ভাৰত চৰকাৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে আজি জাপানৰ টকিঅ'ত এক বিনিয়োগ উদগনি চুক্তি (আইআইএ) স্বাক্ষৰ কৰিছে। আইআইএত ভাৰত চৰকাৰৰ বৈদেশিক সচিব শ্ৰী বিনয় কোৱাট্ৰা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন বিত্ত নিগমৰ (ডিএফচি) মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী স্কট নাথনে স্বাক্ষৰ কৰে।

এই চুক্তিয়ে ১৯৯৭ চনত ভাৰত চৰকাৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ মাজত স্বাক্ষৰিত বিনিয়োগ উদগনি চুক্তিক স্থানান্তৰিত কৰে। ১৯৯৭ চনত স্বাক্ষৰিত পূৰ্বৰ বিনিয়োগ উদগনি চুক্তিৰ পিছত বহুতো গুৰুত্বপূৰ্ণ ঘটনা ঘটিছে, যাৰ ভিতৰত আছে আমেৰিকা যুক্তৰাজ্য চৰকাৰৰ ডিএফচি নামৰ এটা নতুন উন্নয়ন বিত্ত সংস্থা গঠন, আমেৰিকা যুক্তৰাজ্যৰ শেহতীয়া আইন প্ৰণয়ন, দ্যা বুইল্ড এক্ট ২০১৮ প্ৰণয়ন কৰাৰ আদি।

 
ডি এফ চি-এ আগবঢ়োৱা অতিৰিক্ত বিনিয়োগ সমৰ্থন কাৰ্যসূচী যেনে ঋণ, ইকুইটি বিনিয়োগ, বিনিয়োগ গেৰাণ্টি, বিনিয়োগ বীমা বা পুনৰ্বীমা, সাম্ভাব্য প্ৰকল্প আৰু অনুদানৰ বাবে সম্ভাৱ্যতা অধ্যয়নৰ সৈতে তাল মিলাবলৈ বিনিয়োগ উদগনি চুক্তি স্বাক্ষৰিত হৈছে।

ভাৰতত বিনিয়োগ সমৰ্থন অব্যাহত ৰখাৰ বাবে ডি এফ চিৰ বাবে এই চুক্তি হৈছে আইনী প্ৰয়োজনীয়তা। ডি এফ চি বা তেওঁলোকৰ পূৰ্বসূৰী সংস্থাবোৰ ১৯৭৪ চনৰ পৰা ভাৰতত সক্ৰিয় হৈ আছে আৰু এতিয়ালৈকে ৫.৮ বিলিয়ন ডলাৰ মূল্যৰ বিনিয়োগ সমৰ্থন প্ৰদান কৰিছে, যাৰ ভিতৰত ২.৯ বিলিয়ন ডলাৰ এতিয়াও বকেয়া আছে।

ভাৰতত বিনিয়োগ সমৰ্থন প্ৰদান কৰাৰ বাবে ডি এফ চিৰ দ্বাৰা ৪ বিলিয়ন ডলাৰ মূল্যৰ প্ৰস্তাৱ বিবেচনা কৰা হৈছে। ডি এফ চিয়ে বিকাশৰ বাবে গুৰুত্বপূৰ্ণ খণ্ড, যেনে কোভিড-১৯ ভেকচিন নিৰ্মাণ, স্বাস্থ্যসেৱা বিত্তায়ন, নৱীকৰণযোগ্য শক্তি, ক্ষুদ্ৰ ব্যৱসায়ক বিত্তায়ন, বিত্তীয় অন্তৰ্ভুক্তি, আন্তঃগাঁথনি আদিত বিনিয়োগ সমৰ্থন প্ৰদান কৰিছে।

আশা কৰা হৈছে যে আইআইএ স্বাক্ষৰ কৰিলে ভাৰতত ডিএফচিয়ে প্ৰদান কৰা বিনিয়োগ সমৰ্থন বৃদ্ধি হ'ব, যি ভাৰতৰ উন্নয়নত অধিক সহায় কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost

Media Coverage

'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 01 আগষ্ট 2026
August 01, 2026

Aatmanirbhar Bharat Delivers: Indigenous Power, Farmer Prosperity & Blue Economy