|
ক্ৰ. নং |
বুজাবুজি চুক্তি / চুক্তিসমূহৰ নাম |
বৰ্ণনা |
|
১ |
বুজাবুজি চুক্তি – প্ৰতিৰক্ষা সহযোগিতা |
এই বুজাবুজি চুক্তিৰ উদ্দেশ্য হৈছে প্ৰশিক্ষণ, প্ৰতিৰক্ষা উদ্যোগ, সন্ত্ৰাসবাদ নিৰ্মূলকৰণ, সামৰিক অধ্যয়ন, ছাইবাৰ সুৰক্ষা, সামৰিক চিকিৎসা সেৱা, শান্তি ৰক্ষা ইত্যাদিৰ দৰে ক্ষেত্ৰত সহযোগিতা কাৰ্যকৰীকৰণৰ বাবে সহযোগিতাৰ সুযোগ আৰু ব্যৱস্থাৰ সৃষ্টিৰে প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰত আৰু জৰ্দানৰ মাজত সহযোগিতা প্ৰসাৰ কৰা৷৷ |
|
২ |
কূটনৈতিক আৰু আনুষ্ঠানিক পাৰপত্ৰধাৰীসকলৰ বাবে ভিছা প্ৰত্যাহাৰ |
এই চুক্তিয়ে কূটনীতিবিদ আৰু আনুষ্ঠানিক পাৰপত্ৰধাৰীসকলক প্ৰাদেশিক এলেকাৰে ভাৰত আৰু জৰ্দান দুয়োখন দেশতে ভিছা অবিহনেই প্ৰৱেশ-প্ৰস্থানৰ অনুমতি প্ৰদান কৰে৷ |
|
৩ |
সাংস্কৃতিক বিনিময় কাৰ্যসূচী (চিইপি) |
২০১৮ – ২০২২ চনলৈ এই সময়ছোৱাৰ বাবে আগবঢ়োৱা এই কাৰ্যসূচীয়ে সংগীত আৰু নৃত্য, থিয়েটাৰ, প্ৰদৰ্শনী, আলোচনাচত্ৰ আৰু অধিৱেশন, প্ৰত্নতত্ব, মহাফেজখানা, গ্ৰন্থাগাৰ, সংগ্ৰহালয়, সাহিত্য, বিজ্ঞান সংগ্ৰহালয়, উৎসৱ, গণমাধ্যম আৰু যুৱ অনুষ্ঠানৰ ক্ষেত্ৰত ভাৰত আৰু জৰ্দানৰ মাজত সাংস্কৃতিক বিনিময়ৰ সুবিদা প্ৰদান কৰিব৷ |
|
৪ |
জনশক্তি সহযোগিতা চুক্তি |
জৰ্দানত ভাৰতীয় লোকে নিয়োগ লাভৰ বাবে শ্ৰেষ্ঠতম ব্যৱস্থাক প্ৰসাৰতা প্ৰদান কৰিবৰ বাবে ভাৰত আৰু জৰ্দানৰ মাজত সহযোগিতাৰ সুবিধা প্ৰদান কৰিব এই বুজাবুজি চুক্তিয়ে৷ |
|
৫ |
ভাৰত আৰু জৰ্দানৰ মাজত স্বাস্থ্য আৰু ঔষধক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি |
এই বুজাবুজি চুক্তিখনৰ উদ্দেশ্য হৈছে ভাৰত আৰু জৰ্দানৰ যাৱতীয় নিয়ম-নীতি-আইনৰ পৰিসৰত থাকি দুয়োখন দেশৰে পাৰস্পৰিক আৰু সমমান লাভালাভৰ ভিত্তিত স্বাস্থ্য, চিকিৎসা বিজ্ঞান, চিকিৎসা শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত সহযোগিতা প্ৰতিষ্ঠা কৰিব, প্ৰসাৰতা প্ৰদান কৰিব৷ পাৰস্পৰিক সহযোগিতাৰ বাবে ভালেমান স্বীকৃত ক্ষেত্ৰত ইয়াত সন্নিৱিষ্ট হৈছে যেনে ইউনিভাৰ্ছেল হেল্থ কাভাৰেজ (UHC), স্বাস্থ্যখণ্ডত সেৱা আৰু তথ্য-প্ৰযুক্তি, চিকিৎসা গৱেষণা, ৰাষ্ট্ৰীয় স্বাস্থ্য পৰিসংখ্যা, চিকিৎসা পৰীক্ষা, যক্ষ্মা ৰোগৰ চিকিৎসা আৰু ঔষধ, আৰু, ফাৰ্মাচিউটিকেলছ আৰু মেডিকেল সঁজুলিৰ প্ৰচালন ইত্যাদি৷ |
|
৬ |
জৰ্দানত ভৱিষ্যৎ প্ৰজন্মৰ বাবে উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ বাবে বুজাবুজি চুক্তি |
এই চুক্তিৰ উদ্দেশ্য হৈছে ভৱিষ্যৎ প্ৰজন্মৰ বাবে জৰ্দানত এক উৎকৰ্ষ সাধন কেন্দ্ৰ স্থাপন, যাৰ জৰিয়তে তথ্য প্ৰযুক্তিৰ সৈতে জড়িত জৰ্দানৰ অতিমকেও ৩০০০ লোকক ৫ বছৰৰ ভিতৰত প্ৰশিক্ষণ প্ৰদান কৰিব পৰা যায়, আৰু জৰ্দানৰ তথ্য-প্ৰযুক্তিক্ষেত্ৰৰ অভিজ্ঞ লোকৰ দ্বাৰা ভাৰতত সমল প্ৰশিক্ষকসকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে ভাৰতত এক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা৷ |
|
৭ |
ৰক ফছফেট আৰু সাৰ/এনপিকে দীৰ্ঘদিনৰ যোগানৰ বাবে বুজাবুজি চুক্তি |
এই বুজাবুজি চুক্তিখনৰ উদ্দেশ্য হৈছে ৰক ফছফেটৰ খনন আৰু হিতাধিকৰণ আৰু জৰ্দানত ফছফৰিক এছিড/ডিএপি/এনপিকে সাৰৰ বাবে উৎপাদনৰ সুবিধা স্থাপন, ইয়াৰ বাবে দীৰ্ঘকালীন সময়ৰ বাবে ভাৰতলৈ ১০০% ৰপ্তানিৰ দিশটোও সন্নিৱিষ্ট কৰা হৈছে এই চুক্তিত৷ এনে বুজাবুজি চুক্তিয়ে ভাৰতলৈ দীৰ্ঘকালীন আৰু স্থায়ীভাৱে ৰক ফছফেটৰ ৰপ্তানি সুনিশ্চিত কৰে৷ |
|
৮ |
আমদানি শুল্কৰ পাৰস্পৰিক সহযোগিতা চুক্তি |
এই চুক্তিয়ে ভাৰত আৰু জৰ্দানৰ মাজত আমদানি শুল্কৰ দিশসমূহ সঠিকভাৱে প্ৰয়োগ হোৱাটো সুনিশ্চিত কৰিবলৈ পাৰস্পৰিক সাহায্য প্ৰদান কৰিব, যাতে দুয়োখন দেশত শুল্ক সম্বন্ধীয় অপৰাধ নিৰ্মূল কৰিব পাৰি আৰু সীমাশুল্ক, কৰ, মাচুল আৰু শুল্ক প্ৰশাসনে আৰোপ কৰা অন্যান্য মাচুলসমূহ সম্বন্ধীয় তথ্যৰ সঠিক বিনিময় সম্ভৱপৰ হৈ উঠে৷ |
|
৯ |
আগ্ৰা আৰু পেট্ৰা (জৰ্দান)ৰ মাজত যুটীয়া চুক্তি |
এই চুক্তিৰে আগ্ৰা আৰু পেট্ৰাৰ দুখন পৌৰ প্ৰতিষ্ঠানে পৰ্যটন, সংস্কৃতি, ক্ৰীড়া আৰু অৰ্থনৈতিক খণ্ডসমূহত পাৰস্পৰিক সহযোগিতাৰ বাবে বিভিন্ন কাৰ্যাৱলী চিনাক্তকৰণ কৰি সেইসমূহত যুটীয়াভাৱে কাম কৰিব৷ |
|
১০ |
ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেশ্যন (IIMC) আৰু জৰ্দান মিডিয়া ইনষ্টিটিউট (JMI) ৰ মাজত সহযোগিতাৰ চুক্তি |
এই বুজাবুজি চুক্তিখনৰ উদ্দেশ্য হৈছে দুয়োটা প্ৰতিষ্ঠানৰ মাজত যুটীয়া প্ৰকল্পসমূহৰ উন্নয়ন সাধন, শৈক্ষিক আৰু বিজ্ঞানভিত্তিক কাৰ্যাৱলীৰ যৌথ প্ৰতিষ্ঠান, আৰু, কৰ্মচাৰী, শিক্ষাৰ্থী আৰু উমৈহতীয়া উদ্দেশ্যৰ সামগ্ৰীসমূহৰ বিনিময়৷ |
|
১১ |
প্ৰসাৰ ভাৰতী আৰু জৰ্দান টিভিৰ মাজত বুজাবুজি চুক্তি |
এই বুজাবুজি চুক্তিখনে প্ৰসাৰ ভাৰতী আৰু জৰ্দান ৰেডিঅ’ আৰু টিভি কৰ্প’ৰেশ্যনৰ মাজত বিভিন্ন কাৰ্যসূচী বিনিময়, সহ-প্ৰযোজনা, কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ আৰু অন্যান্য সমন্বয়ৰ ক্ষেত্ৰত সহযোগিতা প্ৰদান কৰিব৷ |
|
১২ |
জৰ্দান বিশ্ববিদ্যালয় (UJ) ত এখন হিন্দী আসন সৃষ্টিৰ বাবে বিশ্ববিদ্যালয়খন আৰু আইচিচিআৰ মাজত বুজাবুজি চুক্তি |
এই বুজাবুজি চুক্তিখনে জৰ্দান বিশ্ববিদ্যালয়ত হিন্দী ভাষাৰ বাবে এখন আইচিচিআৰ আসন সৃষ্টি তথা তাৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আইচিচিআৰ আৰু জৰ্দান বিশ্ববিদ্যালয়ৰ মাজত সহযোগিতাৰ বাবে মূল আধাৰ আৰু অন্যান্য চৰ্তাৱলী প্ৰতিষ্ঠা কৰিব৷ |
Published By : Admin |
March 1, 2018 | 17:07 IST
Login or Register to add your comment
Prime Minister meets the former President of India
February 16, 2026
Prime Minister Shri Narendra Modi met the former President Shri Ram Nath Kovind Ji today.
In a post on X, Shri Modi wrote:
“Wonderful meeting former President Shri Ram Nath Kovind Ji. His insights on various subjects are always thoughtful and enriching.”
Wonderful meeting former President Shri Ram Nath Kovind Ji. His insights on various subjects are always thoughtful and enriching. https://t.co/rx0DwCunUO
— Narendra Modi (@narendramodi) February 16, 2026


