প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে  ছিচেলছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ড° পেট্ৰিক হাৰ্মিনিয়ে ৫ ফেব্ৰুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ ভাৰত ভ্ৰমণ কৰিছে ।ৰাষ্ট্ৰপতি হাৰ্মিনিৰ কাৰ্যভাৰ গ্ৰহণৰ প্ৰায় ১০০ দিনৰ পাছত কৰা এই  ভ্ৰমণে দীৰ্ঘদিনীয়া আৰু বহুমুখী দ্বিপাক্ষিক অংশীদাৰিত্বক শক্তিশালী, সম্প্ৰসাৰিত আৰু গভীৰ কৰিব বুলি  ভাৰত আৰু ছিচেলছৰ প্ৰতিশ্ৰুতিৰ সংকেত  বহন কৰিছে। ছিচেলছৰ স্বাধীনতাৰ ৫০ বথছৰ সম্পূৰ্ণ হোৱা  আৰু দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ বছৰীয়া বৰ্ষপূৰ্তিৰ  সৈতে  সংগতি ৰাখি কৰা ৰাষ্ট্ৰপতিগৰাকীৰ এই  ভ্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে। ২০২৬ চনৰ ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয়ক  সামৰি লৈ বিস্তৃত আৰু ইতিবাচক আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা নিৰ্বাচনত ৰাষ্ট্ৰপতি হাৰ্মিনীয়ে লাভ কৰা  সফলতাৰ বাবে  অভিনন্দন জনায়।দুয়োগৰাকী নেতাই  দৃঢ়তাৰে কয় যে ভাৰত আৰু ছিচেলছ, ঘনিষ্ঠ সামুদ্ৰিক প্ৰতিবেশী হিচাপে  ঐতিহাসিক সম্পৰ্কৰে বান্ধ খাই আছে। দুয়োখন দেশে  গণতন্ত্ৰ আৰু বহুত্ববাদৰ ভাগ-বতৰা কৰা মূল্যবোধৰ দ্বাৰা লালিত-পালিত  এক বিশেষ তথা  সময়-পৰীক্ষিত অংশীদাৰিত্ব লাভ কৰিছে। নেতাদ্বয়ে  স্বীকাৰ কৰে যে ছিচেলছ-ভাৰতৰ মাজৰ সম্পৰ্ক জনকেন্দ্ৰিক আৰু ই পশ্চিম ভাৰত মহাসাগৰ অঞ্চলৰ নিৰাপত্তা তথা  স্থিতিশীলতাক অধিক শক্তিশালী কৰিছে। ভাৰতৰ ভিজন মহাসাগৰ (মিউচুৱেল এণ্ড হোলিষ্টিক এডভান্সমেণ্ট ফৰ ছিকিউৰিটি এণ্ড গ্ৰ’থ এক্ৰছ ৰিজিঅ’নছ)ৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে ছিচেলছৰ ভূমিকাকো নেতাদ্বয়ে স্বীকাৰ কৰে।

ভাৰত আৰু ছিচেলছক সংযোগ কৰা চহকী তথা  ঐতিহাসিক  সম্পৰ্কৰ কথা  উল্লেখ  কৰি দুয়োগৰাকী  নেতাই ছিচেলছ আৰু ভাৰতৰ জনসাধাৰণৰ নিৰাপত্তা, সমৃদ্ধি আৰু মংগলৰ বাবে ৰাষ্ট্ৰীয় উন্নয়নৰ বিষয়ত  অধিক ঘনিষ্ঠভাৱে জড়িত হোৱাৰ প্ৰয়োজনীয়তা  সম্পৰ্কে আলোকপাত কৰে। ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে ছিচেলছৰ বাবে এক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে ভাৰতৰ ভূমিকাৰ বিষয়ে  আলোকপাত কৰে। তেওঁ উন্নয়নৰ কাৰ্যসূচীত  ছিচেলছক দীৰ্ঘদিনীয়া সহায় আৰু সহযোগিতা আগবঢ়োৱাৰ বাবে ভাতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। দুয়োখন দেশৰ নিজ নিজ শক্তিৰ বিষয়ত আলোকপাত কৰি  দুয়োগৰাকী নেতাই বৰ্ধিত সংযোগৰ জৰিয়তে বহনক্ষমতা, অৰ্থনৈতিক বৃদ্ধি আৰু নিৰাপত্তাৰ বাবে এক যৌথ দৃষ্টিভংগী প্ৰকাশ কৰে।

ৰাজনৈতিক বিনিময়

নেতাদ্বয়ে  ছিচেলছ আৰু ভাৰতৰ মাজত উচ্চ পৰ্যায়ৰ ৰাজনৈতিক বৈঠক, ভ্ৰমণ আৰু আলোচনাৰ গুৰুত্বৰ কথা  স্বীকাৰ কৰে। উভয় পক্ষই শীৰ্ষ  নেতৃত্ব, মন্ত্ৰী আৰু জ্যেষ্ঠ চৰকাৰী পৰ্যায়ত ৰাজনৈতিক তথা  আৰ্থ-সামাজিক সংযোগ তীব্ৰতৰ কৰিবলৈ সন্মত হয়।

 

দুয়োগৰাকী নেতাই সহযোগিতা গভীৰ আৰু দুয়োখন দেশৰ মাজত সংসদীয় আদান-প্ৰদান তীব্ৰতৰ কৰাত সন্মত হয়, য’ত সংসদীয় কাৰ্য্যবিধি আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত উত্তম পদ্ধতিসমূহৰ ভাগ-বতৰাও অন্তৰ্ভুক্ত।

উন্নয়নৰ অংশীদাৰিত্ব

ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে ঋণ, অনুদান, সামৰ্থ্য বিকাশ আৰু উচ্চ প্ৰভাৱযুক্ত সম্প্ৰদায়ৰ উন্নয়ন প্ৰকল্প (এইচ আই চি ডি পি)ৰ জৰিয়তে ছিচেলছৰ উন্নয়ন তথা  নিৰাপত্তাৰ প্ৰয়োজনীয়তা আৰু আকাংক্ষাৰ বাবে ভাৰতৰ অটল সমৰ্থনৰ কথা  স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ছিচেলছৰ ৰাষ্ট্ৰীয় উন্নয়ন কাৰ্যসূচীত ভাৰতৰ এক গুৰুত্বপূৰ্ণ আৰু নিৰ্ভৰযোগ্য অংশীদাৰ হৈ থকাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ  দৃঢ়তাৰে প্ৰকাশ  কৰে। বিশেষকৈ বহনক্ষমতা, প্ৰতিৰক্ষা আৰু সামুদ্ৰিক সুৰক্ষা, সামৰ্থ্য বিকাশ, স্থিতিস্থাপকতা আৰু সৰ্বাংগীন বৃদ্ধিৰ বিষয়ত তেওঁলোকে গুৰুত্ব আৰোপ কৰে।দুয়োখন দেশৰ মাজত জনকেন্দ্ৰিক উন্নয়নৰ অংশীদাৰিত্ব সম্প্ৰসাৰিত কৰাৰ বাবে ঘনিষ্ঠভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰি ভাৰতে ১৭৫ মিলিয়ন মাৰ্কিন ডলাৰৰ ‘বিশেষ অৰ্থনৈতিক পেকেজ’ ঘোষণা কৰে। য’ত ১২৫ মিলিয়ন মাৰ্কিন ডলাৰৰ মিশ্ৰিত আৰ্থিক সাহায্য আৰু উন্নয়ন সহযোগিতা প্ৰকল্পৰ বাবে অনুদান সাহায্য, অসামৰিক আৰু প্ৰতিৰক্ষা বিষয়াৰ বাবে সামৰ্থ্য বিকাশ, সামুদ্ৰিক সুৰক্ষা আদি অন্তৰ্ভুক্ত হৈ আছে ।

ভাৰতৰ দ্ৰুত ডিজিটেলাইজেশ্যন গ্ল’বেল চাউথৰ মংগলৰ  বাবে এক শক্তি বুলি স্বীকাৰ কৰি দুয়োগৰাকী নেতাই ডিজিটেল ৰূপান্তৰৰ ক্ষেত্ৰত ঘনিষ্ঠভাৱে কাম কৰিবলৈ সন্মত হয়। ছিচেলছৰ নাগৰিকৰ সুবিধাৰ বাবে শাসন ব্যৱস্থা ডিজিটেলাইজ কৰাৰ প্ৰয়োজনীয়তা লক্ষ্য কৰি ভাৰতে ছিচেলছৰ প্ৰয়োজনীয়তা অনুসৰি ডিজিটেল পেমেণ্টকে ধৰি ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই) নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক প্ৰচেষ্টা হাতত ল’বলৈ সন্মত হয়।

 

স্বাস্থ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত সহযোগিতা

ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে প্ৰধানমন্ত্ৰী মোদীক ১০খন এম্বুলেন্স (বেচিক লাইফ চাপৰ্ট আৰু এডভান্স লাইফ চাপৰ্ট) অনুদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। শেহতীয়া সঁজুলিৰে সজ্জিত এই এম্বুলেন্সসমূহে ছিচেলছৰ জৰুৰীকালীন স্বাস্থ্য সেৱাক সহায় কৰিব। এই সহায়ে ভাৰত-ছিচেলছৰ অংশীদাৰিত্বৰ জনকেন্দ্ৰিক দৃষ্টিভংগীৰ কথাই  প্ৰতিফলিত কৰিছে।

দুয়োগৰাকী নেতাই এই কথাত একমত প্ৰকাশ কৰে যে ছিচেলেছে ভাৰতীয় ফাৰ্মাকোপিয়া (আই পি)ক স্বীকৃতি প্ৰদান কৰিলে গুণগত মান নিশ্চিত অত্যাৱশ্যকীয় ঔষধৰ ক্ৰয় সুশৃংখলিত হ’ব আৰু ভাৰতৰ জন ঔষধি পদক্ষেপৰ অধীনত সহযোগিতাৰ জৰিয়তে সুলভ মূল্যৰ ঔষধৰ সুবিধা লাভ কৰাত সুবিধা হ’ব।

দুয়োগৰাকী নেতাই এই কথাত সন্মত হয়:

• প্ৰতিষ্ঠানিক সংযোগৰ জৰিয়তে মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰশিক্ষণ কাৰ্যসূচী আৰু পাৰস্পৰিক  ভ্ৰমণ ৰূপায়ণ কৰা।

• ছিচেলছৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ভাৰতৰ পৰা চিকিৎসা বিশেষজ্ঞ, নাৰ্ছ, পেৰামেডিকেল আৰু টেকনিচিয়ানক নিযুক্তি দিয়া  আৰু প্ৰতিনিধিত্বত সহায় কৰা।

• ভ্ৰমণৰ আদান-প্ৰদান আৰু প্ৰতিষ্ঠানিক সংযোগৰ জৰিয়তে জনস্বাস্থ্যৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰা।

• ছিচেলছত এখন নতুন চিকিৎসালয় নিৰ্মাণত সহায় কৰিবলৈ একেলগে কাম কৰা।

জীৱন-যাপনৰ উচ্চ ব্যয় ছিচেলছ চৰকাৰৰ বাবে এক ডাঙৰ চিন্তাৰ বিষয় হৈয়েই আছে বুলি স্বীকাৰ কৰি দুয়োগৰাকী  নেতাই এই কথাত সন্মত হয়:

• ঔষধ আৰু চিকিৎসা সঁজুলিৰ ব্যয়সাধ্যতা আৰু নিৰ্ভৰযোগ্য প্ৰৱেশ বৃদ্ধিৰ ব্যৱস্থাকে ধৰি ছিচেলছৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ দীৰ্ঘম্যাদী বৃদ্ধিৰ ক্ষেত্ৰত সহযোগিতা কৰা।

• ভাৰতৰ পৰা গুণগত আৰু ব্যয়বহুল খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ ব্যৱস্থা প্ৰতিষ্ঠানিকৰণৰ বাবে একেলগে কাম কৰা।

• ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে ছিচেলছলৈ ১০০০ মেট্ৰিক টন শস্য অনুদানৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি  কৃতজ্ঞতা প্ৰকাশ কৰে। এই খাদ্য দানে ছিচেলছৰ খাদ্য সুৰক্ষা শক্তিশালী কৰিব আৰু ছিচেলছৰ জনসাধাৰণৰ বাবে খাদ্যৰ ব্যয় হ্ৰাস কৰিব।

সামৰ্থ্য বিকাশ, মানৱ সম্পদ উন্নয়ন আৰু প্ৰতিষ্ঠানিক সংযোগ

ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে ছিচেলছৰ প্ৰতিষ্ঠানিক আৰু প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ বাবে ভাৰতে আগবঢ়োৱা অবিৰত সমৰ্থনৰ গভীৰ শলাগ লয়। ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা (আই টি ই চি) কাৰ্যসূচীৰ জৰিয়তে, চৰকাৰী কৰ্মচাৰী, প্ৰতিৰক্ষা কৰ্মী, আৰু স্বাস্থ্য পেছাদাৰীসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচীকে ধৰি সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত দুয়োপক্ষই শক্তিশালী সহযোগিতাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে। নেতাসকলে ছিচেলছৰ প্ৰয়োজন আৰু প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি পুলিচিং, বিত্ত, কৃষি, জলবায়ু পৰিৱৰ্তন, সাগৰীয় সংৰক্ষণ, আৰু অন্যান্য ক্ষেত্ৰত অধিক প্ৰশিক্ষণ কাৰ্যসূচী আৰু প্ৰতিষ্ঠানিক সংযোগ অন্বেষণ কৰিবলৈ সন্মত হয়।

শিক্ষা আৰু বৃত্তিমূলক প্ৰশিক্ষণৰ সন্দৰ্ভত নেতাসকলে দক্ষতা বিকাশৰ পদক্ষেপ, শৈক্ষিক প্ৰতিষ্ঠান আৰু ডিজিটেল শিক্ষাৰ মঞ্চৰ মাজত পাৰস্পৰিক ক্ৰিয়া-কলাপ সম্প্ৰসাৰণৰ আহ্বান জনায়।

দুয়োগৰাকী  নেতাই এই কথাত সন্মত হয়:

• নেশ্যনেল চেণ্টাৰ ফৰ গুড গভৰ্নেন্স (এনচিজিজি)ৰ জৰিয়তে ভাৰতত ছিচেল’ই চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কাষ্টমাইজড প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা।

• চাইবাৰ সুৰক্ষা আৰু বিত্তীয় চোৰাংচোৱাৰ ক্ষেত্ৰত সামৰ্থ্য বিকাশ, সহযোগিতা আৰু বিনিময় শক্তিশালী কৰা।

• ভাৰতৰ পৰা ছিচেলছলৈ বিশেষজ্ঞৰ প্ৰতিনিধি আৰু প্ৰযুক্তি, স্বাস্থ্য, শিক্ষা, নবীকৰণযোগ্য শক্তি, আইন, অডিটিং, সামুদ্ৰিক সুৰক্ষা, বিত্ত, ভূমি আৰু আন্তঃগাঁথনি উন্নয়ন, কৰ প্ৰশাসন, মহিলা সৱলীকৰণ, মীন আৰু অন্যান্য পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত সামৰ্থ্য বিকাশৰ সুবিধা প্ৰদান কৰা।

 

• চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ জৰিয়তে সামুদ্ৰিক বিজ্ঞান আৰু সংৰক্ষণৰ ক্ষেত্ৰত ভাৰত আৰু ছিচেলছৰ মাজত সামৰ্থ্য বিকাশ আৰু প্ৰতিষ্ঠানিক সংযোগ আগবঢ়াই নিব।

• ক্ষুদ্ৰ, লঘু  আৰু মজলীয়া উদ্যোগ (এছএমই)ৰ প্ৰসাৰৰ বাবে সহযোগিতা আৰু সহযোগিতা কৰা।

• সুষমা স্বৰাজ ইনষ্টিটিউট অৱ ফৰেইন চাৰ্ভিচৰ সহযোগত ছিচেলছৰ প্ৰয়োজন অনুসৰি প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা।

নবীকৰণযোগ্য শক্তি, জলবায়ুৰ কাৰ্য্য, আৰু বহনক্ষমতা

দুয়োপক্ষই উদ্ভাৱনীমূলক স্বচ্ছ শক্তি সমাধানৰ জৰিয়তেকে ধৰি নবীকৰণযোগ্য শক্তি আৰু জলবায়ু স্থিতিস্থাপকতাৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে ছিচেলছক নবীকৰণযোগ্য শক্তিৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰাৰ ক্ষেত্ৰত ভাৰতৰ অটল সমৰ্থন স্বীকাৰ কৰে। তেওঁ উল্লেখ কৰে যে ভাৰত চৰকাৰৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাৰ তত্বাৱধানত ৰূপায়ণ কৰা সৌৰশক্তি প্ৰকল্পসমূহে বিশেষকৈ ছিচেলছৰ কৃষি আৰু স্বাস্থ্যসেৱা খণ্ডত স্পষ্ট আৰু সম্প্ৰদায় পৰ্যায়ৰ সুবিধা প্ৰদান কৰিছে।

জলবায়ু পৰিৱৰ্তনৰ প্ৰস্তুতি আৰু প্ৰভাৱ প্ৰশমনৰ ক্ষেত্ৰত সহযোগিতা আৰু অধিক গভীৰ কৰিবলৈ দুয়োগৰাকী  নেতাই ছিচেলছত বহু বিপদৰ আগতীয়া সতৰ্কবাণী ব্যৱস্থা ৰূপায়ণত সহায় কৰিবলৈ সন্মত হয়।

ভাৰতে ছিচেলছক নিজৰ শক্তি গ্ৰীড পৰিচালনাৰ ক্ষেত্ৰত কাৰিকৰী সহায় আগবঢ়াবলৈ সন্মত হয়, দেশখনৰ সেউজ ৰাজহুৱা পৰিবহণ ব্যৱস্থালৈ পৰিৱৰ্তনৰ সমৰ্থনত। দুয়োপক্ষই ছিচেলছৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে শক্তি সংৰক্ষণ, বহনক্ষমতা, নবীকৰণযোগ্য শক্তি আৰু সেউজ গতিশীলতাৰ ক্ষেত্ৰত সহযোগিতাৰ নতুন পথ আৰু প্ৰকল্পৰ সন্ধান কৰিবলৈও সন্মত হয়। 

দুয়োগৰাকী  নেতাই স্বীকাৰ কৰে যে ছিচেলছৰ দৰে এছ আই ডি এছৰ বাবে বিত্তৰ সুবিধা এতিয়াও এক মূল প্ৰত্যাহ্বান হৈয়ে আছে। ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে আশা প্ৰকাশ কৰে যে ছিচেলছে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ শক্তিশালী আৰু গঠনমূলক কণ্ঠৰ ওপৰত নিৰ্ভৰ কৰি বহুমাত্ৰিক দুৰ্বলতা সূচকাংক (এমভিআই)কে ধৰি বহুমাত্ৰিক দুৰ্বলতাক পৰিপূৰক আৰু গুৰুত্বপূৰ্ণ বিশ্লেষণাত্মক আহিলা হিচাপে বিবেচনা কৰাত সমৰ্থন আগবঢ়াই যাব পাৰে, একে সময়তে সমতা, সাধাৰণ কিন্তু পৃথক দায়িত্ব আৰু নিজ নিজ সামৰ্থ্য (চিবিডিআৰ-আৰচি), আৰু ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত ক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি বহুপক্ষীয় উন্নয়ন বেংক, আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠান, আৰু ৰাষ্ট্ৰসংঘৰ উন্নয়ন অংশীদাৰৰ সৈতে প্ৰাসংগিক যোগাযোগৰ প্ৰয়োজনীয়তা।দুয়োগৰাকী  নেতাই এই কথাত সন্মত হয় যে ছিচেলেছ ক’লিচন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ (চিডিআৰআই)ত যোগদান কৰিব।

বাণিজ্য, বিনিয়োগ, সংযোগ আৰু পৰ্যটন

ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে ভাৰতীয় কোম্পানী আৰু ব্যৱসায়ীসকলে ছিচেলছক এক প্ৰধান বিনিয়োগৰ কেন্দ্ৰ হিচাপে চাব লাগে আৰু সুলভ মূল্যৰ গৃহ নিৰ্মাণ, ডিজিটেল প্ৰযুক্তি আৰু এআই, বিত্তীয় সেৱা, নীলা অৰ্থনীতি, পৰ্যটন আৰু মীন খণ্ডত ছিচেলে আগবঢ়োৱা বাণিজ্য আৰু ব্যৱসায়িক সুযোগৰ পৰা লাভাৱান্বিত  হোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে।

দুয়োগৰাকী নেতাই স্বীকাৰ কৰে যে প্ৰত্যক্ষ বিমানেৰে ছিচেলছ ভ্ৰমণ কৰা ভাৰতীয় পৰ্যটকৰ সংখ্যা বৃদ্ধি পায়। ভাৰতৰ পৰা অহা পৰ্যটকৰ সংখ্যা বৃদ্ধিয়ে ছিচেলছৰ পৰ্যটন খণ্ডৰ স্থিতিস্থাপকতা শক্তিশালী কৰিছে বুলি তেওঁলোকে আঙুলিয়াই দিয়ে। ইয়াৰ উপৰিও দুয়োপক্ষই দুয়োখন দেশৰ মাজত অধিক বিমান সংযোগ বৃদ্ধিৰ অন্বেষণৰ বাবে একেলগে কাম কৰিবলৈ সন্মত হয়।

নেতাসকলে ছিচেলছ আৰু ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু সমৃদ্ধিৰ ভাগ-বতৰা লক্ষ্যৰ বাবে দ্বিপাক্ষিক বাণিজ্যৰ সম্পূৰ্ণ সম্ভাৱনাৰ লাভ অৰ্জনৰ  কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে।

হাইড্ৰগ্ৰাফীত সহযোগিতা

দুয়োগৰাকী নেতাই অধিক যৌথ হাইড্ৰ’গ্ৰাফিক জৰীপ চলোৱাৰ জৰিয়তে ছিচেলছৰ নীলা অৰ্থনীতিৰ বৃদ্ধি ত্বৰান্বিত কৰাৰ প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ হাইড্ৰ’গ্ৰাফীৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰিবলৈ সন্মত হয়। এই সন্দৰ্ভত ছিচেলে ভাৰতৰ সহায়ত ছিচেলছ হাইড্ৰ’গ্ৰাফিক ইউনিট (SHU) স্থাপন কৰিব। দ্বিপাক্ষিক সহযোগিতাৰ এই ক্ষেত্ৰখনক দিশ আৰু গতি প্ৰদান কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল যে ২০২৬ চনৰ আৰম্ভণিতে ছিচেলছত হাইড্ৰ’গ্ৰাফীৰ ওপৰত তৃতীয় জেচিএম অনুষ্ঠিত হ’ব।

প্ৰতিৰক্ষাসম্পৰ্কীয় সহযোগিতা আৰু সামুদ্ৰিক সুৰক্ষা

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে আলোকপাত কৰে যে সামুদ্ৰিক নিৰাপত্তা আৰু প্ৰতিৰক্ষা দ্বিপাক্ষিক অংশীদাৰিত্বৰ এক মূল আৰু সময়-পৰীক্ষিত স্তম্ভ। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ মহাসাগৰ (মিউচুৱেল এণ্ড হোলিষ্টিক এডভান্সমেণ্ট ফৰ ছিকিউৰিটি এণ্ড গ্ৰ’থ এক্ৰছ ৰিজিঅ’নছ)ৰ দৃষ্টিভংগীত ছিচেলছক এক গুৰুত্বপূৰ্ণ সামুদ্ৰিক অংশীদাৰ বুলি উল্লেখ কৰি ছিচেলছৰ সামুদ্ৰিক সুৰক্ষা আৰু প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত ভাৰতৰ অবিৰত সমৰ্থন তথা সহায়ৰ কথা পুনৰবাৰ উল্লেখ কৰে।

দুয়োগৰাকী নেতাই স্বীকাৰ কৰে যে সামুদ্ৰিক সুৰক্ষা আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ছিচেলছ-ভাৰতৰ শক্তিশালী অংশীদাৰিত্বই আঞ্চলিক স্থিতিশীলতা আৰু নিৰাপত্তাক শক্তিশালী কৰিব  আৰু ছিচেলছ তথা  ভাৰতৰ জনসাধাৰণৰ মংগল আৰু সমৃদ্ধিক আগুৱাই লৈ যাযব।

নেতাদ্বয়ে  আৰু পুনৰ দৃঢ়তাৰে কয় যে ছিচেলছ আৰু ভাৰতে আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি সন্মান, যাতায়তৰ স্বাধীনতা আৰু নিয়মভিত্তিক সামুদ্ৰিক ব্যৱস্থাৰ আধাৰত মুক্ত, মুকলি, নিৰাপদ আৰু সুৰক্ষিত ভাৰত মহাসাগৰীয় অঞ্চল নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। তেওঁলোকে পাইৰেচি, নিচাযুক্ত দ্ৰব্য আৰু মানৱ সৰবৰাহৰ চোৰাংচোৱাগিৰি, অবৈধ, নিয়ন্ত্ৰিত আৰু অৰিপৰ্ট নকৰা মাছ ধৰা, আৰু সংগঠিত অপৰাধ আৰু সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যৰ সৈতে সম্পৰ্ক থকা অন্যান্য আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ দৰে সামুদ্ৰিক প্ৰত্যাহ্বানসমূহ প্ৰতিহত কৰাৰ বাবে ঘনিষ্ঠভাৱে কাম কৰাৰ সংকল্পৰ কথা  পুনৰবাৰ উল্লেখ কৰে । ভাৰত মহাসাগৰীয় অঞ্চলত বৰ্ধিত সামুদ্ৰিক ডমেইন সজাগতা, তথ্য বিনিময়, সামৰ্থ্য বিকাশ আৰু সমন্বিত কাৰ্য্যকৰী ব্যৱস্থাপনাৰ বিষয়তো তেওঁলোকে আলোকপাত কৰে ।

ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে ছিচেলছ প্ৰতিৰক্ষা বাহিনী (এছডিএফ)ৰ বাবে যৌথ সামুদ্ৰিক চোৱাচিতা, হাইড্ৰ’গ্ৰাফী জৰীপ, দ্বিপাক্ষিক অনুশীলন, তথ্য বিনিময় আৰু সামৰ্থ্য বিকাশৰ বাবে ছিচেলছক অটল সমৰ্থন আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই নিজৰ ইচ্ছানুযায়ী প্ৰশিক্ষণ আৰু নৌ আৰু বিমান সম্পত্তি আৰু পৰিবহণ বাহনৰ ব্যৱস্থাৰ জৰিয়তে সামুদ্ৰিক সুৰক্ষা আৰু প্ৰতিৰক্ষা ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মত হয়।

দুয়োগৰাকী  নেতাই অধিক ফলপ্ৰসূতা, বৰ্ধিত সমন্বয় আৰু উচ্চ পৰ্যায়ৰ সংযোগ নিশ্চিত কৰাৰ বাবে প্ৰতিষ্ঠানিক সংযোগক উন্নীত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত সন্মত হয়।

ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ দলৰ জৰিয়তে ছিচেলছৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত ভাৰতৰ অংশগ্ৰহণৰ শলাগ লয়। ৫০ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ বাবে এই পৰম্পৰা অব্যাহত ৰাখিবলৈ দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে।

ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে অনুদান তথা সাহায্যৰ জৰিয়তে পি এছ জৰ’ষ্টাৰক পুনৰ সংস্থাপনৰ দিশত ভাৰতে আগবঢ়োৱা অবিৰত সহায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। শেহতীয়াকৈ ছিচেলছলৈ ১০খন ইউটিলিটি বাহন আৰু ৫টা চেট লেজাৰ ৰেডিয়েল নাও অনুদানৰ বাবেও তেওঁ ধন্যবাদ জনায়। ইয়াৰ দ্বাৰা ছিচেলছৰ প্ৰতিৰক্ষা বাহিনীৰ লজিষ্টিক প্ৰয়োজনীয়তা পূৰণ হ’ব।

আঞ্চলিক আৰু বহুপক্ষীয় সহযোগিতা

সামুদ্ৰিক নিৰাপত্তাক আগুৱাই নিয়াৰ ক্ষেত্ৰত আঞ্চলিক ব্যৱস্থাৰ ভূমিকাক স্বীকাৰ কৰা আৰু ভাৰত মহাসাগৰৰ সাধাৰণ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰা আৰু মানুহৰ লগত আৰু সাংস্কৃতিক সম্পৰ্ক উন্নীত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়।

ভাৰত আৰু ছিচেলছৰ মাজৰ গভীৰ ঐতিহাসিক সম্পৰ্কক স্বীকৃতি দি প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে ছিচেলছৰ অৰ্থনৈতিক, সামাজিক, আৰু সাংস্কৃতিক তন্ত্ৰত ভাৰতীয় ঐতিহ্যৰ ছিচেলসকলৰ অৱদানৰ বিষয়ত আলোকপাত কৰে। দুয়োগৰাকী নেতাই ছিচেলছৰ অৰ্থনীতি আৰু আন্তঃগাঁথনিলৈ ভাৰতীয় পেছাদাৰীসকলৰ অৱদানকো স্বীকাৰ কৰে। দুয়োজন নেতাই সংস্কৃতি, পৰ্যটন, শিক্ষা, আৰু যুৱক-যুৱতীৰ সংযোগৰ ক্ষেত্ৰত সহযোগিতাক প্ৰতিষ্ঠানিকৰণ কৰিবলৈ সন্মত হয়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ সামৰি লোৱা বিস্তৃত আলোচনাত সন্তুষ্টি প্ৰকাশ কৰে। ভাৰত মহাসাগৰীয় অঞ্চলৰ স্থিতিশীলতা আৰু উন্নয়নৰ বাবে ছিচেলছ-ভাৰত অংশীদাৰিত্ব এক মূল স্তম্ভ হৈয়েই আছে বুলি ভাগ-বতৰা কৰা বুজাবুজিৰে তেওঁলোকে বৈঠকৰ সামৰণি মাৰে। আজি গ্ৰহণ কৰা সিদ্ধান্তই দ্বিপাক্ষিক অংশীদাৰিত্বক উন্নীত আৰু শক্তিশালী কৰি তুলিব আৰু দুয়োখন দেশৰ  লোকসকলক  সুবিধা প্ৰদান কৰিব বুলি তেওঁলোকে আস্থা প্ৰকাশ কৰে।

ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে প্ৰধানমন্ত্ৰী মোদীক ভাৰত ভ্ৰমণৰ সময়ত আগবঢ়োৱা উষ্ম আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ প্ৰধানমন্ত্ৰী মোদীক  সুবিধাজনক সময়ত ছিচেলছ  ভ্ৰমণ  কৰিবলৈ আমন্ত্ৰণ জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘First in my bloodline’ to ‘life’s not a leaderboard’: PM Modi’s key moments from IIT Delhi convocation 2026

Media Coverage

‘First in my bloodline’ to ‘life’s not a leaderboard’: PM Modi’s key moments from IIT Delhi convocation 2026
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi receives a telephone call from the US Vice President
August 08, 2026
PM and Vice President Vance review progress in the India-U.S. Strategic Partnership.
PM and Vice President Vance exchange views on regional and global developments.
PM warmly congratulates Vice President Vance and Ms. Usha Vance on the birth of their son.

Prime Minister Shri Narendra Modi received a telephone call today from the Vice President of the United States, Mr. J.D. Vance.

Prime Minister and Vice President Vance reviewed progress in the India-U.S. Comprehensive Global Strategic Partnership. They noted the sustained momentum in the high-level engagements and reaffirmed their commitment to further strengthening cooperation in trade, defence, critical and emerging technologies, energy security and critical minerals.

They also exchanged views on regional and global developments of mutual interest.

Prime Minister warmly congratulated Vice President Vance and Ms. Usha Vance on the birth of their son and conveyed best wishes to the family.