ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে  ভিয়েটনামৰ কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভিয়েটনামৰ সমাজবাদী গণৰাজ্যৰ ৰাষ্ট্ৰপতি  মহামহিম শ্ৰীমান টু লামে  ২০২৬ চনৰ ০৫ মে’ৰ পৰা ০৭ মে’লৈ ভাৰত ভ্ৰমণ কৰিছে।শ্ৰীমান টু লামৰ সৈতে ভাৰতলৈ আহিছে ভিয়েটনামৰ  এটা  উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দল। এক শক্তিশালী ব্যৱসায়িক প্ৰতিনিধিৰ দলো ভাৰতলৈ আহিছে।

২০২৬ চনৰ ০৬ মে’ত ৰাষ্ট্ৰপতি ভৱনত ভিয়েটনামৰ কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক, ৰাষ্ট্ৰপতি টু  লামক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। তেওঁ মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাজঘাটত উপস্থিত হয়। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদী আৰু সাধাৰণ সম্পাদক,  ৰাষ্ট্ৰপতি টু লামৰ মাজত দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হয় । ইয়াৰ পিছতে দুয়োগৰাকী নেতাই দ্বিপাক্ষিক নথি-পত্ৰৰ আদান-প্ৰদান কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে আলহী হিচাবে অহা  বিশিষ্ট ব্যক্তিগৰাকীৰ সন্মানাৰ্থে  দুপৰীয়াৰ এক ভোজমেলৰ আয়োজন কৰে।  সাধাৰণ সম্পাদক, ৰাষ্ট্ৰপতি  টু  লামে ভাৰতৰ ৰাষ্ট্ৰপতি  শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাত কৰে। ৰাষ্ট্ৰপতি  শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱেও টু লামৰ সন্মানাৰ্থে এত ভোজমেলৰ আয়োজন কৰে। সাধাৰণ সম্পাদক, ৰাষ্ট্ৰপতি টু লামে ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদত  ভাষণ প্ৰদান কৰে আৰু ভিয়েটনাম - ভাৰত উদ্ভাৱন মঞ্চতো  ভাষণ দিয়ে।

সাধাৰণ সম্পাদক, ৰাষ্ট্ৰপতি টু  লামে ৰাজ্য চৰকাৰ আৰু ব্যৱসায়ীসকলৰ সৈতে মত বিনিময়  কৰিবলৈ  মুম্বাই ভ্ৰমণ কৰাৰ কথা আছে। তাত তেওঁ ভিয়েটনাম-ভাৰত ব্যৱসায়িক মঞ্চত ভাষণ দিয়াৰ কথা।

 

ৰাজনৈতিক

প্ৰধানমন্ত্ৰী মোদী আৰু সাধাৰণ সম্পাদক, ৰাষ্ট্ৰপতি টু লামে উষ্ম তথা  আন্তৰিক পৰিৱেশত দ্বিপাক্ষিক  আলোচনাত মিলিত হয়। তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ  প্ৰক্ৰিয়াটো  পৰ্যালোচনা কৰে আৰু পাৰস্পৰিক স্বাৰ্থৰ সৈতে জৰিত আঞ্চলিক আৰু বিশ্বজোৰা বিষয়সমূহত মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সাধাৰণ সম্পাদক টু লামক ভিয়েটনামৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনায় আৰু তেওঁৰ নেতৃত্বত ভিয়েটনামে উন্নয়নৰ আকাংক্ষাৰ দিশত অবিৰত অগ্ৰগতি অব্যাহত ৰাখিব বুলি আস্থা প্ৰকাশ কৰে। সাধাৰণ সম্পাদক, ৰাষ্ট্ৰপতি টু লামে প্ৰধানমন্ত্ৰী মোদীক ৰাষ্ট্ৰীয় উন্নয়ন, উচ্চ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত উল্লেখযোগ্য কৃতিত্ব আৰু বহুপক্ষীয়তাবাদক শক্তিশালী কৰাৰ বাবে তথা  গ্ল’বেল চাউথৰ সহযোগিতাক প্ৰসাৰিত কৰাৰ  ক্ষেত্ৰত  ভাৰতৰ পদক্ষেপৰ শলাগ লয়।

নেতাদ্বয়ে আঙুলিয়াই দিয়ে যে ভাৰত – ভিয়েটনামৰ সম্পৰ্ক গভীৰ কৰিলে  দুয়োখন দেশৰ লোকসকলৰ বাবে পাৰস্পৰিক লাভ অব্যাহত থাকিব আৰু  এনে পদক্ষেপে নিজ নিজ জাতীয় লক্ষ্য অৰ্থাৎ ভাৰতৰ বিকশিত ভাৰত ২০৪৭ আৰু ভিয়েটনামৰ দৃষ্টিভংগী ২০৪৫ ত উপনীত হোৱাৰ দিশত অৰ্থপূৰ্ণ অৰিহণা যোগাব।

বিশ্ব আৰু আঞ্চলিক পৰিৱেশৰ পৰিৱৰ্তনশীল পৰিৱৰ্তনৰ বিষয়ত আলোচনা  কৰি দুয়োগৰাকী নেতাই পাৰস্পৰিক বিশ্বাস, সন্মান,ভিন্ন  ক্ষেত্ৰত বুজাবুজি, ভাগ-বাটোৱাৰা  কৰা দৃষ্টিভংগী আৰু ফলপ্ৰসূ সহযোগিতাৰ বিষয়ত জোৰ দিয়ে ।  তেওঁলোকে ‘ভাগ-বাটোৱাৰা  কৰা দৃষ্টিভংগী, কৌশলগত অভিসৰণ, বস্তুনিষ্ঠ সহযোগিতা’ৰ মনোভাৱেৰে দ্বিপাক্ষিক সম্পৰ্কক বৰ্ধিত কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ বিষয়ত  সহমতত উপনীত হয়। ইয়াৰ ফলত বিশাল সদিচ্ছাক আৰু অধিক স্পষ্ট ফলাফললৈ ৰূপান্তৰিত কৰা সম্ভৱ হৈ পৰিব।

তেওঁলোকে২০২৬ চনত ভাৰত- ভিয়েটনাম ব্যাপক কৌশলগত অংশীদাৰিত্বৰ দশম বৰ্ষপূৰ্তি  অনুষ্ঠানটো সুন্দৰভাবে  উদযাপন কৰিবলৈ সন্মত হয়। বিগত দশকত দ্বিপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰত লাভ কৰা উল্লেখযোগ্য অগ্ৰগতিক আদৰণি জনাই দুয়োপক্ষই ২০২৪ চনৰ আগষ্ট মাহত ভাৰত আৰু ভিয়েটনামৰ মাজত সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ যৌথ বিবৃতি, শান্তি, সমৃদ্ধি আৰু জনসাধাৰণৰ বাবে ভাৰত-ভিয়েটনাম যুটীয়া দৃষ্টিভংগী, ২০২০কে ধৰি শেহতীয়া বছৰবোৰত উচ্চ পৰ্যায়ৰ আলোচনা আৰু ভ্ৰমণৰ ফলাফলৰ ফলপ্ৰসূ ৰূপায়ণ অব্যাহত ৰাখিবলৈ সন্মত হয় । নেতৃত্ব পৰ্যায়কে ধৰি সকলো স্তৰতে নিয়মীয়াকৈ যোগাযোগ বজাই ৰাখিবলৈও নেতাদ্বয়ে সন্মতি প্ৰকাশ কৰে।  ভাৰত-ভিয়েটনাম সংসদীয় বন্ধুত্ব গোটৰ সংবিধান সন্দৰ্ভত মত-বিনিময় কৰি নেতাদ্বয়ে  দুয়োখন দেশৰ বিধায়িনী দলৰ মাজত সহযোগিতা বৃদ্ধি তথা আন্তঃসংসদীয় সংঘ আৰু আছিয়ান আন্তঃসংসদীয় বিধানসভাকে ধৰি বহুপক্ষীয় মঞ্চত দুয়োপক্ষৰ সংসদীয় প্ৰতিনিধি দলৰ মাজত ঘনিষ্ঠ সমন্বয় অব্যাহত ৰখাৰ বিষয়টোক  আদৰণি জনায়।

নেতাদ্বয়ে  স্বীকাৰ কৰে যে সহযোগিতাৰ একাধিক খণ্ডত বৰ্তমানৰ প্ৰতিষ্ঠানিক ব্যৱস্থাৰ অধীনত নিয়মীয়া আলোচনা আৰু আদান-প্ৰদানৰ ফলত বিশ্বাস গভীৰ হৈছে তথা  পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাইছে। এই সন্দৰ্ভত তেওঁলোকে এই কথাত একমত হয় যে ৰাজনৈতিক পৰামৰ্শ আৰু কৌশলগত আলোচনা; অৰ্থনৈতিক, বাণিজ্য, বৈজ্ঞানিক সহযোগিতাৰ যুটীয়া আয়োগৰ বৈঠক ভাৰত-ভিয়েটনাম সম্পৰ্কৰ মূল স্তম্ভ হৈয়েই আছে।

এই ব্যৱস্থাসমূহৰ অধীনত বিশেষকৈ প্ৰতিৰক্ষা, নিৰাপত্তা সামুদ্ৰিক ক্ষেত্ৰ, বাণিজ্য আৰু বিনিয়োগ, কৃষি, স্বাস্থ্য, আইচিটি, চাইবাৰ, বিজ্ঞান আৰু প্ৰযুক্তি, মহাকাশ আৰু পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত বৈঠক নিয়মীয়াকৈ আহ্বান কৰাতো নেতাসকলে একমত প্ৰকাশ কৰে। দুয়োপক্ষই কৌশলগত কূটনীতি - প্ৰতিৰক্ষা আলোচনা (২+২) স্থাপনৰ বাবে আগ্ৰহী।

নেতাদ্বয়ে ২০২৪ – ২০২৮ চনৰ বাবে ভাৰত আৰু ভিয়েটনামৰ মাজত থকা কাৰ্য্য পৰিকল্পনা আৰু এই যৌথ বিবৃতিৰ ফলপ্ৰসূ ৰূপায়ণ ত্বৰান্বিত কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে।

অৰ্থনৈতিক, বাণিজ্যিক আৰু বিনিয়োগ

দুই দেশৰ মাজৰ  বাণিজ্য, বিনিয়োগ আৰু প্ৰযুক্তিগত অংশীদাৰিত্ব বৃদ্ধিৰ বাবে চৰকাৰ আৰু ব্যৱসায়িক পৰ্যায়ত দুয়োখন দেশৰ  অৰ্থনীতিৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ বাবে দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে। যোৱা ১০ বছৰত দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য কৰি নেতাদ্বয়ে  ইয়াক সুষম আৰু পাৰস্পৰিকভাৱে লাভজনকভাৱে অধিক বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়তো  গুৰুত্ব আৰোপ কৰে আৰু ২০৩০ চনৰ ভিতৰত ২৫ বিলিয়ন মাৰ্কিন ডলাৰৰ নতুন বাণিজ্যিক লক্ষ্যত উপনীত হোৱাৰ কথাত  সন্মতি প্ৰকাশ কৰে।

তেওঁলোকে সিদ্ধান্ত লয় যে দুয়োপক্ষই নিজ নিজ দেশৰ কৃষিজাত সামগ্ৰীকে ধৰি বজাৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব। ভাৰতীয় আঙুৰ আৰু ভিয়েটনামী ডুৰিয়ানৰ বজাৰত প্ৰৱেশৰ অনুমতি দিয়াৰ সিদ্ধান্তক তেওঁলোকে আদৰণি জনায়। ভাৰতীয় ডালিম আৰু ভিয়েটনামী প’মেলোৰ বজাৰত প্ৰৱেশ ক্ষিপ্ৰ কৰিবলৈও সন্মত হয়, ক্ষিপ্ৰ দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে কাৰিকৰী সমস্যাসমূহ ক্ষিপ্ৰতাৰে সমাধান কৰিবলৈও তেওঁলোক সন্মত হয়।

দুয়োপক্ষই পাৰস্পৰিক স্বাৰ্থ জৰিত হৈ থকা খণ্ডত যোগান শৃংখল বৃদ্ধিৰ বাবে সন্মতি প্ৰকাশ কৰে। ভিয়েটনামে নিজৰ যোগানৰ উৎসৰ বৈচিত্ৰ্যতা আৰু ঘৰুৱা উৎপাদন আৰু ৰপ্তানিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ভাৰতৰ পৰা অধিক সামগ্ৰী আমদানি কৰাৰ প্ৰতিশ্ৰুতি দৃঢ় কৰে। দুয়োপক্ষই মান  অনুসৰণ প্ৰমাণপত্ৰকে ধৰি দুয়োখন দেশৰ কোম্পানীসমূহৰ বাবে সহজে ব্যৱসায় কৰাৰ সুবিধাৰ অৰ্থে অধিক অনুকূল নিয়ন্ত্ৰণ পৰিৱেশৰ উপায় অন্বেষণ কৰিবলৈ  সন্মত হয়। তেওঁলোকে দ্বিপাক্ষিক প্ৰতিষ্ঠানিক ব্যৱস্থাৰ অধীনত পাৰস্পৰিক উদ্বেগ সমাধানৰ বাবে গঠনমূলক আলোচনা অব্যাহত ৰখাৰ বিষয়ত আলোকপাত কৰে।

আছিয়ান ইণ্ডিয়া ট্ৰেড ইন গুডছ এগ্ৰিমেণ্ট (আইটিগা)ৰ চলি থকা পৰ্যালোচনা অতি সোনকালে সমাপ্ত হ’ব লাগে বুলি নেতাদ্বয়ে একমত প্ৰকাশ কৰে। তেওঁলোকে এই কথাত একমত প্ৰকাশ কৰে যে ইয়াৰ ফলত হোৱা চুক্তিখন পাৰস্পৰিকভাৱে উপকাৰী, বাণিজ্যিক সুবিধাজনক আৰু বৰ্তমানৰ বিশ্বব্যাপী বাণিজ্যিক পদ্ধতিৰ সৈতে প্ৰাসংগিক হ’ব লাগে। বিশেষকৈ উচ্চ প্ৰযুক্তি, পৰিবহণ, উৎপাদন, লজিষ্টিক, নবীকৰণযোগ্য শক্তি, স্মাৰ্ট কৃষি, বৈদ্যুতিক বাহন আৰু তথ্য প্ৰযুক্তি, স্বাস্থ্যসেৱা, কৃষি আৰু কৃষি প্ৰক্ৰিয়াকৰণ, জলজ কৃষি, পৰ্যটন আৰু আতিথ্য আদিৰ ক্ষেত্ৰত ভাৰত - ভিয়েটনামৰ অৰ্থনৈতিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে অধিক দ্বিদেশীয়  বিনিয়োগক উৎসাহিত কৰিবলৈ  নেতাদ্বয়ে  সন্মত হয়। দুয়োখন দেশৰ ষ্টাৰ্টআপ ইক’চিষ্টেমৰ মাজত সংযোগ শক্তিশালী কৰাৰ লগতে উদ্ভাৱন কেন্দ্ৰসমূহৰ মাজত গুৰুত্বপূৰ্ণ সহযোগিতাক উৎসাহিত কৰাৰ বাবেও তেওঁলোকে সন্মতি প্ৰকাশ কৰে।

তেল আৰু গেছ অন্বেষণৰ ক্ষেত্ৰত ভাৰত আৰু ভিয়েটনামৰ মাজত দশক দশক ধৰি থকা পুৰণি প্ৰতিষ্ঠানিক সংযোগক প্ৰশংসা কৰি এই খণ্ডত পাৰস্পৰিকভাৱে লাভজনক সহযোগিতাক স্বীকৃতি দিয়ে ।  নেতাদ্বয়ে  ভিয়েটনামী আইন আৰু আন্তঃৰাষ্ট্ৰীয় আইন, বিশেষকৈ ১৯৮২ ইউএনচিএলঅ’এছ অনুসৰি ভাৰতীয় কোম্পানীসমূহে অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী নতুন কূপৰ বিকাশকে ধৰি অন্বেষণ আৰু উৎপাদন কাৰ্য্যকলাপ আৰু অধিক বৃদ্ধি কৰিবলৈ সন্মত হয়।

ই-কমাৰ্চ আৰু ডিজিটেল অৰ্থনীতিৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ কথা  স্বীকাৰ কৰি নেতাদ্বয়ে এই ক্ষেত্ৰসমূহত সহযোগিতা শক্তিশালী কৰিবলৈ সন্মত হয়, তেওঁলোকৰ বৃদ্ধিৰ সমৰ্থনত সক্ষমকাৰী নিয়ম আৰু নীতি প্ৰস্তুত কৰাৰ অভিজ্ঞতাৰ বৰ্ধিত ভাগ-বাটোৱাৰাৰ জৰিয়তে অধিক  ব্যৱসায়, বিশেষকৈ এমএছএমইসমূহক ই-কমাৰ্চত অংশগ্ৰহণ কৰি আঞ্চলিক তথা বিশ্ব মূল্য শৃংখলত বহনক্ষমভাৱে একত্ৰিত হ’বলৈ সন্মত হয়।

স্বাস্থ্য

স্বাস্থ্য খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ বাবে নেতাদ্বয়ে নিজৰ দায়বদ্ধতাৰ কথা  পুনৰ দৃঢ় কৰে। ভাৰতীয় ঔষধ উদ্যোগে লাভ কৰা অগ্ৰগতিৰ কথা  স্বীকাৰ কৰি দুয়োপক্ষই ২০২৭ চনৰ পৰা ভিয়েটনামী জনস্বাস্থ্যসেৱাৰ সুবিধাসমূহৰ বাবে ঔষধ ক্ৰয়ৰ ক্ষেত্ৰত ভাৰতীয় কোম্পানীসমূহৰ সম্ভাৱ্য অংশগ্ৰহণৰ উপায় বিচাৰি উলিয়াবলৈ সন্মত হয়। প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ কথা  স্বীকাৰ কৰি তেওঁলোকে স্বাস্থ্য খণ্ডত এআইৰ প্ৰয়োগকে ধৰি স্বাস্থ্যসেৱাৰ ডিজিটেল ৰূপান্তৰত সহযোগিতাক উৎসাহিত কৰে।

দুয়োখন দেশৰ পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ দীৰ্ঘ ইতিহাস আৰু চহকী ঐতিহ্যৰ প্ৰতি লক্ষ্য ৰাখি নেতাসকলে জ্ঞান, গৱেষণা আৰু উত্তম পদ্ধতিৰ বিনিময়ক প্ৰসাৰিত কৰাৰ লগতে ঘনিষ্ঠ প্ৰতিষ্ঠানিক সংযোগক উৎসাহিত কৰিবলৈ সন্মত হয়। তেওঁলোকে পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ বুজাবুজি চুক্তি আৰু ভিয়েটনামৰ আয়ুৰ্বেদত শৈক্ষিক  আসন স্থাপনৰ প্ৰস্তাৱিত বুজাবুজি চুক্তি সম্পূৰ্ণ কৰাৰ দিশত হোৱা অগ্ৰগতিক আদৰণি জনায়।

প্ৰতিৰক্ষা আৰু নিৰাপত্তা

নেতাদ্বয়ে পুনৰ দৃঢ়তাৰে কয় যে প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা ভাৰত- ভিয়েটনাম সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ এক মূল স্তম্ভ। তেওঁলোকে ২০৩০ চনৰ দিশত ভাৰত-ভিয়েটনাম প্ৰতিৰক্ষা অংশীদাৰিত্বৰ যুটীয়া দৃষ্টিভংগী বিবৃতিৰ ফলপ্ৰসূ ৰূপায়ণৰ প্ৰশংসা কৰে, যিয়ে দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান প্ৰতিৰক্ষা সম্পৰ্কক পথ প্ৰদৰ্শন কৰি আছে।

নেতাদ্বয়ে প্ৰতিৰক্ষা নীতিৰ আলোচনা, যৌথ অনুশীলন, কৰ্মচাৰীৰ আলোচনা, যৌথ গৱেষণা আৰু নতুন প্ৰতিৰক্ষা প্ৰযুক্তিৰ সহ-উৎপাদন, নৌসেনাৰ জাহাজ ,শান্তিৰক্ষাৰ কাৰ্য্যকলাপ, তথ্য বিনিময়, জলবিজ্ঞান, প্ৰতিৰক্ষা প্ৰদৰ্শনী, সামৰ্থ্য বিকাশ, প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা, সামুদ্ৰিক নিৰাপত্তা, সামুদ্ৰিক সুৰক্ষা, আৰু দুয়োখন দেশৰ পাৰস্পৰিক স্বাৰ্থ আৰু অগ্ৰাধিকাৰৰ ওপৰত ভিত্তি কৰি অনুসন্ধান আৰু উদ্ধাৰ অভিযান, যিয়ে  ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত অধিক স্থিতিশীলতাতো অৰিহণা যোগাব পাৰে বুলি কয়। লগতে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা ব্যৱস্থাৰ ক্ৰয় বৃদ্ধি কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰে।

 

নেতাদ্বয়ে ভিয়েটনামৰ বাবে ভাৰতে প্ৰদান কৰা ডিফেন্স লাইন অৱ ক্ৰেডিট ৰূপায়ণৰ ক্ষেত্ৰত অবিৰত অগ্ৰগতিক আদৰণি জনায়, যিয়ে ভিয়েটনামৰ প্ৰতিৰক্ষা ক্ষমতা শক্তিশালী কৰাত আৰু দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাক আগুৱাই নিয়াত অৰিহণা যোগাইছে।

নেতাদ্বয়ে  মিউচুৱেল লজিষ্টিকছ ছাপৰ্ট এগ্ৰিমেণ্টকে ধৰি দ্বিপাক্ষিক প্ৰতিৰক্ষা চুক্তিসমূহ ৰূপায়ণত সন্তুষ্টি প্ৰকাশ কৰে; ছাবমেৰিন অনুসন্ধান আৰু উদ্ধাৰ কাৰ্যৰ  সমৰ্থন তথা সহযোগিতাৰ চুক্তিৰ স্মাৰকপত্ৰ; প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্য পত্ৰক আদৰণি জনায়।

২০২৫ চনৰ মে’ মাহত ভিয়েটনামৰ উপকূলৰ ওচৰত দুয়োখন দেশৰ  নৌসেনাৰ উদ্বোধনী যৌথ হাইড্ৰ’গ্ৰাফিক জৰীপক আদৰণি জনাই ভৱিষ্যতেও নিয়মীয়াকৈ অনুৰূপ অনুশীলন চলাবলৈ সন্মত হয়।

ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা (আই টি ই চি) কাৰ্যসূচীৰ অধীনত ভিয়েটনামী প্ৰতিৰক্ষা কৰ্মীসকলৰ বাবে ভাৰতে টেলিকমিউনিকেচন বিশ্ববিদ্যালয় (টি চি ইউ), নৌ একাডেমী, এয়াৰফৰ্চ কলেজ, হা ট্ৰাঙত ভাৰতীয় সেনা, নৌসেনা, আৰু বায়ুসেনাৰ প্ৰশিক্ষণ দলৰ জৰিয়তে সামৰ্থ্য বিকাশৰ দিশত আগবঢ়োৱা প্ৰশিক্ষণৰ শলাগ লয়; টিচিইউ, হা  ট্ৰাঙত সেনা চফটৱেৰ পাৰ্ক স্থাপনৰ বাবে ভাৰতে  সমৰ্থন দিছে। ২০২৭ - ২০৩০ চক্ৰৰ বাবে আছিয়ান প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠক-লগতে বিশেষজ্ঞৰ কাৰ্য্যগোষ্ঠী (এডিএমএম-প্লাছ ইডব্লিউজি)ৰ  দুয়োখন দেশে সহ-অধ্যক্ষতা কৰাৰ কথাক  নেতাদ্বয়ে  আদৰণি জনায় ।

ভাৰতৰ আইন আৰু ন্যায় মন্ত্ৰালয় তথা  ভিয়েটনামৰ ন্যায় মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তি কাৰ্যকৰী ৰূপায়ণৰ জৰিয়তে দুয়োখন দেশৰ মাজত আইনী আৰু ন্যায়িক ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে নেতাসকলে সন্মতি প্ৰকাশ কৰে।

উভয় পক্ষই ভিয়েটনামৰ জননিৰাপত্তা মন্ত্ৰালয় আৰু ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয়ৰ মাজত সহযোগিতা গভীৰ কৰি তুলিবলৈ সহমতত উপনীত হয় যাতে ভাগ-বাটোৱাৰা কৰা লক্ষ্যসমূহ বাস্তৱায়িত কৰিব পৰা যায়। তেওঁলোকে লগতে  অধিক তথ্যৰ বিনিময়, চাইবাৰ সুৰক্ষা, সন্ত্ৰাসবাদ বিৰোধী আৰু উচ্চ প্ৰযুক্তিৰ অপৰাধ, আন্তঃৰাষ্ট্ৰীয় অপৰাধ, ধন সৰবৰাহৰ আৰু অনলাইন কেলেংকাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰিবলৈ সন্মত হয়। ইয়াৰ উপৰি দুয়োপক্ষই ভাৰত-ভিয়েটনাম নিৰাপত্তা আলোচনাকে ধৰি বৰ্তমানৰ সহযোগিতা ব্যৱস্থাসমূহ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰাৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে।

নেতাদ্বয়ে  প্ৰথম ভাৰত - ভিয়েটনাম চাইবাৰ নীতি আলোচনাৰ সফল আহ্বানক আদৰণি জনায়, য’ত দুয়োপক্ষই চাইবাৰ নীতিৰ শেহতীয়া উন্নয়নৰ ওপৰত মত বিনিময় কৰে, চাইবাৰ ভাবুকিৰ পৰিৱেশ পৰ্যালোচনা কৰে, দ্বিপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰসমূহ চিনাক্ত কৰে, আৰু আইচিটি বিষয়সমূহৰ ওপৰত বহুপক্ষীয় মঞ্চত যৌথ সামৰ্থ্য বিকাশৰ কাৰ্যকলাপ আৰু সহযোগিতাৰ বিষয়ে আলোচনা কৰে।

আইন প্ৰয়োগকাৰী বিষয়াসকলৰ বাবে প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি, পেছাদাৰী প্ৰশিক্ষণ, বিদেশী ভাষাৰ প্ৰশিক্ষণ, চাইবাৰ সুৰক্ষাৰ কাণ্ডৰ প্ৰতি সঁহাৰি জনোৱাৰ দক্ষতা, ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা  আৰু অন্যান্য সহযোগিতা কাৰ্য্যকলাপৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাকে ধৰি নানান বিষয়ত দুয়োপক্ষই সহমতত উপনীত হয়।

সামুদ্ৰিক কাৰ্যকলাপ

ভাৰত আৰু ভিয়েটনাম সহস্ৰাব্দ পুৰণি আদান-প্ৰদানৰ ইতিহাস থকা সামুদ্ৰিক দেশ বুলি স্বীকাৰ কৰি নেতাদ্বয়ে  সামুদ্ৰিক ক্ষেত্ৰ  তেওঁলোকৰ সহযোগিতাৰ অন্যতম মূল স্তম্ভ হিচাপে গুৰুত্ব আৰোপ কৰে আৰু দুয়োপক্ষৰ মাজত সামুদ্ৰিক সহযোগিতা বৃদ্ধিৰ আহ্বান জনায়। তেওঁলোকে উল্লেখ কৰে যে দ্বিপাক্ষিক সামুদ্ৰিক নিৰাপত্তা আলোচনাই পাৰস্পৰিক আস্থা আৰু নিজ নিজ উদ্বেগৰ বিষয়ে উন্নত বুজাবুজিৰ পোষকতা কৰিছে আৰু নিয়মিতভাৱে ইয়াক আহ্বান কৰাৰ গুৰুত্বৰ বিষয়ত  আলোকপাত কৰে। সামুদ্ৰিক ক্ষেত্ৰত সজাগতাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে ভাৰতৰ গুৰুগ্ৰামত থকা তথ্য সংযোজন কেন্দ্ৰ – ভাৰত মহাসাগৰ অঞ্চল (আই এফ চি-আই অ’ আৰ)ত আন্তঃৰাষ্ট্ৰীয় যোগাযোগ বিষয়া নিযুক্তি দিয়াৰ বাবে ভাৰতক ধন্যবাদ জনায়  ভিয়েটনামে। প্ৰধানমন্ত্ৰী মোদীয়ে ভিয়েটনামে ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপ (আই পি অ’ আই)ত যোগদান কৰাৰ কথাক  আদৰণি জনায় আৰু সেই কাঠামোৰ অধীনত সহযোগিতা বৃদ্ধিৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। ভিয়েটনামে আইপিঅ’আইৰ পৰিকাঠামোৰ ভিতৰত ভাৰত আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে সমন্বয় অব্যাহত ৰাখিব, একে সময়তে আইপিঅ’আই আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় (এঅ’আইপি)ৰ ওপৰত আছিয়ান দৃষ্টিভংগীৰ মাজত অধিক সহযোগিতা গঢ়ি তুলিব তথা আছিয়ান-ভাৰত সামুদ্ৰিক সহযোগিতাৰ বছৰ ২০২৬ত গুৰুত্বপূৰ্ণ সহযোগিতাৰ প্ৰসাৰ ঘটাব।

দুয়োগৰাকী  নেতাই সাগৰ পৰ্যবেক্ষণ মঞ্চ, তথ্য ব্যৱস্থাপনা, সাগৰৰ ভৱিষ্যদ্বাণী আৰু সেৱা, সামৰ্থ্য বিকাশ আৰু সামুদ্ৰিক বৈজ্ঞানিক গৱেষণাৰ দৰে ক্ষেত্ৰকে ধৰি সাগৰবিজ্ঞানৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰিবলৈ সন্মত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে পেংগাছিয়াছৰ প্ৰজনন আৰু কৃষিৰ সুবিধা স্থাপন আৰু ভাৰতত মাছেলৰ প্ৰজনন তথা ক্ৰয় সক্ষম কৰাৰ ক্ষেত্ৰত ভিয়েটনামৰ সৈতে সহযোগিতাক আদৰণি জনায়।

বিজ্ঞান আৰু প্ৰযুক্তি, গুৰুত্বপূৰ্ণ তথা  উদীয়মান প্ৰযুক্তিকে ধৰি

নেতাসকলে ডিজিটেল প্ৰযুক্তিৰ তাৎপৰ্য পুনৰাবৃত্তি কৰি ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু ভিয়েটনামৰ ষ্টেট বেংকৰ মাজত বিত্তীয় উদ্ভাৱন আৰু ডিজিটেল পেমেণ্ট সম্পৰ্কীয় বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাক আদৰণি জনায়। তেওঁলোকে কিউআৰ ক’ডৰ জৰিয়তে খুচুৰা পেমেণ্ট প্লেটফৰ্মৰ প্ৰচাৰ কৰিবলৈ সন্মত হয় যিয়ে দুয়োপক্ষৰ পৰ্যটন আৰু ব্যৱসায়ত সহায় কৰিব।

ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, ৬জি, কৃত্ৰিম বুদ্ধিমত্তা, মহাকাশ আৰু পাৰমাণৱিক প্ৰযুক্তি, সামুদ্ৰিক বিজ্ঞান, জৈৱ প্ৰযুক্তি, ঔষধ, উন্নত সামগ্ৰী আৰু গুৰুত্বপূৰ্ণ  খনিজ পদাৰ্থৰ দৰে গুৰুত্বপূৰ্ণ  তথা উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত অধিক সহযোগিতা আৰু অংশীদাৰিত্বৰ সুবিধা প্ৰদান কৰিবলৈ নেতাদ্বয়ে  সন্মতি প্ৰকাশ কৰে। সহযোগিতাই যৌথ গৱেষণা, অনুসন্ধান আৰু বিকাশ কেন্দ্ৰ, আৰু পণ্য বিকাশৰ দৰে ব্যৱহাৰিক পদক্ষেপক পাৰস্পৰিকভাৱে উপকৃত কৰিব বুলি সহমত ব্যক্ত কৰে।

নেতাদ্বয়ে  নিজ নিজ জলবায়ু, বহনক্ষম উন্নয়নৰ লক্ষ্য আৰু শক্তি পৰিৱৰ্তনৰ অগ্ৰাধিকাৰ স্বীকাৰ কৰি স্বচ্ছ আৰু নবীকৰণযোগ্য শক্তিৰ লগতে জলবায়ু আৰু দুৰ্যোগ প্ৰতিৰোধী প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে সন্মত হয়। এই ক্ষেত্ৰত মিছন লাইফ (পৰিৱেশৰ বাবে জীৱনশৈলী) আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট (আই এছ এ)ৰ দৰে প্ৰতিষ্ঠানৰ প্ৰাসংগিকতাক তেওঁলোকে স্বীকাৰ কৰে। গ্ল’বেল বায়’ফুৱেলছ এলায়েন্স (জিবিএ)ত যোগদানৰ বাবে ভিয়েটনামৰ আগ্ৰহক ভাৰতে আদৰণি জনায়। দুৰ্যোগৰ আশংকা হ্ৰাস আৰু স্থিতিস্থাপকতাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰসাৰৰ ক্ষেত্ৰত ক’লিচন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ (চিডিআৰআই)ৰ গুৰুত্বও স্বীকাৰ কৰে নেতাদ্বয়ে । তেওঁলোকে স্মাৰ্ট কৃষি, বহনক্ষম পানী ব্যৱস্থাপনা, আৰু বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ডিজিটেল আৰু উন্নত প্ৰযুক্তি প্ৰয়োগৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ বিষয়টোক  উৎসাহিত কৰে।

নেতাদ্বয়ে পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ ক্ষেত্ৰত চলি থকা সহযোগিতাক সন্তুষ্টিৰে লক্ষ্য কৰে আৰু  পাৰমাণৱিক শক্তি সম্পৰ্কীয় চতুৰ্থ ভাৰত-ভিয়েটনাম যুটীয়া সমিতিৰ বৈঠকৰ পৰা উদ্ভৱ হোৱা  সহযোগিতাৰ মনোভাবক তীব্ৰতৰ কৰিবলৈ সন্মত হয়। ভাৰতে নিজৰ পাৰমাণৱিক শক্তি খণ্ডত অংশগ্ৰহণৰ বাবে ভিয়েটনামৰ আমন্ত্ৰণৰ শলাগ লয় । ভিয়েটনামে কোবাল্ট-৬০ যোগান ধৰাৰ বাবে ভাৰতক ধন্যবাদ জনায় আৰু দুয়োপক্ষই ভিয়েটনামলৈ যোগান অব্যাহত ৰখাৰ বাবে পদ্ধতিসমূহ অন্বেষণ কৰিবলৈ সন্মত হয়।

তেওঁলোকে ভিয়েটনামত আছিয়ান-ভাৰত ট্ৰেকিং, ডাটা ৰিচেপচন ষ্টেচন আৰু ডাটা প্ৰচেছিং সুবিধা স্থাপনৰ দিশত হোৱা অগ্ৰগতিৰ কথা উল্লেখ কৰে। ভিয়েটনামে প্ৰকল্পটো সোনকালে সম্পূৰ্ণ কৰাৰ বাবে নিজৰ পক্ষৰ পৰা  বাকী থকা প্ৰক্ৰিয়াসমূহ ক্ষিপ্ৰ কৰাৰ বাবে সন্মত হয়।

ভাৰত চৰকাৰৰ আই আৰ ই এল (ইণ্ডিয়া) লিমিটেড আৰু ভিয়েটনাম চৰকাৰৰ ইনষ্টিটিউট ফৰ টেকন’লজি অৱ ৰেডিঅ’এক্টিভ এণ্ড ৰেয়াৰ এলিমেণ্টছ, ভিয়েটনাম চৰকাৰৰ মাজত ৰেয়াৰ আৰ্থ সম্পদৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা সম্পৰ্কে বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাক নেতাদ্বয়ে  আদৰণি জনায় আৰু ইয়াৰ আগতীয়া আৰু সম্পূৰ্ণ ৰূপায়ণৰ  বিষয়ত  গুৰুত্ব আৰোপ কৰে।

 

উন্নয়নৰ অংশীদাৰিত্ব

নেতাদ্বয়ে  মেকং-গংগা সহযোগিতা কাঠামোৰ অধীনত দ্ৰুত প্ৰভাৱ প্ৰকল্প (কিউআইপি), আইটিইচি কাৰ্যসূচী, আৰু শৈক্ষিক বৃত্তিৰ ভিত্তিত দুয়োখন দেশৰ মাজত বিস্তৃত আৰু প্ৰভাৱশালী উন্নয়নমূলক অংশীদাৰিত্বৰ প্ৰশংসা কৰে। তেওঁলোকে ভিয়েটনামৰ ৩৪খন প্ৰদেশৰ ভিতৰত ৩২খন প্ৰদেশত ভাৰতৰ সমৰ্থনৰ জৰিয়তে ৬৬টা কিউআইপি ৰূপায়ণৰ কথা  সন্তুষ্টিৰে লক্ষ্য কৰে, যিবোৰে স্থানীয় চৰকাৰ আৰু সম্প্ৰদায়সমূহৰ পৰা তৃণমূল পৰ্যায়ৰ আৰ্থ-সামাজিক প্ৰভাৱৰ বাবে ব্যাপক প্ৰশংসা লাভ কৰিছে।

নেতাদ্বয়ে  ভাৰতৰ আইটিইচি কাৰ্যসূচী দ্বিপাক্ষিক উন্নয়ন সহযোগিতাৰ এক মূল স্তম্ভ বুলি আলোকপাত কৰে। ভিয়েটনামে আইটিইচি কাৰ্যসূচীৰ জৰিয়তে ভিয়েটনামী বিষয়াসকলৰ সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত ভাৰতৰ শক্তিশালী আৰু অবিৰত সমৰ্থনৰ বাবে তেওঁলোকৰ প্ৰয়োজনীয়তা অনুসৰি বিশেষ প্ৰশিক্ষণ পাঠ্যক্ৰমৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু পণ্ডিতসকলৰ বাবে আইচিচিআৰৰ বৃত্তিৰ বাবে প্ৰশংসাৰ ওপৰত আলোকপাত কৰে।

 

নেতাসকলে দুয়োখন দেশৰ বিশ্ববিদ্যালয়, থিংক টেংক আৰু অন্যান্য প্ৰতিষ্ঠানৰ মাজত বৃহত্তৰ ছাত্ৰ, অধ্যাপক আৰু গৱেষণামূলক আদান-প্ৰদানক উৎসাহিত কৰে। ভাৰতীয় নালন্দা বিশ্ববিদ্যালয় আৰু হো চি মিন নেচনেল একাডেমী অৱ পলিটিক্সৰ মাজত হোৱা বুজাবুজি চুক্তিক আদৰণি জনায়।

 

সংস্কৃতি, পৰ্যটন সহযোগিতা আৰু মানুহৰ মাজত আদান-প্ৰদান

 

ভিয়েটনামে ২০২৫ চনৰ মে’-জুন মাহৰ ভিতৰত ভগৱান বুদ্ধৰ পবিত্ৰ ধ্বংসাৱশেষসমূহ প্ৰকাশৰ বাবে ভিয়েটনামলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত ভাৰতে কৰা ইংগিতৰ বাবে গভীৰ শলাগ লয়।নেতাসকলে স্বীকাৰ কৰে যে পবিত্ৰ ধ্বংসাৱশেষৰ প্ৰতি ভিয়েটনামী জনসাধাৰণৰ গভীৰ সঁহাৰিয়ে দুয়োখন দেশৰ মাজত গভীৰ সভ্যতাৰ  বান্ধোন, আধ্যাত্মিক ঐতিহ্যৰ ভাগ আৰু চিৰস্থায়ী বন্ধুত্ব প্ৰতিফলিত কৰে।

নেতাদ্বয়ে  স্বীকাৰ কৰে যে পৰ্যটন হৈছে জনসাধাৰণৰ সম্পৰ্ক আৰু অৰ্থনৈতিক বিকাশৰ এক মূল চালিকা শক্তি। তেওঁলোকে পৰ্যটনৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাক আদৰণি জনাই সাংস্কৃতিক আৰু ঐতিহ্য, চিকিৎসা আৰু সুস্থতা পৰ্যটনকে ধৰি বহনক্ষম আৰু সৰ্বাংগীনভাৱে দুমুখীয়া পৰ্যটনৰ বৃদ্ধিৰ বাবে উৎসাহিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভিয়েটনামৰ পৰ্যটক আৰু তীৰ্থযাত্ৰীক ভাৰতৰ বৌদ্ধ চাৰ্কিট ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায়। দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ বিমান সেৱা বৃদ্ধি পোৱাৰ কথাক  আদৰণি জনাই তেওঁলোকে তেওঁলোকৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষক বিমান সংযোগ বৃদ্ধিৰ বিষয়ে আলোচনা কৰিবলৈ উৎসাহিত কৰে।

নেতাদ্বয়ে  ২০২৬ - ২০৩০ বৰ্ষৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচীত স্বাক্ষৰিত হোৱাক আদৰণি জনাই সাংস্কৃতিক বিনিময় আৰু জনসাধাৰণৰ মাজত সংযোগক অধিক প্ৰসাৰিত কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে।

দুয়োখন দেশৰ মাজত সভ্যতাৰ  গভীৰ  বান্ধোনৰ আঁত ধৰি নেতাদ্বয়ে বৌদ্ধ পণ্ডিত, সন্ন্যাসী, তীৰ্থযাত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত ভাবৰ  অধিক আদান-প্ৰদানৰ বিষয়টোক  উৎসাহিত কৰে। ভিয়েটনামে  মাই ছন ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ সংৰক্ষণৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা তথা  ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপে এ, এইচ আৰু কে ব্লকত কৰা পুনৰুদ্ধাৰ তথা  সংৰক্ষণৰ কামৰ লগতে ই এণ্ড এফ ব্লকত চলি থকা কাম আৰু ভিয়েটনামৰ ডাক লাক প্ৰদেশৰ হান টাৱাৰ প্ৰকল্পৰ শলাগ লয়।

ভাৰতে ভিয়েটনামৰ বহু সংখ্যক চহৰ আৰু প্ৰদেশত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাৰ্ষিক আয়োজনৰ বাবে ভিয়েটনামৰ সহায়ৰ শলাগ লয়। দুয়োখন দেশৰ যোগ প্ৰতিষ্ঠানসমূহৰ মাজত অধিক সহযোগিতাৰ বাবে নেতাদ্বয়ে  সমৰ্থন প্ৰকাশ কৰে। দুয়োখন দেশৰ মাজত সাংস্কৃতিক আদান-প্ৰদান বৃদ্ধি কৰাৰ লগতে ডা নাং বিশ্ববিদ্যালয় আৰু সমাজ বিজ্ঞান আৰু মানৱীয় বিশ্ববিদ্যালয়ত ভাৰত অধ্যয়নৰ আইচিচিআৰ আসন  প্ৰতিষ্ঠা কৰিবলৈও সন্মতি প্ৰকাশ কৰে।

নেতাদ্বয়ে  মুম্বাই আৰু হো চি মিন চহৰৰ মাজত বন্ধুত্ব তথা সহযোগিতা বৃদ্ধি  সম্পৰ্কীয় বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাক আদৰণি জনাই এনে সহযোগিতা আৰু সংযোগক উৎসাহিত কৰে।

দুয়োপক্ষই মানৱ সম্পদৰ গতিশীলতাৰ ক্ষেত্ৰত সহযোগিতাৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। শ্ৰম বজাৰৰ গতিশীলতাৰ সুবিধা প্ৰদানকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ বিষয়সমূহৰ সমাধানৰ বাবে কনছুলাৰ আলোচনাক আদৰণি জনায়।

আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা

বিকশিত বিশ্বৰ ভূ-ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱেশৰ কথা  স্বীকাৰ কৰি নেতাদ্বয়ে  অঞ্চলটো আৰু ইয়াৰ বাহিৰত শান্তি, স্থিতিশীলতা, সহযোগিতা আৰু সমৃদ্ধিৰ আধাৰত  আন্তঃৰাষ্ট্ৰীয় আইনৰ ওপৰত ভিত্তি কৰি আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাক প্ৰসাৰিত কৰাৰ বাবে ভাৰত আৰু ভিয়েটনামৰ মাজত ক্ৰমবৰ্ধমান কৌশলগত অভিসৰণৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে বিশ্ব শাসনত গ্ল’বেল চাউথৰ কণ্ঠ আৰু ভূমিকা শক্তিশালী কৰাৰ আহ্বান জনায়।

ৰাষ্ট্ৰসংঘকে ধৰি বহুপক্ষীয় মঞ্চত সহযোগিতা শক্তিশালী কৰাৰ বাবে নেতাদ্বয়ে সন্মতি প্ৰকাশ কৰে। বহুপক্ষীয়তাবাদৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰি নেতাদ্বয়ে  ইউএনএছচিকে ধৰি আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সংস্কাৰৰ বিষয়লৈ সমৰ্থন প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত অনুসন্ধানত ভাৰতৰ স্থায়ী সদস্যপদৰ বাবে ভিয়েটনামৰ অবিৰত সমৰ্থনৰ শলাগ লয়।

ভিয়েটনামে ভাৰতৰ ২০২৬ চনৰ ব্ৰিকছৰ অধ্যক্ষ পদক আদৰণি জনোৱাৰ বিপৰীতে ভাৰতে ব্ৰিকছৰ অংশীদাৰ দেশ হিচাপে ভিয়েটনামৰ ভূমিকাক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

নেতাদ্বয়ে  স্বীকাৰ কৰে যে ভিয়েটনাম ভাৰতৰ এক্ট ইষ্ট পলিচি, ভিজন মহাসাগৰ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ এক মূল স্তম্ভ, যিয়ে মেকং উপ-অঞ্চল, আছিয়ান আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে ভাৰতৰ সংযোগক আগুৱাই লৈ গৈছে । নেতাদ্বয়ে  মুক্ত, মুকলি আৰু নিয়মভিত্তিক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে তেওঁলোকৰ ভাগ-বাটোৱাৰা কৰা  দৃষ্টিভংগীৰ কথা পুনৰ দৃঢ় কৰে। ভিয়েটনামে আঞ্চলিক শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ বাবে বিকশিত আঞ্চলিক স্থাপত্যত আছিয়ান ঐক্য আৰু আছিয়ানৰ গুৰুত্বৰ   প্ৰতি ভাৰতৰ ধাৰাবাহিক সমৰ্থনৰ শলাগ লয় । দুয়োপক্ষই নিজ নিজ সদস্য ৰাষ্ট্ৰৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ পৰিপূৰক আছিয়ান-ভাৰত সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বিষয়ত  সমৰ্থন আগবঢ়ায়।

সমৃদ্ধি আৰু নিৰাপত্তাৰ মাজৰ সম্পৰ্কৰ বিষয়ে  আলোকপাত কৰি নেতাদ্বয়ে  দক্ষিণ চীন সাগৰত শান্তি, স্থিতিশীলতা, নিৰাপত্তা আৰু জাহাজ চলোৱা আৰু উৰণৰ স্বাধীনতা বজাই ৰখাৰ গুৰুত্বৰ কথা  পুনৰ দৃঢ়তাৰে কয়, একে সময়তে আন্তঃৰাষ্ট্ৰীয় আইন, বিশেষকৈ ১৯৮২ চনৰ ৰাষ্ট্ৰসংঘৰ সাগৰীয় আইন সম্পৰ্কীয় সন্ধি (UNCLOS) অনুসৰি বিবাদসমূহৰ শান্তিপূৰ্ণ সমাধানৰ পথত আগবঢ়াৰ কথা, ভাবুকি বা শক্তিৰ আশ্ৰয় নোলোৱাকৈ সেয়া কৰিব পৰাৰ কথাৰ শলাগ লয় । নেতাদ্বয়ে  আন সকলো দেশৰ   কাম-কাজ চলোৱাৰ ক্ষেত্ৰত অ-সামৰিকীকৰণ আৰু আত্মসংযমৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। তেওঁলোকে লগতে পৰিস্থিতি আৰু অধিক জটিল কৰি তুলিব পৰা বা শান্তি তথা স্থিতিশীলতাক প্ৰভাৱান্বিত কৰিব পৰা বিবাদ পৰিহাৰ কৰাৰ  বিষয়ত  গুৰুত্ব আৰোপ কৰে। নেতাদ্বয়ে  আঙুলিয়াই দিয়ে যে ইউএনচিএলঅ’এছ হৈছে সাগৰ আৰু সাগৰৰ সকলো কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰা ব্যাপক আইনী কাঠামো।

নেতাদ্বয়ে  লগতে দক্ষিণ চীন সাগৰত পক্ষসমূহৰ আচৰণৰ ঘোষণাপত্ৰখন সম্পূৰ্ণৰূপে আৰু ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰাৰ লগতে ইউএনচিএলঅ’এছকে ধৰি আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি দক্ষিণ চীন সাগৰত এক গুৰুত্বপূৰ্ণ তথা  ফলপ্ৰসূ আচৰণ বিধি (COC)ৰ দিশত আলোচনা শীঘ্ৰে  সমাপ্ত কৰাৰ আহ্বান জনায়।  তেওঁলোকে লগতে কয় যে  এই আলোচনাৰ পক্ষত নথকা দেশসমূহকে ধৰি সকলো ৰাষ্ট্ৰৰ বৈধ অধিকাৰ আৰু স্বাৰ্থ যাতে ক্ষতিগ্ৰস্ত নহয় সেই বিষয়তো মন দিব লাগিব ।

সীমা অতিক্ৰম কৰি  হোৱা সন্ত্ৰাসবাদকে ধৰি সকলো ৰূপ ধৰণৰ সন্ত্ৰাসবাদক নিৰ্দ্বিধায় গৰিহণা দিয়ে নেতাদ্বয়ে । তেওঁলোকে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা আৰু ৰাষ্ট্ৰসংঘ তথা  এফ এ টি এফক জৰিত কৰি   ব্যাপক আৰু স্থায়ীভাৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ একত্ৰিত আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টা গ্ৰহণৰ  আহ্বান জনায়। সন্ত্ৰাসবাদী বিত্তীয় নেটৱৰ্ক আৰু সন্ত্ৰাসবাদীৰ নিৰাপদ আশ্ৰয়স্থল ধ্বংস  কৰা, সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি ভাঙি পেলোৱা আৰু সন্ত্ৰাসবাদত লিপ্ত  দোষীক ক্ষিপ্ৰতাৰে ন্যায়ৰ ওচৰলৈ অনাৰো আহ্বান  জনায় নেতাদ্বয়ে।

সাধাৰণ সম্পাদক, ৰাষ্ট্ৰপতি টু লামে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ লগতে তেওঁৰ প্ৰতিনিধি দলক দিয়া উষ্ম আতিথ্য আৰু উৎকৃষ্ট ব্যৱস্থাৰ বাবে ধন্যবাদ জনায়। তেওঁ প্ৰধানমন্ত্ৰী মোদীক ভিয়েটনাম ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
173 years of Indian Railways: From steam engines to India’s first hydrogen train

Media Coverage

173 years of Indian Railways: From steam engines to India’s first hydrogen train
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the Amir of Qatar
July 16, 2026
PM conveys heartfelt condolences on the passing of the Father Amir of Qatar
PM recalls the Father Amir’s visionary leadership and his contribution to strengthening India-Qatar relations
The two leaders reaffirm their resolve to carry forward the Father Amir’s legacy

Prime Minister Shri Narendra Modi had a telephone conversation today with the Amir of the State of Qatar, H.H. Sheikh Tamim bin Hamad Al Thani.

Prime Minister conveyed his heartfelt condolences on the passing of H.H. Sheikh Hamad bin Khalifa Al Thani, the Father Amir of Qatar.

Recalling the Father Amir’s significant contributions as the chief architect of modern Qatar, Prime Minister paid tribute to his visionary leadership, and recalled his pivotal role in strengthening India-Qatar relations over the years as well as his deep affection for India and the Indian community in Qatar.

The Amir of Qatar thanked Prime Minister for his call and conveyed his appreciation for the words of support in this difficult hour.

The two leaders reaffirmed their resolve to carry forward the Father Amir’s legacy and further strengthen the India-Qatar Strategic Partnership and people-to-people ties.

They agreed to remain in close touch.