১. ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে মালদ্বীৰ গণৰাজ্যৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছলিহে ১৬-১৮ ডিচেম্বৰ ২০১৮ তাৰিখলৈ ভ্ৰমণৰ বাবে ভাৰতলৈ আহে৷

২. ১৭ নৱেম্বৰ ২০১৮ তাৰিখে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ৰাষ্ট্ৰপতি ছলিহৰ এয়া প্ৰথমটো বৈদেশিক ভ্ৰমণ৷ ৰাষ্ট্ৰপতি গৰাকীক এই ভ্ৰমণত সংগদান কৰিছে তেখেতৰ পত্নী ফাজনা আহমেদ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আব্দুল্লা শ্বাহিদ, বিত্ত মন্ত্ৰী ইব্ৰাহিম আমীৰ, ৰাষ্ট্ৰীয় পৰিকল্পনা আৰু আন্তঃগাঁথনি বিভাগৰ মন্ত্ৰী মহম্মদ আছলাম, পৰিবহণ তথা অসামৰিক বিমান বিভাগৰ মন্ত্ৰী আইশ্বাথ নাহুলা, অৰ্থনৈতিক বিকাশ বিভাগৰ মন্ত্ৰী উজ ফায়েজ ইছমাইল, জ্যেষ্ঠ চৰকাৰী বিষয়া তথা ব্যৱসায়িক সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তি প্ৰমুখ্যে এক প্ৰতিনিধিৰ দলে৷

৩. গুৰুত্বপূৰ্ণ ভ্ৰমণ হিচাপে ৰাষ্ট্ৰপতি ছলিহে ৰাষ্ট্ৰপতি ভৱনত বিশেষ অতিথিৰূপে আছেহি৷ ইয়াৰ দ্বাৰা ভাৰত আৰু মালদ্বীপৰ মাজত ঘনিষ্ঠতা প্ৰকাশ পোৱাৰ লগতে দুয়োখন চৰকাৰৰ পাৰস্পৰিক সৌহাৰ্দও প্ৰদৰ্শিত হৈছে৷

৪. ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীক ১৭ ডিচেম্বৰ ২০১৮ তাৰিখে সাক্ষাৎ কৰে আৰু অতিথি ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানত সন্ধিয়া এক প্ৰীতি-ভোজৰ আয়োজন কৰে৷ উপ-ৰাষ্ট্ৰপতি শ্ৰী ভেংকয়া নাইডু, বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰী সুষমা স্বৰাজেও অতিথি ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে৷

৫. ১৭ ডিচেম্বৰ ২০১৮ তাৰিখে এক বন্ধুত্বমূলক পৰিবেশত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকী এক চৰকাৰী বৈঠকত মিলিত হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছলিহৰ সন্মানাৰ্থে দুপৰীয়াৰ আহাৰৰ আয়োজন কৰে আৰু তেওঁৰ প্ৰতিনিধিবৰ্গক সংগ প্ৰদান কৰে৷

৬. এই ভ্ৰমণৰ সময়চোৱাত দুয়োপক্ষৰ মাজত নিম্নোক্ত চুক্তি/বুজাবুজিৰ চুক্তিপত্ৰ/সন্মতিৰ যৌথ ঘোষণা পত্ৰ স্বাক্ষৰিত হয়ঃ

·         ভিছা ব্যৱস্থাপনা প্ৰদানৰ চুক্তি

·         সাংস্কৃতিক সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ

·         কৃষিভিত্তিক ব্যৱসায়ৰ পৰিবেশতন্ত্ৰৰ উত্তৰণৰ বাবে পাৰস্পৰিক বুজাবুজিৰ চুক্তিপত্ৰ

·         তথ্য আৰু যোগাযোগ প্ৰযুক্তি তথা ইলেক্ট্ৰ’নিকছৰ ক্ষেত্ৰত সহযোগিতাৰ যৌথ ঘোষণা পত্ৰ৷

তেওঁলোকে নিম্নোক্ত ক্ষেত্ৰসমূহত আনুষ্ঠানিক সহযোগিতা আৰু সহযোগিতাৰ পৰিকাঠামো স্থাপনৰ বাবে সন্মতি হয়ঃ

·         কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে স্বাস্থ্যজনিত সহযোগিতা

·         অপৰাধ সংক্ৰান্তীয় বিষয়সমূহৰ পাৰস্পৰিক আইনী সহযোগিতা

·         বিনিয়োগ উত্তৰণ

·         মানৱ সম্পদ বিকাশ

·         পৰ্যটন

৭. প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ছলিহৰ শপতগ্ৰহণ অনুষ্ঠানত বিশেষ অতিথিৰূপে উপস্থিত থকা সময়চোৱা সোঁৱৰণ কৰে৷ তেওঁ ভাৰতৰ সৈতে মালদ্বীপৰ সম্পৰ্কৰ বিশেষ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে৷

৮. দুয়োগৰাকী নেতাই দুয়োখন দেশৰ জনতাৰ মাজত থকা ভৌগোলিক সাদৃশ্যতা, পৰম্পৰাগত, ইতিহাস, আৰ্থ-সামাজিক আৰু সাংস্কৃতিক বান্ধোনক অধিক শক্তিশালী কৰাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰে৷ তাৰোপৰি তেওঁলোকে গণতন্ত্ৰ, বিকাশ আৰু শান্তিপূৰ্ণ সহৱস্থানৰ ওপৰতে আস্থা প্ৰদৰ্শন কৰে৷

৯. ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে মালদ্বীপৰ জনতাই গণতন্ত্ৰক প্ৰাধান্য দিয়াৰ বাবে অভিনন্দন জনায়৷ তেওঁ মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ সামূহিক, বিকেন্দ্ৰীকৃত, গণমুখী চৰকাৰ আৰু বহনক্ষম বিকাশৰ দুৰদৃষ্টিক প্ৰশংসা কৰে৷ তেওঁৰ চৰকাৰৰ নীতি ‘‘চুবুৰীয়া-প্ৰথম’’ক সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মালদ্বীপে আৰ্থ-সামাজিক বিকাশ আৰু গণতন্ত্ৰ সৱলীকৰণৰ দিশত ধাৱমান হোৱা লক্ষ্য প্ৰাপ্তিত ভাৰতে পূৰ্ণ সহযোগিতা প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰে৷

১০. এই পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে মালদ্বীপৰ আৰ্থ-সামাজিক বিকাশ কাৰ্যসূচীৰ বাবে বাজেটেৰী সমৰ্থন, কাৰেন্সী ছোৱাপ আৰু সুবিধাযুক্ত ঋণ হিচাপে ১.৪ বিলিয়ন আমেৰিকান ডলাৰৰ বিত্তীয় সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে৷

১১. ৰাষ্ট্ৰপতি ছলিহে তেওঁৰ চৰকাৰৰ ‘‘ভাৰত-প্ৰথম নীতি’’ আৰু ভাৰতৰ সৈতে সহযোগিতাৰে কাম কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে৷ ভাৰত চৰকাৰে মালদ্বীপলৈ প্ৰদান কৰা সৌজন্যসূচক সহযোগিতা তথা বিকাশৰ বিভিন্ন ক্ষেত্ৰ চিনাক্তকৰণ লগতে গৃহ আৰু আন্তঃগাঁথনি, পানী আৰু নৰ্দমা ব্যৱস্থা, স্বাস্থ্যসেৱা, শিক্ষা আৰু পৰ্যটনত ব্যক্তিগত খণ্ডৰ অন্তৰ্ভুক্তি আদি  সহযোগিতাক প্ৰশংসা কৰে৷

১২. দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত উত্তম সেৱা, তথ্য, বিচাৰধাৰা, সংস্কৃতি আৰু জনসাধাৰণৰ আদান-প্ৰদানৰ বাবে আন্তঃগাঁথনি স্থাপনৰ গুৰুত্বৰ বিষয়ে পোষকতা কৰে৷

১৩. প্ৰধানমন্ত্ৰীয়ে অনাগত পাঁচটা বৰ্ষত প্ৰশিক্ষণ আৰু ন্যায়িক, নীতি-নিৰ্ধাৰণ, আইন প্ৰণয়ন, অডিট তথা বিত্তীয় ব্যৱস্থাপনা, স্থানীয় শাসন, সামূহিক বিকাশ, তথ্য-প্ৰযুক্তি, ই-শাসন, ক্ৰীড়া, সংবাদ, যুৱ আৰু মহিলা সৱলীকৰণ, নেতৃত্ব, উদ্ভাৱন তথা উদ্যমিতা, কলা তথা সংস্কৃতিত সামৰ্থ বিকাশৰ বাবে ভাৰত চৰকাৰে প্ৰদান কৰা ১০০০টা অতিৰিক্ত শ্ল’টৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে৷

১৪. জনসাধাৰণৰ আদান-প্ৰদান আৰু ভ্ৰমণক গুৰুত্ব প্ৰদান কৰি নেতাদ্বয়ে আজি ভিছা ব্যৱস্থাপনা প্ৰদানৰ নতুন চুক্তিত স্বাক্ষৰিত কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে এই নতুন চুক্তিৰ দ্বাৰা সাধাৰণ সমস্যাসমূহ সমাধান হোৱাৰ লগতে জনসাধাৰণৰ মাজত যোগাযোগ বৃদ্ধি হ’ব৷ উল্লেখ্য, ভাৰতৰ বিনামূলীয়া ভিছা ব্যৱস্থাপনা থকা অল্পসংখ্যক দেশসমূহৰ ভিতৰত মালদ্বীপ অন্যতম৷

১৫. ৰাষ্ট্ৰপতি ছলিহে এই চুক্তিপত্ৰত স্বাক্ষৰ কৰি নিজক সন্তোষ প্ৰকাশ কৰি কয় যে এতিয়াৰে পৰা মালদ্বীপৰ জনতাই তেওঁলোকৰ সন্তানসমূহক ভাৰতৰ বিদ্যালয়লৈ প্ৰেৰণ কৰাৰ উপৰিও সংগদানো কৰিব পাৰিব৷ এই চুক্তিপত্ৰৰ দ্বাৰা মালদ্বীপৰ নাগৰিকসকলে সুগম ভিছা ব্যৱস্থাপনা লাভ কৰাৰ উপৰিও তেওঁলোকৰ পৰিয়ালে ভাৰতলৈ চিকিৎসাৰ বাবেও আহিব পাৰিব৷ নেতাদ্বয়ে দুয়োখন দেশৰ মাজত জনসাধাৰণৰ ভ্ৰমণ বৃদ্ধিৰ পোষকতা কৰে৷

১৬. দুয়োগৰাকী নেতাই ভাৰত মহাসাগৰীয় অঞ্চলত শান্তি স্থাপনৰ গুৰুত্ব সম্পৰ্কে সহমত প্ৰকাশ কৰে৷ দুয়োখন দেশেই এই অঞ্চলটোৰ জৰিয়তে আন্তঃসংযোগী হোৱাৰ পৰিপ্ৰেক্ষিতত দেশ দুখনৰ মাজত নিৰাপত্তা ব্যৱস্থা বৰ্তাই ৰখাৰ উদ্দেশ্যত উভয়ে উভয়ৰ উদ্বিগ্নতা আৰু প্ৰত্যাশাসমূহক গুৰুত্ব প্ৰদান কৰি অঞ্চলটোত স্থিৰতা বৰ্তাই ৰাখিবলৈ সহমত প্ৰকাশ কৰাৰ লগতে নিজৰ নিজৰ অঞ্চলসমূহ যাতে পৰস্পৰবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহৃত নহয় সেই সন্দৰ্ভত সহমত প্ৰকাশ কৰে৷ দুয়োগৰাকী নেতাই ভাৰত মহাসাগৰীয় অঞ্চলত সমন্বয়ী নিৰীক্ষণ, আকাশী নিৰীক্ষণ, তথ্য বিনিময় আৰু সামৰ্থ নিৰ্মাণ শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে৷

১৭. দুয়োগৰাকী নেতাই যিকোনো ধৰণৰ সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰদান কৰা প্ৰতিশ্ৰুতি দোহাৰে৷ দুয়ো পক্ষৰ পৰা সাধাৰণ উদ্বেগ, পাইৰেচী, সন্ত্ৰাসবাদ, সংগঠিত অপৰাধ, ড্ৰাগ আৰু মানৱ সৰবৰাহক মোকাবিলা কৰাৰ বাবে দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিত সহমত প্ৰকাশ কৰে৷ তাৰোপৰি মালদ্বীপৰ আৰক্ষী সেৱা আৰু মালদ্বীপ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীৰ প্ৰশিক্ষণ তথা সামৰ্থ বৃদ্ধিৰ বাবে সহযোগিতা বৃদ্ধিৰ বাবেও সহমত প্ৰকাশ কৰা হয়৷

১৮. দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগ বৃদ্ধিৰ বাবে দ্বিপাক্ষিত সহযোগিতাৰ উত্তৰণৰ পোষকতা কৰে৷ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় উদ্যোগসমূহক দুয়োখনৰ দেশৰ পাৰস্পৰিক লাভৰ বাবে মালদ্বীপৰ বিভিন্ন ক্ষেত্ৰত বিনিয়োগৰ বাবে আহ্বান কৰে৷ মালদ্বীপ চৰকাৰৰ স্বচ্ছ, হিচাপী আৰু নিয়মভিত্তিক প্ৰশাসনে ভাৰতীয় ব্যৱসায়ীসকলৰ আত্মবিশ্বাস ঘূৰাই অনা বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য প্ৰদান কৰে৷ দুয়োগৰাকী নেতাই মীন পালন, পৰ্যটন, পৰিবহণ, সংযোগ, স্বাস্থ্য, শিক্ষা, তথ্য প্ৰযুক্তি, নতুন আৰু পুনৰ নৱীকৰণযোগ্য শক্তি আৰু যোগাযোগ ব্যৱস্থাত অৰ্থনৈতিক সহযোগিতা বিকাশৰ বাবে সহমত প্ৰকাশ কৰে৷

১৯. বিশ্বজনীন প্ৰত্যাহ্বানসমূহক মোকাবিলা কৰাৰ বাবে বহুমুখী সহযোগিতা ব্যৱস্থাই প্ৰধান চাবি-কাঠি বুলি দুয়োগৰাকী নেতাই উল্লেখ কৰে৷ এই সন্দৰ্ভত তেওঁলোকে ৰাষ্ট্ৰসংঘৰ মুখ্য গোটত সংশোধন, ৰাষ্ট্ৰসংঘৰ সাধাৰণ নিৰ্বাচনৰ পুনৰ্জীৱিতকৰণ আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কে দোহাৰে৷

২০. মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী সদস্যপদৰ পোষকতা কৰে আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংশোধনৰ আৱশ্যকতা অনুভৱ কৰে৷ তাৰোপৰি মালদ্বীপে ২০২০-২১ বৰ্ষৰ বাবে ভাৰতৰ অস্থায়ী পদৰো সমৰ্থন প্ৰকাশ কৰে৷

২১. ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে মালদ্বীপে কমনৱেলথত পুনৰ জড়িত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে মালদ্বীপক ভাৰত মহাসাগৰ ৰিম সংস্থাত নতুনকৈ অন্তৰ্ভুক্তি হোৱাৰ বাবেও অভিনন্দন জ্ঞাপন কৰে৷

২২. দুয়োগৰাকী নেতাই উন্নয়নশীল দেশসমূহ তথা সৰু দ্বীপ ৰাষ্ট্ৰসমূহৰ জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰাত গুৰুত্ব প্ৰদান কৰে আৰু ইউএনএফচিচিচি তথা পেৰিচ চুক্তিৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত বিশ্বজনীন সন্মতিৰ সৱলীকৰণৰ দিশত কাম কৰাৰ বাবে সহমত প্ৰকাশ কৰে৷

২৩. দুয়োগৰাকী নেতাই বহুজাতিক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সংশোধন তথা সৱলীকৰণত গুৰুত্ব আৰোপ কৰি আন্তৰ্জাতিক অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণত উন্নয়নশীল দেশসমূহৰ অংশগ্ৰহণ আৰু অধিকাৰ বৃদ্ধিৰ সম্পৰ্কত সহমত প্ৰকাশ কৰে৷

২৪. মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে তেওঁৰ ভ্ৰমণৰ সময়চোৱাত লাভ কৰা উষ্ম সম্ভাষন তথা আতিথ্যৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ প্ৰদান কৰে৷

২৫. মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ ৰাষ্ট্ৰপতিক মালদ্বীপলৈ আমন্ত্ৰণ জনায়৷ তাৰোপৰি ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীকো মালদ্বীপ ভ্ৰমণৰ বাবে আমন্ত্ৰণ কৰে আৰু প্ৰধানমন্ত্ৰীয়ে এই আমন্ত্ৰণ স্বীকাৰ কৰে৷    

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways clears ₹755-crore project to build third line between Champa and Korba

Media Coverage

Indian Railways clears ₹755-crore project to build third line between Champa and Korba
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hails India-UK Comprehensive Economic and Trade Agreement as a historic milestone for bilateral relations
June 17, 2026

The Prime Minister, Shri Narendra Modi, has expressed delight that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15 July 2026.

The Prime Minister said that the agreement will significantly boost bilateral trade and investment.

Shri Modi stated that the agreement will unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

The Prime Minister noted that both he and UK Prime Minister Keir Starmer, who are in Evian for the G7 Summit, are very happy with the significant momentum being added to India-UK economic ties.

The Prime Minister wrote on X;

“A historic milestone for India-UK relations.

Delighted to note that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15th July 2026.

This agreement will significantly boost our bilateral trade and investment.

It will also unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

Both PM Starmer and I, who are in Evian for the G7 Summit, are naturally very happy with the significant momentum being added to our economic ties.

@Keir_Starmer”