১/ ৭৩ তম স্বাধীনতা দিৱসৰ শুভেচ্ছা আৰু ওলগ জনাইছো আৰু লগতে পৱিত্ৰ ৰক্ষাবন্ধনৰ শুভক্ষণত দেশবাসী আৰু সকলো ভাইভনীকে হিয়াভৰা শুভেচ্ছা জনাইছো।

২/ যি সময়ত দেশে স্বাধীনতা দিৱস উৎযাপন কৰি আছে,দেশৰ বিভিন্ন ৰাজ্যৰ মানুহে বানপানীৰ বিভীষিকাত ভুগি আছে। কেন্দ্ৰ,ৰাজ্য আৰু বিভিন্ন সংস্থা সমূহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আগৰ অবস্থালৈ আনিবলৈ চেষ্টা কৰি আছে।

৩/ নতুনকৈ চৰকাৰ গঠনৰ ১০ টা সপ্তহৰ ভিতৰতে ৩৭০ ধাৰা আৰু ৩৫ এ ৰ বিলুপ্তিকৰণে চেৰ্দাৰ ভল্লৱ ভাই পেটেলৰ সপোন পুৰণৰ এক উল্লেখনীয় দিশ হিচাপে পৰিগনিত হৈছে। যিটো কাম যোৱা ৭০ বছৰে কৰা নহৈছিল,মাত্ৰ ৭০ দিনত কৰা হ’ল। দুই – তৃতীয়াংশ বহুমতৰ জড়িয়তে লোকসভা আৰু ৰাজ্যসভাত এই ধাৰা ৩৭০ আৰু ৩৫ এ বাতিল কৰা হয়।

৪/ যদি আমি সতী প্ৰথা বাতিল কৰিব পাৰো, স্ত্ৰী ভ্ৰূণহত্যাৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিব পাৰো আৰু বাল্য বিবাহ আৰু যৌতুক প্ৰথাৰ বিৰুদ্ধে কাৰ্য্যপন্থা হাতত ল’ব পাৰো,আমি তিনি তালাকৰ বিৰুদ্ধেও মাত মাতিব পাৰিম।

সেইদৰে,তিনি তালাকৰ বিৰুদ্ধেও আইন প্ৰণয়ন কৰি মুছলমান মহিলাৰ অধিকাৰ সুৰক্ষীত কৰা হ’ব।

৫/ সন্ত্ৰাসৰ লগত জড়িত আইনৰ ভিত্তিগত সংশোধন কৰা হ’ব আৰু অধিক কঠোৰ আৰু শক্তিশালী কৰা হ’ব।

৬/ প্ৰধান মন্ত্ৰীৰ কৃষান সন্মান নীধি যোজনাৰ অধীনত উত্তৰাধিকাৰীলৈ প্ৰায় ৯০,০০০ কোটি টকা কৃষকৰ বেঙ্ক একাউন্টলৈ হস্তান্তৰ কৰা হৈছে,যিটো এটা উল্লেক্ষ্যনীয় পদক্ষেপ।

৭/ কৃষক আৰু ক্ষুদ্ৰ উদ্যোতা সকললৈ পেঞ্চনৰ আচনি আগবঢ়োৱা হৈছে, যিটো পূৰ্বতে কল্পনাই কৰা হোৱা নাছিল।

৮/ পানীৰ অভাবৰ বিষয়টোৰ বাবে এক নতুন মন্ত্ৰালয় জলশক্তি গঠন কৰা হৈছে।

৯/ আহিব লগা দিনবোৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ে জল জীৱন যোজনাক আগবঢ়াই নিব আৰু ৩.৫ লাখতকৈ অধীক পুজি ইয়াৰ বাবে ধাৰ্য্য কৰা হৈছে।

১০/ দেশত চিকিৎসক,স্বাস্থ্যৰ সুযোজ আৰু এক ব্যৱস্থাৰ অতি প্ৰয়োজন হৈছে। চিকিৎসা শিক্ষা স্বচ্চ কৰিবৰ বাৰে গুৰুত্বপূৰ্ণ আইন প্ৰণয়নৰ ব্যৱস্থা কৰা হ’ব।

১১/ দেশত শিশুৰ সুৰক্ষাৰ বাৰে শক্তিশালী আইনৰ ব্যৱস্থা কৰা হ’ব।

১২/ যিহেতু ২০১৪ – ২০১৯ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ যুগ আছিল,২০১৯ৰ পিছৰ সময়খিনি আকাংক্ষা আৰু সপোন পূৰণৰ সময় হ’ব।

১৩/ এইটো আমাৰ দায়িত্ববোধ যে জম্মু আৰু কাশ্মীৰৰ আৰু লাডাখৰ বাসিন্দা সকলৰ আকাংক্ষাসমূহ পূৰণ কৰা আৰু তাত থকা দলিত সকলে দেশৰ অন্য অংশত থকা দলিত সকলৰ দৰেই জীৱন ধাৰণৰ সুযোগ পাওঁক। সেইদৰে গোজাৰ,বাকৰৱালচ,গাডিছ,চিপিচ বা বালটিচ সম্প্ৰদায়সমূহেও ৰাজনৈতিক অধিকাৰ পাওঁক। বিভাজনৰ পিছত লাখৰ হাৰত স্থানচুত হৈ জম্মু আৰু কাশ্মিৰত বসবাস কৰিবলৈ লোৱা মানুহসকলে নূম্নতম মানৱ অধীকাৰ আৰু নাগৰিক অধীকাৰ অবিহনে বসবাস কৰি আহিছিল।

১৪/ পৰবৰ্তী সময়ত জম্মু কাশ্মীৰ আৰু লাডাখ শান্তি আৰু সমৃদ্ধিৰ বাৰ্তাবাহক হিচাপে পৰিগনিত হ’ব আৰু ভাৰতৰ উন্নয়নত উল্লেক্ষ্যনীয় অৱদান আগবঢ়াব। ৰাজ্যখনে ভাৰতৰ উন্নতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব। আজি প্ৰত্যেক ভাৰতীয়ই গৌৰৱেৰে ক’ব পাৰে ‘ এক ৰাষ্ট্ৰ,এক সংবিধান’ ।

১৫/ জি এচ টি য়ে ‘এক ৰাষ্ট্ৰ,এক কৰ’ নীতিৰ সপোন বাস্তবায়িত কৰিলে। উদ্যোগৰ ক্ষেত্ৰত ‘এক ৰাষ্ট্ৰ,এক গ্ৰিড’ নীতি আমি সফলতাৰে আহৰণ কৰিলো। আমি ‘এক ৰাষ্ট্ৰ এক মবিলিটি কাৰ্ড’ ব্যৱস্থাৰ বিকাশ কৰিলো আৰু আজি আলোচনা কৰা হৈছে দেশত ‘এক ৰাষ্ট্ৰ এক মতদান’ৰ বিষয়ে আৰু ই গনতান্ত্ৰিক পদ্ধতিৰে হ’ব।

১৬/ জনসংখ্যা বৃদ্ধিয়ে আহিব লগা প্ৰজন্মৰ বাবে বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে। কিন্তু সমাজৰ এক সচেতন অংশ আছে যি এই বিষয়ে সজাগ। আমি এই বিষয়ত সমাজৰ সকলোকে লগত লৈ সজাগ চিন্তা গঢ়ি তুলিব লাগিব।

১৭/ দুৰ্নীতি আৰু স্বজনতোষনে আমি ভবাতকৈও দেশৰ বহু ক্ষতি কৰিছে। আমি এইবিষয়ত কাৰিকৰিভাবে কিছু কাৰ্য্যকলাপ হাতত লৈছো যাৰ দ্বাৰা ইয়াক ৰুধ কৰিব পৰা যাব।

১৮/ আৰামদায়ক জীৱনযাপন স্বাধীন ভাৰতত অপৰিহাৰ্য্য। আমি এটা জীৱনচক্ৰ গঠন কৰিব লাগিব য’ত চৰকাৰী হস্তক্ষেো নিম্নতম হ’ব।

১৯/ দেশখনে ক্ৰমবৰ্ধমান বিকাশৰ বাবে আপেক্ষা কৰিব নোৱাৰে কিন্তু সংগ্ৰামৰ জড়িয়তে বৃহৎ পদক্ষেপ হাতত ল’ব লাগিব।

২০/আধুনিক আন্তঃ গাঠনিৰ বিকাশৰ বাবে এই সময়সীমাত ১০০ লাখ কোটি টকা ধাৰ্য্য কৰা হৈছে যি নিয়োগৰ সুবিধা বৃদ্ধিৰ লগতে জীৱনধাৰণৰ মানদণ্ড উন্নত কৰিব।

২১/ ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি ভাৰতৰ সপোন। স্বাধীনতাৰ ৭০ বছৰত দেশে ২ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত উপনীত হৈছে কিন্তু যোৱা ৫ বছৰত,আমি ইয়াক ৩ ত্ৰিলিয়ন ডলাৰলৈ বিকাশ ঘটালো আৰু এই গতিত আমি ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত উপনীত হ’মগৈ।

২২/ ৭৫ সংখ্যক স্বাধীনতা দিৱসত কৃষকৰ উপাৰ্জন দূগুন হ’ব,সকলো দৰিদ্ৰয়ে ঘৰ পাব, প্ৰতিটো পৰিয়ালে বিদ্যুৎৰ সংযোগ পাব আৰু প্ৰতিখন গাৱে অপ্তিকেল ফাইবাৰ নেটৱৰ্ক আৰু বৰ্ডবেণ্ড যোগাযোগৰ লগতে বহু দূৰলৈকে শিক্ষাৰ সুযোগ পাব।

২৩/ আমি নীলা অৰ্থনীতি (মহাসাগৰ সম্পদ) ৰ ওপৰত পৰিকল্পনা কৰিছো। আমাৰ কৃষকসকল ৰপ্তানিকাৰী হ’ব আৰু দেশৰ প্ৰত্যেক জিলা ৰপ্তানিৰ কেন্দ্ৰ হৈ উঠিব। প্ৰত্যেক জিলাৰে মানযুক্ত দ্ৰব্যসমূহে বিশ্ব বজাৰত স্থান পাব।

২৪/ পৰ্য্যটনৰ ঠাই হিচাপে, ভাৰতৰ বিশ্ববাসীৰ বাবে আশ্বৰ্য্য। প্ৰত্যেক ভাৰতীয়ই পৰ্য্যতনৰ বিকাশত অৰিহণা যোগাব,কাৰণ পৰ্য্যতন ক্ষেত্ৰয়ে কম বিনিয়োগত নিয়োগৰ সুবিধা দিয়ে আৰু অৰ্থনীতি সবল কৰে।

২৫/ এখন সুস্থিৰ চৰকাৰে কাৰ্যপন্থাৰ ভবিষ্যতদ্বানি আৰু এটা সুস্থিৰ ব্যৱস্থায়ে আন্তৰাষ্ট্ৰীয় আস্থা বৃদ্ধি কৰে। বিশ্বয় ভাৰতক ইয়াৰ ৰাজনৈতিক সুস্থিৰতাৰ বাবে প্ৰসংসাৰ দৃষ্টিৰে চায়।

২৬/ এইটো ভাৰতৰ বাবে গৌৰৱৰ বিষয় যে আমি মূল্যবৃদ্ধি নিয়ন্ত্ৰনৰ লগতে দ্ৰুত গতিত বিকাশ সাধন কৰিছো।

২৭/ আমাৰ অৰ্থনীতিৰ প্ৰাথমিক অংশ অতি শক্তিশালী আৰু জি এচ টি আৰু আই বি চি ৰ দৰে সংস্কাৰে এই ব্যৱস্থাটোলে নতুন আস্থা আনিছে। আমাৰ বিনিয়োগকাৰীয়ে বিনিয়োগ বৃদ্ধি কৰিব, উপাৰ্জন বৃদ্ধি হ’ব আৰু নিয়োগৰ সংখ্যা বাঢ়িব। আমি আমাৰ সম্পদ উদ্ভাবক সকলক সন্দেহৰ দৃষ্টিৰে চোৱাটো বন্ধ কৰিব লাগে, তেওঁলোকক সন্মান কৰা উচিত। সম্পদ উদ্ভাৱকৰ বৃদ্ধিয়ে বিতৰণ বৃদ্ধি কৰে আৰু দৰিদ্ৰ সকলৰ কল্যান সাধন কৰে।

২৮/ ভাৰতে সন্ত্ৰাসৰ বিকাশত সহায় কৰা সকলৰ বিৰুদ্ধে কঠোৰ যুদ্ধ কৰি আছে। ভাৰত বিশ্বৰ অন্যান্য দেশসমূহৰ লগত একেশাৰীতে আছে যি সন্ত্ৰাসক আশ্ৰয়,উন্নীতকৰণ আৰু বিয়পোৱাত সহায় কৰাসকলক বিশ্ববাসীৰ আগত উদঙাই দিয়ে। সন্ত্ৰাসবাদক নিশেষ কৰিবলৈ আমাৰ প্ৰতিৰক্ষা বাহিনী আৰু সংস্থাসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু তেওঁলোকক মই অভিবাদন জনাইছো।

২৯/ ভাৰতৰ কাষৰীয়া দেশ – বাংলাদেশ,আফগানিস্তান আৰু শ্ৰীলংকা সন্ত্ৰাসৰ দ্বাৰা আক্ৰান্ত। আমাৰ বন্ধু প্ৰতিবেশী ৰাষ্ট্ৰ আফগানিস্তানে অহা ৪ দিনত ১০০ তম স্বাধীনতা দিৱস পালন কৰিব। লালকিল্লাৰ পৰা মই আফগানিস্তানৰ জনগণলৈ শুভকামনা জনালো যি ১০০ বছৰৰ স্বাধীনতাত উপনীত হৈছেহি।

৩০/ মই ২০১৪ চনত লালকিল্লাৰ পৰা স্বচ্চতাৰ বিষয়টো উত্থাপন কৰিছিলো আৰু কেইসপ্তাহমান পিছতে ২ অক্টোৱৰত মহাত্মা গান্ধীৰ ১৫০ তম জন্মজয়ন্তীত ভাৰত মুক্ত মলত্যাগ মুক্ত দেশ হিচাপে চিহ্নিত হ’ব।

৩১/ আমাৰ দেশত বহুদিন ধৰি বহু আয়োগ আৰু প্ৰতিবেদনত অস্ত্ৰ বাহিনীৰ সংস্কাৰৰ বিষয়ে আলোচনা কৰি থকা হৈছিল। সেনাৰ তীব্ৰ উন্নত সমম্বয়ৰ মাজত,ভাৰতৰ মূখ্য সেনা বিষয়া, চি ডি এচে সেনাবাহিনীক অধিক কাৰ্য্যক্ষম কৰি তুলিছে।

৩২/ আশা কৰিছো ২ অক্টোৱৰত দেশবাসীয়ে প্লাষ্টিক মুক্ত ভাৰতৰ বাবে অঙ্গীকাৰবদ্ধ হ’ব। ইয়াৰ বাবে প্ৰতিজন দেশবাসী,নগৰপালিকা আৰু পঞ্চায়তে একলগ হৈ কাম কৰিব লাগিব।

৩৩/ আমি ‘মেড ইন ইণ্ডিয়া’ ৰ বস্তু নিৰ্মানত গুৰুত্ব দিম। ভবিষতৰ বাবে,আমি থলোৱা বস্তু ব্যৱহাৰৰ চিন্তা কৰিছো আৰু ই গাৱৰ অৰ্থনীতি আৰু এম এচ এম ই ৰ উন্নয়নত সহায়ক হ’ব।

৩৪/ আমাৰ ডিজিটেল আদান প্ৰদানৰ দিশটো শক্তিশালী হৈছে। ডিজিটেল আদান প্ৰদান সমূহ গাৱৰ দোকান,সৰু বজাৰ আৰু সৰু নগৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছো।

৩৫/ আমি ৰাসায়নিক সাৰ আৰু কীটনাসকৰ প্ৰয়োগেৰে মাটিৰ গুনাগুন ক্ষতিগ্ৰস্থ কৰিছো। গান্ধীজীয়ে আমাক ইতিমধ্যে দিশ দেখুৱাই গৈছে, আমি ১০,২০ বা ২৫ শতাংকৈ ৰাসায়নিক সাৰ প্ৰয়োগ কৰি কমাই আনিব নোৱাৰো। মই বিশ্বাস কৰো আমাৰ কৃষক সকলে মোৰ এই আশা পূৰণ কৰিব।

৩৬/ ভাৰতীয় লোকৰ কামৰ বিশ্ববাসীৰ মাজত নাম আছৈ। আমাৰ বিজ্ঞানীসকলে তেওঁলোকৰ দক্ষতা চন্দ্ৰযানত প্ৰমান কৰিলে যি চন্দ্ৰৰ অনিৰূপিত দূৰত্বত উপনীত হৈছেগৈ।

৩৭/ আহিব লগা দিনবোৰত, ১.৫ লাখ অনাময় কেন্দ্ৰ গাৱসমূহত স্থাপন কৰা হ’ব। তিনিটা লোকসভা সমষ্টিৰ মাজত একোখন চিকিৎসা মহাবিদ্যালয়, ২ কোটি দৰিদ্ৰ লোকৰ বাবে ঘৰ, ১৫ কোটি গাৱৰ পৰিবাৰলৈ খোৱাপানীৰ যোগান আৰু ১.২৫ লাখ কিমি গাৱৰ ৰাষ্টা নিৰ্মান কৰা হ’ব। প্ৰতিখন গাৱত ব্ৰডবেণ্ড যোগাযোগ আৰু অপটিকেল ফাইবাৰ নেটৱৰ্কৰ যি লক্ষ্য,কিছুমানত উপনীত হোৱা হৈছে। ৫০,০০০ তকৈ অধিক সক্ৰিয় কৰণৰ পৰিকল্পনা কৰা হৈছে।

৩৮/ ভাৰতীয় সংবিধানে ৭০ বছৰ সম্পূৰ্ণ কৰিছে, বাবা চাহেব অম্বেদকাৰৰ সপোন আৰু এইবছৰ ৫৫০তম গুৰুনানক দেৱজীৰ জন্ম জয়ন্তী গুৰুত্বপূৰ্ন। বাবা চাহেবৰ পৰিকল্পনা আৰু গুৰুনানক দেৱৰ ভাল সমাজ আৰু ভাল দেশৰ ধাৰনা মনোযোগেৰে গ্ৰহণ কৰি আমি আগবাঢ়ি যাম। 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit

Media Coverage

PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the value of truth and perseverance
May 05, 2026

The Prime Minister, Shri Narendra Modi, said that success achieved through tireless effort and by following the path of truth is lasting. He noted that such success not only builds self-confidence but also brings a deep sense of satisfaction to the mind.

The Prime Minister shared a Sanskrit Subhashitam-

“न तथा बलवीर्याभ्यां जयन्ति विजिगीषवः।
यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च॥”

The Subhashitam conveys that those who aspire to win do not succeed merely through strength and power, but through truth, compassion, righteousness and unwavering effort.

The Prime Minister wrote on X;

“अथक परिश्रम और सत्य के मार्ग पर चलकर प्राप्त की गई सफलता स्थायी होती है। इससे जहां आत्मविश्वास बढ़ता है, वहीं मन को अद्भुत संतोष भी मिलता है।

न तथा बलवीर्याभ्यां जयन्ति विजिगीषवः।

यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च ।।”