মালদ্বীপ গণৰাজ্যৰ মাননীয় ৰাষ্ট্ৰপতি ইব্ৰাহীম মহম্মদ ছ’লিহে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মালদ্বীপ ভ্ৰমণ কৰি নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতীয় চৰকাৰৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ছ’লিহক এই বিশেষ অভ্যৰ্থনালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ তাৰোপৰি তেওঁ সমূহ ভাৰতীয় নাগৰিকৰ হৈ মালদ্বীপৰ নাগৰিকক শান্তি, উন্নতি আৰু স্থিৰতাৰ বাবে প্ৰয়োজনীয় এই নতুন গণতান্ত্ৰিক চৰকাৰৰ অংশ হ’বলৈ যোৱাৰ প্ৰাক্–মুহূৰ্তত অভিনন্দন জ্ঞাপন কৰে৷

দুয়োগৰাকী নেতাই মালদ্বীপৰ নতুন ৰাষ্ট্ৰপতি হিচাপে ছ’লিহ নিৰ্বাচিত হোৱাৰ প্ৰসংগৰ অৱতাৰণা কৰি ইয়াৰ জৰিয়তে দুয়োখন দেশৰ মাজত সহযোগিতা আৰু বন্ধুত্ব অধিক সুদৃঢ় হ’ব বুলি মতপোষণ কৰে৷

এই আলোচনাত দুয়োগৰাকী নেতাই ভাৰত মহাসাগৰৰ শান্তি আৰু সুৰক্ষা বৰ্তাই ৰাখি পৰস্পৰৰ আগ্ৰহ আৰু প্ৰত্যাশাসমূহক অগ্ৰাধিকাৰ দিয়াৰ লগতে অঞ্চলকেইটাত স্থিৰতা বৰ্তাই ৰখাত সহমত প্ৰকাশ কৰে৷

দুয়োগৰাকী নেতাই নিজৰ নিজৰ অঞ্চলৰ ভিতৰত তথা বাহিৰতো সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰাৰ বাবে সহযোগিতা বৃদ্ধি কৰাত সহমত প্ৰকাশ কৰে৷

ৰাষ্ট্ৰপতি ছ’লিহে প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত দেশখনে সন্মুখীন হোৱা তীব্ৰ আৰ্থিক নাটনি সম্পৰ্কে অৱগত কৰে৷ দুয়োগৰাকী নেতাই ভাৰতে কিদৰে নতুন চৰকাৰখনক সহযোগিতাৰ উন্নয়নৰ দিশত আগুৱাই লৈ যাব পাৰে সেই সম্পৰ্কে আলোচনা কৰে৷ বিশেষকৈ ৰাষ্ট্ৰপতি ছ’লিহে ক্ৰমান্বয়ে বৃদ্ধি পোৱা গৃহ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ প্ৰয়োজনীয়তা তথা দ্বীপ ৰাষ্ট্ৰখনত পানী আৰু নৰ্দমাৰ ব্যৱস্থা স্থাপনৰ অগ্ৰাধিকাৰ সম্পৰ্কে আলোকপাত কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ছ’লিহক ভাৰতীয় ফাৰ্মসমূহে মালদ্বীপৰ বহনক্ষম সামাজিক আৰু আৰ্থ–সামাজিক উন্নয়নত সহযোগিতা আগবঢ়াব বুলি নিশ্চিতি প্ৰদান কৰে৷ তাৰোপৰি তেওঁ মালদ্বীপৰ প্ৰয়োজনীয়তা অনুসৰি যথাসম্ভৱ শীঘ্ৰতাৰে কাম সম্পন্ন কৰাত সহযোগিতা প্ৰদানৰ বাবে ভাৰত প্ৰস্তুত বুলিও মন্তব্য প্ৰদান কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় উদ্যোগসমূহক মালদ্বীপৰ বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰি দুয়োখন দেশ লাভান্বিত হোৱাকৈ পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনায়৷ দুয়োখন দেশৰ জনসাধাৰণৰ মাজত হোৱা সঘন যাতায়াতৰ পৰিপ্ৰেক্ষিতত দুয়োগৰাকী নেতাই ভিছা ব্যৱস্থা পূৰ্বতকৈ সহজ কৰাৰ সন্দৰ্ভত মতপোষণ কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ছ’লিহক যিমান পাৰি শীঘ্ৰে ভাৰত ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায়৷ ৰাষ্ট্ৰপতি ছ’লিহে অতি সন্তোষেৰে এই আমন্ত্ৰণ স্বীকাৰ কৰে৷

মালদ্বীপৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীয়ে অহা ২৬ নৱেম্বৰ ২০১৮ তাৰিখে ভাৰত ভ্ৰমণ কৰি ৰাষ্ট্ৰপতি ছ’লিহৰ আগন্তুক ভাৰত ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত পৰৱৰ্তী আলোচনাৰ বাবে ভাৰতলৈ আহিব৷

ৰাষ্ট্ৰপতি ছ’লিহে প্ৰধানমন্ত্ৰী মোদীৰ পৰা অনাগত ভৱিষ্যতত পুনৰ মালদ্বীপ ভ্ৰমণৰ প্ৰতিশ্ৰুতিৰ বাবে আশা প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে সানন্দেৰে এই আমন্ত্ৰণ স্বীকাৰ কৰে৷  

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IndiaAI Mission-backed startup Avataar launches indigenous video AI model

Media Coverage

IndiaAI Mission-backed startup Avataar launches indigenous video AI model
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 জুন 2026
June 13, 2026

Viksit Bharat Accelerating: Tech, Defense, Infra & Exports Power India's Global Leap Under the Leadership of PM Modi