উদ্বোধনীঃ

১) ভাৰত চৰকাৰ আৰু ভূটান ৰয়েল চৰকাৰৰ মাজৰ দ্বিপাক্ষিক চুক্তিৰ অধীনত নিৰ্মাণ কৰা ১০২০ মেগাৱাটৰ পুনাটছাংচু-II জলবিদ্যুৎ প্ৰকল্পৰ উদ্বোধন।

ঘোষণাঃ

২) ১২০০ মেগাৱাটৰ পুনাটছাংচু-I জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধ গঠনৰ কাম পুনৰ আৰম্ভ সম্পৰ্কে বুজাবুজি।

৩) ভূটানী মন্দিৰ/ মনেষ্ট্ৰী আৰু অতিথিশালা নিৰ্মাণৰ বাবে বাৰাণসীত ভূমি অনুদান।

৪) গেলেফুৰ হাতীছাৰত ইমিগ্ৰেচন চেক প’ষ্ট স্থাপনৰ সিদ্ধান্ত।

৫) ভূটানলৈ ৪০০০ কোটি টকাৰ লাইন অৱ ক্ৰেডিট (LoC)।

বুজাবুজিৰ চুক্তি (MoU):

ক্ৰমিক নং

চুক্তিৰ শিৰোনাম

বিৱৰণ

ভূটান পক্ষৰ স্বাক্ষৰকাৰী

ভাৰত পক্ষৰ স্বাক্ষৰকাৰী

৬)

নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজিৰ চুক্তি

বুজাবুজিৰ চুক্তিখনে নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত দ্বিপাক্ষিক যোগাযোগসমূহক প্ৰতিষ্ঠানিক ৰূপ প্ৰদান কৰিব বিচাৰিছে আৰু সৌৰশক্তি, বায়ু শক্তি, বাঅ’মাছ, শক্তি সংৰক্ষণ, সেউজ হাইড্ৰজেন তথা সামৰ্থ্য বিকাশৰ দৰে ক্ষেত্ৰসমূহত একেলগে কাম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

ভূটান চৰকাৰৰ শক্তি আৰু প্ৰাকৃতিক সম্পদ দপ্তৰৰ মন্ত্ৰী লিয়নপো গেম শ্বেৰিং

ভাৰত চৰকাৰৰ নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী প্ৰহ্লাদ ভেংকটেশ যোশী

৭)

স্বাস্থ্য আৰু মেডিচিনৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজিৰ চুক্তি

বুজাবুজিৰ চুক্তিখনে দ্বিপাক্ষিক স্বাস্থ্য সহযোগিতাক প্ৰতিষ্ঠানিক ৰূপ প্ৰদান কৰিব বিচাৰিছে। ইয়াৰ অন্তৰ্ভুক্ত হৈছে – ঔষধ, নিদান আৰু যন্ত্ৰপাতি; মাতৃ স্বাস্থ্য; সংক্ৰামক/ অসংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু চিকিৎসা; পৰম্পৰাগত চিকিৎসা; টেলিমেডিচিনকে প্ৰমুখ্য কৰি ডিজিটেল স্বাস্থ্য হস্তক্ষেপ আৰু স্বাস্থ্য পেছাদাৰীসকলৰ কাৰিকৰী সহযোগিতা, যৌথ গৱেষণা আৰু সামৰ্থ্য বিকাশ।

ভূটান চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ সচিব শ্ৰী পেম্বা ৱাংচুক

ভূটানস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত শ্ৰী সন্দীপ আৰ্য্য

৮)

পিইএমএ সচিবালয়, ভূটান আৰু ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ু বিজ্ঞান প্ৰতিষ্ঠান (NIMHANS), ভাৰতৰ মাজত প্ৰতিষ্ঠানিক সংযোগ গঢ়ি তোলাৰ বুজাবুজিৰ চুক্তি

এই বুজাবুজিৰ চুক্তিয়ে মানসিক স্বাস্থ্য পেছাদাৰীসকলৰ সামৰ্থ্য বিকাশৰ বাবে উভয় প্ৰতিষ্ঠানৰ মাজৰ সহযোগিতাক সুদৃঢ় কৰিব তথা সেৱাৰ বৰ্ধন আৰু গৱেষণাৰ বাবে দেশত মানসিক স্বাস্থ্যৰ পাঠ্যক্ৰম যুগুতত সহযোগিতাক ত্বৰান্বিত কৰিব।

পিইএমএ সচিবালয়, ভূটানৰ মুৰব্বী শ্ৰীমতী ডেচেন ৱাংমু

ভূটানস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত শ্ৰী সন্দীপ আৰ্য্য

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future