদত শেষ নিশ্বাস ত্যাগ কৰিছিলঃ #মন কী বাতত প্ৰধানমন্ত্ৰী
গুৰু গোৱিন্দ সিং জী অতি শান্ত স্বভাৱৰ আছিল, কিন্তু যেতিয়া দুখীয়া আৰু দুৰ্বল শ্ৰেণীৰ লোকসকলৰ কণ্ঠ ৰূদ্ধ কৰাৰ চেষ্টা চলাইছিল, তেতিয়াই গুৰু গোৱিন্দ সিং জীয়ে সেই দুখীয়া লোকসকলৰ হৈ মাত মাতিছিলঃ #মন কী বাতত প্ৰধানমন্ত্ৰী
গুৰু গোৱিন্দ সিং জীয়ে প্ৰায়ে কৈছিল যে দুৰ্বল শ্ৰেণীৰ সৈতে যুঁজিলে কেতিয়া আচল শক্তি প্ৰদৰ্শিত নহয়ঃ #মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ ২০১৮ বৰ্ষ সমাপ্তিৰ পথত৷ আমি ২০১৯ বৰ্ষৰ প্ৰৱেশৰ পথত৷ স্বাভাৱিকতে এনে সময়ত এনেকুৱা কথাৰ চৰ্চা কৰা হয়, অনাগত বৰ্ষৰ সংকল্পৰ বিষয়ে চৰ্চা কৰা হয়৷ সেয়া লাগিলে ব্যক্তিৰ জীৱনেই হওক বা ৰাষ্ট্ৰৰ জীৱনেই হওক– সকলোৱে পিছলৈ ঘূৰি চোৱাও প্ৰয়োজন আৰু আগলৈ যিমান দূৰলৈ চাব পাৰে সিমান দূৰলৈ চোৱাৰ প্ৰয়াস কৰিব লাগে আৰু তেতিয়াহে অভিজ্ঞতাৰ ফল লাভ হয় আৰু নতুন কিবা এটা কৰাৰ আত্মবিশ্বাস জাগি উঠে৷ আমি এনে কাম কৰিব লাগে যাতে নিজৰ জীৱনলৈ পৰিৱৰ্তন অহাৰ উপৰিও ই যাতে দেশ তথা সমাজক আগুৱাই লৈ যোৱাত সহায়ক হয়৷ আপোনালোক সকলোকে ২০১৯ চনৰ অশেষ শুভকামনা৷ আপোনালোক সকলোৱে ভাবিছে চাগে ২০১৮ক কিদৰে সোঁৱৰণীত ৰাখিব পৰা যায়৷ ২০১৮ক ভাৰতক এনে এক দেশৰ ৰূপত, আমাৰ এশ ত্ৰিশ কোটি জনতাৰ সামৰ্থৰ ৰূপত কিদৰে মনত ৰাখিব– এয়া স্মৰণ কৰাও অধিক গুৰুত্বপূৰ্ণ৷ ই আমাক গৌৰৱান্বিত কৰিব৷

২০১৮ চনত বিশ্বৰ সকলোতকৈ ডাঙৰ স্বাস্থ্য বীমা যোজনা ‘আয়ুষ্মান ভাৰত’ৰ শুভাৰম্ভ হৈছে৷ দেশৰ প্ৰতিখন গাঁৱত বিদ্যুৎ উপলব্ধ হৈছে৷ বিশ্বৰ গণ্যমান্য সংস্থাসকলে মানি লৈছে যে ভাৰতে অভিলেখ গতিত দেশত দৰিদ্ৰতাৰ পৰা মুক্তি দিছে৷ দেশবাসীৰ স্বচ্ছতা সংকল্পৰ দ্বাৰা ব্যাপ্ততা বৃদ্ধি হৈ ৯৫% অতিক্ৰম কৰাৰ দিশত আগবাঢ়িছে৷

স্বাধীনতাৰ পিছত লালকিল্লাৰ পৰা প্ৰথমবাৰলৈ আজাদ হিন্দ চৰকাৰৰ ৭৫তম বাৰ্ষিকীত ত্ৰিৰংগা উত্তোলন কৰা হৈছে৷ দেশক ঐক্যবদ্ধ কৰি ৰখা চৰ্দাৰ বল্লভভাই পেটেলৰ সন্মানত বিশ্বৰ সবাতোকৈ বৃহৎ মুৰ্তি ‘ষ্টেচু অব্ ইউনিটী’ দেশে লাভ কৰিছে৷ বিশ্বৰ দেশৰ নাম জিলিকি উঠিছে৷ দেশে ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিবেশ পুৰষ্কাৰ‘চেম্বিয়নছ অব্ দা আৰ্থ’ বঁটাৰে সন্মানিত হৈছে৷ সৌৰ শক্তি আৰু জলবায়ু পৰিৱৰ্তনত ভাৰতৰ প্ৰয়াসে বিশ্ব দৰবাৰত স্থান লাভ কৰিছে৷ ভাৰতত আন্তৰ্জাতিক সৌৰ সহযোগিতাৰ প্ৰথম মহাসভাৰ আয়োজন কৰা হৈছে৷ আমাৰ সামুহিক প্ৰয়াসৰ ফলত আমাৰ দেশৰ ইজ অব্ ডুয়িং বিজনেছ সূচাংকত অগ্ৰগতি হৈছে৷ দেশৰ আত্ম সুৰক্ষাৰ অধিক সৱলীকৰণ হ’ল৷ এই বৰ্ষতে আমাৰ দেশে সফলতাৰে নিউক্লিয়াৰ ট্ৰায়েড সম্পূৰ্ণ কৰিলে অৰ্থাৎ এতিয়া আমি জল, থল আৰু নভ– তিনিওটাতে পৰমাণুশক্তি সম্পন্ন হৈ উঠিলো৷ দেশৰ কন্যাই সাগৰ পৰিক্ৰমাৰে সমগ্ৰ বিশ্ব ভ্ৰমণ কৰি দেশক গৌৰৱান্বিত কৰিলে৷ বাৰাণসীত ভাৰতৰ প্ৰথমটো জলপথৰ শুভাৰম্ভ হ’ল৷ ইয়াৰ দ্বাৰা জলপথৰ ক্ষেত্ৰত এক নতুন ক্ৰান্তিৰ সৃষ্টি হ’ল৷ দেশৰ সকলোতকৈ বৃহৎ দলং বগীবিল দলঙৰ লোকাৰ্পণ কৰা হ’ল৷ ছিক্কিমত প্ৰথম আৰু দেশৰ এশতম বিমানবন্দৰ– পাকয়ং মুকলি কৰা হ’ল৷ ১৯–অনুৰ্ধ ক্ৰিকেট বিশ্বকাপ আৰু ব্লাইণ্ড ক্ৰিকেট বিশ্বকাপত ভাৰতে জয়লাভ কৰিলে৷ এইবাৰ এছিয়ান গেমছত ভাৰত বৃহৎ সংখ্যাত পদক জয় কৰিলে৷ পেৰা এছিয়ান গেমছতো ভাৰতে উন্নত প্ৰদৰ্শন কৰিলে৷ যদি মই প্ৰতিজন ভাৰতীয়ৰ পুৰুষাৰ্থৰ, আমাৰ সামুহিক প্ৰয়াসৰ কথা কওঁ তেন্তে আমাৰ ‘মন কী বাত’ ইমান দীঘলীয়া হ’ব যে ২০১৯ চনেই হয়তো আমি পাই যাম৷ এই সকলো ১৩০ কোটি দেশবাসীৰ অৰ্থৱহ প্ৰয়াসৰ দ্বাৰা সম্ভৱ হৈছে৷ মই আশা কৰিছোঁ যে ২০১৯ চনতো ভাৰতৰ উন্নতি তথা প্ৰগতিৰ এই যাত্ৰা এইদৰেই অব্যাহত থাকিব আৰু আমাৰ দেশে সৱলীকৰণৰ নতুন উচ্চতা স্পৰ্শ কৰিব৷

মোৰ মৰমৰ দেশবাসীসকল, এই ডিচেম্বৰত আমি কিছুমান অসাধাৰণ দেশবাসীক হেৰুৱালো৷ ১৯ ডিচেম্বৰ তাৰিখে ডাক্টৰ জয়াচন্দ্ৰণৰ দেহাৱসান হ’ল৷ ডাক্টৰ জয়াচন্দ্ৰণক মানুহে মৰমেৰে ‘মক্কল মাৰুথুৱৰ’ বুলি অভিহিত কৰিছিল কিয়নো তেওঁ দেশবাসীৰ হৃদয়ত আছিল৷ ডাক্টৰ জয়াচন্দ্ৰণে দুখীয়াক ব্যয়সাধ্য মূল্যৰ চিকিৎসা প্ৰদান কৰিছিল৷ মানুহে কৈছিল যে তেওঁ ৰোগীৰ চিকিৎসাৰ বাবে সদায়েই তৎপৰ হৈ আছিল৷ তেওঁৰ ওচৰলৈ অহা প্ৰৌঢ় ৰোগীক তেওঁ অহা–যোৱাৰ খৰচ পৰ্যন্ত প্ৰদান কৰিছিল৷ মই thebetterindia.com ৱেবছাইটত সমাজক উৎসাহিত কৰা তেওঁৰ এনে বহু কথা পঢ়িছোঁ৷

ঠিক সেইদৰে ২৫ ডিচেম্বৰ তাৰিখে কৰ্ণাটকৰ সুলাগিট্টি নৰসম্মাৰ দেহপ্ৰয়াণ হোৱাৰ বাৰ্তা পালো৷ সুলাগিট্টী নৰসম্মাই গৰ্ভৱতী মাতৃসকলৰ প্ৰসৱত সহায় কৰিছিল৷ তেওঁ কৰ্ণাটকত বিশেষকৈ তাৰে দুৰ্গম এলেকাৰ হাজাৰ–বাজাৰ মহিলাক সেৱা প্ৰদান কৰিছিল৷ এই বছৰৰ আৰম্ভণিতে তেওঁক ‘পদ্মশী’ বঁটাৰে সন্মালিত কৰা হৈছিল৷ ডাক্টৰ জয়াচন্দ্ৰণ আৰু সুলাগিট্টী নৰসম্মাৰ দৰে ব্যক্তিসকলে সমাজৰ কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গিত কৰিছিল৷ যেতিয়া মই স্বাস্থ্য সেৱাৰ কথা ক’বলৈ লৈছো তেনে ক্ষেত্ৰত মই উত্তৰ প্ৰদেশৰ বিজনোৰৰ চিকিৎসকসকলৰ সামাজিক প্ৰয়াসৰ বিষয়েও চৰ্চা কৰিব বিচাৰিছোঁ৷ কিছুদিন পূ্ৰ্বে আমাৰ দলৰ কিছুমান কাৰ্যকৰ্তাই মোক জনালে যে চহৰৰ কিছুসংখ্যক চিকিৎসকে শিবিৰ স্থাপন কৰি নিৰলসভাৱে ৰোগীক সেৱা প্ৰদান কৰি আছে৷ ইয়াৰ হাৰ্ট লাংগছ ক্ৰিটিকেল চেণ্টাৰৰ পৰা প্ৰতিমাহে এনেকুৱা চিকিৎসা শিবিৰ স্থাপন কৰা হয় য’ত বিভিন্ন ধৰণৰ ৰোগৰ বিনামূলীয়া পৰীক্ষা তথা উপচাৰ প্ৰদান কৰা হয়৷ প্ৰতিমাহে ইয়াৰ জৰিয়তে শ শ দুখীয়া ৰোগী লাভান্বিত হৈছে৷ নিস্বাৰ্থভাৱে সেৱা প্ৰদান কৰা এই চিকিৎসকৰ দলটো অৱশ্যেই প্ৰশংসাৰ পাত্ৰ৷ আজি এই কথা মই অতিশয় গৰ্বেৰে ঘোষণা কৰিছোঁ যে সামুহিক প্ৰয়াসৰ ফলত ‘স্বচ্ছ ভাৰত অভিযান’ এক সফল অভিযান হিচাপে পৰিচিত হৈছে৷ মোক কিছুমান লোকে কৈছে যে কিছুদিন পূৰ্বে মধ্যপ্ৰদেশৰ জব্বলপুৰত একেসময়তে তিনিলাখত কৈও অধিক লোকে স্বচ্ছতা অভিযানৰ সৈতে জড়িত হৈছে৷ স্বচ্ছতাৰ এই মহাযজ্ঞত নগৰ নিগম, স্বয়ং সেৱী সংগঠন, স্কুল–কলেজৰ শিক্ষাৰ্থী, জব্বলপুৰৰ জনতা জনাৰ্দন সকলোৱে অংশগ্ৰহণ কৰিছে৷ মই অলপতে thebetterindia.com ৱেবছাইটৰ কথা উল্লেখ কৰিছোঁ য’ত মই ডাঃ জয়াচন্দ্ৰণৰ বিষয়ে জনাৰ সুযোগ লাভ কৰিছো আৰু যেতিয়াই সুবিধা পাওঁ তেতিয়াই এই ৱেবছাইটত এনে উৎসাহী কামক জনাৰ বাবে প্ৰয়াস কৰোঁ৷ মই জানি সন্তোষিত হৈছোঁ যে আজিকালি এনেকুৱা বহু ৱেবছাইট আছে য’ত বিলক্ষণ লোকৰ জীৱনৰ পৰা প্ৰেৰণা পোৱা কাহিনীৰ সৈতে আমাক পৰিচিত কৰে৷ যিদৰে thepositiveindia.com য়ে সমাজত ধনাত্মক খবৰ প্ৰদান কৰি সমাজক অধিক সংবেদনশীল কৰাৰ প্ৰয়াস কৰিছে৷ ঠিক সেইদৰে yourstory.com তযুৱ উদ্যমীসকলৰ সফলতাৰ খবৰসমূহ প্ৰদান কৰা হৈছে৷ samskritabharati.in ৰ জৰিয়তে ঘৰত বহিয়েই আপুনি সংস্কৃত ভাষা শিকিব পাৰে৷ আমি এনেকুৱা কাম কৰিব নোৱাৰো নে– এনে এক ৱেবছাইটৰ বিষয়ে নিজৰ মাজত শ্বেয়াৰ কৰক৷ ধনাত্মক ভাৱক ভাইৰেল কৰক৷ মোৰ বিশ্বাস যে ইয়াত অধিক সংখ্যক লোকে সমাজলৈ পৰিৱৰ্তন কঢ়িয়াই অনা লোকৰ বিষয়ে জানিবলৈ পাব৷ নঞৰ্থক প্ৰভাৱ প্ৰচাৰ কৰিবলৈ সহজ কিন্তু আমাৰ সমাজত, আমাৰ ওচৰে–পাজৰে এনে বহু লোকে কাম কৰি আছে আৰু এয়া সকলো ১৩০ কোটি ভাৰতবাসীৰ সামুহিক প্ৰয়াসৰ ফলত হৈছে৷

প্ৰত্যেক সমাজতে ক্ৰীড়াৰ মহত্ব অধিক৷ যেতিয়া এটা খেল খেলা হয় তেতিয়া দৰ্শকৰো মন প্ৰাণৱন্ত হৈ উঠে৷ খেলুৱৈৰ নাম, সন্মানৰ দৰে বহু কথা আমি অনুভৱ কৰোঁ৷ কিন্তু কেতিয়াবা কেতিয়াবা ইয়াৰ অন্তৰালতো এনে বহু কথা থাকে যি ক্ৰীড়া বিশ্বতকৈও ডাঙৰ হৈ উঠে৷ মই কাশ্মীৰৰ এক কন্যা হানায়া নিসাৰৰ বিষয়ে ক’বলৈ ওলাইছোঁ যিয়ে কোৰিয়াত কাৰাটে চেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰিছে৷ হানায়াৰ বয়স মাত্ৰ ১২ বছৰ আৰু তেওঁ কাশ্মীৰৰ অনন্তনাগৰ বাসিন্দা৷ হানায়াই পৰিশ্ৰমেৰে কাৰাটেৰ অনুশীলন কৰিছে, তাৰে কৌশলসমূহ শিকিছে আৰু নিজকে যোগ্য প্ৰতিপন্ন কৰিছে৷ মই সকলো দেশবাসীৰ তৰফৰ পৰা তেওঁৰ উজ্বল ভৱিষ্যতৰ বাবে কামনা কৰিছোঁ৷ হানায়ালৈ অশেষ শুভকামনা আৰু আশীৰ্বাদ থাকিল৷ ঠিক সেইদৰে ১৬ বছৰীয়া ৰজনীৰ বিষয়েও সংবাদ মাধ্যমত চৰ্চিত হৈছে৷ আপোনালোকেও হয়তো পঢ়িছে৷ ৰজনীয়ে জুনিয়ৰ মহিলা বক্সিং প্ৰতিযোগিতাত সোণৰ পদক জয় কৰিছে৷ ৰজনীয়ে পদক জয় কৰাৰ লগে লগে গাখীৰৰ এক ষ্টলৰ কাষলৈ গৈ এগিলাচ গাখীৰ পান কৰিলে৷ ইয়াৰ পিছত তেওঁ নিজৰ পদকটো কাপোৰেৰে সামৰি বেগত ভৰালে৷ এতিয়া আপোনালোকে ভাবিছে যে ৰজনীয়ে কিয় গাখীৰ গিলাচ খালে? এয়া তেওঁ নিজৰ পিতৃ জসমেৰ সিঙৰ সন্মানত কৰিছিল যি পানীপথৰ এক ষ্টলত দৈ বিক্ৰী কৰিছিল৷ ৰজনীৰ পিতৃয়ে তেওঁক এই স্থানলৈ উন্নীত কৰাৰ বাবে বহু কষ্ট কৰিছিল,বহু ত্যাগ কৰিছিল৷ জসমেৰ সিঙে খুব ৰাতিপুৱাই ৰজনী আৰু তেওঁৰ ভায়েক বিচনাৰ পৰা শুই উঠাৰ আগেয়েই কামলৈ গুচি যায়৷ ৰজনীয়ে যেতিয়া দেউতাকক বক্সিং শিকাৰ ইচ্ছাৰ প্ৰকাশ কৰিলে তেতিয়া দেউতাকে সকলো সম্ভৱ সাধন গোটাই ৰজনীক উৎসাহ দিলে৷ ৰজনীয়ে প্ৰথমে পুৰণি গ্ল’ভছৰ সৈতে অনুশীলন কৰিবলগীয়া হৈছিল কিয়নো সেই সময়ত তেওঁলোকৰ পৰিয়ালৰ আৰ্থিক অৱস্থা সুচল নাছিল৷ ইমান বাধাৰ পিছতো ৰজনী নিৰুৎসাহিত নহ’ল আৰু বক্সিঙৰ প্ৰশিক্ষণ লৈ থাকিল৷ তেওঁ ছাৰ্বিয়ামতো পদক জয় কৰিছে৷ মই ৰজনীক শুভকামনা তথা আশীৰ্বাদ প্ৰদান কৰিছোঁ আৰু ৰজনীক উৎসাহ দিয়াৰ বাবে তেওঁৰ পিতৃ–মাতৃ জনমেৰ সিংজী আৰু উষাৰাণীজীক অভিনন্দন জনাইছোঁ৷ এই মাহতে পুণেৰ এগৰাকী ২০ বছৰীয়া কন্যা বেদাংগী কুলকাৰ্ণীয়ে চাইকেলেৰ বিশ্ব পৰিক্ৰমা কৰি সকলোতকৈ দ্ৰুত এছিয়ান হিচাপে পৰিচিত হৈছে৷ তেওঁ ১৫৯ দিনলৈ নিৰন্তৰভাৱে প্ৰতিদিনে প্ৰায় ৩০০ কিলোমিটাৰ চাইকেল চলাইছিল৷ আপুনি কল্পনা কৰিব পাৰে– প্ৰতিদিনে ৩০০ কিলোমিটাৰৰ চাইক্লিং! চাইকেল চলোৱাৰ তেওঁৰ এই উৎসাহ সঁচাকৈয়ে প্ৰশংসনীয়৷ এনেকুৱা সাফল্য, সিদ্ধিৰ বিষয়ে শুনি আমি উৎসাহিত নহওঁনে? বিশেষকৈ মোৰ যুৱ মিত্ৰসকলে যেতিয়াই এনে ঘটনাৰ বিষয়ে শুনে তেতিয়া কঠিনতাৰ মাজতো কিবা এটা কৰাৰ প্ৰেৰণা পায়৷ যদি সংকল্পত সামৰ্থ আছে, উৎসাহে আকাশ স্পৰ্শ কৰিছে তেন্তে বাধা স্বয়ং আঁতৰি যায়৷ কঠিনতা কেতিয়াও বাধা হ’ব নোৱাৰে৷ এনেকুৱা অনেক উদাহৰণ আছে যি শুনাৰ পিছত আমি উৎসাহিত হওঁ৷

মোৰ মৰমৰ দেশবাসীসকল, জানুৱাৰীত উৎসাহেৰে ভৰা বহুতো উৎসৱ উদযাপন কৰা হ’ব৷ যেনে লোহৰী,পোংগল, মকৰ সংক্ৰান্তি, উত্তৰায়ণ, মাঘ বিহু, মাঘী৷ এই উৎসৱৰ সময়চোৱাত ভাৰতত কোনো ঠাইত পাৰম্পৰিক নৃত্যৰ ৰং পৰিলক্ষিত হ’ব, কোনো ঠাইত শস্য চপোৱাৰ আনন্দত লোহৰী দাহন কৰা হ’ব, কোনো ঠাইত আকাশত ৰং–বিৰঙী চিলা দেখিবলৈ পোৱা যাব, কোনো ঠাইত খেল, কোনো ঠাইত তিল গুড় খোৱা হ’ব৷ মানুহে পৰস্পৰে পৰস্পৰক ক’ব– ‘‘তিল গুড় ঘ্যা– আণি গোড়–গোড় বোলা৷’’ এই সকলো উৎসৱৰ নাম ভিন্ন হ’লেও সকলো লোকে একে ভাৱনাৰে এই উৎসৱসমূহ পালন কৰে৷ এই উৎসৱসমূহ কোনোবা নহয় কোনোবা ফালে শস্য তথা খেতি–বাতিৰ সৈতে অথবা কৃষক, গাঁও আদিৰ সৈতে জড়িত হয়৷ এই সময়তে সুৰ্য উত্তৰায়ণৰ পৰা মকৰ ৰাশিত প্ৰৱেশ কৰে৷ ইয়াৰ পিছত ধীৰে ধীৰে দিন দীঘল হয় আৰু শীতকালীন শস্য চপোৱাৰ সময় হয়৷ আমাৰ অন্নদাতা কৃষক ভাই–ভনীসকলো অশেষ শুভকামনা যাচিছোঁ৷ ‘বিবিধতাৰ মাজত একতা’- ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ ভাৱনাৰ সুবাস আমাৰ উৎসৱত সমাহিত৷ আমাৰ উৎসৱ প্ৰকৃতিৰ সৈতে কিদৰে জড়িত সেয়া আমি দেখিবলৈ পাওঁ৷ ভাৰতীয় সংস্কৃতিত সমাজ আৰু প্ৰকৃতিক ভিন্ন বুলি ভবা নহয়৷ ইয়াত ব্যক্তি আৰু সমষ্টি একেটাই৷ প্ৰকৃতিৰ সৈতে আমাৰ নিকট সম্বন্ধৰ এক উত্তম উদাহৰণ আছে– সেয়া হ’ল উৎসৱৰ ওপৰত আধাৰিত কেলেণ্ডাৰ৷ ইয়াত সমগ্ৰ বৰ্ষৰ পৰ্ব, উৎসৱৰ সৈতে গ্ৰহ–নক্ষত্ৰৰ লেখা–জোখা কৰা হয়৷ এই পাৰম্পৰিক কেলেণ্ডাৰৰ পৰাই গম পোৱা যায় যে প্ৰাকৃতিক আৰু গোলকীয় ঘটনাসমূহৰ সৈতে আমাৰ সম্বন্ধ কিমান প্ৰাচীন৷ চন্দ্ৰমা আৰু সূৰ্যৰ গতিৰ ওপৰত আধাৰিত চন্দ্ৰ আৰু সূৰ্য কেলেণ্ডাৰ অনুসৰি পৰ্ব আৰু উৎসৱৰ তিথি নিৰ্ধাৰিত হয়৷ এয়া ইয়াৰ ওপৰত নিৰ্ভৰ কৰে যে কোনে কি কেলেণ্ডাৰ মানে৷ কোনো ক্ষেত্ৰত গ্ৰহ নক্ষত্ৰৰ স্থিতি অনুসৰিও পৰ্ব, উৎসৱ পালন কৰা হয়৷ গুড়ী পড়ৱা, চেটিচণ্ড, উগাদি আদি চন্দ্ৰ কেলেণ্ডাৰ অনুসৰি পালন কৰা হয়৷ আনহাতে তামিল পুন্থাডু, বিষু, বৈশাখ, বৈশাখী, পইলা বৈশাখ, বিহু– এই সকলোবোৰ সূৰ্য কেলেণ্ডাৰৰ আধাৰত পালন কৰা হয়৷ আমাৰ বহু উৎসৱত নদী আৰু পানী বচোৱাৰ ভাৱ বিশিষ্ট ৰূপত পৰিলক্ষিত হয়৷ ষঠ পৰ্ব– নদী,পুখুৰীত সূৰ্য উপাসনাৰ সৈতে জড়িত৷ মকৰ সংক্ৰান্তিতো লক্ষ–কোটি লোকে পবিত্ৰ নদীত ডুব মাৰে৷ আমাৰ পৰ্ব, উৎসৱসমূহে আমাক সামাজিক মূল্যৰো শিক্ষা প্ৰদান কৰে৷ এফালে পৌৰাণিক গুৰুত্ব আৰু এফালে জীৱনৰ পাঠ প্ৰদান কৰা এই উৎসৱসমূহে আমাক ভাতৃত্ববোধৰো শিক্ষা প্ৰদান কৰে৷ মই আপোনালোক সকলোকে ২০১৯ চনৰ বাবে অশেষ শুভকামনা যাচিছোঁ আৰু অনাগত উৎসৱসমূহত আপোনালোকে অনেক আনন্দ কৰক তাৰে কামনা কৰিছোঁ৷ এই উৎসৱত লোৱা আলোকচিত্ৰসমূহ সকলোৰে সৈতে বিনিময় কৰক যাতে ভাৰতৰ বৈচিত্ৰতা তথা ভাৰতীয় সংস্কৃতি সকলোৱে প্ৰত্যক্ষ কৰিব পাৰে৷

মোৰ মৰমৰ দেশবাসীসকল, আমাৰ সংস্কৃতিত এনেকুৱা সম্পদ আছে যাক লৈ আমি গৌৰৱ কৰিব পাৰোঁ আৰু সমগ্ৰ বিশ্বকে স্বাভিমানৰ সৈতে প্ৰদৰ্শিত কৰিব পাৰোঁ–তাৰে ভিতৰত হ’ল কুম্ভ মেলা৷ আপোনালোকে কুম্ভ মেলাৰ বিষয়ে যথেষ্ট শুনিছে৷ চিনেমাতো কুম্ভ মেলাৰ ভব্যতা আৰু বিশালতাৰ বিষয়ে আপোনালোকে হয়তো দেখিছে আৰু এয়া সত্যও৷ কুম্ভৰ স্বৰূপ বিৰাট– যিমানেই দিব্য সিমানেই ভব্যও৷ দেশ আৰু বিশ্বৰ বিভিন্ন লোক আহি কুম্ভৰ সৈতে জড়িত হয়৷ কুম্ভ মেলাত আস্থা আৰু শ্ৰদ্ধাৰ আদান–প্ৰদান হয়৷ একে সময়তে এটা স্থানতে দেশ–বিদেশৰ লক্ষ–কোটি লোক মিলিত হয়৷ কুম্ভৰ পৰম্পৰা আমাৰ মহান সাংস্কৃতিক ঐতিহ্যৰ দ্বাৰা পুষ্পিত আৰু পল্লৱিত৷ এইবাৰ ১৫ জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত বিশ্ব প্ৰসিদ্ধ কুম্ভ মেলা আৰম্ভ হ’ব৷ কুম্ভ মেলালৈ সন্ত–মহাত্মাৰ আগমন আৰম্ভ হৈছে৷ ইয়াৰ গোলকীয় মহত্ব ইয়াৰ দ্বাৰাই অনুধাৱন কৰিব পাৰি যে যোৱা বছৰ ইউনেস্ক’ই কুম্ভ মেলাক Intangible Cultural Heritage of Humanity ৰ তালিকাত তালিকাভুক্ত কৰিছে৷ কিছুদিন পূৰ্বে বিভিন্ন দেশৰ ৰাষ্ট্ৰদূতসকলে কুম্ভৰ প্ৰস্তুতি পৰিলক্ষিত কৰিছে৷ তাত একেটা সময়তে বিভিন্ন দেশৰ পতাকা উত্তোলন কৰা হৈছে৷ প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা এই কুম্ভ মেলাত ১৫০ত কৈও অধিক দেশৰ লোকৰ আগমনৰ আশা কৰা হৈছে৷ কুম্ভৰ দিব্যতাৰ দ্বাৰা ভাৰতৰ ভব্যতাই সমগ্ৰ বিশ্বকে আলোকিত কৰিব৷ কুম্ভ মেলা স্ব–আৱিষ্কাৰৰ এক বৃহৎ মাধ্যম য’ত আহিবলগীয়া দৰ্শনাৰ্থীসকলে বিভিন্ন অনুভূতি অনুভৱ কৰিব৷ সাংসাৰিক বস্তুসমূহক আধ্যাত্মিকৰ দৃষ্টিৰে পৰিলক্ষিত কৰিব৷ বিশেষকৈ যুৱপ্ৰজন্মৰ বাবে এই এক বৃহৎ শিক্ষণ অভিজ্ঞতা হ’ব পাৰে৷ মই নিজে কিছুদিন পূৰ্বে প্ৰয়াগৰাজলৈ গৈছিলো৷ মই দেখিলো যে কুম্ভৰ প্ৰস্তুতি তুংগত উঠিছে৷ প্ৰয়াগৰাজৰ জনতাও কুম্ভক লৈ অতি উৎসাহী হৈ পৰিছে৷ তাত মই ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰৰ লোকাৰ্পণ কৰিলো৷ শ্ৰদ্ধাৱানসকলে ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ’ব৷ এইবাৰ কুম্ভত স্বচ্ছতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে৷ আয়োজনত শ্ৰদ্ধাৰ সৈতে স্বচ্ছতাও বিৰাজমান হ’ব আৰু দূৰ–দুৰণিলৈ এই সুবাৰ্তা প্ৰচাৰিত হ’ব৷ এইবাৰ দৰ্শনাৰ্থীসকলে সংগমত পবিত্ৰ স্নানৰ পিছত অক্ষয়বটৰ পুণ্য দৰ্শনো কৰিব পাৰিব৷ জনতাৰ আস্থাৰ প্ৰতীক এই অক্ষয়বট বহু বছৰ জুৰি গুহাত বন্ধ হৈ আছিল আৰু সেইবাবে দৰ্শনাৰ্থীসকলে দৰ্শন কৰিব পৰা নাছিল৷ এতিয়া অক্ষয়বট সকলোৰে বাবে মুকলি কৰি দিয়া হৈছে৷ মোৰ সকলোৰে প্ৰতি আহ্বান যে যেতিয়া আপোনালোক কুম্ভলৈ আহিব তেতিয়া কুম্ভৰ বিভিন্ন আলোকচিত্ৰসমূহ ছ’চিয়েল মিডিয়াত নিশ্চিতভাৱে বিনিময় কৰিব যাতে অধিক সংখ্যক লোকে কুম্ভলৈ অহাৰ বাবে প্ৰেৰণা পায়৷

আধ্যাত্মিকতাৰ দ্বাৰা কুম্ভ ভাৰতীয় দৰ্শন মহাকুম্ভ হওক৷

আস্থাৰ দ্বাৰা কুম্ভ ৰাষ্ট্ৰীয়তাৰ মহাকুম্ভ হওক৷

ৰাষ্ট্ৰীয় একতাৰ মহাকুম্ভ হওক৷

শ্ৰদ্ধাৱান সকলৰ এই কুম্ভ বিশ্বজনীন পৰ্যটনৰ মহাকুম্ভ হওক৷

কলাত্মকতাৰ এই কুম্ভ, সৃজন শক্তিৰো মহাকুম্ভ হওক৷

মোৰ মৰমৰ দেশবাসীসকল, ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱস সমাৰোহক লৈ আমি দেশবাসীৰ মনত উৎসুকতাৰ সীমা নাই৷ সেইদিনা আমি সেই মহান বিভূতিসকলক স্মৰণ কৰোঁ যিয়ে আমাক সংবিধান প্ৰদান কৰিলে৷

এই বৰ্ষত আমি পূজ্য বাপুৰ ১৫০তম জয়ন্তী বৰ্ষ পালন কৰি আছোঁ৷ আমাৰ বাবে এয়া সৌভাগ্যৰ কথা যে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি শ্ৰী চিৰিল ৰামাফ’চা এইবাৰৰ গণতন্ত্ৰ দিৱসত মুখ্য অতিথি হিচাপে ভাৰতলৈ আহিব৷ পূজ্য বাপু আৰু দক্ষিণ আফ্ৰিকাৰ মাজত এক অটুট সম্বন্ধ আছে৷ দক্ষিণ আফ্ৰিকাতেই মোহন ‘মহাত্মা’লৈ পৰিৱৰ্তিত হৈছিল৷ দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে নিজৰ প্ৰথম সত্যাগ্ৰহ আৰম্ভ কৰিছিল আৰু বৰ্ণ প্ৰথাৰ বিৰুদ্ধে থিয় দিছিল৷ তেওঁ ফিনিক্স আৰু টলষ্টয় ফাৰ্মছৰ স্থাপন কৰিছিল য’ৰ পৰা সমগ্ৰ বিশ্বত শান্তি আৰু ন্যায়ৰ বাবে ধ্বনি উচ্চাৰিত হৈছিল৷ ২০১৮– নেলচন মেণ্ডেলাৰ জন্ম শতাব্দী বৰ্ষ হিচাপে পালন কৰা হয়৷ তেওঁ ‘মাৰীবা’ নামেৰে প্ৰসিদ্ধি আছিল৷ আমি সকলোৱে জানো যে নেলচন মেণ্ডেলা সমগ্ৰ বিশ্বত বৰ্ণ বিদ্বেষৰ বিৰুদ্ধে সংঘৰ্ষত লিপ্ত হৈছিল আৰু এই মেণ্ডেলাৰ প্ৰেৰণাস্ৰোত কোন আছিল? তেওঁ ইমান বছৰ কাৰাবাস খটাৰ সহনশক্তি আৰু প্ৰেৰণা পূজ্য বাপুৰ পৰা পাইছিল৷ মেণ্ডেলাই বাপুৰ বিষয়ে এইদৰে কৈছিল– ‘‘মহাত্মা আমাৰ ইতিহাসৰ এক অভিন্ন অংগ কাৰণ ইয়াতেই তেওঁ সত্যৰ সৈতে নিজৰ প্ৰথমটো পৰীক্ষণ কৰিছিল; ইয়াতেই তেওঁ ন্যায়ৰ প্ৰতি নিজৰ দৃঢ়তা প্ৰদৰ্শন কৰিছিল; ইয়াতেই তেওঁ নিজৰ সত্যাগ্ৰহৰ দৰ্শন আৰু সংঘৰ্ষৰ প্ৰক্ৰিয়া বিকশিত কৰিছিল৷’’ তেওঁ বাপুক আদৰ্শ হিচাপে জ্ঞান কৰিছিল৷ বাপু আৰু মেণ্ডেলা, দুয়োৱে সমগ্ৰ বিশ্বৰ বাবে কেৱল প্ৰেৰণাৰ স্ৰোতই নহয়, তেওঁলোকৰ আদৰ্শই আমাক প্ৰেৰণা তথা কৰুণাৰে ভৰা সমাজৰ নিৰ্মাণৰ বাবে সহায়েই উৎসাহিত কৰে৷

মোৰ মৰমৰ দেশবাসীসকল, কিছুদিন পূৰ্বে গুজৰাটৰ নৰ্মদা নদীৰ তীৰত কেৱড়িয়াত ডিজিপি সন্মিলন অনুষ্ঠিত হ’ল য’ত বিশ্বৰ ভিতৰতে সকলোকৈ ওখ মূৰ্তি ‘ষ্টেচু অব্ ইউনিটী’ আছে, তাত দেশৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে সাৰ্থক চৰ্চা হ’ল৷ দেশ আৰু দেশবাসীৰ সুৰক্ষাক অধিক শক্তিশালী কৰাৰ বাবে কিদৰে পদক্ষেপ গ্ৰহণ কৰা হয় সেই সন্দৰ্ভত বিস্তাৰিতভাৱে আলোচনা কৰা হ’ল৷ সেই সময়তে মই ৰাষ্ট্ৰীয় একতাৰ বাবে ‘চৰ্দাৰ পেটেল পুৰস্কাৰ’ আৰম্ভ কৰাৰ ঘোষণা কৰিলো৷ এই পুৰস্কাৰ তেৱেঁই পাব যিজনে ৰাষ্ট্ৰীয় ঐক্যৰ বাবে যোগদান কৰিছে৷ চৰ্দাৰ পেটেলে নিজৰ সমগ্ৰ জীৱন দেশৰ ঐক্যৰ বাবে সমৰ্পিত কৰিছিল৷ তেওঁ সৰ্বদা ভাৰতৰ অখণ্ডতা অক্ষুণ্ণ ৰখাৰ বাবে ব্যস্ত হৈ থাকিল৷ চৰ্দাৰ চাহাবে জানিছিল যে ভাৰতৰ শক্তি ইয়াৰ বৈচিত্ৰতাতেই নিহিত আছে৷ চৰ্দাৰ পেটেলৰ সেই ভাৱনাক সন্মান কৰি এই পুৰস্কাৰৰ মাধ্যমেৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ৷

মোৰ মৰমৰ দেশবাসীসকল, ১৩ জানুৱাৰী গুৰু গোৱিন্দ সিংজীৰো জন্ম তিথি৷ গুৰু গোৱিন্দ সিঙৰ জন্ম পাটনাত হৈছিল৷ জীৱনৰ অধিকাংশ সময়লৈ উত্তৰ ভাৰতেই তেওঁৰ কৰ্মভূমি আছিল আৰু মহাৰাষ্ট্ৰৰ নাণ্ডেড়ত তেওঁ দেহত্যাগ কৰিছিল৷ জন্ম পাটনাত, কৰ্মভূমি উত্তৰ ভাৰতত আৰু জীৱনৰ অন্তিম ক্ষণ নাণ্ডেড়ত৷ এটা দিশৰ পৰা চাবলৈ গ’লে সমগ্ৰ ভাৰতবৰ্ষই তেওঁৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁৰ জীৱন–কালটোত সমগ্ৰ ভাৰতৰ প্ৰতিচ্ছবি পৰিলক্ষিত হয়৷ তেওঁৰ পিতৃ শ্ৰী গুৰু টেগবাহাদুৰ শ্বহীদ হোৱাৰ পিছত গুৰু গোৱিন্দ সিংজীয়ে ৯ বছৰতে গুৰুৰ পদ লাভ কৰিছিল৷ গুৰু গোৱিন্দ সিংজীয়ে ন্যায়ৰ সপক্ষে যুঁজ দিয়াৰ প্ৰেৰমা শিখ গুৰুসকলৰ পৰা লাভ কৰিছিল৷ তেওঁ শান্ত আৰু সৰল ব্যক্তিত্বৰ অধিকাৰী আছিল কিন্তু যেতিয়াই দুখীয়া তথা দুৰ্বল শ্ৰেণীক ন্যায়ৰ প্ৰয়োজন হৈছিল তেতিয়াই গুৰুজীয়ে তেওঁলোকৰ সৈতে থিয় দিছিল আৰু সেইবাবে কোৱা হয়–

‘‘সৱা লাখ সে এক লড়াও,

চিড়িয়া সো মে বাজ তুড়াও,

তবে গোৱিন্দ সিং নাম কহাও৷’’

তেওঁ কৈছিল যে দুৰ্বলীসকলৰ সৈতে যুদ্ধ কৰি শক্তি প্ৰদৰ্শন কৰা নহয়৷ শ্ৰী গোৱিন্দ সিঙে মানৱৰ দুখ দূৰ কৰাকেই ডাঙৰ সেৱা বুলি ভাবিছিল৷ তেওঁ বীৰত্ব, শৌৰ্য, ত্যাগী মনোভাৱৰ ধৰ্মপৰায়ণ দিব্য পুৰুষ আছিল যাৰ অস্ত্ৰ আৰু শাস্ত্ৰৰ বিষয়ে অলৌকিক জ্ঞান আছিল৷ তেওঁ এক ধনুৰ্ধৰ হোৱাৰ লগতে গুৰুমুখী, ব্ৰজভাষা, সংস্কৃত,ফাৰ্চী, হিন্দী আৰু উৰ্দু ভাষাৰ বিষয়েও জানিছিল৷ মই পুনৰ বাৰ শ্ৰী গুৰু গোৱিন্দ সিঙক সেৱা জনাইছোঁ৷

মোৰ মৰমৰ দেশবাসীসকল, দেশত অনেক ভাল ব্যৱস্থা প্ৰণয়ন হৈছে যাৰ ব্যাপক চৰ্চা হোৱা নাই৷ এনেকুৱা এক প্ৰয়াস F.S.S.A.I অৰ্থাৎ Food Safety and Standard Authority of India ৰ দ্বাৰা হৈছে৷ মহাত্মা গান্ধীৰ ১৫০তম জয়ন্তী বৰ্ষত দেশজুৰি বহু কাৰ্যসূচী অনুষ্ঠিত হৈছে৷ এই উপলক্ষে F.S.S.A.Iয়ে নিৰাপদ আৰু স্বাস্থ্যকৰ সুষম খাদ্যাভ্যাসৰ দৰে ভাল অভ্যাস গঢ়াৰ দিশত অগ্ৰসৰ হৈছে৷ ‘‘ইট ৰাইট ইণ্ডিয়া’’ অভিযানৰ অধীনত সমগ্ৰ দেশত সুস্থ ভাৰত যাত্ৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ এই অভিযান ২৭ জানুৱাৰীলৈ চলিব৷ কেতিয়াবা কেতিয়াবা চৰকাৰী সংগঠনসমূহৰ পৰিচয় এক নিয়ামকৰ দৰে হয় কিন্তু F.S.S.A.I য়ে এই ক্ষেত্ৰত এখোজ আগুৱাই জন–সজাগতা আৰু লোকশিক্ষাৰ কাম কৰি আছে৷ যেতিয়া ভাৰত স্বচ্ছ হ’ব, সুস্থ হ’ব তেতিয়াই ভাৰত সমৃদ্ধ হ’ব৷ ভাল স্বাস্থ্যৰ বাবে সকলোতকৈ অধিক আৱশ্যক হ’ল পুষ্টিযুক্ত ভোজন৷ এই সন্দৰ্ভত উক্ত পদক্ষেপৰ বাবে মই F.S.S.A.I ক অভিনন্দন জনাইছোঁ৷ মই সকলোকে আহ্বান জনাইছোঁ যে আপোনলোক এই পদক্ষেপৰ সৈতে জড়িত হওক৷ আপোনালোকে ইয়াত অংশগ্ৰহণ কৰক আৰু বিশেষকৈ আপোনাৰ সন্তানসকলক এই বিষয়ে নিশ্চিতভাৱে শিকাওক৷ খাদ্যাভ্যাসৰ গুৰুত্বৰ শিক্ষা শৈশৱতে হোৱাটো আৱশ্যক৷

মোৰ মৰমৰ দেশবাসীসকল, ২০১৮ চনৰ এয়া অন্তিমটো কাৰ্যসূচী, ২০১৯ত পুনৰ লগ পাম, পুনৰ মনৰ কথা কম৷ ব্যক্তিৰ জীৱনেই হওক, ৰাষ্ট্ৰৰ জীৱন হওক, সমাজৰ জীৱন হওক, প্ৰেৰণা প্ৰগতিৰ আধাৰস্বৰূপ৷ আহক,নতুন প্ৰেৰণা, নতুন উদ্দীপনা, নতুন সংকল্প, নতুন সিদ্ধি, নতুন উচ্চতাৰে আগুৱাই যাওঁ, নিজকো পৰিৱৰ্তন কৰোঁ, দেশকো পৰিৱৰ্তন কৰোঁ৷ বহুত বহুত ধন্যবাদ৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auto sector reports strong sales momentum; SUVs and exports drive growth across industry

Media Coverage

Auto sector reports strong sales momentum; SUVs and exports drive growth across industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
First Deputy PM of Russia Denis Manturov calls on PM Modi
April 02, 2026
First Deputy PM Manturov briefs PM on progress in trade, fertilizers, connectivity and people-to-people ties
PM recalls the successful visit of President Putin to India in December 2025
PM expresses satisfaction at the sustained efforts towards implementation of the Summit outcomes
PM extends warm greetings to President Putin

The First Deputy Prime Minister of the Russian Federation, H.E. Denis Manturov, called on Prime Minister Shri Narendra Modi today.

First Deputy PM Manturov briefed PM on the progress in various areas of mutually beneficial cooperation, including trade and economic partnership, fertilizers, connectivity and people-to-people ties.

PM recalled the successful visit of President Putin to India in December 2025 for the 23rd India-Russia Annual Summit.

He expressed satisfaction at the sustained efforts being made by both sides towards implementation of the outcomes from the Annual Summit, aimed at further strengthening the India- Russia Special and Privileged Strategic Partnership.

PM extended warm greetings to President Putin and said that he looked forward to their continued exchanges.