1. আজি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু জাৰ্মানীৰ চেন্সেলৰ ওলাফ স্কোলজৰ অধ্যতাত ভাৰত চৰকাৰ আৰু ‘ফেডাৰেল ৰিপাব্লিক অব জাৰ্মানী’ৰ চৰকাৰ দুখনৰ মাজত ষষ্ঠ লানি ‘আন্তঃ চৰকাৰী পৰামৰ্শ সম্পৰ্কীয় আলোচনা’ অনুষ্ঠিত হয়। দুয়োগৰাকী শীৰ্ষ মুৰব্বীৰ লগতে এই আলোচনাত দুয়ো পক্ষৰ মন্ত্ৰী আৰু সংশ্লিষ্ট মন্ত্ৰালয়সমূহৰ পদাধিকাৰীসকলৰ একোটি দলেও অংশগ্ৰহণ কৰে।
  2. ভাৰতে স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষ উদযাপনৰ সময়ত ভাৰত আৰু জাৰ্মানীৰ মাজৰ সম্পৰ্ক দুয়োখন দেশৰ পৰস্পৰৰ মাজৰ বিশ্বাস, দুয়োখন দেশৰ জনসাধাৰণৰ সেৱাৰ প্ৰতি থকা যুটীয়া আগ্ৰহ আৰু গণতান্ত্ৰিক প্ৰমূল্য অংশীদাৰিত্ব, আইনৰ শাসন আৰু মানৱাধিকাৰ তথা গোলকীয় প্ৰত্যহ্বানসমূহৰ ক্ষেত্ৰত বহু পক্ষীয় তত্পৰতাৰ ওপৰত গভীৰ ভাবে প্ৰতিষ্ঠিত হৈছে।
  3. দুয়োখন দেশেই ৰাষ্ট্ৰ সংঘ আৰু সকলো দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাকে ধৰি ৰাষ্ট্ৰ সংঘৰ চনদে সমৃদ্ধ কৰা আন্তঃৰাষ্ট্ৰীয় আইনৰ বুনিয়াদী তত্বসমূহক সাৰোগত কৰি প্ৰভাৱশালী আইন-ভিত্তিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাপনাৰ গুৰুত্ব স্বীকাৰ কৰিছে। দুয়োখন দেশেই পৃথিৱী জোৰা শান্তি আৰু সুস্থিৰতাক সুৰক্ষা দিব পৰাকৈ, আন্তঃৰাষ্ট্ৰীয় আইনক শক্তিৱন্ত কৰিব পৰাকৈ, সংঘাতৰ শান্তিপূৰ্ণ সমাধান আৰু সাৰ্ব ভৌমত্ব আৰু ভৌগলিক অখণ্ডতাৰ মৌলিক তত্বক সুৰক্ষিত ৰাখিব পৰাকৈ বৰ্তমান আৰু ভৱিষ্যতে সন্মুখীন হব লগা প্ৰত্যাহ্বানসমূহ চম্ভালি ল’ব পৰাকৈ বহুপক্ষীয় ব্যৱস্থাপনাক শক্তিশালী কৰি তোলাৰ লগতে সংস্কাৰ সাধনৰ প্ৰতি থকা সংকল্পকো দোহাৰে।
  4. দুয়োগৰাকী নেতাই পৃথিৱীক সুৰক্ষা প্ৰদান কৰিব পৰাকৈ ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা পৰিৱ্শেৰ পৰা এক অৰ্থনৈতিক পুনৰুথ্থানৰ প্ৰতি তখা প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা বিশেষভাবে উল্লেখ কৰে। তেওঁলোকে গোলকীয় গড় তাপমান ‘ঔদ্যোগীকৰণৰ প্ৰাক ক্ষণ’ত থকা পৰ্যায়তকৈ ২ডিগ্ৰী চেলচিয়াছ কম কৰাৰ আৰু তাপমান বৃদ্ধিৰ পৰিমাণ ‘ঔদ্যোগীকৰণৰ প্ৰাক ক্ষণ’ৰ পৰিমানতকৈ ১.৫ ডিগ্ৰী চেলচিয়াছতে সীমাবদ্ধ ৰখা আৰু ‘নৱীকৰণযোগ্য শক্তি’ৰ প্ৰতি গতি ধাৱমান কৰাৰ বাবে পদক্ষেপ গ্ৰহণৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে। তেওঁলোকে অৰ্থনৈতিক পুনৰুথ্থানৰ ধাৰাই ‘পেৰিচ চুক্তি’ৰ আধাৰত এক অধিক স্থিতিশীল, পৰিৱেশ অনুকূল ভাবে বহণক্ষম, জলবায়ু-অনুকূল আৰু সকলোৰে বাবে সমাৱেশী ভৱিষ্যত গঢ়িব পৰাকৈ এক পৰিৱেশক সৃষ্টিত গুৰুত্ব আৰোপ কৰে।

অংশীদাৰিত্বমূলক প্ৰমূল্য আৰু আঞ্চলিক তথা বহুপক্ষীয় স্বাৰ্থৰ বাবে জোঁট বন্ধন

  1. দুয়োখন দেশেই ৰাষ্ট্ৰ সংঘৰ সৈতে প্ৰভাৱশালী আইন-ভিত্তিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাপনাৰ গুৰুত্ব দৃঢ় ভাবে স্বীকাৰ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি  প্ৰদৰ্শন কৰি জাৰ্মানী আৰু ভাৰতে প্ৰভাৱশালী আৰু সংস্কাৰিত বহুপক্ষীয় ব্যৱস্থাপনাৰ গুৰুত্ব দোহাৰিছে। তেওঁলোকে জলবায়ু পৰিৱৰ্তন, দাৰিদ্ৰ, গোলকীয় খাদ্য সুৰক্ষা, অপপ্ৰচাৰৰ দৰে গণতন্ত্ৰৰ প্ৰতি অহা ভাবুকী, আন্তঃৰাষ্ট্ৰীয় সংঘাত আৰু আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ দৰে গোলকীয় প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পৰাকৈ বহুপক্ষীয় ব্যৱস্থাপনাৰ বাবে জনোৱা পূৰ্বৰ আহ্বানকে পুনৰ দোহাৰে। গ্ৰুপ অব ফৰৰ দীৰ্ঘদিনীয়া আহ্বায়ক সদস্য হিচাপে, দুয়োখন চৰকাৰে সাম্প্ৰতিক সময়ৰ বাস্তৱিকতাসমূহক চম্ভালিব পৰাকৈ সক্ষম কৰি ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ সংস্কাৰ সাধনৰ দাবীক অধিক খৰটকীয়া কৰি তোলাৰো দায়বদ্ধতা স্বীকাৰ কৰে। এইসম্পৰ্কীয় নিৰ্বাচনসমূহত দুয়োখন দেশে পৰস্পৰক সহায় কৰাৰ প্ৰতিশ্ৰুতিও দোহাৰে। ‘নিউক্লীয়াৰ ছাপ্লায়াৰ্ছ গ্ৰুপ’ত ভাৰতৰ অনতি বিলম্ব প্ৰৱেশৰ প্ৰতি জাৰ্মানীয়ে দ্বিধাহীন ভাবে আগবঢ়োৱা সমৰ্থনৰ কথা পুনৰ দোহাৰে।
  2. দুয়োখন দেশে এক স্বাধীন, মুক্ত আৰু সমাৱেশী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পোষকতা কৰাৰ লগতে ‘আছীয়ান দেশ’ৰ একতাত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে জাৰ্মান ফেডাৰেল চৰকাৰে যুগুতোৱা ‘ভাৰত-প্ৰশান্ত মহাগৰীয় নীতি-নিৰ্দেশনা’, ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল’ৰ ক্ষেত্ৰত ইউৰোপীয়ান ইউনিয়(ইইউ)নে যুগুতোৱা সহযোগিতা সম্পৰ্কীয় ৰণকৌশল আৰু ভাৰতে আগবঢ়োৱা ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপ’ৰ স্থিতিক স্বীকাৰ কৰে।
  3. ভাৰত আৰু জাৰ্মানীয়ে ভাৰত আৰু ‘ইইউ’-ৰ মাজত ক্ৰমাত্ গাঢ় হোৱা ৰণকৌশলগত সম্পৰ্কক স্বাগত জনাইছে। বিশেষকৈ ২০২১ত প’ৰ্টোত অনুষ্ঠিত ‘ভাৰত-ইইউৰ নেতৃত্ব সন্মিলন’ৰ পৰৱৰ্তি সময়ৰ পৰাই এই সম্পৰ্ক অধিক প্ৰগাঢ় হৈছে আৰু ইয়াক পৰৱৰ্তি পৰ্যায়লৈ উন্নত কৰাৰ বাবেও দুয়োপক্ষই সহমত ব্যক্ত কৰিছে।
  4. দুয়োটা পক্ষই ‘বে’ অব বেংগল ইনিচিয়েটিভ ফৰ মা্ল্টি-ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কো-অপাৰেশ্যন’(বিমষ্টেক)ৰ দৰে আঞ্চলিক সংস্থাৰ লগত ‘জি-২০’ৰ দৰে বহু পক্ষীয় মঞ্চৰ মাজত সহযোগিতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে।
  5. দুয়োটা পক্ষই জাৰ্মনীৰ অধ্যক্ষতাৰ সময়ছোৱাত আগবঢ়া ‘জাষ্ট এনাৰ্জী ট্ৰেনজিশ্যন’কে ধৰি ‘জি-৭’ দেশৰ গোটটোৰ সৈতে ভাৰতৰ সহযোগিতামূলক সম্পৰ্কক স্বীকৃতি প্ৰদান কৰে। তেওঁলোকে জাৰ্মানীৰ অধ্যক্ষতা কালীন সময়ছোৱাত অন্যান্য চৰকাৰী পক্ষসমূহৰ সৈতে যুটীয়া বাবে কাম কৰাৰ প্ৰসংগত দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত কৰাৰ বাবেও সহমত ব্যক্ত কৰে।
  6. ইফালে, ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছীয়াই কৰা বেআইনী আৰু অপ্ৰৰোচিত আক্ৰমণক কঠোৰ ভাষাৰে দিয়া গৰিহণা পুনৰ দোহাৰিছে জাৰ্মানীয়ে। ইউক্ৰেইনত শেহতীয়া ভাবে সংঘটিত ঘটনাক্ৰমত মানৱীয়তা সংকটাপন্ন হোৱাৰ কথাতো ভাৰত আৰু জাৰ্মানীয়ে উদ্বিগ্নতা প্ৰকাশ কৰে। উভয়ে ইউক্ৰেইনত অসামৰিক লোকৰ মৃত্যু হোৱা ঘটনাকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
  7. সেইদৰে আফগানিস্তানৰ ক্ষেত্ৰতো দুয়োখন দেশে দেশখনত হোৱা মানৱীয়তাৰ স্খলন, লক্ষ্য নিৰ্দিষ্ট সন্ত্ৰাসবাদী কাৰ্যকলাপ, মানৱাধিকাৰ আৰু মৌলিক অধিকাৰ আৰু কন্যা আৰু মহিলাসকলৰ শিক্ষা লাভৰ ক্ষেত্ৰত অধিকাৰৰ পদ্ধতিগত উলংঘণকে ধৰি হিংসাত্মক ঘটনাৰ পুনৰুথ্থানৰ পৰিস্থিতিত উদ্বিগ্নতা প্ৰকাশ কৰে।
  8. দুযোখন দেশে আফগানিস্তানৰ ভূমিভাগ কোনো সন্ত্ৰাসবাদীৰ আশ্ৰয়, প্ৰশিক্ষণ, পৰিকল্পনা বা বিত্তীয় সাহায্য আহৰণৰ বাবে ব্যৱহাৰ নকৰাৰ বাবে বাবে গ্ৰহণ কৰা ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদৰ ২৫৯৩(২০২১)নং সিদ্ধান্তৰ গুৰুত্ব সন্দৰ্ভত নিজৰ সহমত দোহাৰে। আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত দুয়ো পক্ষৰ মাজত ঘনিষ্ঠ আলোচনা অব্যাহত ৰখাৰ কথাটো দুয়োপক্ষই সহমত ব্যক্ত কৰে।
  9. দুয়ো দেশৰ নেতৃবৃন্দই সীমা-পাৰৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপেৰে অব্যাহত ৰখা সংকটকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ কঠোৰ ভাষাৰে গৰিহণা দিয়ে। তেওঁলোকে সন্ত্ৰাসাবাদৰ পুলিয়ে-পোখাই মূলোচ্ছেদ কৰিবলৈ আগবাঢ়ি অহাৰ বাবে সকলো দেশৰ প্ৰতি আহ্বান জনায়। তদুপৰি তেওঁলোকে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১২৬৭ সংখ্যক ‘ছেংচন সমিতি’য়ে চিহ্নিত কৰা গোটসমূহকে ধৰি সকলোবোৰ সন্ত্ৰাসবাদী গোটৰ বিৰুদ্ধে কঠোৰ কাৰ্যপন্থা গ্ৰহণৰ বাবেও সংশ্লিষ্টসকলক আহ্বান জনায়।
  10. ‘মানী লণ্ডাৰিং’ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিত্তীয় পৃষ্ঠপোষকতাৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত সকলো দেশে এফএটিএফ-কে ধৰি আন্তঃৰাষ্ট্ৰীয় মানকসমূহৰ সদ্ব্যৱহাৰৰ প্ৰসংগতো গুৰুত্ব আৰোপ কৰে।
  11. দুয়ো পক্ষই বুজাবুজি সম্পৰ্কীয় আলোচনাৰ সামৰণি, প্ৰক্ৰিয়াসমূহৰ পুনৰাম্ভণিকে ধৰি আৰু ‘যুটীয়া বিস্তৃত কৰ্ম পৰিকল্পনা’ৰ সম্পূৰ্ণ ৰূপায়ণলৈ সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে। এই সন্দৰ্ভত ‘আইএইএ’-ৰ গুৰুত্বপূৰ্ণ ভূমিকাকো ভাৰত আৰু জাৰ্মানীয়ে প্ৰশংসা কৰে।
  12.  নিৰাপত্তা-সহযোগিতামূলক সম্পৰ্কক গাঢ় কৰাৰ উদ্দেশ্য আগত ৰাখি দুয়ো পক্ষই ‘ক্লাছিফাইড তথ্যাৱলী’ৰ বিনিময় সংক্ৰান্তত সহমতত উপনীত হ’ব পৰাকৈ আলোচনা অনুষ্ঠিত কৰাৰ বাবে সহমত ব্যক্ত কৰে। দুয়োপক্ষই গোলকীয় নিৰাপত্তা সম্পৰ্কীয় প্ৰত্যাহ্বান সমূহ প্ৰতিহত কৰাৰ ক্ষেত্ৰত অৱদান আগবঢ়াব পৰাকৈ ৰণকৌশলগত অংশীদাৰ হিচাপে দুয়ো পক্ষৰ মাজত নিৰাপত্তা আৰু প্ৰতিৰক্ষা সম্পৰ্কীয় সম্পৰ্ক গাঢ় কৰাৰো গুৰুত্ব দোহাৰে।
  13. দুয়োখন চৰকাৰে কাকো পিচ পৰি থাকিবলৈ নিদিয়াকৈ আংশীদাৰিত্বপূৰ্ণ, বহণক্ষম আৰু সমাৱেশী বিকাশ সাধন কৰাৰ লগতে পৃথিৱীৰ সুৰক্ষাৰ বাবে থকা তেওঁলোকৰ যৌথ দায়ব্ধতাৰ কথা স্বীকাৰ কৰে। তেওঁলোকে ‘পেৰিছ চুক্তি’ৰ আধাৰত ‘বহনক্ষম উন্নয়ণৰ লক্ষ্য’সমূহ বাস্তৱায়িত কৰাৰ বাবে ভাৰত-জাৰ্মানী সহযোগিতা প্ৰসংগও উথ্থাপন কৰে।
  14. দুয়োদেশৰ মাজৰ মৈত্ৰী পূৰ্ণ সহযোগিতাৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ ৰাজনৈতিক দিক-নিৰ্দেশনা দিয়াৰ বাবে আন্তঃচৰকাৰী পৰামৰ্শপ্ৰদানকাৰী আলোচনাৰ বিধি-নিৰ্দেশনাৰ আধাৰত দ্বিবাৰ্ষিক মন্ত্ৰী পৰ্যায় আলোচনা অনুষ্ঠিত কৰাৰৰ বাবেও দুয়ো পক্ষই সহমত প্ৰকাশ কৰে।
  15. শক্তিৰ ৰূপান্তৰণ, নৱীকৰণযোগ্য শক্তি, চহৰাঞ্চলৰ বহণক্ষম উন্নয়ণ, সেউজ পৰিবহণ ব্যৱস্থা, চক্ৰীয় অৰ্থনীতি, জলবায়ু সন্দৰ্ভত অন্যান্য কাৰ্যপন্থাৰ লগতে দুৰ্যোগ প্ৰশমণ, জলবায়ু নমনীয়কৰণ, সহজকৰণ, কৃষি-বাতাবৰণ সম্পৰ্কীয় ৰূপান্তৰণ, জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু বহণক্ষম ব্যৱহাৰ, প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ আৰু বহণক্ষম ব্যৱহাৰ আৰু সহযোগিতা পূৰ্ণ সম্পৰ্কৰ অগ্ৰগতি সন্দৰ্ভত নিয়মীয়া পৰ্যালোচনাৰ বাবে গ্ৰহণ কৰিব পৰা পদক্ষেপসমূহ চিনাক্ত কৰাৰ বাবে উভয় পক্ষই কাম কৰি য়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
  16. ‘সেউজীয়া আৰু বহণক্ষম উন্নয়ণ’ৰ বাবে ভাৰত-জাৰ্মান সহযোগিতাৰে সম্ভৱ কৰিব খোজা পদক্ষেপসমূহৰ ক্ষেত্ৰত দুয়োপক্ষই সহমত প্ৰকাশ প্ৰসংগসমূহ হল- ‘ভাৰত-জাৰ্মান হাইড্ৰজেন ৰোডমেপ’ প্ৰস্তুত কৰা, ‘ভাৰত-জাৰ্মান নৱীকৰণযোগ্য শক্তি সহযোগিতা’ স্থাপন কৰা, ‘এগ্ৰ’ইক’লজী আৰু প্ৰাকৃতিক সম্পদৰ বহণক্ষম প্ৰবন্ধন’ সন্দৰ্ভত ‘লাইটহাউছ সহযোগিতা’ স্থাপন কৰা, ‘লে-হাৰিয়াণা ট্ৰেন্সমিছন লাইন’ৰ দৰে ‘গ্ৰীন এনাৰ্জী ক’ৰিডৰ’ স্থাপনৰ বাবে যৌথ উদ্যোগ গ্ৰহণৰ ক্ষেত্ৰত পুনঃ পৰীক্ষা কৰা, ‘বন চেলেঞ্জ’-ৰ অধীনত দাৰিদ্ৰ দূৰীকৰণ, জৈৱ বৈচিত্ৰ্ৰ্যৰ সংৰক্ষণ আৰু পুনঃস্থাপন আদিৰ দৰে ক্ষেত্ৰত সহযোগিতা গাঢ় কৰা, ‘গ্ৰীণ প্ৰযুক্তি’ৰ বহণক্ষম ব্যৱহাৰৰ দৰে ক্ষেত্ৰসমূহত সহযোগিতা প্ৰগাঢ় কৰাৰ বাবে সহমত প্ৰকাশ কৰে।
  17. ‘সেউজীয়া আৰু বহণক্ষম উন্নয়ণ’ৰ ক্ষেত্ৰত বৰ্তমানে গ্ৰহণ কৰা পদক্ষেপসমূহৰ অগ্ৰগতিক দুয়ো পক্ষই আদৰণি জনায়।
  18. ‘আন্তঃৰাষ্ট্ৰীয় স্মাৰ্ট চিটী নেটৱৰ্ক’ৰ ভিতৰত চহৰাঞ্চলৰ উন্নয়ণ সন্দৰ্ভত তেওঁলোকৰ সফল সযোগিতাৰ সম্পৰ্ক অব্যাহত ৰখাৰ অভিপ্ৰায় দুয়ো পক্ষই দোহাৰে।
  19. বহণক্ষম চহৰীয়া উন্নয়ণ সম্পৰ্কীয় ‘ভাৰত-জাৰ্মান যুটীয়া কৰ্ম গোট’ৰ নিয়মীয়া সভা অনুষ্ঠিতকৰণ সন্দৰ্ভতো উভয় পক্ষই সহমত ব্যক্ত কৰে।
  20. কৃষি, খাদ্য উদ্যোগ আৰু গ্ৰাহক সুৰক্ষা সম্পৰ্কীয় যুটীয়া কৰ্ম গোটৰ ইতিবাচক ভূমিকা সন্দৰ্ভত উভয় পক্ষই প্ৰকাশ কৰা প্ৰাসংগিকতা পক্ষ দুটাই পুনৰ দোহাৰে।
  21. কৃষকক উচ্চ মানৰ বীজ উপলব্ধ কৰোৱাৰ বাবে ভাৰতীয় বীজ খণ্ডত ৰূপায়ণ কৰা সফল ধ্বজাবাহী প্ৰকল্পৰ চূড়ান্ত পৰ্যায়কো দুয়োখন চৰকাৰে প্ৰশংসা কৰে।
  22. বৰ্তমানে চলি থকা সহযোগিতা চুক্তিৰ আধাৰতে খাদ্য সুৰক্ষাৰ ক্ষেত্ৰতো সহযোগিতামূলক কৰ্মসূচী বিকশিত কৰাৰ বাবে দুয়ো পক্ষই ইচ্ছা প্ৰাকশ কৰে।
  23. কৃষি খণ্ডত ‘ভাৰত-জাৰ্মান উত্কৰ্ষতাৰ কেন্দ্ৰ’ স্থাপনৰ বাবে ‘জাৰ্মান এগ্ৰি বিজনেছ এলায়েন্স’(জিএএ) আৰু ‘এগ্ৰিকালশ্যাৰ স্কিল কাউন্সিল অব ইণ্ডিয়া’ৰ মাজত সম্পাদিত বুজাবুজিৰ চুক্তিখনকো উভয় পক্ষই স্বীকৃতি প্ৰদান কৰে।
  24. কৃষি আৰু খাদ্য খণ্ডত প্ৰযুক্তি আৰু জ্ঞানৰ বিনিময় সন্দৰ্ভতো উভয় পক্ষই সহমতি প্ৰকাশ কৰে।
  25. ‘ইণ্টাৰনেশ্যনেল ছ’লাৰ এলায়েন্স’(আইএছএ) সন্দৰ্ভতো দুয়োটা পক্ষই সহযোগিতা গভীৰ কৰাত সহমত প্ৰকাশ কৰে।
  26. দুয়োটা পক্ষই জলবায়ু আৰু দুৰ্যোগৰ বিপৰীতে আগবঢ়াবলগীয়া বিত্তীয় সহযোগিতা আৰু বীমাকৰণৰ ক্ষেত্ৰত থকা আংশকা প্ৰশমণ কৰিব পৰাকৈ গঠন কৰা ‘ইন্সুৰিজেলিয়েন্স গ্লোবেল পাৰ্টনাৰ্শ্বিপ’ আৰু ‘কোৱালিশ্যন ফৰ ডিজেষ্টাৰ ৰিজেলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকশ্যাৰ’ৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়াবলৈ  সহমত প্ৰকাশ কৰে।
  27. বহণক্ষম বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰী-ব্যক্তিগত খণ্ডৰ সহযোগিতাৰ আধাৰত ভাৰত আৰু জাৰ্মানীৰ ব্যক্তিগত খণ্ডৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে দুয়ো পক্ষই সহমত প্ৰকাশ কৰে।
  28. ৰাষ্ট্ৰসংঘৰ ‘২০২৩ জল সন্মিলন’ৰ প্ৰস্তুতি সন্দৰ্ভতো উভয় পক্ষই সপ্ৰশংস মন্তব্য আগবঢ়ায়।

বেহা-বেপাৰ, বিনিয়োগ আৰু ডিজিটেল ট্ৰেন্সফোৰমেশ্যন

  1. নীতি আধাৰিত, মুক্ত, সমাৱেশী, স্বচ্ছ আৰু সুলভ বেহাৰ গুৰুত্ব দোহাৰি  জাৰ্মানী আৰু ভাৰতে বহু পক্ষীয় বেহা-বেপাৰৰ কেন্দ্ৰ হিচাপে বিশ্ব বাণিজ্য সংস্থাৰ ভূমিকা অব্যাহত থকাত গুৰুত্ব আৰোপ কৰে।
  2. ভাৰত আৰু জাৰ্মানী উভয়ে বাণিজ্য আৰু বিনিয়োগ ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ সহযোগী। ভাৰত আৰু ‘ইউৰোপীয়ান ইউনিয়ন’ৰ মাজত সম্পাদিত হবলগীয়া মুক্ত বাণিজ্য সংক্ৰান্তীয় চুক্তি, এখন বিনিয়োগ সুৰক্ষা সম্পৰ্কীয় চুক্তি আৰু এখন ভূ-তাত্বিক সংকেতক সম্পৰ্কীয় চুক্তিকেইখনলৈ উভয় পক্ষই সজোৰে সমৰ্থন আগবঢ়ায়।
  3. ৰাষ্ট্ৰসংঘৰ বেহা-বেপাৰ সম্পৰ্কীয় বিধি-নিৰ্দেশনা আৰু মনৱাধিকাৰ আৰু বহু দেশীয় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত প্ৰযোজ্য ‘অইচিডি-বিধি-নিৰ্দেশনা’ ৰূপায়ণৰ গুৰুত্ব সন্দৰ্ভতো ভাৰত-জাৰ্মানীয়ে বিশেষ প্ৰাসংগিকতা দোহাৰে।
  4. গোলকীয় প্ৰেক্ষাপটত চাকৰি আৰু সামজিক সংকটৰ অন্যতম দশকৰ প্ৰেক্ষাপটত এক বহণক্ষম শ্ৰম বজাৰ গঢ়ি তোলাৰ বাবে একেলগে কাম কৰাৰ প্ৰাসংগিতাও দোহাৰে দুয়োটা পক্ষই।
  5. ২০১৭ চনত ভৰতে ‘আইএলঅ’ কনভেনশ্যন’ৰ ১৩৮ আৰু ১৮২ সংকল্প গ্ৰহণ কৰি স্বাক্ষৰ দান কৰা কাৰ্যক আদৰণী জনায় জাৰ্মানীয়ে।
  6. প্ৰযুক্তিগত, অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ বাবে মূল চালিকা শক্তি হিচাপে ‘ডিজিটেল ৰূপান্তৰণ’ৰ গুৰুত্ব স্বীকাৰ কৰে দুয়োটা পক্ষই।
  7. ২০২১ চনৰ ৮ অক্টোবৰত ‘বেছ ইৰ’ছন এণ্ড প্ৰফিট শ্বিফ্টিং’(বিইপিএছ) সম্পৰ্কীয় ‘সমাৱেশী পৰিকাঠামো’ত গ্ৰহণ কৰা দ্বি-স্তম্ভীয়-সমাধানসূত্ৰৰ ক্ষেত্ৰত হোৱা সহমতিক দুয়ো পক্ষই আদৰণি জনায়।
  8. দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ সম্পৰ্কীয় ক্ষেত্ৰসমূহত ‘ভাৰত-জাৰ্মান ফাষ্ট-ট্ৰেক মেকানিজম’ৰ সফল স্বৰূপক অব্যাহত ৰখাৰ বাবে দুয়োটা পক্ষই পৰস্পৰে সষ্টম হৈ থকাৰ কথা পুনৰ স্পষ্ট কৰে।
  9. ‘ক’ৰ্পোৰেট মেনেজাৰৰ প্ৰশিক্ষণ কাৰ্যক্ৰম’ৰ ৰূপায়ণৰে দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্ক অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতিও দোহাৰে দুয়োটা পক্ষই।
  10. ৰে’লৱে’ খণ্ডত জাৰ্মান কোম্পানীসমূহৰ কাৰিকৰী পাৰদৰ্শিতাৰ কথা ভাৰতীয় পক্ষই স্বীকাৰ কৰে। ২০৩০ চনৰ ভিতৰত ‘নেট জিৰো’ পৰ্যায়ত উপনীত হোৱাৰ বাবে ভাৰতীয় ৰে’লে পোষণ কৰা প্ৰত্যাশা পূৰণ কৰাৰ বাবে জাৰ্মানীয়ে সহযোগিতা আগবঢ়োৱাৰ কথা ২০১৯ চনত ইণ্টাৰনেটৰ জৰিয়তে কৰা ‘যুটীয়া ঘোষণা-পত্ৰ’ত প্ৰকাশ কৰা হৈছিল।
  11. ‘গ্লোবেল প্ৰজেক্ট কোৱালিটী ইনফ্ৰাষ্ট্ৰাকশ্যাৰ’(জিপিকিউআই)ৰ অধীনত ‘ভাৰত-জাৰ্মান কৰ্ম গোট’ৰ জৰিয়তে দুয়োথন দেশৰ মাজৰ সম্পৰ্ক অধিক প্ৰগাঢ় কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰখাৰ কথাক প্ৰশংসা কৰে দুয়ো দেশৰ প্ৰতিনিধিবৰ্গই।
  12. ষ্টাৰ্ট-আপ সহযোগিতা আৰু অধিক কৰি তোলা আৰু এই প্ৰসংগত ‘ষ্টাৰ্ট-আপ ইণ্ডিয়া’ আৰু ‘জাৰ্মান এক্সিলাৰেটৰ’(জিএ)ৰ মাজত অব্যাহত থকা সহযগিতাৰো শলাগ লয় দুয়ো দেশৰ চৰকাৰে।

ৰাজনৈতিক আৰু বৌদ্ধিক বিনিময়, বৈজ্ঞানিক সহযোগিতা, কৰ্মবাহিনী আৰু মানুহৰ আহ-যাহ  সংক্ৰান্তীয় অংশীদাৰিত্ব

  1. ছাত্ৰ-ছাত্ৰী, শিক্ষায়তনিক আৰু পেছাদাৰী কৰ্ম-বাহিনীকে ধৰি জন-সাধাৰণৰ মাজৰ সক্ৰিয় বিনিময়কো দুয়োখন চৰকাৰে আদৰণি জনায়।
  2. শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত ক্ৰমাত্ বৃদ্ধি পোৱা বিনিময় প্ৰসংগত জাৰ্মানী আৰু ভাৰতে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ইয়াক আৰু অধিক বিস্তৃত কৰাৰো ইচ্ছা প্ৰকট কৰে।
  3. ভাৰত-জাৰ্মান ৰণ-কৌশলগত গৱেষণা তথা উন্নয়ণী অংশীদাৰিত্বৰ ক্ষেত্ৰত বৌদ্ধিক পৰিমণ্ডল-উদ্যোগসমূহে গ্ৰহণ কৰা মূল অনুঘটকৰ ভূমিকা স্বীকাৰ কৰাৰ লগতে দুয়োটা পক্ষই শেহতীয়া ভাবে গ্ৰহণ কৰা ‘ভাৰত-জাৰ্মান বিজ্ঞান আৰু প্ৰযুক্তি কেন্দ্ৰ’(আইজিএছটিচি)ৰ পদক্ষেপক আদৰণি জনায়।
  4. বিশেষকৈ দ্বিপাক্ষিক বৈজ্ঞানিক সহযোগিতাৰ ক্ষেত্ৰত অন্যতম স্মাৰক হিচাপে পৰিগণিত হোৱা ডাৰ্মষ্টেডত স্থাপিত ‘ইণ্টাৰনেশ্যনেল ফেচিলিটী ফৰ এণ্টিপ্ৰটন এণ্ড আয়ন ৰিছাৰ্চ’(ফেয়াৰ)লৈ তেওঁলোকৰ সমৰ্থন আগবঢ়ায়।
  5. ভাৰত আৰু জাৰ্মানীৰ মাজত সম্পাদিত হ’বলগীয়া দ্বিপাক্ষিক চুক্তিখনৰ ইংৰাজী ভাষাত যুগুত কৰা আজিৰ ডূড়ান্ত খচৰাটো দুয়োখন চৰকাৰে আদৰণি জনায়।
  6. দক্ষ স্বাস্থ্য কৰ্মীৰ স্থানান্তৰণ সন্দৰ্ভত কেৰালা ৰাজ্য আৰু ‘জাৰ্মান ফেডাৰেল এম্প্লইমেণ্ট এজেন্সী’(বিএ) মাজত সম্পাদিত নিয়োগ সম্পৰ্কীয় চুক্তিখন স্বাক্ষৰিত কৰা কথাটোকো দুয়োখন চৰকাৰে আদৰণি জনায়।
  7. জাৰ্মান ছচিয়েল এক্সিডেণ্ট ইন্সুৰেঞ্চ(ডিজিইউভি) আৰু নেশ্যনেল ছেফ্টী কাউন্সিল(এনএছচি) অব ইণ্ডিয়াৰ মাজত সম্পাদিত বুজাবুজিৰ চুক্তিখনকো দুয়োখন চৰকাৰে আদৰমি জনায়।
  8. ভাৰত আৰু জাৰ্মানীৰ মাজত সম্পাদিত হোৱা বিস্তৃত পৰিসৰৰ সাংস্কৃতিক বিনিময় আৰু শিক্ষামূলক সহযোগিতা আৰু এই সংক্ৰান্ত ‘গয়েথে-ইনষ্টিটিউট’, ‘জাৰ্মান একাডেমিক একচেঞ্জ ছাৰ্ভিচ’(ডিএএডি), ‘ইউনিভাৰ্ছিটী গ্ৰাণ্ট কমিশ্যন’(ইউডিচি), ‘অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন’(এআইচিটিই) আৰু অন্যান্য প্ৰতিষ্ঠানসমূৰ ভূমিকাক দুয়োখন চৰকাৰে প্ৰশংসা কৰে।

গোলকীয় স্বাস্থ্যৰ বাবে এক সহযোগিতা

  1. ক’ভিড-১৯ৰ উপৰ্যুপৰিতাৰ কথা অনুভৱ কৰিয়েই দুয়োখন চৰকাৰে ‘মেডিকেল ছাপ্লাই চেইন’ৰ সুৰক্ষা নিশ্চিত কৰা, স্বাস্থ্য সংক্ৰন্তীয় প্ৰসংগত গোলকীয় সষ্টমতা বৃদ্ধি কৰা, ভৱিষ্যতে পশুজনিত ৰোগৰ আংশকা প্ৰশমিত কৰা, ‘ওৱান-হেল্থ-এপ্ৰোচ’ গ্ৰহণৰ দৰে প্ৰসংগত পৰস্পৰে সহযোগিতা আগবঢ়োৱাৰ বাবে সহমত ব্যক্ত কৰে।
  2. ভাৰতৰ ‘নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰোল’(এনচিডিচি) আৰু জাৰ্মানীৰ ‘ৰবাৰ্ট-কোচ-ইনষ্টিটিউট’(আৰকেআই)ৰ মাজৰ জোঁটবন্ধনৰ পদক্ষেপক দুয়ো পক্ষই আদৰণি জনায়।
  3. যুটীয়া ঘোষণা পত্ৰ প্ৰকাশৰে চিকিত্সা সামগ্ৰী নিয়ামক বিধি প্ৰণয়ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰি তোলাৰ বাবে দুয়ো চৰকাৰে ইচ্ছা প্ৰকাশ কৰে।
  4. ষষ্ঠ ভাৰত-জাৰ্মানী চৰকাৰী পৰামৰ্শ(আইজিচি)সম্পৰ্কীয় আলোচনাক লৈ দুয়োপক্ষৰ প্ৰতিনিধিবৰ্গই সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ভাৰত-জাৰ্মান ৰণ-কৌশলগত সহযোগিতা আৰু অধিক প্ৰগাঢ় কৰাৰ বাবে প্ৰতিশ্ৰুতি দোহাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে চেঞ্চেলৰ স্কলজক তেওঁ আগবঢ়োৱা আতিথ্যৰ বাবে ধন্যবাদ জনায়। ভাৰতৰ তৰফৰ পৰা পৰৱৰ্তি ‘আইজিচি’ অনুষ্ঠিত কৰাৰো ইচ্ছা ব্যক্ত কৰা হয়।
Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From 'chalta hai' to 'badal sakta hai': Decoding PM Modi's Punctuality narrative

Media Coverage

From 'chalta hai' to 'badal sakta hai': Decoding PM Modi's Punctuality narrative
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
The world must now be looking for Indian startups: PM Modi during the interaction with Space Startup CEOs
August 23, 2026
CEOs highlight growing interest shown from across the world in adopting and leveraging technologies developed by India’s space industry
CEOs appreciate decision of Opening Space Sector to Private Participation Created saying it created multiple New Opportunities
PM Calls for Wider Applications of Space Technology to Improve Lives of people
PM says India’s Space Sector Can Become a Magnet for Global Talent, Companies and Investment
PM emphasises greater collaboration Between Space Industry and other social development sectors
PM suggests greater collaboration with Atal Tinkering Labs to Nurture Curiosity and Interest Among Young Minds for Space

प्रधानमंत्री - आपने एक नए क्षेत्र में साहस दिखाया है, सबसे बड़ी बात है कि आपने सरकार की बात पर भरोसा किया। मेरा एक मत रहा कि जो भी हम निर्णय करें, हम उसमें कंसिस्टेंट रहें, हम बार-बार उसमें बदलाव ना करें, ताकि कोई भी रिस्क लेना चाहता है, तो उसको भरोसा रहे कि भाई ठीक है मेरी गलती के कारण कुछ गड़बड़ होगा तो ठीक है, लेकिन कोई मेरा हाथ नहीं छोड़ देगा। और ये विश्वास पैदा करने का हमारा प्रयास था।

CEO –We are India’s first Space Tech Unicorn. अभी July, 18 को हम भारत का पहला प्राइवेट रॉकेट सक्सेसफुली सैटेलाइट्स को इजेक्ट करके लॉन्च किया था। And, this is just the beginning. Generally, we say that just warm up for Skyroot, अभी शुरुआत है। एंड नेक्स्ट ईयर मिड तक हम एक लॉन्च per month हम कर रहे हैं। And also like thanks to you sir for opening up the sector. तीन फैक्ट्री बन चुका है। एक रॉकेट per month का कैपेसिटी है ऑलरेडी। And, this is just the beginning. अभी फ्यूचर ड्रीम है कि एक लॉन्च per week करना है और several launches per day.

CEO – एक ऐसा इंजन बनाया जो दुनिया का सबसे आधुनिक इंजनों में से आता है। सर इसको अभी हमने तैयार किया है, इसकी टेस्टिंग जारी है।

प्रधानमंत्री - उनका कॉन्फिडेंस है, इन्वेस्टर्स का?

CEO – सर,स्काई रूट का जो लॉन्च हुआ है फर्स्ट, उसके बाद से बढ़ गया है।

प्रधानमंत्री –अच्छा। वो रूट आपको काम आ रहा है?

CEO – वो बहुत काम आ रहा है।

प्रधानमंत्री –दुनिया अब भारत के स्टार्टअप को खोजती होगी, भई कौन है इसमें? क्योंकि एक जब ब्रेक थ्रू होता है, तो तुरंत लोगों का ध्यान जाता है।

CEO – I think, स्पेस इंडस्ट्री ओपन होने के बाद हमने एक बहुत अच्छी सी ट्रेंड देखी है। हमारे जितने सिटीजंस यूएस और यूरोप में हैं वे वापस आकर हमारे साथ काम करना चाह रहे हैं।

प्रधानमंत्री –बहुत लोगों को हमें जोड़ना है और जैसा मेहता ने कहा कि भई अब विदेश से लोग गए हुए वापस आ रहे हैं। मैं समझता हूं कि हमें ऐसा एक aura खड़ा कर देना चाहिए कि इस फील्ड में दुनियाभर के लोगों को लगे कि भई जिंदगी बनानी है, तो हिंदुस्तान जाओ। भारत की कोई स्टार्टअप से जुड़ जाओ। भारत की कोई स्पेस एजेंसी से जुड़ जाओ। मैं पक्का मानता हूं जी, पूरा टैलेंट पूल जो है, एक मैग्नेट की तरह आपके कारण हम खींच सकते हैं और वो हमारी एक बहुत बड़ी ताकत बन सकता है।

CEO –हमारा विज़न है कि नेक्स्ट 18 months में हम ग्लोबल ग्राउंड स्टेशन नेटवर्क लगाना चाहते हैं।

CEO –हम जो सैटेलाइट्स का इंजन होता है, जो सैटेलाइट को एक जगह से दूसरा जगह ले जाता है स्पेस में। 5 साल या 15 साल तक ले जाता है सैटेलाइट्स को, वो इंजंस बनाते हैं सर। ग्लोबली बहुत अच्छा ट्रैक्शन मिला है एंड ये भी आपका एफर्ट भी इसमें बहुत है सर कि इंडिया का कंपनीज़ अभी एक्सपोर्ट करने के लिए गवर्नमेंट का सपोर्ट है।

प्रधानमंत्री –कॉस्ट में हम बहुत कॉम्पिटिटिव हैं, टैलेंट में तो कोई प्रश्न ही नहीं उठता है और रिस्क टेकिंग कैपेसिटी हमारे देश के लोगों की वैसे भी ज्यादा होती है। और उसके कारण हम बहुत तेजी से अपनी जगह बना सकते हैं।

CEO –This robotic spacecraft will go to space, physically capture the dead satellite and remove it from the orbit.

CEO –We are the first Indian company working on the docking under refueling technologies with the vision of establishing a fuel station in space.

CEO – मेरा नाम अंतरिक्ष है, my co-founder Monika is also here. सर हम इंडिया का फर्स्ट स्पेस फार्मा स्टार्टअप हैं। हम ऐसे सेटेलाइट्स बना रहे हैं, जो स्पेस में जाके Pharmaceuticals मैन्युफैक्चर कर सके और उसे वापस ले आ सके अंतरिक्ष से।

प्रधानमंत्री –आपका नाम अंतरिक्ष रखा है, आपके परिवार के लोग इसमें थे पहले से?

CEO – जी सर, नहीं मेरी मम्मी ने रखा था सर।

CEO – एक लॉन्च के बाद last one month में आठ लॉन्च कॉन्ट्रैक्ट मिला।

प्रधानमंत्री – अच्छा, अच्छा।

CEO – और मोस्टली इंटरनेशनल हैं।

CEO – सर अभी तो 10 लाख फार्मर के साथ we are planned to launch this innovation.

CEO – सर ये आपके लिए ताकि एक याद बनी रहेगी।

प्रधानमंत्री – वाह।

CEO – ये ओपनिंग, जो आपने ओपन किया था प्राइवेट सेक्टर को, उससे जो private सैटेलाइट है, उससे भारत की ब्यूटी जो दिख रही है।