ক৷ চুক্তি/বুজাবুজি চুক্তি বিনিময়ৰ তালিকা

 

ক্ৰ.নং

চুক্তি/বুজাবুজি চুক্তি বিনিময়ৰ নাম

ভাৰতৰ হৈ বিনিময়

বাংলাদেশৰ হৈ বিনিময়

১.

উমৈহতীয়া সীমান্ত নদী কুশিয়াৰাৰ পৰা ভাৰত আৰু বাংলাদেশে পানী প্ৰত্যাহাৰ কৰাৰ সন্দৰ্ভত ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয় আৰু বাংলাদেশ চৰকাৰৰ জলসম্পদ মন্ত্ৰালয়ৰ মাজত বুজাবুজি চুক্তি।

শ্ৰী পংকজ কুমাৰ, জল শক্তি মন্ত্ৰালয়ৰ সচিব

শ্ৰীযুত কবীৰ বিন আনোৱাৰ, জ্যেষ্ঠ সচিব, জলসম্পদ মন্ত্ৰালয়

২.

ভাৰত চৰকাৰৰ ৰে’ল মন্ত্ৰালয় (ৰে’লৱে ব’ৰ্ড) আৰু বাংলাদেশ চৰকাৰৰ ৰে’ল মন্ত্ৰালয়ৰ মাজত ভাৰতত বাংলাদেশ ৰে’লৱে কৰ্মীসকলক প্ৰশিক্ষণ সম্পৰ্কে বুজাবুজি চুক্তি।

শ্ৰী বিনয় কুমাৰ ত্ৰিপাঠী, অধ্যক্ষ, ৰে’লৱে বোৰ্ড

শ্ৰীযুত মহম্মদ ইমৰাণ, ভাৰতস্থিত বাংলাদেশৰ উচ্চায়ুক্ত

৩.

বাংলাদেশ ৰে’লৱেৰ বাবে এফঅ’আইএছৰ দৰে আইটি ব্যৱস্থাত সহযোগিতা আৰু অন্যান্য আইটি এপ্লিকেচনৰ সন্দৰ্ভত ৰে’ল মন্ত্ৰালয় (ৰে’ল ব’ৰ্ড), ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰৰ ৰে’ল মন্ত্ৰালয়ৰ মাজত বুজাবুজি চুক্তি।

শ্ৰী বিনয় কুমাৰ ত্ৰিপাঠী, অধ্যক্ষ, ৰে’লৱে বোৰ্ড

শ্ৰীযুত মহম্মদ ইমৰাণ, ভাৰতস্থিত বাংলাদেশৰ উচ্চায়ুক্ত

৪.

ভাৰতত বাংলাদেশৰ ন্যায়িক বিষয়াসকলৰ বাবে প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশ কাৰ্যসূচীৰ সন্দৰ্ভত ভাৰতৰ ৰাষ্ট্ৰীয় ন্যায়িক একাডেমী আৰু বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মাজত বুজাবুজি চুক্তি।

বাংলাদেশস্থিত ভাৰতৰ উচ্চায়ুক্ত শ্ৰী বিক্ৰম কে দ’ৰাইস্বামী

শ্ৰীযুত মহম্মদ গোলাম ৰাব্বানী, মহাপঞ্জীয়ক, বাংলাদেশ উচ্চতম ন্যায়ালয়

৫.

ভাৰতৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চিএছআইআৰ) আৰু বাংলাদেশৰ বাংলাদেশ বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদ (বিচিএছআইআৰ)ৰ মাজত বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ সন্দৰ্ভত বুজাবুজি চুক্তি।

ড০ এন কালাইছেলভি, ডিজি-চিএছআইআৰ

ড০ মহম্মদ আফতাব আলি শ্বেইখ, অধ্যক্ষ বিচিএছআইআৰ

৬.

মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি

শ্ৰীযুত ডি ৰাধাকৃষ্ণন, অধ্যক্ষ আৰু পৰিচালন সঞ্চালক, এনএছআইএল

ড০ শ্বাহজহান মেহমুদ, অধ্যক্ষ আৰু চিইঅ’ বিএছচিএল

৭.

সম্প্ৰচাৰৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কীয় প্ৰসাৰ ভাৰতী আৰু বাংলাদেশ টেলিভিছনৰ মাজত বুজাবুজি চুক্তি।

শ্ৰী মায়ংক কুমাৰ আগৰৱালা, প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া

শ্ৰীযুত শোহৰাব হোচেইন, সঞ্চালক প্ৰধান, বিটিভি

 

খ৷ উদ্বোধন/ঘোষণা/মুকলি কৰা প্ৰকল্পৰ তালিকা

১. মৈত্ৰী শক্তি কেন্দ্ৰৰ উদ্বোধন-খুলনাৰ ৰামপালত ১৩২০ (৬৬০x২) মেগাৱাট ছুপাৰ ক্ৰিটিকেল কয়লাচালিত তাপ বিদ্যুৎ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু আৰু ৰেহাইমূলক বিত্তীয় সাহায্য আঁচনিৰ অধীনত ১.৬ বিলিয়ন মাৰ্কিন ডলাৰ ভাৰতীয় উন্নয়ন সাহায্য হিচাপে ইয়াৰ আনুমানিক ব্যয় প্ৰায় ২ বিলিয়ন মাৰ্কিন ডলাৰ।

২. ৰূপছা দলং উদ্বোধন-৫.১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰূপছা ৰে’ল দলংখন ৬৪.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ খুলনা-মংলা বন্দৰ একক ট্ৰেক ব্ৰড গজ ৰে’ল প্ৰকল্পৰ এটা মূল অংশ, যিটো প্ৰথমবাৰৰ বাবে মংলা বন্দৰক খুলনাৰ সৈতে আৰু ইয়াৰপিছত মধ্য আৰু উত্তৰলৈ বাংলাদেশ আৰু লগতে পশ্চিমবংগৰ পেট্ৰাপ’ল আৰু গেডেত থকা ভাৰত সীমান্তলৈকে ৰে’লযোগে সংযোগ কৰিছে।

৩. পথ নিৰ্মাণৰ সঁজুলি আৰু যন্ত্ৰপাতি যোগান-প্ৰকল্পটোত বাংলাদেশ পথ আৰু ঘাইপথ বিভাগলৈ ২৫টা পেকেজত পথ মেৰামতি আৰু নিৰ্মাণ সঁজুলি আৰু যন্ত্ৰপাতি যোগান ধৰা হৈছে

৪. খুলনা দৰ্শনা ৰে’লৱে লাইন সংযোগ প্ৰকল্প-প্ৰকল্পটো হৈছে গেডে-দৰ্শনাত বৰ্তমানৰ সীমা অতিক্ৰম কৰা ৰে’ল সংযোগক খুলনালৈ সংযোগ কৰা বৰ্তমানৰ (দ্বৈত পথযুক্ত ব্ৰড গজ) আন্তঃগাঁথনিৰ উন্নীতকৰণ যাৰ ফলত দুয়োখন দেশৰ মাজত বিশেষকৈ ঢাকালৈ ৰে’ল সংযোগ বৃদ্ধি কৰা হৈছে, কিন্তু ভৱিষ্যতে মংলা বন্দৰলৈ সংযোগ কৰিব। প্ৰকল্পটোৰ ব্যয় আনুমানিক ৩১২.৪৮ মিলিয়ন মাৰ্কিন ডলাৰ বুলি ধাৰা হৈছে।

৫. পাৰ্বতীপুৰ-কৌনিয়া ৰে’লৱে লাইন-বৰ্তমানৰ মিটাৰ গজ লাইনটোক দ্বৈত গজ লাইন প্ৰকল্পলৈ ৰূপান্তৰিত কৰাৰ পৰিমাণ ১২০.৪১ মিলিয়ন মাৰ্কিন ডলাৰ বুলি অনুমান কৰা হৈছে। এই প্ৰকল্পৰ জৰিয়তে বিৰোল (বাংলাদেশ)-ৰাধিকাপুৰ (পশ্চিমবংগ)ত বৰ্তমানৰ সীমা অতিক্ৰম কৰা ৰে’লৰ সৈতে সংযোগ হ’ব আৰু দ্বিপাক্ষিক ৰে’ল সংযোগ বৃদ্ধি হ’ব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Assam logs 1.02 Cr saplings plantation in eight hours on World Environment Day

Media Coverage

Assam logs 1.02 Cr saplings plantation in eight hours on World Environment Day
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates people of Assam on commendable environmental feat
June 05, 2026

Prime Minister Shri Narendra Modi today extended his heartiest congratulations to the people of Assam, especially the state’s Nari Shakti, for achieving a commendable feat in environmental conservation. The Prime Minister remarked that the state's Nari Shakti has taken a lead in this significant effort, which is aimed at building a sustainable planet.

The Prime Minister posted on X:

"Commendable feat. Congratulations to the people of Assam, especially the state’s Nari Shakti for taking the lead in this effort aimed at building a sustainable planet"