প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা টুইটত কয় যে তেওঁ দিল্লীৰ কালকাজী ক্ষেত্ৰত 'জহাঁ ঝুগ্গী ৱহীঁ মকান' যোজনাৰ জৰিয়তে পকা ঘৰ আৱণ্টিত কৰা লাভাৰ্থীৰ দ্বাৰা তেওঁলৈ লিখা পত্ৰত অভিভূত।

লাভাৰ্থী মহিলাসকলে বিদেশ মন্ত্ৰী ডাঃ এছ জয়শংকৰক পত্ৰ দিয়ে। বিদেশ মন্ত্ৰী তেওঁলোকক লগ পাবলৈ আহিছিল। লাভাৰ্থীসকলে নিজৰ আনন্দ প্ৰকাশ কৰে আৰু তেওঁলোকৰ সপোন সাকাৰ কৰা বাবে আৰু যোজনাৰ মাধ্যমত তেওঁলোকৰ জীৱন সুগম কৰি তোলাত সহায় কৰা বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায়।

প্ৰধানমন্ত্ৰীয়ে দুখীয়াসকলৰ কল্যাণৰ বাবে কাম কৰি যোৱাৰ চৰকাৰৰ সংকল্পবদ্ধতা দোহাৰে।

প্ৰধানমন্ত্ৰীয়ে এটা টুইটত কয়:

"দিল্লীৰ কালকাজীৰ সেই মাতৃ আৰু ভগ্নীসকলৰ পত্ৰ পাই অভিভূত হৈছোঁ, যিসকলে 'জহাঁ ঝুগ্গী ৱহীঁ মকান' স্কিমৰ জৰিয়তে পকা ঘৰ পাইছে। বিদেশ মন্ত্ৰী @DrSJaishankar জী যেতিয়া তালৈ যায় তেতিয়া মহিলাসকলে এই পত্ৰ তেওঁক দিয়ে, য'ত তেওঁলোকে নিজৰ আনন্দ প্ৰকাশ কৰিছে। তেওঁলোকে কৈছে যে কেনেকৈ এই স্কিমৰ জৰিয়তে তেওঁলোকৰ বছৰ বছৰৰ পুৰণি সপোন সাকাৰ হ'ল আৰু গোটেই পৰিয়ালৰ জীৱন সহজ হৈ পৰিল। পত্ৰৰ বাবে আপোনালোক সকলোৰে ওচৰত বহুত-বহুত কৃতজ্ঞ! আমাৰ চৰকাৰে দুখীয়াসকলৰ কল্যাণৰ বাবে এনেদৰেই সংকল্পবদ্ধ হৈ কাম কৰি থাকিব।" 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Spirituality remains key driver for travel in Asia, India ranks top: Report

Media Coverage

Spirituality remains key driver for travel in Asia, India ranks top: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 মাৰ্চ 2026
March 26, 2026

India’s Economy, Innovative Spirit and Global Standing Continue to Thrive with the Modi Government