১. উগাণ্ডা গণৰাজ্যৰ মাননীয় ৰাষ্ট্ৰপতি য়ুৱেৰি কাগুটা মুছেভেনিৰ আমন্ত্ৰণক্ৰমে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনৰ ২৪–২৫ জুলাইত উগাণ্ডাৰ ৰাজ্য ভ্ৰমণ কৰে৷ তেওঁক সংগ প্ৰদান কৰিছিল ভাৰত চৰকাৰৰ উচ্চ পৰ্যায়ৰ জ্যেষ্ঠ কাৰ্যকৰ্তাৰ এক প্ৰতিনিধিৰ দল তথা বৃহৎ ব্যৱসায়ৰ এক প্ৰতিনিধি দলে৷ ২১ বছৰৰ মূৰত এয়া ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো ভ্ৰমণ আছিল৷

২.  উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীক উষ্ম সম্ভাষণ জনোৱা হয়৷ এই ভ্ৰমণৰ সময়চোৱাত প্ৰধানমন্ত্ৰীয়ে ২৪ জুলাই ২০১৮ তাৰিখে এণ্টেবৰ ৰাজ্যিক গৃহত ৰাষ্ট্ৰপতি মুছেভেনিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়৷

৩. প্ৰধানমন্ত্ৰী মোদীয়ে উগাণ্ডাৰ সংসদত প্ৰদান কৰা ভাষণ ভাৰত আৰু বহুতো আফ্ৰিকান দেশত সম্প্ৰচাৰ কৰা হয়৷ এয়া প্ৰথমবাৰলৈ কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে উগাণ্ডাৰ সংসদত ভাষণ প্ৰদান কৰিছে৷ উগাণ্ডাৰ ব্যক্তিগত খণ্ডৰ সংস্থা(পিএছএফইউ) আৰু কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীজ (চিআইআই)ৰ শীৰ্ষ বিষয়ববীয়াৰ মাজত যৌথ ব্যৱসায়িক সন্মিলন অনুষ্ঠিত হয়৷ প্ৰধানমন্ত্ৰী মোদীয়েও এই উদ্দেশ্যে উগাণ্ডাত সমবেত হোৱা বৃহৎ ভাৰতীয় সমাজৰ সন্মুখত ভাষণ প্ৰদান কৰে৷

৪. এই আলোচনাৰ সময়চোৱাত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মুছেভেনিক পৰম্পৰাগতভাৱে উগাণ্ডা আৰু ভাৰতৰ মাজত চুক্তিসমূহ আলোকপাত কৰা হয়৷ দুয়োপক্ষই দুয়োখন দেশৰ অৰ্থনৈতিক উত্তৰণ, ৰাজনৈতিক, বাণিজ্যিক,প্ৰতিৰক্ষা, প্ৰযুক্তিগত, শৈক্ষিক, বিজ্ঞান আৰু সাংস্কৃতিক সহযোগিতা বিকাশৰ ক্ষেত্ৰত কাৰ্যকৰী দ্বিপাক্ষিক সম্বন্ধৰ বাবে সহমত পোষণ কৰে৷ ৰাষ্ট্ৰপতি মুছেভেনিয়ে উগাণ্ডাৰ ৰাষ্ট্ৰীয় বিকাশ আৰু অৰ্থনৈতিক উত্তৰণৰ ক্ষেত্ৰত ৩০,০০০ গৰাকী শক্তিশালী ভাৰতীয় প্ৰবাসীৰ অৰিহণাক প্ৰশংসা কৰে৷ অৰ্থনৈতিক সংবদ্ধতা আৰু অঞ্চলটোত শান্তি তথা স্থিৰতা বৰ্তাই ৰখাৰ বাবে উগাণ্ডাক ভাৰতে প্ৰশংসা কৰে৷

৫. ভাৰত আৰু উগাণ্ডাৰ মাজত নিম্নোক্ত আলোচনাসমূহ সম্পন্ন হয়ঃ

  • বিদ্যমান দ্বিপাক্ষিক সহযোগিতাৰ সাফল্য তথা প্ৰাপ্তিৰ বাবে প্ৰতিশ্ৰুতিসমূহ পুনৰ দোহৰা হয়৷
  • দুয়োখন দেশৰ মাজত বাণিজ্য আৰু অৰ্থনৈতিক সংবদ্ধতাক গুৰুত্ব প্ৰদান কৰা হয়৷ দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বাণিজ্য শেহতীয়া পৰ্যায়ৰ আলোকপাত কৰে আৰু দুয়োখন দেশৰ মাজত এই সম্পৰ্ক বৃদ্ধি তথা বাণিজ্যিক বৈষম্যতাসমূহ দূৰীকৰণৰ বাবে পদক্ষেপ গ্ৰহণৰ ব্যৱস্থা কৰা হয়৷
  • বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত ব্যক্তিগত খণ্ডৰ বিনিয়োগক গুৰুত্ব প্ৰদান কৰা হয়৷
  • ভাৰতীয় প্ৰযুক্তি আৰু অৰ্থনৈতিক সহযোগিতা (আইটিইচি), ভাৰত আফ্ৰিকা ফ’ৰাম সন্মিলন (আইএএফএছ), ভাৰতীয় সাংস্কৃতিক সম্বন্ধৰ পৰিষদ (আইচিচিআৰ) ইত্যাদিৰ অধীনত উগাণ্ডাবাসীৰ প্ৰশিক্ষণ আৰু জলপানিৰ ব্যৱহাৰক প্ৰশংসা কৰা হয়৷
  • প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰত আৰু উগাণ্ডাৰ সহযোগিতাত সন্তুষ্টি প্ৰকাশ কৰা হয়৷
  • তথ্য আৰু প্ৰযুক্তি ক্ষেত্ৰত ভাৰত আৰু উগাণ্ডাৰ সহযোগিতাত সহমত পোষণ কৰা হয়৷ উগাণ্ডাই তেওঁলোকৰ ৰাজহুৱা প্ৰধান আন্তঃগাঁথনি (পিকেআই) প্ৰকল্পসমূহৰ বাবে ভাৰতৰ ডিজিটেল সমাপনৰ আঁচনিসমূহ সদৃশ আঁচনি তেওঁলোকৰ দেশত প্ৰৱৰ্তন কৰাৰ ইচ্ছা প্ৰকাশ কৰে৷

  ৬. সন্ত্ৰাসবাদে বিশ্বজনীন শান্তি তথা স্থিৰতাত ব্যাঘাত জন্মাইছে বুলি দুয়োজন নেতাই সহমত পোষণ কৰে আৰু ইয়াক প্ৰতিহত কৰাৰ বাবে শক্তিশালী প্ৰতিশ্ৰুতি গ্ৰহণ কৰে৷ যিকোনো পৰ্যায়ত সন্ত্ৰাসবাদক ন্যায়সংগত বুলি ভবা নহ’ব বুলি তেওঁলোকে মন্তব্য কৰে৷

  ৭. দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদী, সন্ত্ৰাসবাদী সংগঠন, তেওঁলোকৰ নেটৱৰ্ক, তেওঁলোকৰ সমৰ্থন আৰু সন্ত্ৰাসবাদক বিত্তপোষণ অথবা সন্ত্ৰাসবাদীক অভয়াৰণ্য প্ৰদান কৰা আদি দিশসমূহৰ বিৰুদ্ধে শক্তিশালী ভূমিকা গ্ৰহণ কৰিব লাগে বুলি সহমত পোষণ কৰে৷

  ৮. দুয়োগৰাকী নেতাই আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সমস্যাসমূহৰ সমাধানত সহযোগিতাৰ বাবে সন্মতি প্ৰকাশ কৰে৷

  ৯. দুয়োগৰাকী নেতাই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ নতুন কৈ গঠন কৰি ইয়াক একবিংশ শতিকাৰ সৈতে খাপ খোৱাকৈ অধিক কাৰ্যকৰী কৰাৰ বাবে সংবৰ্ধনত গুৰুত্ব আৰোপ কৰে৷ তেওঁলোকে বিশ্বজনীন প্ৰত্যাহ্বানসমূহ যেনে জলবায়ু পৰিৱৰ্তন, আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা লগতে বহনক্ষম বিকাশৰ বাবে ৰাষ্ট্ৰসংঘৰ সৈতে সহযোগিতা প্ৰদানত সহমতি প্ৰকাশ কৰে৷

  ১০. নেতাদ্বয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় পৰ্যায়ত নিয়মীয়াকৈ দ্বিপাক্ষিক কাৰ্যকৰিতাৰ প্ৰয়োজন সম্পৰ্কে গুৰুত্ব প্ৰদান কৰে৷

  ১১. ভ্ৰমণৰ সময়ত নিম্নোক্ত বুজাবুজিৰ পত্ৰ/তথ্যসমূহত স্বাক্ষৰিত হৈছিলঃ

  • প্ৰতিৰক্ষা সহযোগিতাৰ বুজাবুজিৰ পত্ৰ৷
  • কূটনীতিবিদ আৰু কাৰ্যালয়ৰ ব্যক্তিসকলৰ বাবে ভিছা ৰেহাইৰ বুজাবুজিৰ পত্ৰ৷
  • সাংস্কৃতিক বিনিময়ৰ বুজাবুজিৰ পত্ৰ৷
  • সামগ্ৰী পৰীক্ষণৰ পৰীক্ষাগাৰৰ বুজাবুজিৰ পত্ৰ৷

  ১২. দুয়োগৰাকী নেতাই বুজাবুজিৰ পত্ৰৰ সমাপনক স্বাগতম জনাই আৰু বিভাগসমূহক এয়া প্ৰত্যৰ্পণ কৰি বিদ্যামন চুক্তি, বুজাবুজিৰ পত্ৰ আৰু অন্যান্য সহযোগিতাৰ পৰিকাঠামো প্ৰণয়নৰ নিশ্চিতি প্ৰদানৰ বাবে আহ্বান কৰে৷

  ১৩. ভ্ৰমণৰ সময়চোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে নিম্নোক্ত ঘোষণাসমূহ কৰেঃ

  • দুটা পৰ্যায়ৰ ঋণঃ ১. ১৪১ মিলিয়ন ডলাৰৰ বৈদ্যুতিক লাইন আৰু ছাবষ্টেচনৰ নিৰ্মাণ আৰু ২. ৬৪ মিলিয়ন ডলাৰৰ কৃষি আৰু দুগ্ধ উৎপাদন৷
  • জিনজাত মহাত্মা গান্ধীৰ স্মৃতি সমাধি কেন্দ্ৰৰ স্থাপন৷
  • বৰ্তমানে উগাণ্ডাই পৰিচালনা কৰি থকা ইষ্ট আফ্ৰিকান কমিউনিটী (ইএচি)ৰ আন্তঃগাঁথনি সৃষ্টি তথা সমৰ্থনৰ বাবে ৯২৯,৭০৫ আমেৰিকান ডলাৰৰ বিত্ত সাহায্য৷
  • দুগ্ধ ক্ষেত্ৰত শক্তিশালী সহযোগিতা প্ৰদানৰ বাবে আইটিইচিৰ অধীনত প্ৰশিক্ষণৰ ২৫টা শ্ল’ট৷
  • ৮৮খন গাড়ীৰ উপহাৰ, ৪৪খন উগাণ্ডান পিপলচ ডিফেন্স ফ’ৰ্চেছ (ইউপিডিএফ) আৰু ৪৪খন উগাণ্ডান চৰকাৰৰ অসামৰিক কামৰ বাবে৷
  • কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ ভাবাট্ৰন কৰ্কট চিকিৎসা মেচিনৰ উপহাৰ৷
  • উগাণ্ডাৰ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে ১০০,০০০ খন এনচিইআৰটি কিতাপৰ উপহাৰ৷
  • কৃষি ক্ষেত্ৰত উগাণ্ডাৰ প্ৰয়াসক শক্তিশালী কৰিবলৈ ১০০টা সৌৰ শক্তিসম্পন্ন জলসিঞ্চন পাম্পৰ উপহাৰ৷

   ১৪. প্ৰধানমন্ত্ৰী মোদীৰ এই ঘোষণাক ৰাষ্ট্ৰপতি মুছেভেনিয়ে স্বাগতম জনায় আৰু অনাগত দিনত দ্বিপাক্ষিক সম্পন্ধ আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত মন্তব্য প্ৰদান কৰে৷

   ১৫. প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক আৰু তেওঁৰ প্ৰতিনিধিবৰ্গক উগাণ্ডাত জনোৱা উষ্ম সম্ভাষণৰ বাবে ৰাষ্ট্ৰপতি য়ুৱেৰি মুছেভেনিক ধন্যবাদ জ্ঞাপন কৰি তেওঁক ভাৰতলৈ নিমন্ত্ৰণ জনায়৷ ৰাষ্ট্ৰপতি মুছেভেনিয়ে সাদৰেৰে সেই নিমন্ত্ৰণ স্বীকাৰ কৰে৷ সেই তাৰিখটো কূটনৈতিক শাখাৰ জৰিয়তে স্থিৰ কৰা হ’ব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC

Media Coverage

PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Women’s Cricket Team on winning Asia Cup
September 14, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Women’s Cricket Team on winning the Asia Cup.

The Prime Minister said that the team’s confidence, consistency and remarkable spirit were on full display throughout the tournament.

Shri Modi expressed hope that this triumph would inspire millions of youngsters across the country to play more and shine.

In a post on X, Shri Modi said;

“A proud moment for Indian cricket!

Congratulations to the Women’s team on winning the Asia Cup. Their confidence, consistency and remarkable spirit were on full display throughout the tournament.

May this triumph inspire millions of youngsters across the country to play more and shine.”