ডেনমাৰ্কৰ মহামহিম প্ৰধানমন্ত্ৰী শ্ৰীমতী মেট্টে ফ্ৰেডাৰিকছেন আৰু ভাৰত গণৰাজ্যৰ মহামহিম প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ২৮ ছেপ্টেম্বৰ ২০২০ত ভাৰত-ডেনমাৰ্কৰ মাজত অনুষ্ঠিত ভাৰ্চুৱেল শীৰ্ষ সন্মিলনত যুটীয়া ভাবে পৌৰহিত্য কৰে।

২. প্ৰধানমন্ত্ৰী মোডী আৰু প্ৰধানমন্ত্ৰী ফ্ৰেডাৰিকছেনে উষ্ম আৰু বন্ধুত্বপূৰ্ণ বাতাবৰণত দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত গভীৰ ভাবে আলোচনা কৰাৰ লগতে ক’ভিড-১৯ মহামাৰী, জলবায়ু পৰিৱৰ্তন আৰু সেউজ ৰূপান্তৰণৰ প্ৰসংগকে ধৰি গোলকীয় প্ৰেক্ষাপটতত দুয়োখন দেশৰ স্বাৰ্থ বিজড়িত প্ৰসংগসমূহৰ বিষয়ে মত বিনিময় কৰে আৰু বহনক্ষম অৰ্থনীতি আৰু সমাজ উজ্জীৱিত কৰাৰ বাবে উমৈহতীয়া বুজাবুজিত উপনীত হয়।

৩. উমৈহতীয়া গণতান্ত্ৰিক পৰম্পৰা আৰু আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুস্থিৰতাৰ ক্ষেত্ৰত সামগ্ৰিক সংযোগ স্থাপনৰ ভিত্তিত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ নিৰবিচ্ছিন্ন উন্নয়ণৰ প্ৰসংগও দুয়োগৰাকী নেতাই সন্তুষ্টিৰে সমীক্ষা কৰে।

৪. দুয়োপক্ষই বিশ্বাসী সহযোগিতাৰ প্ৰতিশ্ৰুতি দোহৰাৰ লগতে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত-ডেনমাৰ্কৰ মাজৰ সম্পৰ্ক ‘সেউজ ৰণকৌশলগত সহযোগিতা’ৰ সম্পৰ্কলৈ উন্নীত কৰাৰ অংগীকাৰ দোহাৰে। ইতিমধ্য স্বাক্ষৰিত চুক্তি আদিৰ আধাৰত দুযোখন দেশৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ পণ লোৱা নেতাদ্বয়ে ২০০৯ চনৰ ৬ ফেব্ৰুৱাৰীত স্বাক্ষৰিত চুক্তিৰ আধাৰত দুয়োখন দেশৰ মাজত ৰাজনৈতিক, অৰ্থনৈতিক আৰু বাণিজ্যিক ক্ষেত্ৰ, বিজ্ঞান আৰু প্ৰযুক্তি, পাৰিপাৰ্শ্বিকতা, শক্তি, শিক্ষা আৰু সাংস্কৃতিক সম্পৰ্ক উন্নত কৰাৰ বাবে ‘সহযোগিতা সম্পৰ্কীয় যুটীয়া আয়োগ’ গঠন কৰিব। তদুপৰি এই সম্পৰ্কই বৰ্তমানৰ নবীকৰণযোগ্য শক্তি, চহৰ উন্নয়ণ, পাৰিপাৰ্শ্বিকতা, কৃষি আৰু পশুপালন, খাদ্য সংসাধন, বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন, জাহজ পৰিবহণ, শ্ৰমৰ প্ৰবহণ আৰু ‘ডিজিটাইজেশ্যন’ আদি ক্ষেত্ৰত সম্পৰ্ক স্থাপন কৰাৰ লগতে বৰ্তমানৰ সম্পৰ্ক উন্নত কৰি তুলিব।

৫. দুয়োখন দেশৰ মাজত ৰাজনৈতিক সহযোগিতাৰ উত্তৰণ সম্ভৱ কৰাৰ লগতে, ‘পেৰিছ চুক্তি’ আৰু ৰাষ্ট্ৰসংঘৰ ‘বহণক্ষম উন্নয়ণ’ৰ লক্ষ্যৰ লগত সংগতি ৰাখি দুয়োপক্ষৰ মাজৰ অৰ্থনৈতিক সম্পৰ্ক আৰু ‘সেউজ প্ৰগতি’ৰ পৰিসৰ সম্প্ৰসাৰিত কৰা, কৰ্ম সংস্থাপনৰ সম্ভাৱনা সৃষ্টি কৰা, গোলকীয় প্ৰত্যাহ্বান আৰু সুযোগসমূহৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত যৌথ সহযোগিতা শক্তিশালী কৰাৰ উপৰি পৰস্পৰে উপকৃত হ’ব পৰা এক ব্যৱস্থাই হ’ল ‘সেউজ ৰণকৌশলগত সহযোগিতা’।

৬. ভাৰত আৰু ডেনমাৰ্কৰ সংশ্লিষ্ট মন্ত্ৰালয়, প্ৰতিষ্ঠান আৰু পক্ষসমূহৰ জৰিয়তে সহযোগিতামূলক সম্পৰ্কৰ পৰিসৰ সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত ‘সেউজ ৰণকৌশলগত সহযোগিতা’ স্থাপনৰ গুৰুত্ব দোহৰে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে।  

শক্তি আৰু জলবায়ু পৰৰিৱৰ্তন

৭. গোলকীয় প্ৰেক্ষাপটত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সমাধান আৰু সেউজ শক্তি ৰূপান্তৰণ তথা জলবায়ু পৰিৱৰ্তন আদিৰ প্ৰসংগত দুয়ো পক্ষই ঘনিস্থতাৰে পদক্ষেপ গ্ৰহণৰ প্ৰতিশ্ৰুতি দোহাৰে। দুয়োপক্ষই ‘দি ষ্ট্ৰেটেজিক ছেক্টৰ কো-অপাৰেশ্যন অন অফছৰ উইণ্ড’ আৰু ‘নবীকৰণযোগ্য শক্তি’ৰ লগতে সামৰ্থ্য বৰ্দ্ধন, জ্ঞান-অংশীদাৰিত্ব আৰু বায়ু শক্তি সম্পৰ্কীয় প্ৰযুক্তিৰ হস্তান্তৰণ, শক্তিৰ আৰ্হি প্ৰস্তুতকৰণ আৰু নবীকৰণযোগ্য শক্তিৰ সংহতকৰণৰ নিদৰ্শন দাঙি ধৰাৰ লগতে গোলকীয় প্ৰেক্ষাপটত শক্তিৰ ৰূপান্তৰণ ঘটোৱাৰ বাটত সন্মুখীন হোৱা কেতবোৰ প্ৰত্যাহ্বান আঁতৰোৱাৰ ক্ষেত্ৰত যৌথ প্ৰয়াসত ব্ৰতী হোৱা তথা ‘ভাৰত-ডেনমাৰ্ক শক্তি সহযোগিতা’(আইএনডিইপি)   অনাগত বছৰবোৰত অধিক প্ৰগাঢ় কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে।

৮. জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে গোলকীয় প্ৰেক্ষাপটত অস্ত্ৰ ধৰাৰ ক্ষেত্ৰত ভাৰত-ডেনমাৰ্কে অগ্ৰণী ভূমিকা পালনত সহমত ব্যক্ত কৰে। ‘পেৰিছ চুক্তি’ ৰূপায়ণত অভিলাসী পদক্ষেপ গ্ৰহণ কৰিব পৰাকৈ দুয়োখন দেশে জলবায়ু, শক্তি খণ্ডৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত  কাৰ্যক্ৰম ৰূপায়ণৰ বাবে বৃহত লক্ষ্য নিৰূপণ কৰিছে। দুয়োখন দেশে একত্ৰিত ৰূপত কাৰ্য সমাপণৰ জৰিয়তে সমগ্ৰ পৃথিৱীকে ক’ব বিচাৰিছে যে জলবায়ু আৰু বহণক্ষম শক্তি-ৰ বাবে গ্ৰহণ কৰা অভিলাসী লক্ষ্যত উপনীত হোৱাতো নিতান্তই সম্ভৱ।

৯. দুযোখন দেশে জলবায়ু পৰিৱৰ্তন আৰু ‘নবীকৰণযোগ্য শক্তি’ সম্পৰ্কীয় প্ৰসংগত বিভিন্ন পৰ্যায়ত নিয়মীয়া আলোচনা আৰু পৰামৰ্শমূলক সভা অনুষ্ঠিত কৰাৰ বাবে সহমত ব্যক্ত কৰে। 
 

বাতাবৰণ-পানী আৰু চক্ৰৱত্ অৰ্থনীতি

১০. বাতাবৰণ-পানী আৰু চক্ৰৱত্ অৰ্থনীতি প্ৰসংগত উভয় চৰকাৰৰ মাজত সহযোগিতামূলক সম্পৰ্কক আন এক মাত্ৰা প্ৰদানৰ প্ৰসংগত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ঐকমত্য প্ৰকাশ কৰে। তেওঁলোকে জল-দক্ষতা আৰু অনা ৰাজহ জল(জল ঘাটি)ৰ প্ৰসংগত কৌশল ৰচনাৰ বাবেও উভয় পক্ষৰ সহযোগিতামূলক সম্পৰ্ক স্থাপনৰ পোষকতা কৰে। এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ ‘জল শক্তি মন্ত্ৰালয়’ আৰু ডেনমাৰ্ক চৰকাৰৰ ‘পৰিৱেশ আৰু খাদ্য মন্ত্ৰালয়’ৰ অধীনস্থ ‘ডানিছ পৰিৱেশ সুৰক্ষা এজেন্সী’য়ে জল শিতানৰ বাবে প্ৰথম পৰ্যায়ত তিনিবছৰৰ(২০২১-২৩)বাবে এক কৰ্ম পৰিকল্পনা বিকশিত কৰাৰ কথাত একমত প্ৰকাশ কৰে।

১১.’ ইণ্ডো-ডানিছ ৱাটাৰ টেকন’লজী এলায়েন্স’ৰ জৰিয়তে পানী যোগান, জল বিতৰণ, বাহ্য-জল বিশুদ্ধকৰণ, পয়-প্ৰণালী, পৰিশোধিত বাহ্য-জলৰ পুনৰ-ব্যৱহাৰ, জল-প্ৰবন্ধন আৰু জল-ক্ষেত্ৰত শক্তিৰ অনুকলন সম্ভৱ কৰাৰ প্ৰসংগতো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সহযোগিতা বৃদ্ধিৰ পক্ষত মত প্ৰকাশ কৰে।

স্মাৰ্ট চিটীকে ধৰি চহৰাঞ্চলৰ বহণক্ষম উন্নয়ণ

১২. দুয়ো পক্ষই যোৱা ২৬ জুন ২০২০ত ‘ভাৰ্চুৱেল’ মাধ্যমৰে অনুষ্ঠিত ‘ছেকেণ্ড ইণ্ডিয়া-ডেনমাৰ্ক জেডব্লিউ অন ছাষ্টেইনেবল আৰ্বান ডেভেলপমেণ্ট’-ৰ প্ৰসংগ  উথ্থাপন কৰাৰ লগতে গোৱাত অৱস্থিত ‘আৰ্বান লিভিং লেব’ৰ জৰিয়তে চহৰাঞ্চলৰ বহণক্ষম উ্ন্নয়ণৰ ক্ষেত্ৰত সহযোগিতা স্থাপনত সহমত ব্যক্ত কৰে।

১৩. মহানগৰৰ সৈতে মহানগৰৰ সহযোগিতামূলক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবেও দুয়োপক্ষই সিদ্ধান্ত গ্ৰহণ কৰে। এই ক্ষেত্ৰত উদয়পুৰ আৰু আৰহুছ আৰু টুমাকুৰু আৰু আলবোৰ্গৰ মাজৰ সম্পৰ্ক অধিক প্ৰগাঢ় কৰাত গুৰুত্ব আৰোপ কৰা হয়।   

১৪. ডেনমাৰ্কৰ কোম্পানীয়ে ভাৰতত স্থাপন কৰিবলগীয়া আন্তঃগাঁথনিৰ আৰ্হি প্ৰণয়ন কৰাৰ কথা প্ৰসংগক্ৰমে তেওঁলোকে উল্লেখ কৰাৰ লগতে চহৰাঞ্চলৰ বহণক্ষম উন্নয়ণৰ বাবে চলা সকলো প্ৰয়াসতে ডানিছ কোম্পানীসমূহে সহযোগিতা আগবঢ়োৱা কথাক উভয় পক্ষই আদৰণি জনায়।

ব্যৱসায়-বাণিজ্য আৰু জাহাজ পৰিবহণ

১৫. দুয়োখন দেশৰ চৰকাৰ, প্ৰতিষ্ঠান আৰু ব্যৱসায়ীসকলৰ মাজত সেউজ আৰু জলবায়ু অনুকূল প্ৰযুক্তিকেন্দ্ৰিক প্ৰসংগত অধিক গুৰুত্ব প্ৰদানৰে সহযোগিতা বৃদ্ধিৰ চিন্তাক দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আদৰণী জনায়। তেওঁলোকে সেউজ-শক্তি খণ্ডত হোৱা ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ ক্ষেত্ৰত নিয়ামক ব্যৱস্থা গঢ়ি তোলাতো গুৰুত্ব আৰোপ কৰে।

১৬. সাগৰীয় জাহাজ পৰিবহণ পৰিক্ৰমা সন্দৰ্ভত দুয়ো দেশৰ মাজৰ গাঢ় সহযোগিতামূলক সম্পৰ্কক দুয়োগৰাকী নেতাই প্ৰশংসা কৰাৰ লগতে জাহাজ নিৰ্মাণ আৰু অৰ্হি প্ৰস্তুতকৰণ, সামুদ্ৰিক সেৱা আৰু গ্ৰীণ  তথা বন্দৰ নিৰ্মাণ আদিৰ দৰে প্ৰসংগত সহযোগিতা বৃদ্ধিৰ সম্ভাৱনীয়তা সন্দৰ্ভতো তেওঁলোকে মন্তব্য প্ৰকাশ কৰে।

১৭. ব্যৱসায়ীক প্ৰতিনিধিদলৰ আহ-যাহ, ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগৰ বাবে বজাৰৰ সন্ধান আৰু ‘স্বাচ্ছন্দ্যৰে বাণিজ্য কৰা’ৰ পৰিৱেশ সৃষ্টিৰ দৰে প্ৰসংগক উদগণি দিয়াৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে। 

১৮. ভাৰত আৰু ডেনমাৰ্কে আধুনিকীকৰণ আৰু ৰাষ্ট্ৰীয় ‘ইণ্টেলেকচুৱেল পপাৰ্টী পদ্ধতি’ৰ উদ্ভাৱন, সৃষ্টিশীলতা আৰু প্ৰযুক্তিগত উত্তৰণত সহায়ক হোৱা  ‘ইণ্টেলেকচুৱেল পপাৰ্টী ৰাইট’ৰ ক্ষেত্ৰতো সহযোগিতাৰ প্ৰতিশ্ৰুতি দোহাৰে।

বিজ্ঞান, প্ৰযুক্তি, উদ্ভাৱন আৰু ডিজিটাইজেশ্যন

১৯. ভাৰত আৰু ডেনমাৰ্কে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনী(এছটিআই)ক্ষেত্ৰৰ উত্তৰণ আৰু ইয়াৰ শ্ৰীবৃদ্ধিৰ বাবে বিনিয়োগৰ গুৰুত্ব স্বীকাৰ কৰে আৰু চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ শক্তিশালী সহযোগিতাৰে প্ৰযুক্তিখণ্ডৰ বিকাশ আৰু নতুন সমাধান সূত্ৰৰ ৰূপাযণৰ পোষকতা কৰে।
২০. ‘ডিজিটাইজেশ্যন’ আৰু ‘ডিজিটেল’ পদ্ধতিৰে সমাধানৰ প্ৰসংগৰ গুৰুত্ব স্বীকাৰ কৰাৰ লগতে সেউজ ৰূপান্তৰণৰ বাবে ব্যৱসায়ীক আৰ্হি যুগুতোৱা আৰু প্ৰদূষণমুক্ত বহণক্ষম প্ৰগতি সম্ভৱ কৰিব পৰা ডিজিটেল প্ৰযুক্তিৰ বিকাশ, উদ্ভাৱন আৰু প্ৰদৰ্শনত সহযোগিতাৰ পোষকতা কৰে দুয়োগৰাকী নেতাই।

খাদ্য আৰু কৃষি

২১. কৃষি ক্ষেত্ৰত থকা সহযোগিতাৰ বিশাল সম্ভাৱনীয়তা সন্দৰ্ভত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ বিভিন্ন প্ৰাধিকাৰী, ব্যৱসায়ী সংস্থা আৰু খাদ্য সংসাধন আৰু খাদ্য সুৰক্ষা তথা পশু পালন আৰু দুগ্ধ উত্পাদনৰ দৰে ক্ষেত্ৰত ঘনিস্থ সহযোগিতাক উদগণি যোগোৱাৰ পোষকতা কৰে।  

স্বাস্থ্য আৰু  আয়ুৰ্বিজ্ঞান
২২.স্বাস্থ্য খণ্ডত সহযোগিতা বৃদ্ধিৰ প্ৰসংগত দুয়ো পক্ষই ঐকমত্য প্ৰকাশ কৰে। স্বাস্থ্য খণ্ডৰ বাবে উত্তম নীতিৰ প্ৰসংগত দুয়োপক্ষই একে লগে কাম কৰাৰ লগতে মহামাৰী নিয়ন্ত্ৰণ, প্ৰতিষেধক প্ৰস্তুকৰণ, বিশেষকৈ ক’ভিড-১৯ নিয়ন্ত্ৰণৰ লগতে ভৱিষ্যতৰ মহামাৰী নিপাতৰ ক্ষেত্ৰত সহযোগিতাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে উভয় পক্ষই।
 

সাংস্কৃতিক সহযোগিতা,  নাগৰিকৰ মাজৰ সম্পৰ্ক আৰু শ্ৰমৰ ভাগিদাৰী
২৩. দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰে যে ভাৰত-ডেনমাৰ্কৰ মাজৰ সম্পৰ্কৰ আজিৰ স্থিতি  বিগত সময়ত গঢ়ি উঠা দুয়োখন দেশৰ নাগৰিকসকলৰ পাৰস্পৰিক সম্পৰ্কৰ জৰিয়তেহে প্ৰগাঢ় হৈছে। এনে প্ৰেক্ষাপটতে দুয়োখন দেশৰ নাগৰিকসকলৰ মাজত পাৰস্পৰিক সম্পৰ্ক আৰু সাংস্কৃতিক বিনিময়ৰে যুগজোৰা সম্পৰ্কক আৰু অধিক মধুৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণত গুৰুত্ব আৰোপ কৰে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে।

২৪. শ্ৰমৰ ভাগিদাৰীৰ সম্ভাৱনীয়তাসমূহৰো সমীক্ষা কৰাৰ প্ৰসংগত উভয় দেশে সহমত ব্যক্ত কৰে। ইফালে পৰ্যটন ক্ষেত্ৰৰ উত্তৰণ সাধনৰ বাবে দুয়ো পক্ষই নাৰিকৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰত গুৰুত্ব আৰোপ কৰে।

বহুমাত্ৰিক সহযোগিতা

২৫. ‘বিধিসংগত বহুমাত্ৰিক সহযগিতা পদ্ধতি’ গঢ়ি তোলাৰ বাবে উভয় দেশে প্ৰয়াস আৰু পদক্ষেপ গ্ৰহণ কৰাৰ বাবে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সহমত ব্যক্ত কৰে। প্ৰদূষণ মুক্ত শক্তি, জলবায়ু পৰিৱৰ্তনৰ দৰে প্ৰসংগত গোলকীয় প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবেও দুয়োখন দেশে যুটীয়া ভাবে পদক্ষেপ গ্ৰহণত গুৰুত্ব আৰোপ কৰে। 

২৬. গোলকীয় প্ৰগতি আৰু বহণক্ষম উন্নয়ণ সম্ভৱ কৰি তোলাৰ লক্ষ্য সাৰোগত কৰি ‘বিশ্ব বাণিজ্য সংস্থা’ৰ অধীনত এক মুক্ত, সৰ্বাত্মক আৰু ‘বিধিসংগত বহুমাত্ৰিক বাণিজ্য পদ্ধতি’ গঢ়ি তোলাৰ ক্ষেত্ৰত সহযোগিতাৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰে উভয় পক্ষই।

২৭. ‘বিশ্ব বাণিজ্য সংস্থা’ৰ সংস্কাৰ সাধন প্ৰসংগত সম্প্ৰতি অব্যাহত থকা আলোচনাক উভয় পক্ষই সমৰ্থন জনায়। সংস্থাটোৰ ব্যাপক সংস্কাৰ সাধনত সহযোগিতা আগবঢ়োৱাৰ বাবেও দুয়োখন দেশে ঐকমত্য প্ৰকাশ কৰে।

২৮. ‘ই–ইউ’ আৰু ভাৰতৰ মাজত এক অভিলাসী, স্বচ্ছ আৰু পাৰস্পৰিক কল্যাণমূলক বাণিজ্যিক চুক্তি স্বাক্ষৰিত কৰাৰ পৰিৱেশ সৃষ্টিৰ বাবে দুয়ো দেশে প্ৰয়াস কৰাৰ বাবেও সহমত ব্যক্ত কৰে।

২৯. ‘আৰ্কটিক কাউন্সিল’ৰ বিধি ব্যৱস্থাৰ অধীনত পৃথিৱীৰ বাতাবৰণৰ সুৰক্ষা তথা জলবায়ু পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱৰ পৰা পৃথিৱীক ৰক্ষা বাবে উভয় দেশে সহযোগিতাৰে পদক্ষেপ গ্ৰহণতো সহমত প্ৰকাশ কৰে।
 

৩০. মানৱাধিকাৰ, গণতন্ত্ৰ আৰু আইনৰ শাসনৰ প্ৰমূল্যসমূহ স্বীকাৰ কৰি দুয়োখন দেশে বহুপাক্ষিক  মঞ্চসমূহত মানৱাধিকাৰ আৰু গণতন্ত্ৰ উত্তৰণ সম্পৰ্কীয় প্ৰসংগসমূহত ভূমিকা পালনৰ সিদ্ধান্ত দোহাৰে।

সামৰণি

৩১. ‘কিংডম অব ডেনমাৰ্ক’ আৰু ‘ভাৰত গণৰাজ্য’ৰ মাজত ‘সেউজ ৰণকৌশলগত সহযোগিতা’ স্থাপনৰ ক্ষেত্ৰত দুয়োখন দেশে নিজৰ নিজৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰাৰ লগতে তেওঁলোকৰ মাজৰ বন্ধুত্ব আৰু বুজাবুজিৰ যুগজোৰা সম্পৰ্কৰ এক নতুন অধ্যায়ৰ পাতনি মেলাৰ অংগীকাৰ কৰে।

৩২. অচিৰেই যুগুতাবলগীয়া আৰু স্বাক্ষৰিত হ’বলগীয়া কৰ্ম পৰিকল্পনাৰ আৰ্হি গ্ৰহণ কৰি যথাসম্ভৱ সোনকালেই অভিলাসী লক্ষ্য আৰু কাৰ্যক্ৰম নিৰ্দ্ধাৰণ কৰা হ’ব ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Cheese from India makes its mark globally’: PM Modi lauds Indian winners at Mundial do Queijo

Media Coverage

‘Cheese from India makes its mark globally’: PM Modi lauds Indian winners at Mundial do Queijo
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 এপ্ৰিল 2026
April 23, 2026

Inclusive Innovation: Empowering Every Citizen in the New India Under the Leadership of PM Modi