দেশৰ আত্ম-নিৰ্ভৰতাৰ বাবে, কৃষক ৰাইজৰ কল্যাণৰ বাবে দুখন নতুন আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনা আৰু দলহন আত্মনিৰ্ভৰতা অভিযানঃ প্ৰধানমন্ত্ৰী
আমি বীজৰ পৰা বজাৰলৈকে কৃষকসকলৰ স্বাৰ্থত সংস্কাৰ সাধন কৰিছোঁঃ প্ৰধানমন্ত্ৰী
তিনিটা পৰিমাপৰ ভিত্তিত পিএম ধন ধান্য আঁচনিৰ বাবে ১০০ খন জিলা নিৰ্বাচন কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
দলহন আত্মনিৰ্ভৰতা অভিযান কেৱল মাহৰ উৎপাদন বৃদ্ধিৰ অভিযানেই নহয় বৰঞ্চ আমাৰ ভৱিষ্যৎ প্ৰজন্মক সবলীকৰণৰ অভিযানোঃ প্ৰধানমন্ত্ৰী
বিগত ১১ বছৰে চৰকাৰে কৃষকসকলক সবলীকৰণ আৰু কৃষিক্ষেত্ৰত বিনিয়োগ বৃদ্ধিৰ বাবে নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছেঃ প্ৰধানমন্ত্ৰী
পশুপালন, মীন পালন আৰু মৌপালনে ক্ষুদ্ৰ কৃষক আৰু ভূমিহীন পৰিয়ালসমূহক সবল কৰিছেঃ প্ৰধানমন্ত্ৰী
আজি গাঁৱে-ভূঞে নমো ড্ৰোন দিদিসকলে সাৰ আৰু কীটনাশক ছটিওৱাৰ আধুনিক পদ্ধতিক আগুৱাই নিছেঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত আয়োজিত এক বিশেষ কৃষি কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। ৰাজহুৱা কাৰ্য্যসূচীত অংশগ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষক ৰাইজৰ সৈতে মত-বিনিময়ো কৰে।

মঞ্চত উপৱিষ্ট কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া, প্ৰযুক্তিৰ জৰিয়তে অংশগ্ৰহণ কৰা ৰাজীৱ ৰঞ্জন সিং ডাঙৰীয়া, শ্ৰী ভগীৰথ চৌধাৰী ডাঙৰীয়া, ভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, সাংসদ, বিধায়ক, আন-আন বিশিষ্ট ব্যক্তি তথা দেশৰ ভিন্ন প্ৰান্তৰ মোৰ সকলো কৃষক ভাই-ভনী।

আজি ১১ অক্টোবৰ ভাৰতৰ গণতান্ত্ৰিক চেতনা আৰু গ্ৰামোন্নয়নক পুনৰ সংজ্ঞায়িত কৰা ভাৰত মাতাৰ দুগৰাকী সুপুত্ৰৰ জয়ন্তী উপলক্ষে এক ঐতিহাসিক দিন। জয়প্ৰকাশ নাৰায়ণ জী আৰু নানাজী দেশমুখ জীয়ে গ্ৰামীণ ভাৰতৰ কণ্ঠ হিচাপে কৃষক আৰু অনগ্ৰসৰ লোকসকলৰ সবলীকৰণৰ বাবে তেওঁলোকৰ জীৱন উৎসৰ্গা কৰিছিল। প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনা আৰু দলহন আত্মনিৰ্ভৰতা অভিযানক (Pulse Self-Reliance Mission) আত্মনিৰ্ভৰতা, গ্ৰাম্য সবলীকৰণ আৰু কৃষি উদ্ভাৱনৰ ক্ষেত্ৰত এটি নতুন যুগৰ সূচনাৰ বাবে ৰূপায়ণ কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত সমগ্ৰ ৰাষ্ট্ৰৰ কোটি-কোটি কৃষক প্ৰত্যক্ষভাৱে উপকৃত হ’ব। ভাৰত চৰকাৰে এই পদক্ষেপসমূহত ৩৫,০০০ কোটিৰো অধিক টকা বিনিয়োগ কৰিব, যিয়ে কৃষক ৰাইজৰ আয় দুগুণ বৃদ্ধি আৰু দেশৰ বাবে খাদ্য তথা পুষ্টি সুৰক্ষা নিশ্চিতকৰণৰ অৰ্থে ইয়াৰ অটল অংগীকাৰকে প্ৰতিফলিত কৰে। মই দুয়োখন আঁচনিৰ বাবে মোৰ কৃষক বন্ধুসকলক অভিনন্দন জনালোঁ।

বন্ধুসকল,

ভাৰতৰ উন্নয়ন যাত্ৰাত কৃষিয়ে সদায় কেন্দ্ৰীয় ভূমিকা পালন কৰি আহিছে। পূৰ্বৰ চৰকাৰসমূহৰ সময়ত কৃষি খণ্ড দীৰ্ঘদিনীয়া অৱহেলাৰ সন্মুখীন হৈছিল। কিন্তু ভাৰতৰ কৃষকসকলক সবলীকৰণৰ প্ৰতি আমি দায়বদ্ধতা সহকাৰে কাম কৰি আহিছোঁ। দ্ৰুত-বৰ্ধমান একবিংশ শতিকাৰ ভাৰতৰ বাবে এক শক্তিশালী আৰু সংস্কাৰ সাধিত কৃষি ব্যৱস্থাৰ প্ৰয়োজন আছিল। এই পৰিৱৰ্তন ২০১৪-ৰ পিছত আমাৰ চৰকাৰৰ অধীনত আৰম্ভ হৈছিল। আমি অতীতৰ উদাসীনতাৰ পৰা আঁতৰি আহিছিলোঁ। বীজৰ পৰা বজাৰলৈকে আমি আমাৰ কৃষক ৰাইজৰ স্বাৰ্থত ব্যাপক সংস্কাৰ সাধন কৰিছিলোঁ। এই সংস্কাৰসমূহ কেৱল নীতি পৰিৱৰ্তনতে সীমাবদ্ধ নাছিল। বৰঞ্চ এইসমূহ আছিল ভাৰতীয় কৃষিক আধুনিক, বহনক্ষম আৰু স্থিতিস্থাপক কৰি তোলাৰ লক্ষ্যৰে গাঁথনিগত হস্তক্ষেপ। বিগত এঘাৰ বছৰত ভাৰতৰ কৃষি ৰপ্তানি প্ৰায় দুগুণ বৃদ্ধি পাইছে। খাদ্যশস্যৰ উৎপাদন প্ৰায় ৯০ নিযুত মেট্ৰিক টন বৃদ্ধি পাইছে। ফল-মূল আৰু শাক-পাচলিৰ উৎপাদন ৬৪ নিযুত মেট্ৰিক টনৰো অধিক বৃদ্ধি পাইছে। ভাৰতে আজি গাখীৰ উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে আৰু বিশ্বজুৰি দ্বিতীয় সৰ্বাধিক মাছ উৎপাদনকাৰী দেশ হৈ পৰিছে। ২০১৪-ৰ তুলনাত মৌৰ উৎপাদন দুগুণ হৈছে আৰু একে সময়ছোৱাতে কণীৰ উৎপাদনো দুগুণ হৈছে। এই সময়ছোৱাত দেশত ছটা বৃহৎ সাৰ প্ৰকল্প স্থাপন কৰা হৈছে। কৃষক ৰাইজৰ মাজত ২৫ কোটিৰো অধিক ছইল হেল্থ কাৰ্ড বিতৰণ কৰা হৈছে। ক্ষুদ্ৰ-জলসিঞ্চনৰ সুবিধা ১০০ লাখ হেক্টৰ কৃষিভূমিত উপনীত হৈছে। প্ৰধানমন্ত্ৰী ফছল বীমা যোজনাৰ অধীনত ২ লাখ কোটি টকা মূল্যৰ বীমা দাবী কৃষকসকলক প্ৰদান কৰা হৈছে। বিগত এঘাৰ বছৰত কৃষকৰ সহযোগিতা আৰু বজাৰত প্ৰৱেশ বৃদ্ধিৰ বাবে ১০,০০০-ৰো অধিক কৃষক উৎপাদক সংস্থা (FPO) গঠন কৰা হৈছে। ক্ষন্তেক পূৰ্বে মোৰ কৃষক, মাছমৰীয়া আৰু কৃষি খণ্ডত কাম কৰা মহিলাসকলৰ সৈতে মত-বিনিময়ৰ সৌভাগ্য হয়। মই তেওঁলোকৰ অভিজ্ঞতা আৰু অন্তৰ্দৃষ্টি শুনি অনুভৱ কৰিছোঁ যে এনে মত-বিনিময় কাৰ্য্যই ভাৰতীয় কৃষিক্ষেত্ৰত অব্যাহত প্ৰকৃত ৰূপান্তৰকে প্ৰতিফলিত কৰে।

কিন্তু বন্ধুসকল,

ৰাষ্ট্ৰখনৰ বৰ্তমানৰ মনোভাৱ এয়াই যে এতিয়া আৰু সীমিত কৃতিত্বতে সন্তুষ্ট হ’ব নোৱাৰি। ভাৰত এখন উন্নত দেশ হ’বলৈ প্ৰতিটো খণ্ডতে নিৰন্তৰ উন্নতি আৰু অগ্ৰগতি অতিশয় প্ৰয়োজনীয়। এই দৃষ্টিভংগীৰেই প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনা আৰম্ভ কৰা হৈছে। এই নতুন কৃষি পদক্ষেপে আকাংক্ষী জিলা কাৰ্য্যসূচীৰ সফলতাৰ পৰা প্ৰেৰণা লাভ কৰিছে। পূৰ্বৰ চৰকাৰসমূহে দেশৰ এশৰো অধিক জিলাক “পিছপৰা” বুলি ঘোষণা কৰিছিল আৰু তাৰ পিছত সেইসমূহক বহুলাংশে অৱহেলা কৰিছিল। ইয়াৰ বিপৰীতে আমাৰ চৰকাৰে এই জিলাসমূহক লক্ষ্য আৰু গতিশীল দৃষ্টিভংগীৰে মনোনিৱেশ কৰিবলৈ বাছি লৈছিল, ইয়াক “আকাংক্ষী জিলা” হিচাপে পুনৰ নিৰ্ধাৰণ কৰা হৈছিল। এই জিলাসমূহত ৰূপান্তৰৰ বাবে অভিসৰণ, সহযোগিতা আৰু প্ৰতিযোগিতাৰ কৌশল গ্ৰহণ কৰা হৈছিল। সকলো প্ৰচেষ্টা "সবকা প্ৰয়াস"ৰ মনোভাৱেৰে গ্ৰহণ কৰা হৈছিল আৰু দ্ৰুত উন্নয়নক আগুৱাই নিবলৈ জিলাসমূহৰ মাজত সুস্থ প্ৰতিযোগিতাৰ আৰ্হিক উৎসাহিত কৰা হৈছিল।

বন্ধুসকল,

এই ১০০+ জিলাত প্ৰায় ২০ শতাংশ গাঁৱে স্বাধীনতাৰ পিছত কেতিয়াও পথ দেখা নাছিল। আজি আকাংক্ষী জিলা কাৰ্য্যসূচীৰ কেন্দ্ৰীভূত ৰূপায়ণৰ বাবেই এই গাঁওসমূহৰ অধিকাংশ সকলো বতৰতে উপযোগী পথৰ সৈতে সংযুক্ত হৈছে। স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰটো অগ্ৰগতি লাভ কৰা হৈছে। কাৰ্য্যসূচীৰ আৰম্ভণিতে এই জিলাসমূহৰ ১৭ শতাংশ শিশু মৌলিক প্ৰতিষেধকৰ আউটিৰ বাহিৰত আছিল। এতিয়া এই শিশুসকলৰ অধিকাংশকে সম্পূৰ্ণ প্ৰতিষেধক ক’ভাৰেজৰ অধীনলৈ অনা হৈছে। এই জিলাসমূহৰ ১৫ শতাংশৰো অধিক বিদ্যালয়ত বিদ্যুতৰ অভাৱ আছিল। আজি এনে প্ৰায় প্ৰতিখন বিদ্যালয়তে বিদ্যুৎ সংযোগ স্থাপন কৰা হৈছে, ইয়াৰ ফলত শিশুসকলৰ বাবে অধিক অনুকূল শিক্ষণ পৰিবেশ নিশ্চিত হৈছে।

বন্ধুসকল,

এই কৃতিত্বসমূহ হৈছে অভিসৰণ, সহযোগিতা আৰু প্ৰতিযোগিতা আধাৰিত উন্নয়নমূলক আৰ্হিৰ প্ৰত্যক্ষ ফলশ্ৰুতি। ইয়াৰ অধীনত বিভাগসমূহৰ মাজত সমন্বিত প্ৰচেষ্টা আৰু নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণে স্পষ্ট ফলাফল প্ৰদান কৰিছে।

বন্ধুসকল,

প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনাৰ আঁৰৰ প্ৰেৰণা পোনপটীয়াকৈ আকাংক্ষী জিলা আৰ্হিৰ সফলতাৰ পৰাই লাভ কৰা হৈছে। এই ১০০ খন জিলাৰ বাছনি চিন্তাশীল বিবেচনাৰে আৰু তিনিটা মূল পৰিমাপৰ ভিত্তিত কৰা হৈছে, প্ৰথমতে, প্ৰতি একক মাটিত কৃষি উৎপাদনৰ মাত্ৰা। দ্বিতীয়তে, একেদৰা মাটিতে এবছৰৰ ভিতৰত কিমানবাৰ শস্যৰ খেতি কৰা হয়। তৃতীয়তে, কৃষকৰ বাবে প্ৰতিষ্ঠানিক ঋণ বা বিনিয়োগৰ সুবিধাৰ উপলব্ধতা আৰু পৰিসৰ।

বন্ধুসকল,

আমি প্ৰায়ে “৩৬ কা আংকৰা” বাক্যাংশটো শুনি আহিছোঁ। ইয়াৰ অৰ্থ দুটা দল পৰস্পৰে-পৰস্পৰৰ সম্পূৰ্ণ বিৰোধী হোৱা। কিন্তু চৰকাৰ হিচাপে আমি এনে ধাৰণাক প্ৰত্যাহ্বান জনাইছোঁ। প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনাৰ অধীনত আমি ৩৬ খন ভিন্ন চৰকাৰী আঁচনিক একত্ৰিত কৰিছোঁ। সেয়া নেচনেল মিছন অন নেচাৰেল ফাৰ্মিঙেই হওঁক, দক্ষ জলসিঞ্চনৰ বাবে ‘পাৰ ড্ৰপ ম’ৰ ক্ৰপ’ অভিযানেই হওঁক বা তৈলবীজৰ উৎপাদন বৃদ্ধিৰ বাবে তৈলবীজ মিছনেই হওঁক। পশুধনৰ উন্নয়নৰ অৰ্থে বিশেষ মনোনিৱেশকে প্ৰমুখ্য কৰি এনে একাধিক পদক্ষেপক এটা ছাতিৰ অধীনত একত্ৰিত কৰা হৈছে। পিএম ধন-ধান্য কৃষি যোজনাৰ অধীনত তৃণমূল পৰ্য্যায়ত অবিৰত যত্ন আৰু ৰোগ প্ৰতিৰোধক নিশ্চিত কৰিবলৈ স্থানীয়কৃত পশুধন স্বাস্থ্য অভিযানো আৰম্ভ কৰা হ’ব।

বন্ধুসকল,

আকাংক্ষী জিলা কাৰ্য্যসূচীৰ দৰেই প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনাই কেৱল কৃষক ৰাইজৰ ওপৰতেই নহয়, বৰঞ্চ স্থানীয় চৰকাৰী বিষয়াসকলৰ ওপৰতো, বিশেষকৈ প্ৰতিখন জিলাৰ জিলা দণ্ডাধীশ বা কালেক্টৰৰ ওপৰতো এক উল্লেখযোগ্য দায়িত্ব অৰ্পণ কৰিছে। এই আঁচনিৰ ডিজাইনে নমনীয়তা প্ৰশস্ত কৰিছে যাতে প্ৰতিখন জিলাৰ নিৰ্দিষ্ট প্ৰয়োজন অনুসৰি পৰিকল্পনা প্ৰস্তুত কৰিব পৰা যায়। মই সেয়েহে স্থানীয় মাটি আৰু জলবায়ুৰ পৰিস্থিতিৰ লগত খাপ খোৱা জিলা পৰ্য্যায়ৰ কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ কৃষক আৰু জিলা নেতৃত্বক আন্তৰিকতাৰে আহ্বান জনাইছোঁ।

বন্ধুসকল,

দলহন আত্মনিৰ্ভৰতা অভিযান কেৱল মাহৰ উৎপাদন বৃদ্ধিৰ অভিযানেই নহয় বৰঞ্চ আমাৰ ভৱিষ্যৎ প্ৰজন্মক সবলীকৰণৰ অভিযান। ভাৰতৰ কৃষকসকলে শেহতীয়াকৈ ঘেঁহু আৰু ধানৰ দৰে খাদ্য শস্যৰ অভিলেখ সৃষ্টি কৰি ভাৰতক বিশ্বৰ শীৰ্ষ উৎপাদনকাৰী দেশসমূহৰ ভিতৰত প্ৰতিষ্ঠা কৰিছে। অৱশ্যে কেৱল আটা আৰু চাউলৰ বিকল্পই চোৱাৰ প্ৰয়োজন আছে। এই প্ৰধান খাদ্য সম্ভাৰে আমাৰ ভোক নিবাৰণ কৰিব পাৰে যদিও সঠিক পুষ্টিৰ বাবে অধিক বৈচিত্ৰ্যপূৰ্ণ খাদ্যৰ প্ৰয়োজন। বিশেষকৈ ভাৰতৰ বহুলাংশে নিৰামিষভোজী লোকসকলৰ বাবে প্ৰটিনে শাৰীৰিক আৰু মানসিক উভয় বিকাশৰ ক্ষেত্ৰতে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মাহ উদ্ভিদ ভিত্তিক প্ৰটিনৰ আটাইতকৈ উল্লেখযোগ্য উৎস হৈয়েই আছে।

বন্ধুসকল,

দলহন আত্মনিৰ্ভৰ অভিযানে ঘৰুৱাভাৱে মাহৰ উৎপাদন বৃদ্ধিৰে এই প্ৰত্যাহ্বানেৰে মোকাবিলা কৰিব বিচাৰিছে, ইয়াৰ ফলত পুষ্টিৰ সুৰক্ষা আৰু আত্মনিৰ্ভৰতা বৃদ্ধি পাব। ১১,০০০ কোটিৰো অধিক টকা বিনিয়োগেৰে দলহন আত্মনিৰ্ভৰ অভিযানে কৃষকসকলক যথেষ্ট সহায় আগবঢ়াব। ইয়াৰ লক্ষ্য হৈছে মাহ খেতিৰ অধীনত ৩৫ লাখ হেক্টৰ ভূমি বৃদ্ধি কৰা। এই অভিযানৰ অধীনত ৰহৰ, মাটিমাহ আৰু মচুৰ দাইলৰ উৎপাদন বৃদ্ধি পাব তথা দাইল ক্ৰয়ৰ বাবে সঠিক ব্যৱস্থা নিশ্চিত হ’ব। ইয়াৰ দ্বাৰা সমগ্ৰ দেশৰ প্ৰায় দুই কোটি মাহ খেতিয়ক প্ৰত্যক্ষভাৱে উপকৃত হ’ব।

বন্ধুসকল,

মই লালকিল্লাৰ পৰা কৈছিলোঁ যে এখনি উন্নত ভাৰতৰ বাবে চাৰিটা মূল স্তম্ভৰ অন্যতম হৈছে কৃষকসকলৰ কল্যাণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ মনোভাৱ। বিগত এঘাৰ বছৰত চৰকাৰে কৃষকসকলক সবলীকৰণ আৰু কৃষিক্ষেত্ৰত বিনিয়োগ বৃদ্ধিৰ বাবে ধাৰাবাহিকভাৱে প্ৰচেষ্টা গ্ৰহণ কৰিছে। এই অগ্ৰাধিকাৰ প্ৰদান কাৰ্য্য উক্ত সময়ছোৱাত কৃষি বাজেট প্ৰায় ছগুণ বৃদ্ধিত প্ৰতিফলিত হৈছে। এই সম্প্ৰসাৰিত বাজেটে প্ৰধানকৈ ভাৰতীয় কৃষিৰ ভিত্তি গঠন কৰা ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক উপকৃত কৰিছে। মই এটা উদাহৰণ দাঙি ধৰিব খুজিছোঁ। ভাৰতে নিজৰ কৃষকসকলক সহায় কৰিবলৈ আৰু তেওঁলোকৰ ইনপুট ব্যয় হ্ৰাস কৰিবলৈ যথেষ্ট পৰিমাণৰ সাৰ ৰাজসাহায্য প্ৰদান কৰিছে। এই নীতি কৃষি যাতে সকলোৰে বাবে বহনক্ষম, উৎপাদনশীল আৰু লাভজনক হৈ থাকে, তাৰ বাবে গ্ৰহণ কৰা এক বহল প্ৰচেষ্টাৰ অংশ। পৰম্পৰাগত কৃষিকাৰ্য্যৰ বাহিৰেও সুযোগৰ সম্প্ৰসাৰণেৰে কৃষকৰ আয় বৃদ্ধিৰ বাবে চৰকাৰ দায়বদ্ধতাৰে আগবাঢ়িছে। বিশেষকৈ ক্ষুদ্ৰ আৰু ভূমিহীন কৃষকসকলৰ বাবে অতিৰিক্ত আয়ৰ উৎস প্ৰশস্ত কৰিবলৈ পশুপালন, মৎস্য পালন, মৌপালনৰ দৰে খণ্ডসমূহক সক্ৰিয়ভাৱে প্ৰসাৰিত কৰা হৈছে। মৌ উৎপাদন খণ্ড হৈছে সফলতাৰ কাহিনী। যোৱা এঘাৰ বছৰত ভাৰতৰ মৌ উৎপাদন প্ৰায় দুগুণ বৃদ্ধি পাইছে। ছয়ৰ পৰা সাত বছৰ পূৰ্বে মৌৰ ৰপ্তানি মূল্য প্ৰায় ৪৫০ কোটি টকা আছিল যদিও এতিয়া এই পৰিমাণ ১,৫০০ কোটি টকাৰো অধিক বৃদ্ধি পাইছে। ৰপ্তানিৰ এনে নাটকীয় বৃদ্ধিয়ে কৃষকসকলৰ ওচৰলৈ পোনপটীয়াকৈ প্ৰবাহিত হোৱা তিনিগুণ অধিক আয়কে সূচিত কৰে। এই কাৰ্য্যই কৃষি বৈচিত্ৰ্য আৰু মূল্য সংযোজনৰ স্পষ্ট সুবিধাকে প্ৰদৰ্শিত কৰিছে।

বন্ধুসকল,

উদ্ভাৱন, বিনিয়োগ আৰু বজাৰত প্ৰৱেশৰ জৰিয়তে কৃষকসকলক সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ জৰিয়তে তেওঁলোকক আত্মনিৰ্ভৰ আৰু উন্নত ভাৰতৰ মূল চালিকাশক্তি হিচাপে গঢ়ি তোলা হৈছে। ভাৰতীয় কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ পৰিৱৰ্তনত মহিলাসকলে এটি বিশেষ ভূমিকা পালন কৰিছে। মাহৰ খেতিয়েই হওঁক, পশুপালনেই হওঁক বা প্ৰাকৃতিক কৃষিকাৰ্য্যই হওঁক, গ্ৰাম্য অৰ্থনীতিৰ মূল চালিকা শক্তি হিচাপে মহিলাসকলে আত্মপ্ৰকাশ কৰিছে। তিনি কোটি ‘লাখপতি দিদি’ গঢ়িবলৈ চৰকাৰে অভিযান অব্যাহত ৰাখিছে। এই পদক্ষেপে কৃষি খণ্ডকো প্ৰত্যক্ষভাৱে সহায় কৰি আছে। এটা উল্লেখযোগ্য উদাহৰণ হ’ল সমগ্ৰ ভাৰতৰ গাঁওসমূহত নমো ড্ৰোন দিদিসকলৰ উত্থান, যিয়ে এতিয়া সাৰ আৰু কীটনাশক ছটিয়াবলৈ আধুনিক ড্ৰোন প্ৰযুক্তি ব্যৱহাৰ কৰিছে। এই উদ্ভাৱনে কেৱল কৃষি দক্ষতা বৃদ্ধি কৰাই নহয়, বৰঞ্চ গ্ৰামাঞ্চলৰ মহিলাসকলৰ বাবে উল্লেখযোগ্য নতুন আয়ৰ মাধ্যমো প্ৰশস্ত কৰিছে। প্ৰাকৃতিক কৃষিৰ প্ৰসাৰৰ ক্ষেত্ৰতো মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই বহনক্ষম পদ্ধতিক সমৰ্থন কৰিবলৈ ১৭ হাজাৰৰো অধিক সমৰ্পিত ক্লাষ্টাৰ স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও প্ৰায় ৭০ হাজাৰ প্ৰশিক্ষণপ্ৰাপ্ত ‘কৃষি সখী’-এ কৃষকসকলক প্ৰাকৃতিক আৰু পৰিবেশ অনুকূল কৃষি পদ্ধতিৰ অভিযোজনাৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে পথ-প্ৰদৰ্শন কৰি আছে।

বন্ধুসকল,

কৃষিক্ষেত্ৰত মহিলাসকলক সবলীকৰণ কাৰ্য্য কেৱল সামাজিক ন্যায়ৰ বিষয়েই নহয়, বৰঞ্চ এখনি আধুনিক, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী গ্ৰামীণ ভাৰতৰ দিশত এক কৌশলগত পদক্ষেপ। শেহতীয়াকৈ জিএছটি সংস্কাৰ সাধন কাৰ্য্যই কৃষি সঁজুলি আৰু অত্যাৱশ্যকীয় সামগ্ৰীসমূহ অধিক সুলভ কৰি ভাৰতৰ কৃষক আৰু গ্ৰামাঞ্চলৰ পৰিয়ালসমূহক প্ৰত্যক্ষ অৰ্থনৈতিক সকাহ প্ৰদান কৰিছে। নতুনকৈ সংস্কাৰ সাধিত জিএছটি ব্যৱস্থাৰ অধীনত ট্ৰেক্টৰৰ মূল্য এতিয়া ৪০,০০০ টকা হ্ৰাস পালে। এই উৎসৱৰ বতৰত কৃষকসকলক যথেষ্ট সঞ্চয়ৰ সুবিধা প্ৰদান কৰা হৈছে। প্ৰাকৃতিক কৃষিত ব্যৱহৃত জৈৱিক সাৰ আৰু জৈৱ কীটনাশকৰ ব্যয় জিএছটিৰ হাৰ হ্ৰাস হোৱাৰ বাবে কমিছে, যিয়ে বহনক্ষম কৃষিকাৰ্য্যক উদ্দীপনা যোগাইছে।

এনে সংস্কাৰ সাধনৰ ফলশ্ৰুতিত গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ দুগুণ সঞ্চয় হৈছে আৰু দৈনন্দিন ব্যৱহাৰযোগ্য সামগ্ৰী তথা কৃষিত ব্যৱহৃত সঁজুলি, উভয়ৰে ক্ষেত্ৰত ব্যয় হ্ৰাস পাইছে। খাদ্য উৎপাদনৰ ক্ষেত্ৰত দেশখনক আত্মনিৰ্ভৰ কৰি তোলাত ভাৰতীয় কৃষকসকলে ঐতিহাসিক অৱদান আগবঢ়াইছে। মই আপোনালোকক এতিয়া এখনি উন্নত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত আগভাগ ল’বলৈ আহ্বান জনাইছোঁ। মই আপোনাসৱক কেৱল আত্মনিৰ্ভৰতা অৰ্জনৰ দিশত কাম কৰাই নহয়, বৰঞ্চ আমদানি হ্ৰাসেৰে ভাৰতৰ কৃষি ৰপ্তানি বৃদ্ধি কৰিব পৰা ৰপ্তানিমুখী শস্যৰ খেতি কৰি বিশ্ব বজাৰখনকো লক্ষ্য কৰি ল’বলৈ আহ্বান জনালোঁ। এই যাত্ৰাত প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনা আৰু দলহন আত্মনিৰ্ভৰতা অভিযানে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মই সমগ্ৰ দেশৰ কৃষকসকলক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই আগন্তুক দীপাৱলীৰো শুভেচ্ছা জনালোঁ। অশেষ ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 44,544 crore capex loans to states so far in FY27

Media Coverage

Centre releases Rs 44,544 crore capex loans to states so far in FY27
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses anguish over the loss of lives due to tunnel collapse in Namchi, Sikkim
July 21, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed anguish over the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. He extended his deepest condolences to the bereaved families and prayed that those injured recover at the earliest.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. Shri Modi stated that the injured would be given Rs. 50,000.

In a post on X, the Prime Minister shared:

"Anguished by the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. I extend my deepest condolences to the bereaved families. I pray that those injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"