স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূতি উদযাপনৰ বাবে পাঁচটা স্তম্ভৰ তালিকা প্ৰস্তুত
এই মহোৎসৱত সনাতন ভাৰতৰ গৌৰৱক তুলি ধৰাৰ লগতে আধুনিক ভাৰতৰ বিকাশকো গুৰুত্ব দিব লাগিবঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ স্বাধীনতাৰ ৭৫সংখ্যক বর্ষ উদযাপন অনুষ্ঠান ১৩০ কোটি ভাৰতীয়ই অংশগ্রহণ কৰিব লাগিবঃ প্রধানমন্ত্রী

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি নতুন দিল্লীত ভাৰতৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি “স্বাধীনতাৰ অমৃত মহোৎসৱ”ক স্মৰণীয় কৰিবলৈ গঠন কৰা ৰাষ্ট্ৰীয় সমিতিৰ প্রথম বৈঠকত অধ্যক্ষতা কৰে৷ এই উপলক্ষে প্রধানমন্ত্রীয়ে সমিতিৰ পেনেলক উদ্দেশ্যি ভিডিঅ’ কনফাৰেন্সযোগে ভাষণ আগবঢ়ায়। ৰাষ্ট্ৰীয় সমিতিৰ বৈঠকত কেন্দ্রীয় মন্ত্রীসকলৰ উপৰি বিভিন্ন ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্রী, ৰাজনৈতিক নেতা, বিজ্ঞানী, প্রশাসনিক বিষয়া, সংবাদ মাধ্যমৰ প্রতিনিধি, আধ্যত্মিক গুৰু, শিল্পী আৰু চলচ্চিত্র আৰু ক্ৰীড়া জগতৰ একাংশ বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

ৰাষ্ট্ৰীয় সমিতিৰ সদস্যসকলে বৈঠকত সংশ্লিষ্ট বিষয়ৰ সন্দৰ্ভত নিজা নিজা মত ব্যক্ত কৰে৷ এই বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত প্রাক্তন ৰাষ্ট্রপতি শ্রীমতী প্রতিভা দেৱী সিং পাটিল, প্রাক্তন প্রধানমন্ত্রী শ্রী এইচ. ডি. দেবেগৌড়া আৰু শ্রী নবীন পাটনায়ক, শ্রী মল্লিকার্জুন খর্গে, শ্রীমতী মীৰা কুমাৰ, শ্রীমতী সুমিত্রা মহাজন, শ্রী জেপি নাড্ডা, মৌলানা ৱাহিজউদ্দিন খান নাম উল্লেখযোগ্য৷ সমিতিৰ সদস্যসকলে "স্বাধীনতাৰ অমৃত মহোৎসৱ"ৰ দৰে এনে এক পৰিকল্পনা কৰাৰ বাবে প্রধানমন্ত্রীক ধন্যবাদ জনায়৷

কেন্দ্রীয় গৃহমন্ত্রী কয় যে এই ধৰণৰ বৈঠক ভৱিষ্যতেও অনুষ্ঠিত কৰা হ’ব আৰু সমিতিৰ সদস্যসকলৰ আজিৰ মতামতক গুৰুত্ব দিয়া হ’ব৷

বৈঠকত আগবঢ়োৱা ভাষণত প্রধানমন্ত্রীয়ে কয় যে দেশে ৭৫সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ দিশত অগ্ৰসৰ হৈছে, যি ঐতিহাসিক, মহান আৰু প্রৱল কৌতূহলপূৰ্ণ।

তেওঁ কয় যে সমিতিৰ সদস্যসকলে উত্থাপন কৰা নতুন আৰু গুৰুত্বপূর্ণ প্রস্তাৱৰ প্ৰশংসা কৰে৷ দেশৰ এই ৭৫সংখ্যক স্বাধীনতা দিৱস তেওঁ দেশবাসীৰ নামত উৎসৰ্গা কৰে৷

প্রধানমন্ত্রীয়ে কয় যে দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱস এনে উৎসৱ হোৱা উচিত য’ত স্বাধীনতাৰ বাবে যুঁজাৰ উদ্যম, শ্বহীদৰ অৱদান আৰু দেশ নিৰ্মাণত তেওঁলোকৰ প্ৰতিশ্ৰুতি জনোৱা হ’ব। এই উৎসৱত সনাতন ভাৰতৰ গৌৰৱক তুলি ধৰাৰ লগতে আধুনিক ভাৰতৰ বিকাশকো গুৰুত্ব দিব লাগিব৷ এই উৎসৱৰ জৰিয়তে আধ্যাত্মিকতাৰ পোহৰ আৰু আমাৰ বিজ্ঞানীসকলৰ মেধা আৰু শক্তিৰ বিকাশ হোৱা উচিত বুলি প্রধানমন্ত্রীয়ে মন্তব্য কৰে৷ দেশৰ ৭৫সংখ্যক বৰ্ষপূতিৰ এই স্বাধীনতাৰ সাফল্য সমগ্ৰ বিশ্বৰ দৰবাৰত প্রদর্শন কৰাৰ লগতে পৰৱর্তী ২৫ বছৰৰ বাবে আমাক সমাধানৰ এটা আন্তঃগাঁথনি প্ৰদান কৰিব৷

প্রধানমন্ত্রীয়ে কয় যে উদযাপন অবিহনে কোনো সংকল্প বাস্তবায়িত নহয়৷ তেওঁ কয় যে ১৩০ কোটি ভাৰতীয়ৰ অংশগ্রহণেৰে পাঁচ বছৰজোৰা কাৰ্যসূচীৰে এই উৎসৱ উদযাপন কৰা হ’ব৷ য’ত দেশৰ জনসাধাৰণৰ অংশগ্রহণেই মূল ভেটি৷ ১৩০ কোটি দেশবাসীৰ অংশগ্রহণৰ জৰিয়তে তেওঁলোকৰ অনুভূতি, পৰামর্শ আৰু সপোন জড়িত হ’ব৷

প্রধানমন্ত্রীয়ে কয় যে ৭৫সংখ্যক বৰ্ষপূৰ্তি উদযাপনৰ বাবে ৫টা স্তম্ভৰ বিষয়ত সিদ্ধান্ত লোৱা হৈছে। সেয়া হৈছে-স্বাধীনতা সংগ্রাম, ৭৫বছৰৰ ধাৰণা, ৭৫ বছৰৰ কৃতিত্ব, ৭৫বছৰৰ কার্যকলাপ আৰু ৭৫ বছৰৰ সংকল্প। এই সকলোবোৰ ১৩০ কোটি ভাৰতীৰ ধাৰণা আৰু অনুভূতিৰ সৈতে জড়িত।

প্রধানমন্ত্রীয়ে কম পৰিচিত মুক্তি যোদ্ধাসকলৰ কাহিনীও জনসাধাৰণৰ পৰা সংগ্ৰহ কৰাৰ লগতে সন্মানৰ চকুৰে সেয়া দেখাৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ তেওঁ কয় যে এনে একাংশ লোক আছে, যিসকলে প্রজন্মৰ পাছত প্রজন্ম ধৰি দেশৰ বাবে চিন্তা-চৰ্চা কৰি আহিছে৷ তেওঁলোকৰ অৱদান আৰু চিন্তা-চৰ্চা ৰাষ্ট্ৰীয় প্রচেষ্টাৰ সৈতে জড়িত হোৱা দৰকাৰ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই ঐতিহাসিক মহোৎসৱ আমাৰ স্বাধীনতা যুঁজাৰুসকলৰ সপোন পুৰণ কৰাৰ এক প্ৰয়াস, যিসকলে ভাৰতৰ উন্নতিৰ শিখৰত উপনীত হোৱাটো বিচাৰিছিল৷ তেওঁ কয় যে দেশে এনে কেতবোৰ লক্ষ্যত উপনীত হৈছে, যিবোৰ পূৰ্বতে ভৱাই নাছিল৷ তেওঁ কয় যে এই কাৰ্যসূচী ভাৰতৰ ঐতিহাসিক দিশসমূহৰ ভিত্তিত উদযাপন কৰা হ’ব৷

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
7 hyper local foods that PM Modi made popular via speeches, social media and Mann ki Baat

Media Coverage

7 hyper local foods that PM Modi made popular via speeches, social media and Mann ki Baat
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 মাৰ্চ 2026
March 09, 2026

Transformative India: From Record Pharma & Auto Growth to Lakhpati Didis and Viksit Bharat Under the Leadership of PM Modi