ষ্টাৰ্টআপৰ সংস্কৃতিক উৎসাহিত কৰিবলৈ চৰকাৰে কোনো প্ৰয়াস এৰি দিয়া নাইঃ প্ৰধানমন্ত্ৰী
ষ্টাৰ্টআপ ইণ্ডিয়াৰ এই সফলতাই প্ৰতিফলিত কৰে যে আজিৰ ভাৰত গতিশীল, আত্মবিশ্বাসী আৰু ভৱিষ্যতৰ বাবে সাজুঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ষ্টাৰ্টআপ ইণ্ডিয়া কাৰ্যসূচীৰ ৯ বছৰ উদযাপন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে মন্তব্য কৰে যে যোৱা ৯ বছৰত এই পৰিবৰ্তনমূলক কাৰ্যসূচীয়ে অগণন যুৱক-যুৱতীক শক্তিশালী কৰি তুলিছে, তেওঁলোকৰ উদ্ভাৱনীমূলক ধাৰণাসমূহক সফল ষ্টাৰ্টআপলৈ ৰূপান্তৰিত কৰিছে। "চৰকাৰে ষ্টাৰ্টআপৰ সংস্কৃতিক উৎসাহিত কৰিবলৈ কোনো প্ৰয়াস এৰি দিয়া নাই", শ্ৰী মোদীয়ে পুনৰ কয়। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ষ্টাৰ্টআপ ইণ্ডিয়াৰ এই সফলতাই প্ৰতিফলিত কৰে যে আজিৰ ভাৰত গতিশীল, আত্মবিশ্বাসী আৰু ভৱিষ্যতৰ বাবে সাজু। "মই ষ্টাৰ্টআপ জগতৰ প্ৰতিগৰাকী যুৱক-যুৱতীক অভিনন্দন জনাইছো আৰু অধিক যুৱক-যুৱতীক ইয়াক অনুসৰণ কৰিবলৈ আহ্বান জনাইছো। আপোনালোক হতাশ নহ’ব বুলি মই আশ্বাস দিছো", শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

"আজি, আমি #ষ্টাৰ্টআপইণ্ডিয়াৰ৯বছৰ সম্পূৰ্ণ কৰিছো। ই এক যুগান্তকাৰী পদক্ষেপ, যিয়ে উদ্ভাৱন, উদ্যোগশীলতা আৰু বিকাশক পুনৰ্নিৰ্ধাৰণ কৰিছে। ই মোৰ হৃদয়ৰ কাষৰ কাৰ্যসূচী, কিয়নো ই যুৱ সবলীকৰণক আগুৱাই নিয়াৰ এক শক্তিশালী উপায় হিচাপে আত্মপ্ৰকাশ কৰিছে। যোৱা ৯ বছৰত, এই পৰিবৰ্তনমূলক কাৰ্যসূচীয়ে অগণন যুৱক-যুৱতীক শক্তিশালী কৰি তুলিছে, তেওঁলোকৰ উদ্ভাৱনীমূলক ধাৰণাসমূহক সফল ষ্টাৰ্টআপলৈ ৰূপান্তৰিত কৰিছে।"

 

 

"চৰকাৰে ষ্টাৰ্টআপৰ সংস্কৃতিক উৎসাহিত কৰিবলৈ কোনো প্ৰয়াস এৰি দিয়া নাই। আমাৰ নীতিসমূহে 'ব্যৱসায় কৰাৰ সহজতা"ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যাৰ জৰিয়তে সম্পদসমূহৰ অধিক প্ৰৱেশাধিকাৰ লাভ কৰিব পাৰি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, প্ৰতিটো মুহূৰ্ততে তেওঁলোকক সমৰ্থন কৰিব পাৰি। আমি সক্ৰিয়ভাৱে উদ্ভাৱন আৰু ইনকিউবেচন কেন্দ্ৰসমূহক প্ৰচাৰ কৰি আছো, যাতে আমাৰ যুৱক-যুৱতীসকল বিপদাশংকা গ্ৰহণকাৰী হয়। মই ব্যক্তিগতভাৱে আগন্তুক ষ্টাৰ্টআপসমূহৰ সৈতে নিয়মিতভাৱে মত বিনিময় কৰি আহিছো।"

 

 

"ষ্টাৰ্টআপ ইণ্ডিয়াৰ এই সফলতাই প্ৰতিফলিত কৰে যে আজিৰ ভাৰত গতিশীল, আত্মবিশ্বাসী আৰু ভৱিষ্যতৰ বাবে সাজু। এই যাত্ৰা চিহ্নিত কৰাৰ সময়ত, আমি প্ৰতিটো সপোনৰ উত্থান আৰু আত্মনিৰ্ভৰ ভাৰতত অৰিহণা যোগোৱা এক উদ্যোগী পৰিবেশতন্ত্ৰ গঢ়ি তোলাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিছো। মই ষ্টাৰ্টআপ জগতৰ প্ৰতিগৰাকী যুৱক-যুৱতীক অভিনন্দন জনাইছো আৰু অধিক যুৱক-যুৱতীক ইয়াক অনুসৰণ কৰিবলৈ আহ্বান জনাইছো। আপোনালোক হতাশ নহ’ব বুলি মই আশ্বাস দিছো!"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rs 25,000 cr cyber fraud prevented, Rs 323 cr returned to victims as Centre expands e-Zero FIR: Report

Media Coverage

Rs 25,000 cr cyber fraud prevented, Rs 323 cr returned to victims as Centre expands e-Zero FIR: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 জুলাই 2026
July 11, 2026

Record Exports, Record Investments, Record Pride: India’s Rise Under PM Modi is Multi-Dimensional