ভাৰতৰ সুৰক্ষাৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ বীক্ষণৰ পৰিপ্ৰেক্ষিতত যিসকল লোক ৰাষ্ট্ৰৰ সুৰক্ষাৰ প্ৰতি সমৰ্পিত তেওঁলোকৰ বাবে প্ৰথমটো  সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এই সিদ্ধান্তৰ অধীনত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিৰ অধীনত ‘‘প্ৰধানমন্ত্ৰীৰ জলপানি আঁচনি’’ত কৰা বৃহৎ পৰিৱৰ্তনত  অনুমোদন প্ৰদান কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে নিম্নোক্ত পৰিৱৰ্তনসমূহত অনুমোদন প্ৰদান কৰিছেঃ

(ক) জলপানিৰ পৰিমাণ প্ৰতিমাহে ল’ৰাৰ বাবে ২০০০ টকাৰ পৰা ২৫০০ টকালৈ বৃদ্ধি কৰিছে আৰু ছোৱালীৰ বাবে প্ৰতিমাহে ২২৫০ টকাৰ পৰা ৩০০০ টকালৈ বৃদ্ধি কৰা হৈছে৷

(খ) জলপানিৰ আঁচনি সন্ত্ৰাসবাদী/নক্সালবাদীৰ  আক্ৰমণত শ্বহীদ হোৱা আৰক্ষী বিভাগলৈও সম্প্ৰসাৰিত কৰা হৈছে৷ ইয়াৰ অধীনত প্ৰতিবছৰে ৫০০ গৰাকী ৰাজ্যিক আৰক্ষী বিভাগলৈ এই জলপানি প্ৰদান কৰা হ’ব৷ এই সন্দৰ্ভত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সমূহ কাৰ্য চোৱাচিতা কৰিব৷

 

পৃষ্ঠভূমিঃ

১৯৬২ চনত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজি (এনডিএফ) গঠন কৰা হৈছিল আৰু ই ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ প্ৰয়াসত লাভ কৰা পুঁজিসমূহ নিৰীক্ষণ কৰে৷ শেহতীয়া এই পুঁজি সশস্ত্ৰ বাহিনী, অৰ্ধ সামৰিক বাহিনী আৰু ৰে’লৱে সুৰক্ষা বাহিনীৰ সদস্যসকলৰ কল্যাণৰ বাবে ব্যয় কৰি থকা হৈছে৷ অধ্যক্ষৰ আসনত প্ৰধানমন্ত্ৰী আৰু সদস্যৰ ৰূপত প্ৰতিৰক্ষা, বিত্ত আৰু গৃহ মন্ত্ৰালয়ৰ সৈতে এক কাৰ্যকৰী সমিতিয়ে এই পুঁজিৰ ব্যৱস্থাপনা কৰে৷

এই পুঁজিৰ অধীনত ‘প্ৰধানমন্ত্ৰীৰ জলপানি আঁচনি (পিএমএছএছ)’ প্ৰণয়ন কৰা হয় যাতে ইয়াৰ দ্বাৰা শ্বহীদসকলৰ সন্তানসকলে যাতে প্ৰযুক্তিগত তথা স্নাতকোত্তৰ শিক্ষা লাভ কৰিব পাৰে৷ এই জলপানি প্ৰযুক্তিগত শিক্ষাৰ প্ৰতিষ্ঠান (চিকিৎসা, দন্ত, পশু, চিকিৎসা অভিযান্ত্ৰিক, এমবিএ, এমচিএ আৰু অন্যান্য সমৱৰ্তী প্ৰযুক্তিগত বিষয় য’ত এআইচিটিই/ইউচিজিৰ অনুমোদন আছে)ৰ বাবে বৰ্তমানে উপলব্ধ৷

ndf.gov.in. ৱেবছাইটত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিৰ বাবে স্বেচ্ছামূলকভাৱে ধন প্ৰদান কৰিব পাৰি৷

       

           সমাজক সুৰক্ষা প্ৰদান কৰা সকলৰ প্ৰতি সমৰ্থনঃ

প্ৰধানমন্ত্ৰীয়ে আমাৰ আৰক্ষী বিভাগৰ অৱদানৰ কথা উল্লেখ কৰে৷ গৰমেই হওক, শীতেই হওক অথবা মুষলধাৰ বৰষুণেই হওক, আমাৰ আৰক্ষী বিভাগে তেওঁলোকৰ দায়িত্ব পালনত অকণো অৱহেলা কৰা নাই৷ আনকি দেশৰ উৎসৱৰ সময়তো আন লোকসকল মতলীয়া হৈ থকাৰ সময়ত তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি থাকে৷

ৰাষ্ট্ৰ হিচাপে তেওঁলোকৰ তথা তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ বাবে চিন্তা কৰাটো আমাৰ দায়িত্ব৷ তেনে পৰিপ্ৰেক্ষিততেই প্ৰধানমন্ত্ৰীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই জলপানিৰ দ্বাৰা আৰক্ষী পৰিয়ালৰ তৰুণ প্ৰজন্ম উপকৃত হ’ব আৰু বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হ’ব৷

     উল্লেখ্য, প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো কাৰ্যকালৰ সময়তেই ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক দেশলৈ বুলি উচৰ্গা কৰা হৈছিল৷ এই স্মাৰকটোৱে আমাৰ আৰক্ষীসকলৰ সাহসিকতা প্ৰদৰ্শিত কৰাৰ লগতে ই কোটি কোটি দেশবাসীৰ অনুপ্ৰেৰণাৰ উৎস হিচাপে বিবেচিত হৈছে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12

Media Coverage

Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 আগষ্ট 2026
August 12, 2026

India Rising on Every Front: Economic Strength, Global Recognition & Self-Reliance Under PM Modi’s Vision