প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ দূৰৱৰ্তী অঞ্চলসমূহত স্বাস্থ্য আন্তঃগাঁথনিৰ ইমান উন্নতি হোৱা দেখি তেওঁ আনন্দিত।
ঝাৰখণ্ডৰ গোড্ডা সমষ্টিৰ সাংসদ ড০ নিশিকান্ত ডুবেৰ এটা টুইটৰ উত্তৰত তেওঁ প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা এইমছ দেওঘৰত স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত হোৱা উত্থানৰ বিষয়ে উল্লেখ কৰি শ্ৰী মোদীয়ে টুইট কৰি কয়:
"আজিৰ ৱেবিনাৰত মই স্বাস্থ্য খণ্ডৰ অগ্ৰগতিৰ বিষয়ে কথা পাতিছিলো। দেশৰ দূৰৱৰ্তী অঞ্চলতো স্বাস্থ্য আন্তঃগাঁথনি যথেষ্ট উন্নত হোৱা দেখি খুৱ ভাল লাগিছে আৰু দেওঘৰৰ উত্থানো ইয়াৰ এক উদাহৰণ। "
आज के वेबिनार में मैंने स्वास्थ्य क्षेत्र की प्रगति के बारे में बात की थी। यह देखना संतोषप्रद है कि देश के दूरदराज के इलाकों में भी हेल्थ इंफ्रास्ट्रक्चर में काफी सुधार आया है और यह भी उसी का एक उदाहरण है। https://t.co/9JuVBEwJof
— Narendra Modi (@narendramodi) March 6, 2023


