মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ফিজি গণৰাজ্যৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী চিটিবেনী ৰাবুকাই ২০২৫-ৰ ২৪ আগষ্টৰ পৰা ২৬ আগষ্টলৈ চৰকাৰী কাৰ্য্যসূচীৰে ভাৰত ভ্ৰমণ কৰে। প্ৰধানমন্ত্ৰী হিচাপে পোন-প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰা ৰাবুকাৰ সৈতে তেওঁৰ পত্নী; স্বাস্থ্য আৰু চিকিৎসা সেৱা দপ্তৰৰ মন্ত্ৰী মাননীয় এন্টনিঅ’ লালাবালাভু আৰু ফিজি গণৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ এটা প্ৰতিনিধি দল নতুন দিল্লীত উপস্থিত হয়।

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী ৰাবুকা আৰু তেওঁৰ প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনায়। নেতাদ্বয়ে দ্বিপাক্ষিক বিষয়সমূহৰ সকলো ক্ষেত্ৰ আৰু পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক তথা বৈশ্বিক বিষয়সমূহৰ সকলো ক্ষেত্ৰত বিস্তৃত আৰু আগন্তুক দৃষ্টিভংগী সন্দৰ্ভত আলোচনা কৰে। দুয়োগৰাকী নেতাই সম্পৰ্কৰ বৰ্ধনত সন্তুষ্টি প্ৰকাশেৰে প্ৰতিৰক্ষা, স্বাস্থ্য, কৃষি, কৃষি-সংসাধন, বাণিজ্য আৰু বিনিয়োগ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, সমবায়, সংস্কৃতি, ক্ৰীড়া, শিক্ষা আৰু দক্ষতা বিকাশৰ দৰে ক্ষেত্ৰত এক বিস্তৃত, সৰ্বাংগীন আৰু ভৱিষ্যতমুখী অংশীদাৰিত্ব গঢ়ি তোলাৰ সংকল্পৰ কথা দোহাৰে।

২০২৪-ৰ আগষ্টত ফিজিলৈ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ ঐতিহাসিক প্ৰথম ভ্ৰমণকে প্ৰমুখ্য কৰি শেহতীয়া বছৰ কেইটাত দ্বিপাক্ষিক কাম-কাজৰ অগ্ৰগতিত নেতাসকলে সন্তোষ প্ৰকাশ কৰে। তেওঁলোকে ২০২৩-ৰ ফেব্ৰুৱাৰীত ফিজিৰ নাডিত অনুষ্ঠিত দ্বাদশ বিশ্ব হিন্দী সন্মিলনৰ সফল আয়োজনৰ কথা স্মৰণ কৰে। এই কাৰ্য্যসূচীত ভাৰত আৰু ফিজিৰ মাজৰ উমৈহতীয়া ভাষিক আৰু সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰা হয়।

নেতা দুজনে ভাৰত আৰু ফিজিৰ মাজৰ বদ্ধমূল আৰু দীৰ্ঘদিনীয়া সম্পৰ্ক তথা জনসাধাৰণৰ মাজৰ গভীৰ সম্পৰ্কৰ কথা দোহাৰে। তেওঁলোকে ১৮৭৯-ৰ পৰা ১৯১৬-ৰ ভিতৰত ফিজিত উপস্থিত হোৱা ৬০,০০০-ৰো অধিক ভাৰতীয় চুক্তিবদ্ধ শ্ৰমিকৰ ফিজিৰ বহুসাংস্কৃতিক পৰিচয়, বৈচিত্ৰ্যময় সমাজ আৰু অৰ্থনীতি গঢ়াত অৱদানক স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰী ৰাবুকাই ২০২৫-ৰ মে’ত ১৪৬ সংখ্যক গিৰ্মিত দিৱস স্মাৰক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰশিল্প দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ফিজি ৰিপাব্লিক ভ্ৰমণ কাৰ্য্যৰ শলাগ লয়।

নেতাদ্বয়ে ২০২৫-ৰ জুলাইত বৈদেশিক কাৰ্য্যালয়ৰ ৬ষ্ঠ ৰাউণ্ডৰ পৰামৰ্শৰ সফল আহ্বানৰ কথা উল্লেখ কৰে, যিয়ে অগ্ৰগতিৰ পৰ্য্যালোচনা আৰু সহযোগিতাৰ নতুন ক্ষেত্ৰ চিনাক্তকৰণৰ বাবে এখনি গুৰুত্বপূৰ্ণ মঞ্চ প্ৰশস্ত কৰে।

দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে সহযোগিতাক সুদৃঢ়কৰণৰ বাবে সন্মতি প্ৰকাশ কৰে আৰু সন্ত্ৰাসবাদৰ সকলো ৰূপ তথা প্ৰকাশ কাৰ্য্যক গৰিহণা দিয়ে। দুয়োজন নেতাই ২৬ জন নিৰীহ সাধাৰণ নাগৰিকৰ প্ৰাণ কাঢ়ি লোৱা পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিয়ে; সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা নীতিৰ কথা পুনৰবাৰ উল্লেখ কৰে আৰু সন্ত্ৰাসবাদক লৈ ‘ডাবল-ষ্টেণ্ডাৰ্ড’-ক বিৰোধ কৰে। দুয়োখন দেশেই উগ্ৰবাদক প্ৰতিহতকৰণৰ প্ৰয়োজনীয়তাৰ কথা স্বীকাৰ কৰে; সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যৰ বিৰুদ্ধে যুঁজ দিয়া; সন্ত্ৰাসবাদী উদ্দেশ্যৰ বাবে নতুন আৰু উদীয়মান প্ৰযুক্তিৰ ব্যৱহাৰ ৰোধ আৰু যৌথ প্ৰচেষ্টা তথা সামৰ্থ্য বিকাশৰ জৰিয়তে সন্ত্ৰাসবাদীৰ নিযুক্তি বন্ধ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধৰ সৈতে মোকাবিলাকৰণৰ সংকল্প গ্ৰহণ কৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ৰাষ্ট্ৰসংঘ আৰু আন-আন বহুপক্ষীয় মঞ্চত দুয়োপক্ষই একেলগে কাম কৰিবলৈ সন্মত হয়।

নেতা দুজনে ভাৰতৰ মিছন লাইফ (Mission LiFE) আৰু সুনীল প্ৰশান্ত মহাদেশৰ বাবে ২০৫০-ৰ কৌশলৰ মনোভাৱেৰে জলবায়ু কাৰ্য্য, স্থিতিস্থাপকতা গঢ়ি তোলা আৰু বহনক্ষম অগ্ৰগতিৰ প্ৰতি স্বকীয় দায়বদ্ধতাৰ কথা দোহাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট (ISA), দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি মিত্ৰজোঁট (CDRI) আৰু গ্ল’বেল বাঅ’ফুৱেলছ এলায়েন্স (GBA)-ত ফিজিৰ সদস্যপদৰ শলাগ লয়। নেতাসকলে আইএছএ-ত ক্ৰমবৰ্ধমান সহযোগিতাক আদৰণি জনায়। আইএছএ-ৰ সৈতে ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তিৰ জৰিয়তে ফিজি ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত আগন্তুক ‘ষ্টাৰ’-কেন্দ্ৰ স্থাপন আৰু ফিজিৰ অগ্ৰাধিকাৰ খণ্ডসমূহত সৌৰ নিয়োগ বৃদ্ধিৰ বাবে দেশ অংশীদাৰিত্ব কাঠামোত স্বাক্ষৰ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে চিডিআৰআই কাঠামোৰ ভিতৰত ফিজিৰ ৰাষ্ট্ৰীয় স্থিতিস্থাপকতাৰ লক্ষ্যসমূহক কাৰিকৰী সহায়, সামৰ্থ্য বিকাশ আৰু বৈশ্বিক মঞ্চত পোষকতাৰ জৰিয়তে সমৰ্থন আগবঢ়োৱাৰ অংগীকাৰৰ কথা পুনৰবাৰ উল্লেখ কৰে।

নেতাদ্বয়ে গ্ল’বেল বাঅ’ফুৱেলছ এলায়েন্স (GBA)-ৰ পৰিসৰৰ ভিতৰত জৈৱ ইন্ধনক বহনক্ষম শক্তিৰ সমাধান হিচাপে প্ৰচাৰৰ বাবে তেওঁলোকৰ উমৈহতীয়া অংগীকাৰৰ কথা দোহাৰে। মিত্ৰজোঁটৰ প্ৰতিষ্ঠাপক আৰু সক্ৰিয় সদস্য হিচাপে দুয়োপক্ষই শক্তি সুৰক্ষা বৃদ্ধি, সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস আৰু সৰ্বাংগীন গ্ৰামোন্নয়নক লাভান্বিতকৰণত জৈৱ ইন্ধনৰ গুৰুত্বপূৰ্ণ ভূমিকাত গুৰুত্ব আৰোপ কৰে। ফিজিত বহনক্ষম জৈৱ ইন্ধন উৎপাদন আৰু নিয়োগৰ পৰিসৰ বৃদ্ধিত সহায় কৰিবলৈ সামৰ্থ্য বিকাশ, কাৰিকৰী সহায় আৰু নীতিগত কাঠামোৰ ক্ষেত্ৰত সহযোগিতা গভীৰকৰণত সন্মতি প্ৰকাশ কৰে।

নেতা দুজনে দ্বিপাক্ষিক বাণিজ্যৰ অবিৰত বৃদ্ধিক স্বীকাৰ কৰে তথা ভাৰত আৰু ফিজিৰ মাজৰ বাণিজ্য আৰু বিনিয়োগৰ যথেষ্ট অনাবৃত সম্ভাৱনাৰ কথা উল্লেখ কৰে। অৰ্থনৈতিক অংশীদাৰিত্বক অধিক সুদৃঢ়কৰণ, বাণিজ্যিক পৰ্টফলিঅ’ৰ বৈচিত্ৰ্যতা আৰু যোগান শৃংখলৰ স্থিতিস্থাপকতা বৃদ্ধিৰ বাবে পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত খণ্ডগত সহযোগিতাক গভীৰকৰণৰ উদ্দেশ্য প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ফিজি চৰকাৰে ভাৰতীয় ঘিউৰ বজাৰ প্ৰৱেশৰ অনুমোদনক আদৰণি জনায়।

বলিষ্ঠ, সৰ্বাংগীন আৰু বহনক্ষম ভাৰত-প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক কাঠোমৰ বাবে তেওঁলোকৰ উমৈহতীয়া দৃষ্টিভংগীৰ কথা পুনৰবাৰ উল্লেখেৰে দুয়োজন নেতা পাৰস্পৰিক সমৃদ্ধিৰ বাবে ঘনিষ্ঠভাৱে কাম কৰিবলৈ অংগীকাৰবদ্ধ হয়। দুয়োজন নেতাই ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ সহযোগিতাৰ বাবে কাৰ্য্য-মুখী মঞ্চ (FIPIC)-ৰ জৰিয়তে এক্ট-ইষ্ট নীতিৰ অধীনত ফিজিকে প্ৰমুখ্য কৰি প্ৰশান্ত মহাসাগৰীয় দ্বীপ দেশসমূহৰ সৈতে ভাৰতৰ ক্ৰমবৰ্ধমান সংযোগ আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ মঞ্চ (PIF)-ত আলোচনা অংশীদাৰ হিচাপে ভাৰতৰ অংশগ্ৰহণক স্বীকাৰ কৰে। ২০২৩-ৰ মে’ত অনুষ্ঠিত তৃতীয় এফআইপিআইচি সন্মিলনৰ ফলাফলৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰী মোদীয়ে ফিজিৰ অগ্ৰাধিকাৰত গুৰুত্ব আৰোপেৰে ব্যাপক পদক্ষেপৰ জৰিয়তে অঞ্চলটোত উন্নয়নমূলক অংশীদাৰিত্বৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ কথা দোহাৰে। স্বাস্থ্যসেৱাক এক মূল অগ্ৰাধিকাৰ ক্ষেত্ৰ হিচাপে পুনৰ দৃঢ়তাৰে উল্লেখ কৰি দুয়োগৰাকী নেতাই ছুভাত ১০০ খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ ডিজাইন, নিৰ্মাণ, কমিচনিং, পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ চুক্তিত স্বাক্ষৰ কৰা কাৰ্য্যক আদৰণি জনায়, যি হৈছে প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতে নিজৰ অনুদান-সাহায্য কাৰ্য্যসূচীৰ অধীনত গ্ৰহণ কৰা সৰ্ববৃহৎ প্ৰকল্প।

প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫-ৰ মে’ত ভাৰতীয় ফাৰ্মাকোপিয়াৰ স্বীকৃতি সম্পৰ্কীয় বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা কাৰ্য্যক আদৰণি জনায়, যিয়ে ঔষধ খণ্ডত সহযোগিতাক সুদৃঢ় কৰিব আৰু ফিজি গণৰাজ্যত গুণগত তথা সুলভ স্বাস্থ্যসেৱাৰ সামগ্ৰী আৰু সেৱাৰ উন্নত সুবিধা নিশ্চিত কৰিব। কম খৰচী জেনেৰিক ঔষধ প্ৰদানৰ বাবে ফিজিত জন ঔষধি কেন্দ্ৰ (Peoples’ Pharmacies) স্থাপনৰ বাবেও ভাৰতৰ সমৰ্থনৰ কথা দোহাৰে। নেতা দুজনে ২০২৫-ৰ ১৩ আগষ্টত ভাৰত গণৰাজ্য আৰু ফিজি গণৰাজ্যৰ মাজত স্বাস্থ্য সম্পৰ্কীয় তৃতীয় যৌথ কৰ্মগোট অনুষ্ঠিত হোৱা কাৰ্য্যক আদৰণি জনায়। ইয়াত ভাৰত আৰু ফিজিৰ মাজত দূৰৱৰ্তী স্বাস্থ্যসেৱা সুবিধা আৰু ডিজিটেল স্বাস্থ্য সংযোগ বৃদ্ধিৰ বাবে ভাৰতৰ ধ্বজাবাহী টেলিমেডিচিন পদক্ষেপ ই-সঞ্জীৱনীৰ অধীনত সহযোগিতা সম্পৰ্কে আলোচনা কৰা হয়। স্বাস্থ্য সহযোগিতাক সুদৃঢ়কৰণেৰে প্ৰধানমন্ত্ৰী মোদীয়ে ফিজিত অনুষ্ঠিতব্য ২য় জয়পুৰ ফুট কেম্পৰ কথা ঘোষণা কৰে। ভাৰতে ফিজিৰ বহিঃৰাষ্ট্ৰ চিকিৎসা ৰেফাৰেল কাৰ্য্যসূচীৰ পৰিপূৰক হিচাপে ‘হিল ইন ইণ্ডিয়া’ কাৰ্য্যসূচীৰ অধীনত ১০ জন পৰ্য্যন্ত ফিজিবাসীৰ বাবে ভাৰতীয় চিকিৎসালয়সমূহত বিশেষ/উন্নত চিকিৎসা সেৱাৰো সম্প্ৰসাৰণ কৰিব।

ভাৰত–ফিজিৰ সহযোগিতাৰ মূল স্তম্ভ হিচাপে উন্নয়ন অংশীদাৰিত্বক পুনৰ সুদৃঢ়কৰণেৰে নেতা দুজনে ২০২৪-ত টংগাত অনুষ্ঠিত ৫৩ সংখ্যক প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ মঞ্চৰ নেতা সভাত ভাৰতে ঘোষণা কৰা ফিজি গণৰাজ্যত প্ৰথমটো দ্ৰুত প্ৰভাৱ প্ৰকল্প (QIP)-ৰ বাবে টুবালেভু গাঁও ভূগৰ্ভস্থ পানী যোগান প্ৰকল্পৰ অৰ্থে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা কাৰ্য্যক আদৰণি জনায়, স্থানীয় সমাজসমূহলৈ বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা প্ৰশস্ত কৰিব।

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্কৰ ক্ৰমবৰ্ধমান গতিক স্বীকাৰ কৰে। তেওঁলোকে আঞ্চলিক শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ উমৈহতীয়া স্বাৰ্থত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৭-ত স্বাক্ষৰিত প্ৰতিৰক্ষা সহযোগিতা সন্দৰ্ভত বুজাবুজিৰ চুক্তিত উল্লেখ কৰা সহযোগিতাৰ অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহক আগুৱাই নিয়াৰ বাবে আৰু এই ক্ষেত্ৰসমূহত ফিজিৰ কৌশলগত অগ্ৰাধিকাৰসমূহক সমৰ্থন কৰাৰ বাবে ভাৰতৰ অংগীকাৰৰ কথা দোহাৰে। ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযান (UNPKO), সামৰিক চিকিৎসা, হোৱাইট শ্বিপিং তথ্য বিনিময় (WSIE) আৰু ফিজি ৰিপাব্লিকৰ সামৰিক বাহিনীৰ বাবে সামৰ্থ্য বিকাশৰ দৰে ক্ষেত্ৰত সহযোগিতা বৃদ্ধিকে প্ৰমুখ্য কৰি প্ৰতিৰক্ষাৰ উদ্বোধনী যৌথ কৰ্মগোট (JWG)-ৰ ফলাফলক নেতাসকলে আদৰণি জনায়।

নেতা দুজনে অব্যাহত প্ৰতিৰক্ষা সহযোগিতা সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰে আৰু প্ৰতিৰক্ষা তথা সামুদ্ৰিক সুৰক্ষা সহযোগিতা বৃদ্ধিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে এই সম্পৰ্কসমূহক অধিক সুদৃঢ়কৰণৰ অংগীকাৰৰ কথা দোহাৰে। প্ৰধানমন্ত্ৰী ৰাবুকাই ফিজিৰ একচেটিয়া অৰ্থনৈতিক মণ্ডলৰ (EEZ) নিৰাপত্তা নিশ্চিতকৰণৰ তাৎপৰ্য্যত গুৰুত্ব আৰোপ কৰে আৰু ফিজি গণৰাজ্যৰ নিৰাপত্তাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ভাৰতে সাহায্য প্ৰদানৰ আশ্বাসক আদৰণি জনায়। প্ৰধানমন্ত্ৰী ৰাবুকাই ভাৰতীয় নৌসেনাৰ এখন জাহাজৰ ফিজিলৈ পৰিকল্পিত বন্দৰ ভ্ৰমণ কাৰ্য্যক আদৰণি জনায় যিয়ে সামুদ্ৰিক সহযোগিতা আৰু আন্তঃকাৰ্য্যক্ষমতা বৃদ্ধি কৰিব।

দুয়োজন নেতাই দ্বিপাক্ষিক প্ৰতিৰক্ষা প্ৰচেষ্টাক ত্বৰান্বিতকৰণৰ লক্ষ্যৰে আৰু অঞ্চলটোত পাৰস্পৰিক লাভৰ প্ৰসাৰ তথা শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ অগ্ৰগতিৰ বাবে ডিজাইন কৰা নতুন পদক্ষেপৰ জৰিয়তে প্ৰতিৰক্ষা সহযোগিতাক অধিক গভীৰকৰণৰ অংগীকাৰৰ কথা দোহাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ফিজি গণৰাজ্য সামৰিক বাহিনীক দুখন এম্বুলেন্স উপহাৰ দিয়াৰ লগতে ছুভাস্থিত ভাৰত উচ্চায়ুক্তত প্ৰতিৰক্ষা শাখা স্থাপন কৰাৰ কথা ঘোষণা কৰে। চাইবাৰ নিৰাপত্তা দুয়োখন দেশৰ মাজৰ সহযোগিতাৰ এক উদীয়মান ক্ষেত্ৰ হোৱাৰ পৰিপ্ৰেক্ষিতত নেতাসকলে ফিজিত চাইবাৰ সুৰক্ষা প্ৰশিক্ষণ কোষ (CSTC) স্থাপন কাৰ্য্যক আদৰণি জনায়। তেওঁলোকে বৰ্তমান আৰু উদীয়মান প্ৰত্যাহ্বানৰাজিৰে মোকাবিলাকৰণৰ ক্ষেত্ৰত সহযোগিতাৰ উল্লেখযোগ্য সম্ভাৱনাত গুৰুত্ব আৰোপ কৰে, বিশেষকৈ সামুদ্ৰিক, মানৱীয় সাহায্য আৰু দুৰ্য্যোগ সাহায্য (HADR) তথা প্ৰযুক্তি খণ্ডত বিশেষ মনোযোগ প্ৰদান কৰা হয়।

নেতা দুজনে মুক্ত, মুকলি, সুৰক্ষিত আৰু সৰ্বাংগীন ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ গুৰুত্বত আলোকপাত কৰে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু সুস্থিৰতাত অৰিহণা যোগাই আঞ্চলিক সামুদ্ৰিক সুৰক্ষা সুদৃঢ়কৰণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

নেতাদ্বয়ে ভাৰত-ফিজিৰ সম্পৰ্ক বিশেষকৈ অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্কক গভীৰকৰণৰ বাবে জনসাধাৰণৰ সম্পৰ্কক এক স্বাভাৱিক ভেটি আৰু বহুগুণক হিচাপে স্বীকৃতি জনায়। দুয়োগৰাকী নেতাই ভাৰত আৰু ফিজিৰ মাজৰ প্ৰব্ৰজন আৰু গতিশীলতাৰ উদ্দেশ্য ঘোষণা স্বাক্ষৰিত হোৱা কাৰ্য্যক আদৰণি জনায়। ইয়াৰ ফলত দুয়োখন দেশৰ মাজত পেছাদাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ আহ-যাহ সহজ হ’ব।

ভাষিক আৰু সাংস্কৃতিক সম্পৰ্কক অধিক প্ৰসাৰিতকৰণৰ থল থকা চেন্টাৰ ফৰ হিন্দী ষ্টাডিজৰ বিকাশত সহায় কৰিবলৈ ফিজি বিশ্ববিদ্যালয়ত হিন্দী-তথা-সংস্কৃত শিক্ষকৰ প্ৰতিনিধিত্বক নেতাসকলে আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে ফিজিৰ পৰা আহিবলগীয়া পণ্ডিতসকলৰ এটা দলক প্ৰশিক্ষণৰ ক্ষেত্ৰত ভাৰতে সমৰ্থন আগবঢ়োৱাৰ কথা উল্লেখ কৰে, তেওঁলোকে চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতত অনুষ্ঠিতব্য ‘আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱ’ (IGM 2025)-তো অংশগ্ৰহণ কৰিব। ভাৰতত আইজিএম, ২০২৫ উদযাপনৰে সংগতি ৰাখি ফিজিতো আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱৰ অনুষ্ঠানৰ আয়োজন কৰা হ’ব।

নেতাসকলে সামৰ্থ্য বিকাশক ফিজি গণৰাজ্যৰ সৈতে ভাৰতৰ অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে স্বীকৃতি জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা (ITEC) কাৰ্য্যসূচীৰ জৰিয়তে ভাৰতে ফিজিৰ চৰকাৰী পেছাদাৰীসকলক সামৰ্থ্য বিকাশৰ সুযোগ প্ৰদান কৰি যাব।

নেতাসকলে কৃষি আৰু খাদ্য সুৰক্ষাৰ তাৎপৰ্য্যক দ্বিপাক্ষিক সহযোগিতাৰ মূল ক্ষেত্ৰ হিচাপে স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰী ৰাবুকাই ফিজিক খাদ্য সুৰক্ষা আৰু কৃষি স্থিতিস্থাপকতাৰ ক্ষেত্ৰত সহায় কৰিবলৈ ২০২৫-ৰ জুলাইত ভাৰতে প্ৰেৰণ কৰা ৫ মেট্ৰিক টন উচ্চ-মানৰ বীজৰ সহায়ৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ গ্ৰান্ট-ইন-এইড কাৰ্য্যসূচীৰ অধীনত ১২ কৃষি ড্ৰোন আৰু ২ ভ্ৰাম্যমাণ ভূমি পৰীক্ষণ পৰীক্ষাগাৰ উপহাৰ দিয়াৰ কথা ঘোষণা কৰে, যিয়ে ফিজিৰ চেনি খণ্ডত উদ্ভাৱনক প্ৰসাৰিত কৰিব আৰু উৎপাদনশীলতা বৃদ্ধি কৰিব। এই খণ্ডটোক অধিক সহায় কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ফিজিৰ চেনি খণ্ডৰ পেছাদাৰীসকলৰ বাবে বিশেষ আইটিইচি প্ৰশিক্ষণ কাৰ্য্যসূচী আয়োজনৰ লগতে ফিজি চেনি নিগমলৈ আইটিইচি বিশেষজ্ঞ প্ৰেৰণৰ ইচ্ছাৰ কথা ঘোষণা কৰে।

নেতাসকলে দুয়োখন দেশৰ মাজত ক্ৰীড়া সংযোগ বৃদ্ধি পোৱা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে, বিশেষকৈ ফিজিত ক্ৰিকেটৰ প্ৰতি আৰু ভাৰতত ৰগ্বীৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা উৎসাহত গুৰুত্ব আৰোপ কৰে। ফিজিৰ অনুৰোধত এজন ভাৰতীয় ক্ৰিকেট প্ৰশিক্ষকে স্থানীয় প্ৰতিভা বিকাশৰ জৰিয়তে ফিজি ক্ৰিকেট দলসমূহক সহায় কৰিব, ইয়াৰ ফলশ্ৰুতিত যুৱক-যুৱতীসকলৰ ক্ৰীড়াত অংশগ্ৰহণ বৃদ্ধি পাব।

প্ৰধানমন্ত্ৰী মোদীয়ে ফিজি গণৰাজ্য চৰকাৰে ছুভাত ভাৰত উচ্চায়ুক্তৰ বাবে চ্যান্সেৰী-তথা-সাংস্কৃতিক কেন্দ্ৰ স্থাপনৰ বাবে ভূমি আবন্টন দিয়া কাৰ্য্যৰ শলাগ লৈ লীজ টাইটেল হস্তান্তৰ কৰাক আদৰণি জনায়। ইতিমধ্যে ২০১৫-ত নতুন দিল্লীত ফিজি গণৰাজ্য চৰকাৰৰ হাইকমিচন চ্যান্সেৰী নিৰ্মাণৰ বাবে ভূমি আবন্টন জনোৱা হৈছে।

নেতা দুজনে মূল খণ্ডসমূহত সহযোগিতা গভীৰকৰণৰ লক্ষ্যৰে নিম্ন-উল্লেখিত চুক্তিসমূহৰ স্বাক্ষৰ কাৰ্য্যক আদৰণি জনায়ঃ (i) গ্ৰামোন্নয়ন, কৃষি বিত্তীয় সাহায্য আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে ফিজি উন্নয়ন বেংক (FDB) আৰু ভাৰতৰ ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক (NABARD)-ৰ মাজত বুজাবুজিৰ চুক্তি; (ii) ভাৰতীয় মানদণ্ড ব্যুৰ’ (BIS) আৰু ফিজি গণৰাজ্যৰ ৰাষ্ট্ৰীয় বাণিজ্য জোখ-মাখ আৰু মানদণ্ড বিভাগ (DNTMS)-ৰ মাজত প্ৰমাণীকৰণৰ ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত বুজাবুজিৰ চুক্তি; (iii) ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (MeitY), ভাৰতৰ অধীনস্থ ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান (NIELIT) আৰু পেচিফিক পলিটেকনিক, ফিজিৰ মাজত মানৱ সামৰ্থ্য বিকাশ, দক্ষতা আৰু আপস্কিলিঙৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি; (iv) ভাৰতীয় উদ্যোগ সংঘ (CII) আৰু ফিজি বাণিজ্য তথা নিয়োগকৰ্তা ফেডাৰেচন (FCEF)-ৰ মাজত অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক অধিক বৃদ্ধিৰ বাবে বুজাবুজিৰ চুক্তি; আৰু (v) মেচাৰ্ছ এইচএলএল লাইফকেয়াৰ লিমিটেড আৰু ফিজি ৰিপাব্লিকৰ স্বাস্থ্য আৰু চিকিৎসা সেৱা মন্ত্ৰালয়ৰ মাজত জন ঔষধি আঁচনিৰ অধীনত ঔষধ যোগান সন্দৰ্ভত চুক্তি।

দুয়োগৰাকী নেতাই গণতান্ত্ৰিক আৰু বিধায়িনী বিনিময় কাৰ্য্যক সুদৃঢ়কৰণৰ দিশত এক পদক্ষেপ হিচাপে সংসদীয় আদান-প্ৰদানৰ গুৰুত্বত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৬-ত ফিজিৰ সাংসদৰ এটা প্ৰতিনিধি দলৰ ভাৰত ভ্ৰমণৰ প্ৰস্তাৱক আদৰণি জনায়। প্ৰধানমন্ত্ৰী ৰাবুকাই ফিজিত সামাজিক সংহতি আৰু সমাজ উন্নয়নৰ ক্ষেত্ৰত গ্ৰেট কাউন্সিল অৱ চিফছ (GCC)-ৰ গুৰুত্বপূৰ্ণ ভূমিকাত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ মাজৰ জনসাধাৰণৰ সম্পৰ্কক অধিক সুদৃঢ়কৰণৰ বাবে জিচিচি-ৰ এটা প্ৰতিনিধি দলৰ ভাৰত ভ্ৰমণৰ প্ৰস্তাৱক আদৰণি জনায়।

নেতা দুজনে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সন্দৰ্ভত মত-বিনিময় কৰে আৰু শান্তি, জলবায়ু ন্যায়, সৰ্বাংগীন উন্নয়ন তথা গ্ল’বেল চাউথৰ কণ্ঠ বৃদ্ধিৰ প্ৰতি তেওঁলোকৰ উমৈহতীয়া দায়বদ্ধতাৰ কথা পুনৰবাৰ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী ৰাবুকাই গ্ল’বেল চাউথত ভাৰতৰ নেতৃত্বৰ ভূমিকাক শলাগ লয়। বহুপক্ষীয় মঞ্চত প্ৰদান কৰা মূল্যৱান পাৰস্পৰিক সমৰ্থন কাৰ্য্যৰো তেওঁলোকে শলাগ লয়।

সমসাময়িক ভূ-ৰাজনৈতিক বাস্তৱতাক ভালদৰে প্ৰতিফলিত কৰিবলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যপদৰ উভয় পৰ্য্যায়তে সম্প্ৰসাৰণকে প্ৰমুখ্য কৰি ৰাষ্ট্ৰসংঘৰ ব্যাপক সংস্কাৰ সাধনৰ জৰুৰী প্ৰয়োজনীয়তাত দুয়োজন নেতাই ঐক্যমত প্ৰকাশ কৰে। ফিজিয়ে সংস্কাৰ-সাধিত আৰু সম্প্ৰসাৰিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতক স্থায়ী সদস্য হিচাপে সমৰ্থনৰ লগতে ২০২৮-২৯ বৰ্ষৰ বাবে ৰাষ্ট্ৰসংঘৰ অ-স্থায়ী সদস্যপদৰ বাবে ভাৰতৰ প্ৰাৰ্থীত্বৰ প্ৰতিও সমৰ্থনৰ কথা দোহাৰে।

নেতাসকলে সমসাময়িক বিশ্ব প্ৰত্যাহ্বানৰাজিৰে ফলপ্ৰসূভাৱে মোকাবিলাকৰণৰ এক প্ৰয়োজনীয় পদক্ষেপ হিচাপে দক্ষিণ-দক্ষিণৰ সহযোগিতা অব্যাহত ৰখাৰ কথা দোহাৰে আৰু বিশ্ব শাসন প্ৰতিষ্ঠানসমূহত বৰ্ধিত, ন্যায্য প্ৰতিনিধিত্বকে প্ৰমুখ্য কৰি গ্ল’বেল চাউথৰ বাবে উমৈহতীয়া চিন্তাৰ বিষয়সমূহত একেলগে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী ৰাবুকাই উন্নয়নশীল দেশসমূহৰ উমৈহতীয়া উদ্বেগ, প্ৰত্যাহ্বান আৰু উন্নয়নমূলক অগ্ৰাধিকাৰ সমূহৰ সম্পৰ্কে আলোচনাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰা ভইচ অৱ গ্ল’বেল চাউথ ছামিটছ আয়োজনৰ ক্ষেত্ৰত ভাৰতৰ পদক্ষেপ আৰু নেতৃত্বৰ শলাগ লয়। প্ৰধানমন্ত্ৰী মোদীয়ে ভইচ অৱ গ্ল’বেল চাউথ ছামিটত ফিজিৰ সক্ৰিয় অংশগ্ৰহণ কাৰ্য্যৰ শলাগ লয় আৰু এই সন্মিলনৰ নেতা অধিবেশনত অংশগ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী ৰাবুকাক ধন্যবাদ জনায়। দুয়োজন নেতাই গ্ল’বেল চাউথৰ দেশসমূহৰ উমৈহতীয়া অভিজ্ঞতাৰে বদ্ধমূল আন-আন উন্নয়নমূলক সমাধান সূত্ৰ নিৰূপণৰ ক্ষেত্ৰত গ্ল’বেল চাউথ চেন্টাৰ অৱ এক্সেলেন্স, দক্ষিণ (DAKSHIN)-ৰ সৈতে ফিজিৰ অবিৰত সংযোগক আদৰণি জনায়।

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সন্মান জনোৱা এখন মুকলি, সৰ্বাংগীন, সুস্থিৰ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলক সমৰ্থনৰ অংগীকাৰৰ কথা দোহাৰে। প্ৰধানমন্ত্ৰী ৰাবুকাই ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপ (IPOI)-ত যোগদানৰ বাবে ফিজিৰ আগ্ৰহ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সামুদ্ৰিক ক্ষেত্ৰখন পৰিচালনা, সংৰক্ষণ আৰু অক্ষুণ্ণ ৰাখিব বিচৰা সম মনোভাৱৰ দেশসমূহৰ সৈতে এই অংশীদাৰিত্বলৈ ফিজিক আদৰণি জনায়। প্ৰধানমন্ত্ৰী ৰাবুকাই আমাৰ অঞ্চলৰ শান্তিপূৰ্ণ, সুস্থিৰ, নিৰাপদ আৰু বহনক্ষম ভৱিষ্যৎ তথা মংগলত গুৰুত্ব আৰোপ কৰা ‘শান্তিৰ মহাসাগৰ’-ৰ ধাৰণাটোত আলোকপাত কৰে। প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ‘শান্তিৰ মহাসাগৰ’-ক প্ৰসাৰিতকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ৰাবুকাৰ নেতৃত্বক প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰী ৰাবুকাই ভাৰত চৰকাৰ আৰু দেশখনৰ জনতাক তেওঁ আৰু প্ৰতিনিধি দলটোলৈ আগবঢ়োৱা উষ্ম আতিথ্যৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ প্ৰধানমন্ত্ৰী মোদীক ফিজি ভ্ৰমণলৈ আমন্ত্ৰণ জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM announces exam reform task force, Infosys co-founder Nandan Nilekani to lead

Media Coverage

PM announces exam reform task force, Infosys co-founder Nandan Nilekani to lead
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights noble character as the foundation of respect, trust, and effective leadership
July 27, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how a person of noble character earns respect in society and is regarded as worthy of every responsibility.

The Prime Minister wrote on X;

"शीलवान् पूजितो लोके शीलवान् साधुसम्मतः।

शीलवान् सर्वकर्मार्हः शीलवान् प्रियदर्शनः॥"

A person of noble character earns respect in society and the esteem of the virtuous. Through integrity, humility and disciplined conduct, such an individual is regarded as worthy of every responsibility. Their personality is admirable, inspiring and worthy of emulation. In truth, noble character is the true foundation of lasting success, effective leadership, and enduring trust.