Subsidy on DAP fertiliser hiked by 140%
Farmers to get subsidy of Rs 1200 per bag of DAP instead of Rs 500
Farmers to get a bag of DAP for Rs 1200 instead of Rs 2400
Government to spend additional Rs 14,775 crore towards this subsidy
Farmer should get fertilisers at old rates despite international price rise: PM
Welfare of Farmers at the core of Government’s efforts: PM

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে সাৰৰ মূল্য সন্দৰ্ভত এক উচ্চ পর্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে৷ বৈঠকত সাৰৰ মূল্যৰ সন্দৰ্ভত তেওঁক বিস্তাৰিতভাৱে জনোৱা হৈছে। আন্তর্জাতিক বজাৰত ফছফৰিক এচিড, এম’নিয়া ইত্যাদিৰ মূল্যবৃদ্ধিৰ ফলত সাৰৰ দাম বৃদ্ধি পাইছে৷ প্রধানমন্ত্রীয়ে আন্তর্জাতিক বজাৰত মূল্যবৃদ্ধি সত্ত্বেও কৃষকসকলে যাতে পুৰ্বৰ দৰতে সাৰ কিনিব পাৰেন সেই ব্যৱস্থা কৰিব লাগিব বুলি জোৰা দিয়ে৷

ইয়াৰ লগত সংগতি ৰাখি ডিএপি সাৰৰ বাবে ৰাজসাহাৰ্যৰ পৰিমাণ পূৰ্বৰ ৫০০ টকাৰ পৰিৱৰ্তে ১,২০০ টকালৈ বৃদ্ধি কৰাৰ এক ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ ফলত ১৪০ শতাংশ ৰাজসাহাৰ্য বৃদ্ধি পাব। আন্তর্জাতিক বজাৰত ডিএপিৰ মূল্যবৃদ্ধি সত্ত্বেও পুৰ্বৰ দৰতে অর্থাৎ, ১,২০০ টকাত সাৰ বিক্ৰী কৰা হ’ব৷ কেন্দ্রই মূল্যবৃদ্ধিৰ অতিৰিক্ত বোজা বহন কৰিব। পূৰ্বৰ ৰাজসাহাৰ্যৰ পৰিমাণ ইয়াৰ পূৰ্বে একবাৰে ইমান কেতিয়াও বৃদ্ধি কৰা হোৱা নাছিল৷ যোৱা বছৰ ডিএপিৰ প্ৰকৃত দাম আছিল ১,৭০০ টকা।

কেন্দ্ৰীয় চৰকাৰে ৫০০ টকা বেগে প্ৰতি ৰাজসাহাৰ্য প্ৰদান কৰিব৷ ফলত কোম্পানীসমূহে কৃষকৰ বাবে প্রতি বেগ সাৰৰ দাম ১,২০০ টকাকৈ ধার্য কৰিছিল। বৰ্তমান ফছফৰিক এচিড, এম’নিয়া ইত্যাদিৰ আন্তর্জাতিক বজাৰ মূল্য ৬০-৭০ শতাংশ বৃদ্ধি পাইছে। ফলত ডিএপি বেগৰ প্ৰকৃত দাম ২,৪০০ টকাত হৈছে৷ সাৰ কোম্পানীসমূহে ৫০০ টকা ৰাজসাহাৰ্য পোৱাৰ পাছত কৃষকক সেয়া ১,৯০০ টকাত বিক্ৰী কৰিছিল। আজিৰ সিদ্ধান্তৰ ফলত কৃষকসকলে এক বেগ ডিএপি ১,২০০ টকাতে ক্ৰয় কৰিব পাৰিব৷

প্রধানমন্ত্রীয়ে কয় যে কৃষকসকলৰ কল্যাণৰ প্ৰতি তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। মূল্যবৃদ্ধি বোজা যাতে কৃষকসকলৰ গাঁত নপৰে তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা লোৱা হ’ব।কেন্ত্ৰীয় চৰকাৰে প্রতি বছৰে ৰাসায়নিক সাৰৰ বাবে ৮০,০০০ কোটি টকা ৰাজসাহাৰ্যৰ বাবদ ব্যয় কৰে।

ডিএপিৰ ৰাজসাহাৰ্য বৃদ্ধিৰ ফলত খাৰিফ শস্যৰ বতৰত কেন্দ্রই অতিৰিক্ত ১৪,৭৭৫ কোটি টকা ব্যয় কৰিব। পিএম কিষাণ প্রকল্পত কৃষকসকলৰ একাউণ্টত অক্ষয় তৃতীয়াৰ দিনা ২০,৬৬৭ কোটি টকা পোনপটীয়াকৈ প্ৰেৰণ কৰাৰ পাছত কৃষকসকলৰ স্বার্থ ৰক্ষাৰ বাবে এয়া দ্বিতীয় বৃহত্তম সিদ্ধান্ত হিচাপে পৰিগণতি হৈছে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12

Media Coverage

Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 আগষ্ট 2026
August 12, 2026

India Rising on Every Front: Economic Strength, Global Recognition & Self-Reliance Under PM Modi’s Vision