ছাৰ্ক নেতৃত্ব আৰু প্ৰতিনিধিসকলৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ আপাতকালীন পুঁজি গঠনৰ প্ৰস্তাৱ দাঙি ধৰে৷ এই পুঁজি ছাৰ্ক দেশসমূহৰ স্বেচ্ছামূলক অৱদানৰ ওপৰত নিৰ্ভৰ কৰিব৷ প্ৰাৰম্ভিক পৰ্যায়ত ভাৰতে ১০ মিলিয়ন ডলাৰৰ অৰ্থ এই পুঁজিলৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷

যিকোনো ছাৰ্ক সদস্যই তৎকালীন ব্যয়ৰ বাবে পুঁজিৰ পৰা ধন ব্যয় কৰিব পাৰিব৷ ইয়াৰোপৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে ভাৰতত পৰীক্ষণ কিট আৰু অন্যান্য উপকৰণৰ সৈতে চিকিৎসক তথা বিশেষজ্ঞৰ এটা দ্ৰুত প্ৰতিক্ৰিয়াশীল দল গঠন কৰিছে৷ 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি আপোনালোকৰ আপাতকালীন প্ৰতিক্ৰিয়াশীল দলৰ বাবে অতি শীঘ্ৰেই অনলাইন প্ৰশিক্ষণ কেপচুলৰ ব্যৱস্থাও কৰিব পাৰো৷ এয়া আমাৰ নিজৰ দেশত প্ৰয়োগ কৰা মডেলৰ ভিত্তিত হ’ব যাৰ দ্বাৰা আমাৰ সকলো আপাতকালীন কৰ্মচাৰীৰ ক্ষমতা বৃদ্ধি হ’ব৷

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতে প্ৰণয়ন কৰা একীকৃত ৰোগ নিৰীক্ষণ প’ৰ্টেলৰ বিষয়ে উল্লেখ কৰে৷ ইয়াৰ জৰিয়তে সম্ভাৱনাপূৰ্ণ ভাইৰাছ বাহক আৰু তেওঁলোকৰ সম্পৰ্কলৈ অহা ব্যক্তিসকলৰ সন্ধান কৰাটো সহজ হ’ব৷ তেওঁ কয় যে ভাৰতে এই ৰোগ নিৰীক্ষণ ছফ্টৱেৰটো ছাৰ্ক সদস্যসকলক বিনিময় কৰাৰ লগতে ইয়াৰ প্ৰশিক্ষণো প্ৰদান কৰিব পাৰে৷ 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Post launches drone delivery pilot across Himachal, Assam

Media Coverage

India Post launches drone delivery pilot across Himachal, Assam
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 আগষ্ট 2026
August 22, 2026

Citizens Appreciate PM Modi’s Leadership Driving India’s Growth, Innovation and Connectivity