চেঞ্চেলৰ কাৰ্ল নেহাম্মাৰৰ আমন্ত্ৰণক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ৯ আৰু ১০ জুলাইত চৰকাৰী ভ্ৰমণসূচীৰে অষ্ট্ৰিয়া ভ্ৰমণ কৰে। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি মহামহিম আলেকজেণ্ডাৰ ভান ডাৰ বেলেনক সাক্ষাৎ কৰাৰ লগতে চেঞ্চেলৰ নেহাম্মাৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ৪১ বছৰৰ পিছত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া আছিল প্ৰথমটো অষ্ট্ৰিয়া ভ্ৰমণ। এই বছৰটো দুয়োখন দেশৰ মাজত স্থাপিত হোৱা কূটনৈতিক সম্পৰ্কৰ ৭৫ সংখ্যক বছৰ হিচাপেও চিহ্নিত হৈছে।

 

প্ৰধানমন্ত্ৰী আৰু চেঞ্চেলৰগৰাকীয়ে গণতন্ত্ৰ, স্বাধীনতা, আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ অংশীদাৰী মূল্যবোধ, ৰাষ্ট্ৰসংঘৰ চনদৰ সৈতে এক নিয়ম-আধাৰিত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা, অংশীদাৰী ঐতিহাসিক সম্পৰ্ক আৰু দুয়োখন দেশৰ মাজৰ দীৰ্ঘদিনীয়া সম্পৰ্কক বৰ্ধিত অংশীদাৰিত্বৰ কেন্দ্ৰবিন্দু বুলি গুৰুত্ব আৰোপ কৰে। তেওঁলোকে অধিক স্থিৰ, সমৃদ্ধ আৰু বহনক্ষম বিশ্বৰ বাবে দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গভীৰ আৰু ব্যাপক কৰাৰ দিশত দুয়োখন দেশৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দোহাৰে।

 

চেঞ্চেলৰ নেহাম্মাৰ আৰু প্ৰধানমন্ত্ৰী মোদীয়ে স্বীকাৰ কৰে যে দুয়োখন দেশৰ দ্বিপাক্ষিক অংশীদাৰিত্বক উচ্চ স্তৰলৈ উন্নীত কৰাৰ যথেষ্ট সম্ভাৱনা আছে। তেওঁলোকে এই অংশীদাৰী উদ্দেশ্যক আগুৱাই নিয়াৰ বাবে এক কৌশলগত দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰে। এই উদ্দেশ্যে, ৰাজনৈতিক পৰ্যায়ৰ ঘনিষ্ঠ আলোচনাৰ উপৰিও, তেওঁলোকে ভৱিষ্যতমুখী দ্বিপাক্ষিক বহনক্ষম অৰ্থনৈতিক আৰু প্ৰযুক্তি অংশীদাৰিত্ব গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে। ইয়াৰ ভিতৰত বিভিন্ন নতুন পদক্ষেপ আৰু যৌথ প্ৰকল্প, সহযোগিতামূলক প্ৰযুক্তি বিকাশ, গৱেষণা আৰু উদ্ভাৱন আৰু বাণিজ্যৰ বিপৰীতে বাণিজ্যিক সম্পৰ্ক, আন্তঃগাঁথনি, নৱীকৰণযোগ্য শক্তি, পানী ব্যৱস্থাপনা, আয়ুৰ্বিজ্ঞান, স্মাৰ্ট চহৰ, গতিশীলতা আৰু পৰিবহন আদি খণ্ডক সামৰি লোৱাত গুৰুত্ব আৰোপ কৰা হৈছে।

 

ৰাজনৈতিক আৰু সুৰক্ষা সহযোগিতা

 

প্ৰধানমন্ত্ৰী মোদী আৰু চেঞ্চেলৰ নেহাম্মাৰে ভাৰত আৰু অষ্ট্ৰিয়াৰ দৰে গণতান্ত্ৰিক দেশসমূহে আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক শান্তি আৰু সমৃদ্ধিত অৰিহণা যোগোৱাৰ বাবে একেলগে কাম কৰাত গুৰুত্ব আৰোপ কৰে। এই সন্দৰ্ভত তেওঁলোকে শেহতীয়া বছৰবোৰত তেওঁলোকৰ বৈদেশিক মন্ত্ৰীসকলৰ মাজত অনুষ্ঠিত নিয়মীয়া আৰু গুৰুত্বপূৰ্ণ আলোচনাসমূহৰ বিষয়ে সন্তুষ্টিৰে উল্লেখ কৰে। তেওঁলোকে তেওঁলোকৰ বিষয়াসকলক বিভিন্ন ক্ষেত্ৰত বৰ্ধিত প্ৰতিষ্ঠানগত আলোচনাৰ প্ৰৱণতা অব্যাহত ৰখাৰ বাবে উৎসাহ যোগায়।

 

দুয়োগৰাকী নেতাই ‘ইউএনচিএলঅ'এছ’-ত প্ৰতিফলিত হোৱা সাগৰৰ আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি আৰু সামুদ্ৰিক সুৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু স্থিৰতাৰ সুবিধাৰ বাবে সাৰ্বভৌমত্ব, আঞ্চলিক অখণ্ডতা আৰু নৌ-চলাচলৰ স্বাধীনতাৰ প্ৰতি সম্পূৰ্ণ সন্মান জনাই এক স্বাধীন, মুক্ত আৰু নিয়ম-আধাৰিত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি থকা তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে।

 

দুয়োগৰাকী নেতাই ইউৰোপৰ লগতে পশ্চিম এছিয়া/মধ্য প্ৰাচ্যৰ শেহতীয়া উন্নয়নৰ গভীৰ মূল্যায়ন সম্পৰ্কীয় তথ্যাৱলী আদান-প্ৰদান কৰে। তেওঁলোকে দুয়োখন দেশৰ দৃষ্টিভংগীৰ পৰিপূৰকতাৰ কথা উল্লেখ কৰে, যি পুনৰ শান্তি প্ৰতিস্থা কৰা আৰু সশস্ত্ৰ সংঘৰ্ষ পৰিহাৰ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাষ্ট্ৰসংঘৰ চনদসমূহ কঠোৰভাৱে পালন কৰাৰ প্ৰচেষ্টাকো প্ৰাথমিকতা দিয়ে।

 

ইউক্ৰেইনৰ যুদ্ধ সন্দৰ্ভত দুয়োগৰাকী নেতাই আন্তৰ্জাতিক আইন আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ সৈতে সামঞ্জস্য ৰাখি শান্তিপূৰ্ণ সমাধানৰ বাবে যিকোনো সামূহিক প্ৰচেষ্টাক সমৰ্থন জনায়। দুয়োপক্ষই বিশ্বাস কৰে যে ইউক্ৰেইনত এক ব্যাপক আৰু স্থায়ী শান্তি স্থাপনৰ বাবে সকলো অংশীদাৰী পক্ষক একত্ৰিত কৰাৰ লগতে সংঘৰ্ষৰ পৰিৱৰ্তে দুয়োপক্ষৰ মাজত এক আন্তৰিক আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাৰ প্ৰয়োজন আছে।

 

দুয়োগৰাকী নেতাই সীমান্তৰ সিপাৰৰ আৰু চাইবাৰ সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদক দ্ব্যর্থহীনভাৱে নিন্দা কৰাৰ কথা দোহাৰে আৰু কোনো দেশেই সন্ত্ৰাসবাদী কাৰ্যকলাপক বিত্ত, পৰিকল্পনা, সমৰ্থন বা সংঘটিত কৰা সকলক সুৰক্ষিত আশ্ৰয় প্ৰদান নকৰাৰ প্ৰসংগত গুৰুত্ব আৰোপ কৰে। দুয়োপক্ষই ‘ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ-ৰ ১২৬৭ নিষেধাজ্ঞা সমিতি’ৰ দ্বাৰা তালিকাভুক্ত গোটসমূহৰ সৈতে জড়িত পদবীধাৰী বা ব্যক্তিকে ধৰি সকলো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সমন্বিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। দুয়োখন দেশে ‘এফএটিএফ’, ‘এনএমএফটি’ আৰু অন্যান্য বহুপাক্ষিক মঞ্চসমূহত একেলগে কাম কৰাৰ বাবেও প্ৰতিশ্ৰুতি দোহাৰে।

 

দুয়োগৰাকী নেতাই ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত দিল্লীত অনুষ্ঠিত ‘জি-২০ সন্মিলন’ৰ সিদ্ধান্ত মৰ্মে ‘ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ কৰিডৰ’ (আইএমইচি) আৰম্ভ কৰাৰ কথা স্মৰণ কৰে। চেঞ্চেলৰ নেহাম্মাৰে প্ৰধানমন্ত্ৰী মোদীক এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ নেতৃত্ব গ্ৰহণৰ বাবে অভিনন্দন জনায়। দুয়োগৰাকী নেতাই এই প্ৰকল্পটো কৌশলগতভাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব আৰু ই ভাৰত, মধ্য প্ৰাচ্য আৰু ইউৰোপৰ মাজত বাণিজ্য আৰু শক্তিৰ সম্ভাৱনা আৰু প্ৰবাহ যথেষ্ট বৃদ্ধি কৰিব বুলি সহমত প্ৰকাশ কৰে। চেঞ্চেলৰ নেহাম্মাৰে ‘আইএমইচি’-ৰ সৈতে জড়িত হ'বলৈ অষ্ট্ৰিয়াৰ আগ্ৰহৰ কথা অৱগত কৰে আৰু সংযোগৰ এক মুখ্য সক্ষমকৰ্তা হিচাপে ইউৰোপৰ কেন্দ্ৰত অষ্ট্ৰিয়াৰ অৱস্থানৰ প্ৰসংগ আঙুলিয়াই দিয়ে।

 

দুয়োগৰাকী নেতাই ভাৰত আৰু ইউৰোপীয় ইউনিয়নত বিশ্বৰ সৰ্ববৃহৎ আৰু আটাইতকৈ উচ্চল মুক্ত বজাৰৰ স্থান আছে বুলি উল্লেখ কৰে আৰু উল্লেখ কৰে যে ইউৰোপীয় ইউনিয়ন-ভাৰতৰ সম্পৰ্ক পাৰস্পৰিক ভাৱে লাভজনক হ'ব আৰু ই এক ইতিবাচক গোলকীয় প্ৰভাৱ পেলাব। চেঞ্চেলৰ নেহাম্মাৰ আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু ইউৰোপীয় ইউনিয়নক কাষ চপাই অনাৰ বাবে বিভিন্ন পদক্ষেপক সমৰ্থন কৰিবলৈ সন্মত হয়। এই সন্দৰ্ভত তেওঁলোকে চলিত ‘ভাৰত-ইউৰোপীয় ইউনিয়নৰ বাণিজ্য আৰু বিনিয়োগ আলোচনা’ আৰু ‘ইউৰোপীয় ইউনিয়ন-ভাৰতৰ সংযোগ অংশীদাৰিত্ব’ৰ আগতীয়া ৰূপায়ণৰ ক্ষেত্ৰত তেওঁলোকৰ শক্তিশালী সমৰ্থন পুনৰ নিশ্চিত কৰে।

 

বহনক্ষম অৰ্থনৈতিক অংশীদাৰিত্ব

 

দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত এক শক্তিশালী অৰ্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰিত্বক এক কৌশলগত উদ্দেশ্য হিচাপে চিনাক্ত কৰে। এই সন্দৰ্ভত তেওঁলোকে ভিয়েনাত বহু সংখ্যক কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ অংশগ্ৰহণেৰে প্ৰথমবাৰৰ বাবে উচ্চ পৰ্যায়ৰ দ্বিপাক্ষিক ব্যৱসায় সন্মিলন আহ্বান কৰা কথাক আদৰণি জনায়। দুয়োগৰাকী নেতাই ব্যৱসায় সন্মিলনক সম্বোধন কৰে আৰু ব্যৱসায়িক প্ৰতিনিধিসকলক বিভিন্ন ক্ষেত্ৰত নতুন আৰু অধিক গতিশীল চুক্তিৰ দিশত কাম কৰিবলৈ উৎসাহিত কৰে।

 

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক অংশীদাৰিত্বক আগুৱাই নিয়াৰ ক্ষেত্ৰত গৱেষণা, বৈজ্ঞানিক চুক্তি, প্ৰযুক্তিগত অংশীদাৰিত্ব আৰু উদ্ভাৱনৰ গুৰুত্বপূৰ্ণ গুৰুত্বক স্বীকাৰ কৰে আৰু পাৰস্পৰিক স্বাৰ্থত এনে সকলো সুযোগ অন্বেষণ কৰিবলৈ আহ্বান জনায়। তেওঁলোকে নতুন ব্যৱসায়, উদ্যোগ আৰু উন্নয়ন অংশীদাৰিত্ব আৰ্হিৰ জৰিয়তে চিনাক্ত ক্ষেত্ৰসমূহত প্ৰযুক্তিৰ বিকাশ আৰু বাণিজ্যিকীকৰণৰ বাবে শক্তিশালী সহযোগিতাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

 

নেতাদ্বয়ে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত অষ্ট্ৰিয়াৰ শ্ৰম আৰু অৰ্থনীতি দপ্তৰৰ মন্ত্ৰীগৰাকীৰ ভাৰত ভ্ৰমণ আৰু ২০২৪ চনৰ জুন মাহত অষ্ট্ৰিয়ালৈ ভাৰতীয় ষ্টাৰ্ট-আপ-ৰ এটা গোটৰ সফল ভ্ৰমণৰ সময়ত স্থাপিত ষ্টাৰ্ট-আপ সেঁতুৰ জৰিয়তে দুয়োখন দেশৰ উদ্ভাৱন আৰু ষ্টাৰ্ট-আপ পৰিস্থিতিতন্ত্ৰক সংযোগ কৰাৰ পদক্ষেপক আদৰণি জনায়। তেওঁলোকে অষ্ট্ৰিয়াৰ ‘গ্লোবেল ইনকিউবেটৰ নেটৱৰ্ক’ আৰু ‘ষ্টাৰ্ট আপ ইণ্ডিয়া’ উদ্যোগৰ দৰে ‘ফ্ৰেমৱৰ্ক’ৰ জৰিয়তে দুয়োখন দেশৰ প্ৰাসংগিক সংস্থাসমূহক ভৱিষ্যতে একে ধৰণৰ আদান-প্ৰদানৰ সম্পৰ্ক অধিক গভীৰ কৰাৰ বাবে কাম কৰিবলৈ উদগণি দিয়ে।

 

জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত ‘ৰাষ্ট্ৰসংঘৰ ফ্ৰেমৱৰ্ক কনভেনশ্যন’ (ইউএনএফচিচিচি)ৰ পক্ষ হোৱাৰ বাবে আৰু গোলকীয় গড় উষ্ণতা ‘প্ৰাক-ঔদ্যোগিক স্তৰ’তকৈয়ো ২ ডিগ্ৰী চেলচিয়াছ তললৈ অৱনমিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হোৱা নেতাদ্বয়ে কয় যে এই প্ৰয়াসে জলবায়ু পৰিৱৰ্তনৰ বিপদাশংকা আৰু প্ৰভাৱ যথেষ্ট হ্ৰাস কৰিব। তেওঁলোকে ২০৫০ চনৰ ভিতৰত জলবায়ু নিৰপেক্ষতাৰ বাবে ইউৰোপীয় ইউনিয়ন পৰ্যায়ত গ্ৰহণ কৰা বাধ্যতামূলক লক্ষ্য, ২০৪০ চনৰ ভিতৰত জলবায়ু নিৰপেক্ষতা প্ৰাপ্ত কৰাৰ বাবে অষ্ট্ৰিয়া চৰকাৰৰ প্ৰতিশ্ৰুতি আৰু ২০৭০ চনৰ ভিতৰত কাৰ্বনৰ শূন্য নিৰ্গমন স্থিতি প্ৰাপ্ত কৰাৰ বাবে ভাৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা স্মৰণ কৰে।

 

তেওঁলোকে অষ্ট্ৰিয়া চৰকাৰৰ ‘হাইড্ৰজেন সম্পৰ্কীয় ৰণনীতি’ আৰু শক্তি পৰিৱৰ্তন সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ ভাৰতে আৰম্ভ কৰা ‘ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন মিছন’-ৰে জড়িত হোৱাৰ সুযোগসমূহৰ কথা উল্লেখ কৰাৰ লগতে দুয়োখন দেশৰ প্ৰতিষ্ঠান আৰু দুয়োখন দেশৰ গৱেষণা আৰু বিকাশ প্ৰতিষ্ঠানসমূহৰ মাজত নৱীকৰণযোগ্য/সেউজীয়া হাইড্ৰজেনৰ ক্ষেত্ৰত এক বিস্তৃত অংশীদাৰিত্বৰ কথা উল্লেখ কৰে।

 

নেতাদ্বয়ে পৰিচ্ছন্ন পৰিবহন, পানী আৰু বাৰ্জ্য পানীৰ ব্যৱস্থাপনা, আৱৰ্জনা ব্যৱস্থাপনা, নৱীকৰণযোগ্য শক্তি আৰু অন্যান্য পৰিষ্কাৰ প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত লক্ষ্যযুক্ত সহযোগিতাৰ বাবে বিভিন্ন ধৰণৰ পৰিৱেশ প্ৰযুক্তি চিনাক্ত কৰে। তেওঁলোকে ৰাজহুৱা আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহক উল্লিখিত খণ্ডসমূহৰ লগতে সহযোগী খণ্ডসমূহত এক সম্প্ৰসাৰিত ব্যস্ততা গঢ়ি তুলিবলৈ এই খণ্ডসমূহত উদ্যোগ আৰু প্ৰকল্পসমূহৰ বাবে বিত্তীয় যোগান ধৰিবলৈ উৎসাহিত কৰে। তেওঁলোকে বহনক্ষম অৰ্থনীতিৰ ক্ষেত্ৰতো ঔদ্যোগিক প্ৰক্ৰিয়া (উদ্যোগ ৪.০)ত ডিজিটেল প্ৰযুক্তিৰ বৰ্ধিত ভূমিকাক স্বীকৃতি দিয়ে।

 

তেওঁলোকে দুয়োখন দেশৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহক পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত, বিশেষকৈ বিজ্ঞান, প্ৰযুক্তি আৰু অভিযান্ত্ৰিক ক্ষেত্ৰত গুৰুত্ব দি ভৱিষ্যতমুখী অংশীদাৰিত্ব গঢ়ি তুলিবলৈ উৎসাহিত কৰে।

 

নাগৰিকৰ মাজত সম্পৰ্ক

 

দুয়োগৰাকী নেতাই সাংস্কৃতিক আদান-প্ৰদানৰ দীঘলীয়া পৰম্পৰা, বিশেষকৈ অষ্ট্ৰিয়াৰ সৈতে জড়িত অষ্ট্ৰিয়াৰ ভাৰতবিদ আৰু ভাৰতৰ আগশাৰীৰ সাংস্কৃতিক ব্যক্তিত্বসকলৰ ভূমিকাৰ প্ৰশংসা কৰে। নেতাদ্বয়ে ‘যোগ আৰু আয়ুৰ্বেদ’ৰ প্ৰতি অষ্ট্ৰিয়ানসকলৰ মাজত সৃষ্টি হোৱা বৰ্ধিত আগ্ৰহৰ বিষয়েও উল্লেখ কৰে। তেওঁলোকে সাংস্কৃতিক সহযোগিতাৰ ক্ষেত্ৰত শেহতীয়াকৈ স্বাক্ষৰিত বুজাবুজি চুক্তিৰ পৰিকাঠামোকে ধৰি সংগীত, নৃত্য, অপেৰা, থিয়েটাৰ, চলচ্চিত্ৰ, সাহিত্য, ক্ৰীড়া আৰু অন্যান্য ক্ষেত্ৰসমূহত অধিক দ্বিপাক্ষিক সাংস্কৃতিক সম্পৰ্ক আগবঢ়াই নিয়াৰ প্ৰচেষ্টাক আদৰণি জনায়।

 

নেতাদ্বয়ে অৰ্থনৈতিক, বহনক্ষম আৰু সামগ্ৰিক বিকাশৰ লগতে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত অধিক বুজাবুজি সৃষ্টিৰ ক্ষেত্ৰত পৰ্যটনৰ ভূমিকাৰ কথা স্বীকাৰ কৰে। তেওঁলোকে বিমানৰ প্ৰত্যক্ষ সংযোগ, দেশ দুখনত পৰস্পৰৰ ভ্ৰমণকাৰীসকলে অতিবাহিত কৰা সময়ৰ ম্যাদ বঢ়োৱা আৰু অন্যান্য পদক্ষেপসমূহকে ধৰি দুয়ো দিশত পৰ্যটকৰ আহ-যাহৰ পৰিসৰ সম্প্ৰসাৰিত কৰিবলৈ একেলগে কাম কৰাৰ বাবে প্ৰাসংগিক সংস্থাসমূহৰ প্ৰচেষ্টাক উৎসাহিত কৰে।

 

বহুপাক্ষিক সহযোগিতা

 

নেতাদ্বয়ে বহুপাক্ষিকতা আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ নীতিৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ ব্যক্ত কৰে। তেওঁলোকে বহুপাক্ষিক মঞ্চসমূহত নিয়মীয়া দ্বিপাক্ষিক পৰামৰ্শ আৰু সমন্বয়ৰ জৰিয়তে এই মৌলিক নীতিসমূহৰ সুৰক্ষা আৰু উদগণি যোগোৱাৰ বাবে একেলগে কাম কৰিবলৈ সন্মত হয়।

 

তেওঁলোকে ‘নিৰাপত্তা পৰিষদ’কে ধৰি ৰাষ্ট্ৰসংঘৰ ব্যাপক সংস্কাৰ সাধনৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে। ভাৰতে ২০২৭-২৮ বৰ্ষৰ বাবে অষ্ট্ৰিয়াৰ ‘ইউএনএছচি প্ৰাৰ্থিত্ব’ৰ প্ৰতি সমৰ্থন ব্যক্ত কৰে, আনহাতে অষ্ট্ৰিয়াই ২০২৮-২৯ বৰ্ষৰ বাবে ভাৰতৰ প্ৰাৰ্থিত্বলৈ সমৰ্থন আগবঢ়ায়।

 

প্ৰধানমন্ত্ৰী মোদীয়ে ‘আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট’ত সদস্য পদ গ্ৰহণৰ বাবে অষ্ট্ৰিয়ালৈ ভাৰতৰ তৰফৰ পৰা আমন্ত্ৰণ জনায়, যি শেহতীয়াকৈ ইয়াৰ ১০০ সংখ্যক সদস্যক আদৰণি জনাই এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণকালত অষ্ট্ৰিয়াৰ চৰকাৰ আৰু জনসাধাৰণে আগবঢ়োৱা আন্তৰিক আতিথ্যৰ বাবে চেঞ্চেলৰ নেহাম্মাৰক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে চেঞ্চেলৰ নেহাম্মাৰক তেওঁৰ সুবিধা অনুসৰি ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়। চেন্সেলৰগৰাকীয়ে এই নিমন্ত্ৰণ আনন্দেৰে গ্ৰহণ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways clears ₹755-crore project to build third line between Champa and Korba

Media Coverage

Indian Railways clears ₹755-crore project to build third line between Champa and Korba
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hails India-UK Comprehensive Economic and Trade Agreement as a historic milestone for bilateral relations
June 17, 2026

The Prime Minister, Shri Narendra Modi, has expressed delight that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15 July 2026.

The Prime Minister said that the agreement will significantly boost bilateral trade and investment.

Shri Modi stated that the agreement will unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

The Prime Minister noted that both he and UK Prime Minister Keir Starmer, who are in Evian for the G7 Summit, are very happy with the significant momentum being added to India-UK economic ties.

The Prime Minister wrote on X;

“A historic milestone for India-UK relations.

Delighted to note that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15th July 2026.

This agreement will significantly boost our bilateral trade and investment.

It will also unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

Both PM Starmer and I, who are in Evian for the G7 Summit, are naturally very happy with the significant momentum being added to our economic ties.

@Keir_Starmer”