ক’ভিড-১৯ৰ বিৰুদ্ধে টিকাকৰণ অভিযান সফলতাৰে মুকলি কৰাৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰৰ নেতাসকলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰক অভিনন্দন জ্ঞাপন কৰিছে।

এক টুইটত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি শ্ৰী গোটাবায়ে ৰাজাপাক্ষেই কয়, ‘ক’ভিড-১৯ৰ বিৰুদ্ধে টিকাকৰণ অভিযান সফলতাৰে মুকলি কৰাৰ বাবেআৰু বন্ধু চুবুৰীয়া ৰাষ্ট্ৰৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উদাৰতাৰ বাবে মই তেওঁক আন্তঃৰিক অভিনন্দন জনাইছো।’

 

এক টুইটত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী শ্ৰী মাহিন্দ ৰাজাপাক্ষেই কয়, ‘ক’ভিড-১৯ৰ টিকাকৰণ অভিযানৰ দৰে অত্যন্ত আৱশ্যক পদক্ষেপৰ বাবে মই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰক অভিনন্দন জনাইছো। আমি এই ভয়ংকৰ মহামাৰীৰ অৱসান দেখিবলৈ আৰম্ভ কৰিছো।’

 

এক টুইটত মালদ্বীপৰ ৰাষ্ট্ৰপতি শ্ৰী ইব্ৰাহিম মহম্মদ ছ’লিহে কয়, ‘ ভাৰতৰ জনসাধাৰণক ক’ভিড-১৯ৰ টিকা প্ৰদানৰ যুগান্তকাৰী অভিযানৰ বাবে মই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰক অভিনন্দন জ্ঞাপন কৰিছো। মই সম্পূৰ্ণৰূপে বিশ্বাসী যে আপোনালোক এই প্ৰয়াসত সফল হ’ব আৰু অৱশেষত আমি মহামাৰীৰ অৱসান দেখিবলৈ পাম।’

এক টুইটত ভূটানৰ প্ৰধানমন্ত্ৰী ড০ লোটাই শ্বেৰিঙে কয়, ‘আজিৰে পৰা ভাৰতত আৰম্ভ হোৱা দেশজোৰা ক’ভিড-১৯ টিকাকৰণ মুকলি অভিযানৰ বাবে মই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতৰ জনসাধাৰণক অভিনন্দন জনাব বিচাৰিছো। আমি আশা কৰিছো যে এই অভিযানে মহামাৰীৰ সময়ত আমি সন্মুখীন হোৱা সকলো দুখ-কষ্টৰ অৱসান ঘটাব।’

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Domestic air passenger traffic to rise by 3-6 pc in this fiscal: ICRA

Media Coverage

Domestic air passenger traffic to rise by 3-6 pc in this fiscal: ICRA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 জুলাই 2026
July 24, 2026

Aatmanirbhar in Action — Space, Missiles, EVs & Livelihoods Under PM Modi’s Watch