প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ দীৰ্ঘস্থায়ী তথা নিবিড় বন্ধুত্ব পুনৰ সুনিশ্চিত কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জোচেফ আৰ বাইডেনক আজি ভাৰতলৈ আদৰণি জনাইছে। নেতাসকলে চলিত বৰ্ষৰ জুনত প্ৰধানমন্ত্ৰী মোদীৰ ঐতিহাসিক ৱাশ্বিংটন ভ্ৰমণৰ উল্লেখযোগ্য সফলতাসমূহ ৰূপায়ণ কৰাৰ বাবে অব্যাহত থকা গুৰুত্বপূৰ্ণ অগ্ৰগতিক প্ৰশংসা কৰে। নেতাসকলে বিশ্বাস আৰু উমৈহতীয়া বুজাবুজিৰ ওপৰত আধাৰিত বহুমুখী গোলকীয় বিষয়সূচীসমূহৰ সকলো দিশ সামৰি ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৌশলগত বন্ধুত্বক পৰিৱৰ্তন কৰাৰ দিশে কাম-কাজ অব্যাহত ৰাখিবলৈ চৰকাৰলৈ আহ্বান জনায়। নেতাসকলে স্বাধীনতা, গণতন্ত্ৰ, মানৱ অধিকাৰ, অন্তৰ্ভুক্তি, বহুত্ববাদ আৰু সকলো নাগৰিকৰ বাবে সমান সুবিধাৰ উমৈহতীয়া প্ৰমূল্য আমাৰ দেশসমূহে উপভোগ কৰি থকা সফলতাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ তথা এই প্ৰমূল্যসমূহে আমাৰ সম্পৰ্ক শক্তিশালী কৰে বুলি প্ৰকাশ কৰে।

জি-২০য়ে কেনেদৰে গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত এখন মঞ্চ হিচাপে কাম কৰিছে সেই ক্ষেত্ৰত প্ৰদৰ্শন কৰা উত্কৃষ্ট উদাহৰণৰ বাবে ৰাষ্ট্ৰপতি বাইডেনে ভাৰতৰ জি-২০ অধ্যক্ষতাক প্ৰশংসা কৰে। নেতাসকলে জি-২০ৰ প্ৰতি থকা তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতা সুনিশ্চিত কৰাৰ লগতে নতুন দিল্লীত আয়োজিত জি-২০ নেতাসকলৰ শীৰ্ষ সন্মিলনৰ সিদ্ধান্তসমূহে বহনক্ষম উন্নয়ন তৰান্বিত কৰা, বহুপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ লগতে বহুপাক্ষিক উন্নয়ন বেংকসমূহৰ বিকাশ তথা মৌলিকভাৱে এইসমূহৰ পুনৰনিৰ্মাণকে ধৰি উমৈহতীয়া বৃহত্ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হবলৈ সৰ্বাত্মক অৰ্থনৈতিক আঁচনিসমূহ সন্দৰ্ভত গোলকীয় সন্মতি গঢ়ি তোলাত সফল হব বুলি আশা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি বাইডেনে মুক্ত সৰ্বাত্মক আৰু শক্তিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাত সমৰ্থন আগবঢ়োৱাৰ ক্ষেত্ৰত কোৱাডৰ গুৰুত্ব সন্দৰ্ভত পুনৰ নিশ্চিতি প্ৰদান কৰে। ২০২৪ চনত ভাৰতৰ অধ্যক্ষতাত আয়োজিত হবলগীয়া কোৱাডৰ নেতাসকলৰ পৰৱৰ্ত্তী শীৰ্ষ সন্মিলনলৈ ৰাষ্ট্ৰপতি বাইডেনক আদৰণি জনায়। ভাৰতে বাণিজ্য সংযোগ আৰু সামুদ্ৰিক পৰিবহন সন্দৰ্ভত আয়োজিত ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপ স্তম্ভত সহনেতৃত্ব প্ৰদান কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে চলিত বৰ্ষৰ জুনত IPOIত যোগদান কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰই লোৱা সিদ্ধান্তকো প্ৰশংসা কৰে।

গোলকীয় প্ৰশাসন অধিক সৰ্বাত্মক আৰু প্ৰতিনিধিত্বমূলক হোৱা উচিত বুলি মত প্ৰকাশ কৰি ৰাষ্ট্ৰপতি বাইডেনে ভাৰতৰ স্থায়ী সদস্য-পদৰে সৈতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ পুনৰগঠনৰ ক্ষেত্ৰত উপযুক্ত সমৰ্থন আগবঢ়োৱাৰ নিশ্চিতি প্ৰদান কৰে। এই সন্দৰ্ভত নেতাগৰাকীয়ে ২০২৮-২৯ বৰ্ষৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী আসনৰ বাবে ভাৰতৰ প্ৰাৰ্থীত্বক আদৰণি জনায়। নেতাসকলে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী সদস্য-পদৰ প্ৰসাৰকে ধৰি এটা সৰ্বাত্মক ৰাষ্ট্ৰসংঘৰ সংস্কাৰ কাৰ্যসূচীৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ থকা তথা সমসাময়িক বাস্তৱক অধিক উন্নতভাৱে প্ৰতিফলিত কৰিব পৰাকৈ বহুপাক্ষিক ব্যৱস্থাৰ সংস্কাৰ তথা ইয়াক শক্তিশালী কৰি তোলাৰ প্ৰয়োজন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি বাইডেনে কৌশলগত বন্ধুত্ব গভীৰ কৰি তোলাৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ নিৰ্ণায়ক ভূমিকা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰাৰ লগতে উমৈহতীয়া প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠানসমূহ শক্তিশালী কৰি তুলিব পৰা উমৈহতীয়া বিশ্বাস আৰু আস্থাৰ ওপৰত ভিত্তি কৰি মুক্ত, সুলভ আৰু শক্তিশালী প্ৰযুক্তিৰ পৰিবেশতন্ত্ৰ তথা মূল্যশৃংখল গঢ়ি তোলাৰ বাবে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তিবিদ্যা সন্দৰ্ভত পদক্ষেপ (iCET) ৰ জৰিয়তে অব্যাহত থকা প্ৰচেষ্টাক প্ৰশংসা কৰে। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই চলিত মাহত iCETৰ এটা মধ্যকালীন পৰ্যালোচনাৰ পোষকতা কৰাৰ লগতে ২০২৪ চনৰ আৰম্ভণিতে দুয়োখন দেশৰ ৰাষ্ট্ৰীয় উপদেষ্টাসকলৰ যুটীয়া নেতৃত্বত পৰৱৰ্ত্তী iCETৰ পৰ্যালোচনালৈ বিকাশ তৰান্বিত কৰিব বিচাৰিছে।

ৰাষ্ট্ৰপতি বাইডেনে প্ৰধানমন্ত্ৰী মোডীৰ লগতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোৰ বৈজ্ঞানিক তথা অভিযন্তাসকলক চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত চন্দ্ৰযান-৩ৰ ঐতিহাসিক অৱতৰণৰ উপৰি ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য এল-১ৰ সফল আৰম্ভণিৰ বাবে অভিনন্দন জনায়। মহাকাশ সহযোগি্তাৰ সকলো খণ্ডক সামৰি নতুন দিগন্ত স্পৰ্শ কৰাৰ পৰিপ্ৰেক্ষিতত নেতাসকলে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ অসামৰিক মহাকাশ যুটীয়া কাৰ্যগোটৰ অধীনত বাণিজ্যিক মহাকাশ সহযোগিতাৰ বাবে এটা কাৰ্যগোট গঠনৰ প্ৰচেষ্টাক আদৰণি জনায়। মহাকাশ অন্বেষণৰ ক্ষেত্ৰত বন্ধুত্বক অধিক গভীৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ইছৰো আৰু নাছাই বিভিন্ন পদ্ধতি, সক্ষমতা নিৰ্মাণ, ২০২৪ চনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা এটা যুটীয়া প্ৰচেষ্টা চলোৱাৰ বাবে প্ৰশিক্ষণকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা আৰম্ভ কৰাৰ লগতে চলিত বৰ্ষৰ শেষৰ ভাগত মানৱ মহাকাশ উৰণ সহযোগিতাৰ বাবে এটা কৌশলগত ৰূপৰেখা চূড়ান্তকৰণৰ উদ্দেশ্যে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই লঘু গ্ৰহ কেন্দ্ৰসমূহৰ জৰিয়তে গ্ৰহাণু আৱিস্কাৰ তথা ধৰা পেলোৱাৰ ক্ষেত্ৰত ভাৰতৰ অংশগ্ৰহণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমৰ্থনকে ধৰি গ্ৰহাণু আৰু পৃথিৱীৰ সমীপৰ বিভিন্ন বস্তুৰ পৰা পৃথিৱী তথা মহাকাশ সম্পদসমূহক সুৰক্ষা দিয়াৰ উদ্দেশ্যে গ্ৰহজনিত প্ৰতিৰক্ষা খণ্ডত সহযোগিতা বৃদ্ধিৰ পোষকতা কৰিছে।

নেতাসকলে শক্তিশালী গোলকীয় ছেমিকণ্ডাক্টৰ যোগান শৃংখল নিৰ্মাণ কৰাৰ বাবে তেওঁলোকৰ সমৰ্থনৰ পুনৰ নিশ্চিতি প্ৰদান কৰি এই সন্দৰ্ভত এটা বহুবছৰীয়া মাইক্ৰোশ্বিপ প্ৰযুক্তিৰ পদক্ষেপ তথা ভাৰতত এই সন্দৰ্ভত গৱেষণা আৰু উন্নয়নমূলক কাম-কাজৰ প্ৰসাৰৰ বাবে প্ৰায় ৩০ কোটি আমেৰিকান ডলাৰ বিনিয়োগ কৰাৰ উপৰি অহা ৫ বছৰৰ ভিতৰত গৱেষণা, উন্নয়ন আৰু অভিযান্ত্ৰিক কাম-কাজৰ প্ৰসাৰৰ বাবে ৪০ কোটি আমেৰিকান ডলাৰ বিনিয়োগ কৰাৰ বাবে উন্নত মাইক্ৰো ডিভাইচৰ ঘোষণাৰ বিষয়ে উল্লেখ কৰে। নেতাসকলে ইউ এছৰ সংস্থা, মাইক্ৰন, এলএএম ৰিচাৰ্ছ আৰু এপ্লাইড মেটেৰিয়েলছে চলিত বৰ্ষৰ জুনত কৰা ঘোষণাসমূহ ৰূপায়িত হৈ থকা সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰে।

নিৰাপদ আৰু বিশ্বাসযোগ্য টেলিসংযোগ, শক্তিশালী যোগান শৃংখল আৰু গোলকীয় ডিজিটেল অন্তৰ্ভুক্তিৰ দৃষ্টিভংগী সন্দৰ্ভত মত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি বাইডেনে এলায়েন্স ফৰ  টেলিকমিউনিকেশ্যন ইণ্ডাষ্ট্ৰী চল্যুচনছৰ পৰিচালনাত ক্ৰেতা আৰু বিক্ৰেতাৰ মাজৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সহযোগিতা অধিক গভীৰ কৰি তোলাৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ হিচাপে ভাৰত ৬-জি এলায়েন্স আৰু নেক্সট-জি এলায়েন্সৰ মাজত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তিক আদৰণি জনায়। তেওঁলোকে লগতে ৫জি / ৬জি প্ৰযুক্তিবিদ্যাৰ গৱেষণা আৰু বিকাশ তথা অপেন ৰাণৰ ক্ষেত্ৰত সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা দুটা যুটীয়া কাৰ্যগোটৰ গঠন সন্দৰ্ভতো প্ৰশংসা কৰে। কাৰ্যক্ষেত্ৰত নিয়োগ কৰাৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অপেন ৰাণ নিৰ্মাতাই এটা আগশাৰীৰ ভাৰতীয় টেলিকম সংস্থাৰ ৫জি অপেন ৰাণ চালকক অধিগ্ৰহণ কৰিব। নেতাসকলে ভাৰতীয় সংস্থাসমূহে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰিপ এণ্ড ৰিপ্লেছ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে বাট চাই আছে। ৰাষ্ট্ৰপতি বাইডেনে আমেৰিকা যুক্তৰাষ্ট্ৰক ৰিপ এণ্ড ৰিপ্লেছ চালকৰ বাবে ভাৰতৰ সমৰ্থনক আদৰণি জনায়।

আমেৰিকা যুক্তৰাষ্ট্ৰই দ্বিপাক্ষিকভাৱে আৰু আন্তঃৰাষ্ট্ৰীয় কোৱাণ্টাম বিনিময়ৰ সুবিধা প্ৰদান কৰা মঞ্চ কোৱাণ্টাম এনটেংগলমেণ্ট এক্সচেঞ্জৰ জৰিয়তে কোৱাণ্টাম খণ্ডত ভাৰতৰ সৈতে কাম কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই কোৱাণ্টাম অৰ্থনৈতিক উন্নয়ন সংঘৰ সদস্য হিচাপে কলকাতাৰ এছ এন বসু নেশ্যনেল চেণ্টাৰ ফৰ বেছিক চায়েন্সৰ অংশগ্ৰহণক আদৰণি জনায়। তদুপৰি বোম্বে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে চিকাগো কোৱাণ্টাম এক্সচেঞ্জত আন্তঃৰাষ্ট্ৰীয় অংশীদাৰ হিচাপে যোগদান কৰাৰ বাবে প্ৰশংসা কৰা হয়।

নেতাসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান ফাউণ্ডেশ্যন (এন এছ এফ )আৰু ভাৰতৰ জৈৱপ্ৰযুক্তি বিভাগৰ মাজত জৈৱ প্ৰযুক্তিবিদ্যা আৰু জৈৱ নিৰ্মাণ খণ্ডৰ উদ্ভাৱনৰ ক্ষেত্ৰত বৈজ্ঞানিক আৰু প্ৰযুক্তিগত গৱেষণা সহযোগিতা সক্ৰিয় কৰি তোলাৰ উদ্দেশ্যে স্বাক্ষৰিত হোৱা এখন চুক্তিক প্ৰশংসা কৰে। তেওঁলোকে এন এছ এফ আৰু ভাৰতৰ বৈদ্যুতিক আৰু তথ্যপ্ৰযুক্তি মন্ত্ৰালয়ে ছেমিকণ্ডাক্টৰ গৱেষণা, ভৱিষ্যত প্ৰজন্মৰ যোগাযোগ ব্যৱস্থা, চাইবাৰ সুৰক্ষা, বহনক্ষম সেউজ প্ৰযুক্তি, আধুনিক পৰিবহন ব্যৱস্থাৰ ক্ষেত্ৰত শৈক্ষিক আৰু ঔদ্যোগিক সহযোগিতা শক্তিশালী কৰিবলৈ আহ্বান জনোৱা প্ৰস্তাৱক আদৰণি জনায়।

শক্তিশালী প্ৰযুক্তি মূল্যশৃংখল নিৰ্মাণ কৰা তথা প্ৰতিৰক্ষা ঔদ্যোগিক পৰিবেশতন্ত্ৰ সংযোগ কৰাৰ বাবে থকা তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতা সন্দৰ্ভত আশ্বাস প্ৰদান কৰি নেতাসকলে প্ৰশাসনসমূহক আঁচনিসমূহ প্ৰচাৰ কৰা তথা ভাৰত আৰু আমেৰিকাৰ উদ্যোগ, চৰকাৰ আৰু শৈশিক্ষক প্ৰতিষ্ঠানসমূহৰ মাজত ব্যাপক প্ৰযুক্তি বিনিময় কৰাৰ ক্ষেত্ৰত সূচলতা প্ৰদান কৰা, সহ উন্নয়ন আৰু সহ উত্পাদনৰ সুযোগ প্ৰদান কৰা, নীতি গ্ৰহণ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ কৰে। তেওঁলোকে লগতে চলিত বৰ্ষৰ জুনত মুকলি হোৱা দ্বিপাক্ষিক কৌশলগত বাণিজ্য আলোচনাৰ আওতাৰ অধীনত আন্তঃসংস্থা পৰ্যবেক্ষণ কৰিব পৰা ব্যৱস্থাৰ জৰিয়তে কাম-কাজ বাহাল ৰখাৰ পদক্ষেপক আদৰণি জনায়।

নেতাসকলে কমেও ১ কোটি আমেৰিকান ডলাৰৰ যুটীয়া প্ৰাৰম্ভিক প্ৰতিশ্ৰুতিৰে ভাৰত-আমেৰিকাৰ গোলকীয় প্ৰত্যাহ্বান প্ৰতিষ্ঠান স্থাপন কৰাৰ বাবে আমেৰিকীয় বিশ্ববিদ্যালয়সমূহৰ সংস্থা (এএইউ) আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানসমূহৰ পৰিষদ (আইআইটি কাউন্সিল)ৰ প্ৰতিনিধিত্বৰে ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ মাজত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তিকো আদৰণি জনায়। গোলকীয় প্ৰত্যাহ্বান প্ৰতিষ্ঠানে দুয়োখন দেশৰ এএইউ আৰু আইআইটি সদস্য-পদৰ বাহিৰৰ প্ৰতিষ্ঠানসমূহকে ধৰি আগশাৰীৰ গৱেষণা আৰু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰা, বহনক্ষম শক্তি আৰু কৃষি, স্বাস্থ্য আৰু মহামাৰী নিয়ন্ত্ৰণৰ প্ৰস্তুতি, ছেমিকণ্ডাক্টৰ প্ৰস্তুতি আৰু নিৰ্মাণ, উন্নত সামগ্ৰী, টেলিকমিউনিকেশ্যন, কৃত্ৰিম বুদ্ধিমত্তা আৰু কোৱাণ্টাম বিজ্ঞানৰ ক্ষেত্ৰত সহযোগিতা সৃষ্টি কৰাৰ উদ্দেশ্য ওচৰ চপাই আনিব।

নেতাসকলে গুৰুত্বপূৰ্ণ আৰু উদীয়নমান প্ৰযুক্তিৰ ক্ষেত্ৰত নিউয়ৰ্ক বিশ্ববিদ্যালয়-টেণ্ডন আৰু আইআইটি-কানপুৰ উন্নত গৱেষণা কেন্দ্ৰ, তথা বাফেলোত থকােলোফ নিউয়ৰ্ক ষ্টেট ইউনিভাৰ্চিটীৰ যুটীয়া গৱেষণা কেন্দ্ৰসমূহ আৰু দিল্লী, কানপুৰ, যোধপুৰ আইআইটিৰ লগতে বিএইচইউৰ মাজত হোৱাৰ লেখিয়া বহু প্ৰতিষ্ঠানগত সহযোগিতামূলক শিক্ষা অংশীদাৰিত্বৰ বৰ্ধিত সংখ্যাকো আদৰণি জনায়।

২০৩০ চনৰ পূৰ্বে ডিজিটেল লিংগ পাৰ্থক্য আধালৈ হ্ৰাস কৰাৰ বাবে জি-২০ৰ প্ৰতিশ্ৰুতিবদ্ধতা সন্দৰ্ভত আলোকপাত কৰি নেতাসকলে ডিজিটেল অৰ্থনীতিত লিংগভিত্তিক ডিজিটেল পাৰ্থক্য নিৰ্মুল কৰাৰ বাবে প্ৰচেষ্টা চলোৱাৰ গুৰুত্ব সন্দৰ্ভত নিশ্চিতি প্ৰদান কৰাৰ লগতে ডিজিটেল অৰ্থনীতিৰ পদক্ষেপসমূহত মহিলাসকলৰ বাবে সমৰ্থন প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে ডিজিটেল লিংগ পাৰ্থক্য নিৰ্মুল কৰাৰ বাবে অগ্ৰগতি লাভ কৰাৰ উদ্দেশ্যে চৰকাৰ, ব্যক্তিগত খণ্ডৰ সংস্থাসমূহ, অসামৰিক সমাজ তথা বহুপাক্ষিক সংস্থাসমূহ একত্ৰিত হৈ পৰিব বুলি তেওঁলোকে প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি বাইডেনে মহাকাশ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ লেখিয়া নতুন আৰু উদীয়মান খণ্ডসমূহত সহযোগিতা বৃদ্ধি তথা উন্নত প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতাৰ জৰিয়তে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ মুখ্য প্ৰতিৰক্ষা অংশীদাৰিত্ব অধিক গভীৰ কৰি তোলাৰ লগতে বহুমুখী কৰি তোলাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে।

নেতাসকলে চলিত বৰ্ষৰ ২৯ আগষ্টত কংগ্ৰেশ্যনেল নটিফিকেচন ব্যৱস্থা সম্পূৰ্ণ হোৱা তথা ভাৰতত জি ই এফ-৪১৪ জেট ইঞ্জিন নিৰ্মাণ কৰিবলৈ হিন্দুস্তান এৰোনটিকেল লিমিটেড আৰু জি ই এৰোস্পেচৰ মাজত বাণিজ্যিক চুক্তি সন্দৰ্ভত হোৱা বুজাবুজিৰ বাবে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এই অতুলনীয় সহ উত্পাদন আৰু প্ৰযুক্তি হস্তান্তৰৰ প্ৰস্তাৱৰ অগ্ৰগতিৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াবলৈ সহযোগিতা তথা দ্ৰুতভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতা সদৰি কৰে।

নেতাসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনা আৰু মাজগাঁও ডক শ্বিপ বিল্ডাৰ্ছ লিমিটেডৰ মাজত চলিত বছৰৰ আগষ্টত স্বাক্ষৰিত শেহতীয়া চুক্তিখনৰ সৈতে দ্বিতীয় মুখ্য জাহাজ মেৰামতি চুক্তি সম্পন্ন হোৱা সন্দৰ্ভতো প্ৰশংসা কৰে। উভয় পক্ষই ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগশাৰীত নিয়োজিত নৌসেনাৰ সম্পদসমূহ তথা অন্যান্য আকাশীযান তথা জাহাজৰ ব্যৱস্থাপনা আৰু মেৰামতিৰ কেন্দ্ৰ হিচাপে গঢ়ি উঠিবলৈ অগ্ৰসৰ হোৱা সন্দৰ্ভতো নিজৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰে। নেতাসকলে, ভাৰতে আকাশীযানসমূহৰ বাবে সুবিধা, বিশেষ সক্ষমতা আৰু মেৰামতি তথা ব্যৱস্থাপনা কৰাৰ ক্ষেত্ৰত অধিক বিনিয়োগ কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উদ্যোগৰ প্ৰতিশ্ৰুতিবদ্ধাকো আদৰণি জনায়।

নেতাসকলে উমৈহতীয়া নিৰাপত্তা প্ৰত্যাহ্বানসমূহৰ মুখামুখি হবলৈ ভাৰতীয় আৰু আমেৰিকীয় প্ৰতিৰক্ষা খণ্ডৰ উদ্ভাৱনীমূলক কাম-কাজ তৰান্বিত কৰাৰ উদ্দেশ্যে এটা শক্তিশালী সহযোগিতাৰ কাৰ্যসূচী প্ৰতিষ্ঠা কৰাৰ বাবে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰ ডিফেন্স এক্সিলাৰেশ্যন ইকো-চিষ্টেম (INDUS-X) গোটক প্ৰশংসা কৰে। INDUS-Xয়ে আইআইটি কানপুৰত পেন ষ্টেট ইউনিভাৰ্চিটীৰ অংশগ্ৰহণেৰে একাডেমীয়া ষ্টাৰ্টআপ পাৰ্টনাৰশ্বিপৰ আয়োজন কৰাৰ লগতে চলিত বৰ্ষৰ আগষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেচাৰ্ছ হেকিং ফৰ এলীজ (H4x) আৰু আইআইটি হায়দৰাবাদৰ নেতৃত্বত এখন কৰ্মশালাৰ জৰিয়তে ভাৰতীয় ষ্টাৰ্টআপসমূহৰ বাবে যুটীয়া সবলীকৰণ অনুষ্ঠান মুকলি কৰে। উভয় পক্ষই ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা খণ্ডৰ দক্ষ উদ্ভাৱনসমূহ তথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা উদ্ভাৱনী গোটৰ দুটাকৈ যুটীয়া প্ৰত্যাহ্বান মুকলি কৰাৰ ঘোষণাক আদৰণি জনায়। ইয়াৰ জৰিয়তে উমৈহতীয়া প্ৰতিৰক্ষা প্ৰযুক্তি প্ৰত্যাহ্বানসমূহৰ সমাধানৰ বিকাশ কৰাৰ বাবে ষ্টাৰ্টআপসমূহক আমন্ত্ৰণ জনোৱা হব।

ৰাষ্ট্ৰপতি বাইডেনে ৩১খন জেনেৰেল এটমিক্স এম কিউ-৯বি (১৬খন আকাশী আৰু ১৫খন সাগৰীয়) দূৰণিৰ পৰা নিয়ন্ত্ৰণ কৰিব পৰা আকাশীযান তথা ইয়াৰ সা-সঁজুলি ক্ৰয়ৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অনুৰোধক আদৰণি জনাইছে। এই যানসমূহে সকলো খণ্ডতে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বুদ্ধিমত্তা, তত্বাৱধান আৰু নিৰীক্ষণৰ সক্ষমতা বৃদ্ধি কৰিব।

আমাৰ দেশৰ জলবায়ু, শক্তি পৰিৱৰ্তন আৰু শক্তি সুৰক্ষাৰ প্ৰয়োজন পূৰণ কৰিবলৈ প্ৰয়োজনীয় সম্পদ হিচাপে পাৰমানৱিক শক্তিৰ গুৰুত্বৰ বিষয়ে দোহাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি বাইডেনে সহযোগিতামূলকভাৱে ভৱিষ্যত প্ৰজন্মৰ ক্ষুদ্ৰ মডিউলাৰ ৰিয়েক্টৰ প্ৰযুক্তিৰ বিকাশকে ধৰি পাৰমানৱিক শক্তি খণ্ডত ভাৰত আৰু আমেৰিকাৰ সহযোগিতাৰ সূচলতাৰ বাবে সুযোগ বৃদ্ধি কৰাৰ উদ্দেশ্যে উভয় পক্ষৰ সংশ্লিষ্ট গোটসমূহৰ মাজত হোৱা গভীৰ আলোচনাক আদৰণি জনায়। আমেৰিকাই পাৰমানৱিক যোগানকাৰীসমূহৰ গোটত ভাৰতৰ সদস্য-পদৰ হকে সমৰ্থনৰ নিশ্চিতি প্ৰদান কৰি এই লক্ষ্যৰ দিশে অগ্ৰগতি লাভ কৰাৰ উদ্দেশ্যে সদৃশ মনোভাৱৰ অংশীদাৰসকলৰ সৈতে কাম-কাজ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

নেতাসকলে চলিত বৰ্ষৰ আগষ্টত আয়োজিত ভাৰত-আমেৰিকাৰ নবীকৰণযোগ্য শক্তি, প্ৰযুক্তি, কাৰ্যমঞ্চৰ উদ্বোধনী বৈঠকক আদৰণি জনায়। ইয়াৰ অধীনত দুয়োখন দেশে পৰীক্ষাগাৰৰ ক্ষেত্ৰত সহযোগিতা, পৰীক্ষামূলক প্ৰচেষ্টা, উদ্ভাৱনী প্ৰযুক্তিৰ প্ৰশিক্ষণ, নবীকৰণযোগ্য শক্তিৰ অগ্ৰগতিৰ বাবে নীতি নিৰ্দ্ধাৰণ তথা পৰিকল্পনা প্ৰস্তুত, বিনিয়োগ, বিভিন্ন অনুষ্ঠানৰ পৰিকল্পনা তথা প্ৰচাৰ, উদীয়মান নবীকৰণযোগ্য প্ৰযুক্তি তথা শক্তি ব্যৱস্থাৰ ধাৰণা সৃষ্টি তথা গ্ৰহণক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে প্ৰশিক্ষণ আৰু দক্ষতা বিকাশ আদি ক্ষেত্ৰত কাম-কাজ ৰূপায়ণ কৰিব।

পৰিবহন খণ্ডত কাৰ্বনৰ নিৰ্গমন শূণ্যলৈ হ্ৰাস কৰাৰ গুৰুত্ব দোহাৰি নেতাসকলে ভাৰতত ৰাজহুৱা আৰু ব্যক্তিগত উভয় খণ্ডৰ নিধিৰ জৰিয়তে ধনাদায় সুৰক্ষা ব্যৱস্থাৰ বাবে যুটীয়া সমৰ্থনকে ধৰি বৈদ্যুতিক বাহনৰ অগ্ৰগতিক আদৰণি জনায়। ইয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী ই-বাছ সেৱা কাৰ্যসূচীৰ অধীনৰ বাহনসমূহকে ধৰি ইয়াৰ সৈতে জড়িত চাৰ্জ কৰা আন্তঃগাঁথনি তথা ভাৰতত নিৰ্মিত ১০ হাজাৰ বৈদ্যুতিক বাছৰ অধিগ্ৰহণ ত্বৰান্বিত হব। ই-মবিলিটিৰ বাবে গোলকীয় যোগান শৃংখল বহুমুখী কৰি তোলাত সহায় কৰাৰ বাবে একেলগে কাম কৰি যোৱাৰ বাবে দুয়োখন দেশ প্ৰতিশ্ৰুতিবদ্ধ।

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই মূলধন ব্যয় হ্ৰাস কৰাৰ বাবে বিনিয়োগ মঞ্চসমূহ সৃষ্টি কৰাৰ লগতে ভাৰতত সেউজ পথাৰ নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ, বেটাৰী সংৰক্ষণ তথা উদীয়মান সেউজ প্ৰযুক্তি প্ৰকল্প ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত আগবাঢ়িছে। ইয়াৰ শেষত ভাৰতৰ ৰাষ্ট্ৰীয় বিনিয়োগ আৰু আন্তঃগাঁথনি পুঁজি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উন্নয়ন বিত্ত নিগমে এটা নবীকৰণযোগ্য আন্তঃগাঁথনি বিনিয়োগ পুঁজি গঢ়ি তুলিবলৈ ৫০ কোটি আমেৰিকান ডলাৰলৈকে আগবঢ়োৱাৰ বাবে পৰস্পৰৰ সৈতে আগ্ৰহ পত্ৰ বিনিময় কৰিছে।

ভাৰত আৰু আমেৰিকাৰ মাজত বিশ্ব বাণিজ্য সংস্থাৰ সপ্তম আৰু অন্তিমটো বাকী থকা বিবাদ নিষ্পত্তিৰ বাবে নেতাসকলে প্ৰশংসা কৰে। ২০২৩ চনৰ জুন মাহত বিশ্ব ব্যৱসায় সংস্থাত ছটা বাকী থকা দ্বিপাক্ষিক বাণিজ্যিক বিবাদৰ অভূতপূৰ্ব নিষ্পত্তিৰ পিছতে এই কথা প্ৰকাশ পাইছে।

ভাৰত-আমেৰিকা বাণিজ্যিক আলোচনাৰ অধীনত এক অভিলাষী "উদ্ভাৱন হেণ্ডশ্বেক" এজেণ্ডা গঢ়ি তোলাৰ প্ৰচেষ্টাক নেতাসকলে আদৰণি জনায়, যাতে পতনৰ সময়ত দুটা এংকৰ ইভেণ্ট (এটা ভাৰতত আৰু এটা আমেৰিকাত) অন্তৰ্ভুক্ত কৰা হয়। আমাৰ দুয়োপক্ষই সহযোগিতা কৰি আনিব ষ্টাৰ্ট-আপ, ব্যক্তিগত ইকুইটি আৰু ভেঞ্চাৰ কেপিটেল ফাৰ্ম, কৰ্পৰেট বিনিয়োগ বিভাগ, আৰু চৰকাৰী বিষয়াসকলক একেলগে দুয়োখন দেশৰ উদ্ভাৱন পৰিস্থিতিতন্ত্ৰৰ মাজত সংযোগ গঢ়ি তুলিব।

২০২৩ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত কেন্সাৰ ডাইলগত নেতাসকলে কৰ্কট ৰোগৰ গৱেষণা, প্ৰতিৰোধ, নিয়ন্ত্ৰণ, আৰু পৰিচালনাৰ ক্ষেত্ৰত আমাৰ ক্ৰমবৰ্ধমান দ্বিপাক্ষিক সহযোগিতাক আদৰণি জনায় আৰু ভাৰত-আমেৰিকাৰ আৰম্ভণিৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। এই আলোচনাত কেন্সাৰ জিনমিক্সৰ জ্ঞান আগবঢ়াই নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব, অনগ্ৰসৰ চহৰ আৰু গ্ৰাম্য সম্প্ৰদায়কে ধৰি কৰ্কট ৰোগৰ যত্ন বৃদ্ধি আৰু শক্তিশালী কৰিবলৈ নতুন ডায়েগনষ্টিক আৰু থেৰাপিউটিক্স বিকশিত কৰা হ’ব। নেতাসকলে ২০২৩ চনৰ অক্টোবৰ মাহত ৱাশ্বিংটন ডি চিত অনুষ্ঠিত হ’বলগীয়া আগন্তুক আমেৰিকা-ভাৰত স্বাস্থ্য আলোচনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰি আমাৰ দুয়োখন দেশৰ মাজত বৈজ্ঞানিক, নিয়ন্ত্ৰণমূলক, আৰু স্বাস্থ্য সহযোগিতা শক্তিশালী আৰু সহজ কৰি তোলাৰ বাবে তেওঁলোকৰ যৌথ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে। দ্বিতীয় বিশ্বযুদ্ধত সেৱা আগবঢ়োৱা পতিত আমেৰিকান সেৱাৰ সদস্যসকলৰ অৱশিষ্ট ভাৰতৰ পৰা উদ্ধাৰৰ সুবিধাৰ বাবে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ পি অ’ ডব্লিউ/এম আই এ একাউণ্টিং এজেন্সী আৰু ভাৰতীয় নৃতত্ত্ব জৰীপ (AnSI)ৰ মাজত ব্যৱস্থাৰ স্মাৰক নবীকৰণক নেতাসকলে আদৰণি জনায়।

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি বাইডেনে আমাৰ চৰকাৰ, উদ্যোগ, আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ মাজত উচ্চ পৰ্যায়ৰ সংযোগ বজাই ৰাখিবলৈ আৰু স্থায়ী ভাৰত-আমেৰিকাৰ বাবে তেওঁলোকৰ অভিলাষী দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ই এনে এক অংশীদাৰিত্ব, যিয়ে আমাৰ জনসাধাৰণৰ উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ আকাংক্ষাক আগুৱাই লৈ যায়, বিশ্বৰ মংগলৰ সেৱা কৰে আৰু মুক্ত, সৰ্বাংগীন আৰু সুস্থিৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সমৃদ্ধ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In

Media Coverage

From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Shri Narendra Modi receives a telephone call from the Amir of Qatar
June 23, 2026
Qatar Amir expresses condolences over the loss of lives of Indian nationals in an accident in Qatar.
PM thanks him and conveys appreciation for prompt medical help to the injured.
The two leaders reaffirm their commitment to ensure the wellbeing and safety of their citizens.
PM conveys appreciation for Qatar’s positive contribution in the peace efforts in West Asia.
The two leaders reaffirm their commitment to expand bilateral cooperation.

Prime Minister Shri Narendra Modi received a telephone call today from the Amir of the State of Qatar, H.H. Sheikh Tamim Bin Hamad Al-Thani.

Qatar Amir expressed condolences over the loss of lives of Indian nationals in an accident at Ras Laffan Industrial City in Qatar on June 21 and conveyed wishes for speedy recovery of those injured.

PM thanked him for his words of sympathy towards affected families and conveyed appreciation for providing prompt medical help to the injured.

The two leaders reaffirmed their commitment to ensure the wellbeing and safety of their citizens and reiterated their support and solidarity with each other.

While discussing the situation in West Asia, PM conveyed appreciation for Qatar’s positive contribution in the peace efforts and expressed hope that they would lead to lasting peace and stability in the region.

The two leaders also reaffirmed their commitment to expand bilateral cooperation in all areas.

They agreed to remain in close touch.