প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ‘ভাৰতত অৰ্ধপৰিবাহী আৰু প্ৰদৰ্শনী উৎপাদন পৰিৱেশ তন্ত্ৰৰ বিকাশ’ৰ অধীনত তিনিটা অৰ্ধপৰিবাহী ইউনিট স্থাপনৰ অনুমোদন জনায়। অহা ১০০ দিনৰ ভিতৰত তিনিওটা ইউনিটৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব।

ভাৰতত অৰ্ধপৰিবাহী আৰু প্ৰদৰ্শনী উৎপাদন পৰিৱেশ তন্ত্ৰৰ বিকাশৰ কাৰ্যসূচী মুঠ ৭৬ হাজাৰ কোটি টকা ব্যয়েৰে ২১-১২-২০২১ তাৰিখে অধিসূচিত কৰা হৈছিল।

২০২৩ চনৰ জুন মাহত গুজৰাটৰ ছানন্দত অৰ্ধপৰিবাহী ইউনিট স্থাপনৰ বাবে মাইক্ৰনৰ প্ৰস্তাৱত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছিল।

এই ইউনিটটোৰ নিৰ্মাণ দ্ৰুতগতিত আগবাঢ়িছে আৰু ইউনিটটোৰ ওচৰতে এক শক্তিশালী অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰৰ উত্থান ঘটিছে।

অনুমোদিত তিনিটা অৰ্ধপৰিবাহী ইউনিট হ’ল:

১। ৫০,০০০ ডব্লিউএফএছএম সক্ষমতাৰে ছেমিকণ্ডাক্টৰ ফেব:

টাটা ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেডে (“টিইপিএল”) টাইৱানৰ পাৱাৰচিপ ছেমিকণ্ডাক্টৰ মেনুফেকচাৰিং কৰ্প (পিএছএমচি)ৰ সৈতে অংশীদাৰিত্বৰে এটা অৰ্ধপৰিবাহী ফেব স্থাপন কৰিব।

বিনিয়োগ: এই ফেবটো গুজৰাটৰ ঢোলেৰাত নিৰ্মাণ কৰা হ’ব। এই ফেবত বিনিয়োগ হ’ব ৯১,০০০ কোটি টকা।

প্ৰযুক্তি সহযোগীপিএছএমচি ইয়াৰ লজিক আৰু মেম’ৰী ফাউণ্ড্ৰি ছেগমেণ্টৰ বিশেষজ্ঞতাৰ বাবে বিখ্যাত। পিএছএমচিৰ টাইৱানত ৬টা অৰ্ধপৰিবাহী ফাউণ্ড্ৰি আছে।

সক্ষমতা: প্ৰতিমাহে ৫০ হাজাৰ ৱেফাৰ আৰম্ভ হয়(WSPM)

সামৰি লোৱা খণ্ড:

  • ২৮ এনএম প্ৰযুক্তিৰ সৈতে উচ্চ কাৰ্যক্ষম কম্পিউট চিপ
  • বৈদ্যুতিক বাহন (EV), টেলিকম, প্ৰতিৰক্ষা, অটোমোটিভ, কনজিউমাৰ ইলেক্ট্ৰনিকছ, ডিছপ্লে, পাৱাৰ ইলেক্ট্ৰনিক্স আদিৰ বাবে শক্তি ব্যৱস্থাপনা চিপ। শক্তি ব্যৱস্থাপনা চিপ হৈছে উচ্চ ভল্টেজ, উচ্চ বিদ্যুৎ প্ৰবাহৰ প্ৰয়োগ।

২। অসমত অৰ্ধপৰিবাহী এটিএমপি ইউনিট:

টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেডে (“টিএছএটি”) অসমৰ মৰিগাঁৱত স্থাপন কৰিব এটা অৰ্ধপৰিবাহী ইউনিট।

বিনিয়োগ: ২৭,০০০ কোটি টকা বিনিয়োগেৰে এই ইউনিটটো স্থাপন কৰা হ'ব।

প্ৰযুক্তি: টিএছএটি অৰ্ধপৰিবাহীয়ে ফ্লিপ চিপ আৰু আইএছআইপি (পেকেজত সংহত ব্যৱস্থা) প্ৰযুক্তিকে ধৰি থলুৱা উন্নত অৰ্ধপৰিবাহী পেকেজিং প্ৰযুক্তি বিকশিত কৰি আছে।

সক্ষমতা: দৈনিক ৪৮ নিযুত

সামৰি লোৱা খণ্ডঅটোমোটিভ, বৈদ্যুতিক বাহন, কনজিউমাৰ ইলেক্ট্ৰনিকছ, টেলিকম, মোবাইল ফোন ইত্যাদি।

৩। বিশেষীকৃত চিপ্সৰ বাবে অৰ্ধপৰিবাহী এটিএমপি:

জাপানৰ ৰেনেছাছ ইলেক্ট্ৰনিক্স কৰ্পৰেশ্যন আৰু থাইলেণ্ডৰ ষ্টাৰছ মাইক্ৰ’ইলেক্ট্ৰনিকছৰ সৈতে অংশীদাৰিত্বৰে গুজৰাটৰ ছানন্দত এটা অৰ্ধপৰিবাহী ইউনিট স্থাপন কৰিব চিজি পাৱাৰে।

বিনিয়োগ: ৭,৬০০ কোটি টকা বিনিয়োগেৰে এই ইউনিটটো স্থাপন কৰা হ'ব।

প্ৰযুক্তি সহযোগীৰেনেছাছ হৈছে বিশেষ চিপৰ ওপৰত গুৰুত্ব আৰোপ কৰা এটা আগশাৰীৰ অৰ্ধপৰিবাহী কোম্পানী। ই ১২টা অৰ্ধপৰিবাহী সুবিধা পৰিচালনা কৰে আৰু মাইক্ৰ'কণ্ট্ৰ'লাৰ, এনালগ, পাৱাৰ, আৰু ছিষ্টেম অন চিপ (‘SoC)’ সামগ্ৰীৰ এক গুৰুত্বপূৰ্ণ কাৰক।

সামৰি লোৱা খণ্ডচিজি শক্তি অৰ্ধপৰিবাহী ইউনিটে গ্ৰাহক, ঔদ্যোগিক, অটোমোটিভ আৰু শক্তি প্ৰয়োগৰ বাবে চিপ নিৰ্মাণ কৰিব।

সক্ষমতা: দৈনিক ১৫ নিযুত

এই ইউনিটবোৰৰ কৌশলগত গুৰুত্ব:

  • অতি কম সময়ৰ ভিতৰতে ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছনে চাৰিটা ডাঙৰ সফলতা লাভ কৰিছে। এই ইউনিটসমূহৰ সহায়ত ভাৰতত অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰ প্ৰতিষ্ঠা হ’ব।
  • ইতিমধ্যে ভাৰতৰ চিপ ডিজাইনৰ গভীৰ ক্ষমতা আছে। এই ইউনিটসমূহৰ সহায়ত আমাৰ দেশখনে চিপ নিৰ্মাণৰ ক্ষেত্ৰত সামৰ্থ্য বিকাশ কৰিব।
  • আজিৰ ঘোষণাৰ লগে লগে ভাৰতত থলুৱাভাৱে উন্নত পেকেজিং প্ৰযুক্তি বিকশিত কৰা হ’ব।

সংস্থাপনৰ সম্ভাৱনা:

  • এই ইউনিটসমূহে ২০ হাজাৰ উন্নত প্ৰযুক্তিৰ চাকৰিৰ প্ৰত্যক্ষ নিয়োগ আৰু প্ৰায় ৬০ হাজাৰ পৰোক্ষ চাকৰিৰ সৃষ্টি কৰিব।
  • এই ইউনিটসমূহে ডাউনষ্ট্ৰিম অটোমোটিভ, ইলেক্ট্ৰনিকছ উৎপাদন, টেলিকম উৎপাদন, ঔদ্যোগিক উৎপাদন, আৰু অন্যান্য অৰ্ধপৰিবাহী গ্ৰাহক উদ্যোগত নিয়োগ সৃষ্টি ত্বৰান্বিত কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in a mishap in Suryapet, Telangana
August 26, 2026

The Prime Minister, Shri Narendra Modi expressed grief over the loss of lives due to a mishap at Suryapet, Telangana. Shri Modi also prayed for the speedy recovery of the injured.

The Prime Minister posted on X:

Distressed to learn about the mishap in Suryapet, Telangana. My thoughts are with those who have lost their loved ones. Praying for the speedy recovery of the injured: PM @narendramodi