মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। কালি মাঘ পূৰ্ণিমা উৎসৱ আছিল। মাঘ মাহটো নদী, হ্ৰদ আৰু পানীৰ উৎসৰ সৈতে বিশেষভাৱে সম্পৰ্কিত বুলি বিবেচনা কৰা হয়। আমাৰ শাস্ত্ৰসমূহত কোৱা হৈছে:-

‘‘মাঘে নিমগ্ৰাঃ সলিলে সুশীতে, বিমুক্তপাপাঃ ত্ৰিদিৱম্ প্ৰয়াত্নি৷’’

অৰ্থাৎ মাঘ মাহত যিকোনো পবিত্ৰ জলাশয়ত স্নান কৰাটো পৱিত্ৰ বুলি গণ্য কৰা হয়। পৃথিৱীৰ প্ৰতিটো সমাজৰ নদীৰ সৈতে সম্পৰ্কিত এটা পৰম্পৰা আছে। নদীৰ পাৰত বহুতো সভ্যতাও বিকশিত হৈছে। কিয়নো আমাৰ সংস্কৃতি হাজাৰ হাজাৰ বছৰ পুৰণি, সেয়াৰ ইয়াৰ সম্প্ৰসাৰণ আমি ইয়াত অধিক পাও। ভাৰতত এনে এটা দিন নাই য’ত পানীক লৈ কোনো উৎসৱ হোৱা নাই। মাঘৰ দিনত মানুহে তেওঁলোকৰ পৰিয়াল আৰু সুখ-সুবিধা এৰি গোটেই মাহজুৰি নদীৰ পাৰত বাস কৰিবলৈ যায়। এইবাৰ হৰিদ্বাৰত কুম্ভ উদযাপিত হ’ব। পানীও আমাৰ বাবে জীৱন, বিশ্বাস আৰু বিকাশৰ এটা ধাৰা৷ পানী এক প্ৰকাৰে পাৰাতকৈও অধিক গুৰুত্বপূৰ্ণ। কোৱা হয় যে পাৰাৰ স্পৰ্শৰ দ্বাৰা লো সোণলৈ ৰূপান্তৰিত হয়। একেদৰে, জীৱনৰ বাবেও পানীৰ স্পৰ্শ অত্যাৱশ্যকীয়, বিকাশৰ বাবে ই প্ৰয়োজনীয়।

বন্ধুসকল, সম্ভৱতঃ মাঘ মাহক পানীৰ সৈতে সংযোগ কৰাৰ আন এটা কাৰণ আছে৷ ইয়াৰ পিছৰে পৰাই গ্ৰীষ্মকাল আৰম্ভ হয় আৰু সেয়েহে পানী সংৰক্ষণ কৰিবলৈ আমি এতিয়াৰ পৰাই প্ৰচেষ্টা আৰম্ভ কৰা উচিত। কেইদিনমান পিছতে ২২ মাৰ্চত বিশ্ব জল দিৱসো পালন কৰা হ’ব।

মোলৈ ইউ.পি.ৰ আৰাধ্যা জীয়ে লিখিছে যে পৃথিৱীৰ লাখ লাখ লোকে তেওঁলোকৰ জীৱনৰ এক বৃহৎ সময় পানীৰ অভাৱ পূৰণ কৰিবলৈ কটাই দিয়ে। 'বিনা পানী সকলো শূন্য’, এয়া এনেয়ে কোৱা নাই। পশ্চিমবংগৰ ‘উত্তৰ দিনাজপুৰ’ৰ পৰা সুজিত জীয়ে পানীৰ সংকট সমাধানৰ বাবে এটা অতি ভাল বাৰ্তা মোলৈ প্ৰেৰণ কৰিছে। সুজিত জীয়ে লিখিছে যে প্ৰকৃতিয়ে আমাক পানী হিচাপে এক সামূহিক উপহাৰ প্ৰদান কৰিছে, সেয়েহে ইয়াক ৰক্ষা কৰাৰ দায়িত্বও সামূহিক হ’ব লাগে। এইটো সত্য যে যিদৰে সামূহিক উপহাৰ আছে, সেইদৰে সামূহিক দায়িত্বও আছে। সুজিত জীৰ কথা সম্পূৰ্ণ সত্য। নদী, পুখুৰী, হ্ৰদ, বৰষুণ বা মাটিৰ পানী, এই সকলোবোৰ সকলোৰে বাবে।

বন্ধুসকল, এটা সময় আছিল যেতিয়া কুঁৱা, পুখুৰীৰ চোৱা-চিতা গাওঁখনৰ সকলোৱে মিলি কৰিছিল, এতিয়া তামিলনাডুৰ থিৰুভান্নামালাইত এনে এটা প্ৰচেষ্টাই ঘটি আছে। ইয়াত থকা স্থানীয় লোকসকলে তেওঁলোকৰ কুঁৱাবোৰৰ সংৰক্ষণৰ বাবে এটা অভিযান আৰম্ভ কৰিছে। এই লোকসকলে বহু বছৰ ধৰি তেওঁলোকৰ এলেকাৰ বন্ধ ৰাজহুৱা কুঁৱাবোৰ পুনৰুজ্জীৱিত কৰি আহিছে।

মধ্য প্ৰদেশৰ আগৰোথা গাঁৱৰ ববিতা ৰাজপুত জীয়েও আপোনাক সকলোকে অনুপ্ৰাণিত কৰিব। ববিতা জীৰ গাওঁখন বুন্দেলখণ্ডত আছে। তেওঁৰ গাওঁখনত এটা অতি ডাঙৰ হ্ৰদ আছিল যি শুকাই গৈছিল। তেওঁ গাওঁখনৰ আন মহিলাসকলক একত্ৰিত কৰি হ্ৰদলৈ পানী বহন কৰাৰ বাবে এটা খাল নিৰ্মাণ কৰিছিল। এই খালৰ পৰা বৰষুণৰ পানী পোনপটীয়াকৈ হ্ৰদলৈ যাবলৈ আৰম্ভ কৰিছিল। এতিয়া হ্ৰদটো পানীৰে ভৰি আছে।

বন্ধুসকল, উত্তৰাখণ্ডৰ বাগেশ্বৰত বাস কৰা জগদীশ কুনিয়াল জীৰ কামেও আমাক বহুত কথা শিকাইছে। জগদীশ জীৰ গাওঁ আৰু চাৰিওফালৰ অঞ্চলসমূহে পানীৰ প্ৰয়োজনীয়তাৰ বাবে এক প্ৰাকৃতিক উৎসৰ ওপৰত নিৰ্ভৰ কৰিছিল। কিন্তু বহু বছৰ আগতে এই উৎসবোৰ শুকাই গৈছিল। সেইবাবে সমগ্ৰ অঞ্চলতে পানীৰ গভীৰ সংকটে দেখা দিলে। জগদীশ জীয়ে বৃক্ষপুলি ৰোপণৰ জৰিয়তে এই সংকট সমাধান কৰিবলৈ সংকল্পবদ্ধ হ’ল। তেওঁলোকে অঞ্চলজুৰি গাওঁখনৰ লোকসকলৰ সৈতে হাজাৰ হাজাৰ গছপুলি ৰোপণ কৰিলে আৰু আজি তেওঁলোকৰ অঞ্চলৰ পানীৰ উৎসসমূহ পুনৰ ভৰি পৰিছে।

বন্ধুসকল, আমি পানীৰ ওপৰত আমাৰ সামূহিক দায়িত্ববোৰ বুজিব লাগিব। ভাৰতৰ বেছিভাগ অংশত মে-জুনত বৰষুণ আৰম্ভ হয়। আমি এতিয়াৰে পৰা আমাৰ চাৰিওফালে পানীৰ উৎসসমূহ পৰিষ্কাৰ কৰিবলৈ, বৰষুণৰ পানী সংগ্ৰহৰ বাবে ১০০ দিনীয়া অভিযান আৰম্ভ কৰিব পাৰিম নেকি? এই চিন্তাৰ সৈতে, এতিয়াৰ পৰা কেইদিনমানৰ পিছত জল শক্তি মন্ত্ৰালয়েও জল শক্তি অভিযান- Catch the Rain আৰম্ভ কৰিব৷ এই অভিযানৰ মূলমন্ত্ৰ হৈছে 'য’তেই বৰষুণ পৰে, ত’তেই ইয়াৰ সংৰক্ষণ কৰক।' আমি এতিয়া ইয়াৰ সৈতে জড়িত হ’ম, পূৰ্বতেই যি বৰষুণৰ পানী জমা কৰাৰ প্ৰণালী আছিল সেয়া উজ্জীৱিত কৰিম, গাওঁবোৰত পুখুৰীবোৰ পৰিষ্কাৰ কৰা হ’ব, পানীৰ উৎসলৈ যোৱা, পানীৰ পথৰ বাধাবোৰ দূৰ কৰা হ’ব আৰু ইয়াৰ জৰিয়তে অধিক বৰষুণৰ পানী সংগ্ৰহ কৰা হ'ব।

মোৰ মৰমৰ দেশবাসীসকল, যেতিয়াই মাঘ মাহ আৰু ইয়াৰ আধ্যাত্মিক সামাজিক গুৰুত্বৰ বিষয়ে আলোচনা কৰা হয়, এই আলোচনাবোৰ এটা নাম অবিহনে সম্পূৰ্ণ নহয়। সেয়া হ’ল সন্ত ৰবিদাস জীৰ নাম। মাঘ পূৰ্ণিমাৰ দিনটো হৈছে সন্ত ৰবিদাস জীৰ জন্মজয়ন্তী। আজিও সন্ত ৰবিদাস জীৰ কথা, তেওঁৰ জ্ঞানে আমাক পথ প্ৰদৰ্শন কৰে। তেওঁ কৈছিল-

একে মাটি কে সভ ভাণ্ডে

সভ কা একৌ সিৰজনহাৰ৷

ৰবিদাস ব্যাপৈ একৈ ঘট ভীতৰ,

সভ কৌ একৈ ঘড়ে কুমাৰ৷৷

 

আমি সকলো একে মৃৎশিল্প, আমাক সকলোৱে এজনেই গঢ়িছে। সন্ত ৰবিদাস জীয়ে সদায় সমাজত প্ৰচলিত বিকৃতিৰ বিষয়ে মুকলিকৈ কথা পাতিছিল। তেওঁ এই বিকৃতিবোৰ সমাজৰ সন্মুখত দাঙি ধৰিছিল, ইয়াক সংশোধন কৰাৰ পথ দেখুৱাইছিল, আৰু তাৰ পিছত মীৰা জীয়ে কৈছিল:

‘গুৰু মিলিয়া ৰেদাস, দিন্হী জ্ঞান কী গুটকী৷’

এয়া মোৰ সৌভাগ্য যে মই সন্ত ৰবিদাস জীৰ জন্মস্থান বাৰাণসীৰ সৈতে জড়িত। মই সেই তীৰ্থস্থানত সন্ত ৰবিদাস জীৰ জীৱনৰ আধ্যাত্মিক উচ্চতা আৰু তেওঁৰ শক্তি অনুভৱ কৰিছো।

বন্ধুসকল, ৰবিদাস জীয়ে কৈছিল-

‘কৰম বন্ধন মে বন্ধ ৰহিয়ো, ফল কী না তজ্জিয়ো আস৷

কৰ্ম মানুষ কা ধৰ্ম হে, সত্ ভাখৈ ৰবিদাস৷৷

 

 

অৰ্থাৎ আমি আমাৰ কাৰ্য্যবোৰ অব্যাহত ৰাখিব লাগিব, আৰু তাৰ পিছত ফল লাভ কৰিম, অৰ্থাৎ কৰ্ম সম্পন্ন হ'ব। আমাৰ যুৱচামে সন্ত ৰবিদাস জীৰ পৰা আৰু এটা কথা শিকিব লাগে। যুৱচামে কিবা এটা কৰিবলৈ,নিজকে পুৰণি ধৰণে বান্ধি ৰাখিব নালাগে। আপুনি নিজৰ জীৱনটোৰ সিদ্ধান্ত নিজে লওক। লগতে আপোনাৰ নিজৰ উপায় সৃষ্টি কৰক আৰু নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰক। যদি আপোনাৰ বিবেক, আপোনাৰ আত্মবিশ্বাস শক্তিশালী, আপুনি পৃথিৱীৰ কোনো বস্তুৰ প্ৰতি ভয় কৰাৰ প্ৰয়োজন নাই। মই এয়া এইবাবেই কও কাৰণ কেতিয়াবা আমাৰ যুৱক-যুৱতীসকলে গতিশীল মানসিকতাৰ চাপত তেওঁলোকে সঁচাকৈয়ে যি কৰিব বিচাৰে সেয়া কৰিব নোৱাৰে। গতিকে আপোনালোকে কেতিয়াও নতুন উদ্ভাৱনৰ বিষয়ে ভাবিবলৈ দ্বিধা কৰিব নালাগে। একেদৰে, সন্ত ৰবিদাস জীয়ে আন এটা গুৰুত্বপূৰ্ণ বাৰ্তা দিছিল। এই বাৰ্তাটো হ’ল 'নিজৰ ভৰিত নিজে থিয় দিয়া'। আমি আমাৰ সপোনৰ বাবে আন কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰাটো একেবাৰে ঠিক নহয় । যি চলি আছে, তেনেদৰেই চলি থাকক- ৰবিদাস জী কেতিয়াও ইয়াৰ পক্ষত নাছিল আৰু আজি আমি দেখিছো যে দেশৰ যুৱচাম এই মানসিকতাৰ পক্ষত নাই। আজি যেতিয়া মই দেশৰ যুৱচামৰ মাজত উদ্ভাৱনী সত্বা প্ৰত্যক্ষ কৰো, মই ভাবো সন্ত ৰবিদাস জী য়ে আমাৰ যুৱচামৰ বাবে নিশ্চিতভাৱে গৌৰৱান্বিত হ'লহেতেঁন।

মোৰ মৰমৰ দেশবাসীসকল, আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসো পালন কৰা হৈছে। আজি ভাৰতৰ মহান বিজ্ঞানী ড০ চি ভি ৰমণৰ দ্বাৰা ৰমণ প্ৰভাৱৰ আৱিষ্কাৰৰ বাবে উৎসৰ্গিত দিন। কেৰালাৰ যোগেশ্বৰণ জীয়ে নমো এপত লিখিছিল যে ৰমণ প্ৰভাৱৰ আৱিষ্কাৰে সমগ্ৰ বিজ্ঞানৰ দিশ সলনি কৰিছে। নাচিকৰ স্নেহিল জীয়ে মোলৈ এটা অতি ভাল বাৰ্তা প্ৰেৰণ কৰিছে। স্নেহিল জীয়ে লিখিছিল যে আমাৰ দেশত অসংখ্য বিজ্ঞানী আছে যাৰ অৱদান অবিহনে বিজ্ঞানে এনে প্ৰগতি কৰিব নোৱাৰিলেহেঁতেন। আমি যেনেদৰে বিশ্বৰ আন বিজ্ঞানীসকলৰ বিষয়ে জানো, আমি ভাৰতৰ বিজ্ঞানীসকলৰ বিষয়েও জনা উচিত। মই 'মন কী বাত'ৰ এই শ্ৰোতাসকলৰ সৈতে সন্মত। মই বিচাৰো যে আমাৰ যুৱচামে ভাৰতৰ বিজ্ঞানীসকলৰ বিষয়ে জানক, বুজক আৰু পঢ়ক।

বন্ধুসকল, যেতিয়া আমি বিজ্ঞানৰ বিষয়ে কথা পাতো, বহুসময়ত মানুহে ইয়াক পদাৰ্থ বিজ্ঞান-ৰসায়ন বিজ্ঞান বা পৰীক্ষাগাৰৰ ভিতৰতে সীমিত কৰি ৰাখে, কিন্তু বিজ্ঞানৰ সম্প্ৰসাৰণ তাতকৈ বহুত বেছি আৰু বিজ্ঞানৰ শক্তিয়ে 'আত্মনিৰ্ভৰ ভাৰত অভিযান'ত যথেষ্ট অৰিহণা যোগাইছে। আমি ‘পৰীক্ষাগাৰৰ পৰা ভূমিলৈ’ মন্ত্ৰেৰে বিজ্ঞানক আগুৱাই লৈ যাব লাগিব।

উদাহৰণ স্বৰূপে, হায়দৰাবাদৰ চিন্তলা ভেঙ্কটৰেড্ডী জী। ৰেড্ডী জীৰ এজন চিকিৎসক বন্ধুৱে তেওঁক এবাৰ ভিটামিন ডিৰ অভাৱত হোৱা ৰোগ আৰু ইয়াৰ বিপদৰ বিষয়ে কৈছিল। ৰেড্ডী জী এজন কৃষক, তেওঁ ভাবিছিল যে এই সমস্যাটো সমাধান কৰিবলৈ তেওঁ কি কৰিব পাৰে? তাৰ পিছত তেওঁ কঠোৰ পৰিশ্ৰম কৰি ঘেঁহুৰ চাউলৰ এটা প্ৰজাতি বিকশিত কৰিছিল যি বিশেষভাৱে ভিটামিন ডিৰে সমৃদ্ধ। এই মাহত তেওঁ জেনেভাৰ বিশ্ব বৌদ্ধিক সম্পত্তি সংগঠনৰ পৰা পেটেণ্ট লাভ কৰিছে। এয়া আমাৰ চৰকাৰৰ সৌভাগ্য যে ভেঙ্কট ৰেড্ডী জীকো যোৱা বছৰ পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছিল।

অতি অভিনৱ ধৰণে, লাদাখৰ উৰুগেন ফুৎছোগেও কাম কৰি আছে। উৰ্জেন জীয়ে এনে উচ্চতাত জৈৱিক ধৰণে প্ৰায় ২০ বিধ শস্যৰ খেতি কৰি আছে, অৰ্থাৎ চক্ৰীয় ধৰণে তেওঁলোকে এবিধ শস্যৰ আৱৰ্জনা আন এবিধ শস্যত সাৰ হিচাপে ব্যৱহাৰ কৰে। এইটোও এটা কম আশ্চৰ্যজনক বস্তু নহয়।

ঠিক সেইদৰে গুজৰাটৰ পাটন জিলাৰ কামৰাজ ভাই চৌধুৰীয়ে ঘৰত চজিনাৰ উন্নত বীজ বিকশিত কৰিছে। চজিনাক কোনোৱে সৰ্গৱা, মোৰিংগা বা ড্ৰাম ষ্টিক বুলিও কোৱা হয়। উন্নত বীজৰ সহায়ত উৎপন্ন হোৱা চজিনাৰ মানদণ্ডও ভাল হয়। তেওঁলোকে এতিয়া তামিলনাডু আৰু পশ্চিমবংগলৈ তেওঁলোকৰ উৎপাদিত সামগ্ৰী প্ৰেৰণ কৰি নিজৰ উপাৰ্জন বৃদ্ধি কৰিছে।

বন্ধুসকল, আজিকালি আপুনি চিয়া বীজৰ নাম শুনিছে বোধহয়। স্বাস্থ্য সজাগতাৰ সৈতে জড়িত লোকসকলে ইয়াক যথেষ্ট গুৰুত্ব দিয়ে আৰু বিশ্বত ইয়াৰ যথেষ্ট চাহিদা আছে। ভাৰতত ইয়াক বাহিৰৰ পৰা আমদানি কৰা হয়, কিন্তু এতিয়া মানুহে চিয়া বীজত আত্মনিৰ্ভৰতাৰ দায়িত্ব গ্ৰহণ কৰিছে। সেইদৰে হৰিশ্চন্দ্ৰ জীয়ে বাৰাবনপুৰত চিয়া বীজৰ খেতি আৰম্ভ কৰিছে। চিয়া বীজৰ খেতিয়ে তেওঁৰ উপাৰ্জনো বৃদ্ধি কৰিব আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানত সহায়ো কৰিব।

বন্ধুসকল, কৃষি আৱৰ্জনাৰ পৰা সম্পদ সৃষ্টি কৰাৰ বাবে বহুতো পৰীক্ষা সমগ্ৰ দেশত সফলতাৰে চলি আছে। ইয়াৰ বাবে মাদুৰাইৰ মুৰুগেচন জীয়ে কলৰ আৱৰ্জনাৰ পৰা ৰচী তৈয়াৰ কৰা যন্ত্ৰ উদ্ভাৱন কৰিছে। মুৰুগেচন জীৰ এই উদ্ভাৱনে পৰিৱেশ আৰু আৱৰ্জনাৰ সমস্যাও সমাধান কৰিব আৰু লগতে কৃষকসকলৰ বাবে অতিৰিক্ত উপাৰ্জনৰ এটা উপায়ো সৃষ্টি কৰিব।

বন্ধুসকল, মোৰ লক্ষ্য হৈছে 'মন কি বাত'ৰ দৰ্শকসকলক এইসকল লোকৰ বিষয়ে কোৱা যাতে আমি সকলোৱে তেওঁলোকৰ পৰা অনুপ্ৰেৰণা পাব পাৰো। যেতিয়া দেশৰ প্ৰতিজন নাগৰিকে তেওঁৰ জীৱনত বিজ্ঞান সম্প্ৰসাৰিত কৰে, প্ৰতিটো ক্ষেত্ৰত কৰে, তেতিয়া প্ৰগতিৰ পথো মুকলি হ’ব আৰু দেশো স্বাৱলম্ভী হ’ব। আৰু মই নিশ্চিত, এয়া দেশৰ প্ৰতিজন নাগৰিকে কৰিব পাৰে।

মোৰ মৰমৰ সতীৰ্থসকল, কলকাতাৰ ৰঞ্জন জীয়ে তেওঁৰ পত্ৰত এটা অতি আকৰ্ষণীয় আৰু মৌলিক প্ৰশ্ন সুধিছে আৰু একে সময়তে সৰ্বশ্ৰেষ্ঠ ধৰণে ইয়াৰ উত্তৰো দিবলৈ চেষ্টা কৰিছে। তেওঁ লিখিছে যে যেতিয়া আমি স্বাৱলম্বী হোৱাৰ কথা কও, ইয়াৰ অৰ্থ আমাৰ বাবে কি? এই প্ৰশ্নৰ উত্তৰত তেওঁ নিজেই লিখিছে যে "আত্মনিৰ্ভৰ ভাৰত অভিযান" কেৱল চৰকাৰী নীতি নহয় কিন্তু এক ৰাষ্ট্ৰীয় চেতনা। তেওঁ বিশ্বাস কৰে যে আত্মনিৰ্ভৰ হোৱাৰ অৰ্থ হৈছে নিজৰ ভাগ্য নিজে নিৰ্ধাৰণ কৰা, অৰ্থাৎ নিজৰ ভাগ্যৰ নিয়ন্ত্ৰক হোৱা। ৰঞ্জন বাবুৰ কথা ১০০ টকাই শুদ্ধ। ইয়াৰ ওপৰত গুৰুত্ব দি মই এইটোও ক'ম যে আত্মনিৰ্ভৰতাৰ প্ৰথম চৰ্তটো হৈছে আমাৰ দেশৰ বস্তুবোৰৰ বাবে গৌৰৱান্বিত হোৱা, আমাৰ দেশৰ জনসাধাৰণে সৃষ্টি কৰা বস্তুবোৰৰ বাবে গৌৰৱান্বিত হোৱা। যেতিয়া প্ৰতিজন দেশবাসী গৌৰৱান্বিত হয়, প্ৰতিজন দেশবাসী জড়িত হয়, স্বাৱলম্বী ভাৰত এক কেৱল এক অৰ্থনৈতিক অভিযান নহৈ ই ৰাষ্ট্ৰীয় সত্বা হৈ পৰে। যেতিয়া আকাশত আমি আমাৰ দেশত নিৰ্মিত যুঁজাৰু বিমান তেজস প্ৰত্যক্ষ কৰো, যেতিয়া ভাৰতত তৈয়াৰ কৰা টেংক, ভাৰতত তৈয়াৰ কৰা মিছাইলবোৰে আমাৰ গৌৰৱ বৃদ্ধি কৰে, যেতিয়া সমৃদ্ধ দেশবোৰত আমি মেট্ৰো ট্ৰেইনৰ ‘মেড ইন ইণ্ডিয়া’ৰ দবাবোৰ দেখো, যেতিয়া আমি ‘মেড ইন ইণ্ডিয়া’ ক’ৰোনা প্ৰতিষেধক ডজন আন দেশত উপলব্ধ হোৱা দেখো তেতিয়া আমাৰ শিৰ অধিক সু-উচ্চ হৈ পৰে। আৰু এনে নহয় যে ডাঙৰ বস্তুবোৰে ভাৰতক স্বাৱলৱী কৰি ৰাখিব। ভাৰতৰ প্ৰতিভাশালী শিল্পীসকলে তৈয়াৰ কৰা হস্তশিল্প, ভাৰতত তৈয়াৰ কৰা কাপোৰ, ভাৰতৰ ইলেক্ট্ৰনিক সঁজুলি, ভাৰতৰ ম'বাইল, প্ৰতিটো ক্ষেত্ৰতে আমি এই গৌৰৱ বৃদ্ধি কৰিব লাগিব। যেতিয়া আমি এই মানসিকতাৰ সৈতে আগবাঢ়িম, আমি সঁচাকৈয়ে আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম হ'ম, মই আনন্দিত যে আত্মনিৰ্ভৰ ভাৰতৰ এই মন্ত্ৰ দেশৰ গাঁৱে-গাঁৱে বিয়পি পৰিছে। বিহাৰৰ বেতিয়াত এয়াই হৈছে যি মই সংবাদ মাধ্যমত পঢ়িবলৈ পাইছিলো।

দিল্লীৰ টেকনিচিয়ান হিচাপে এলইডি বাল্ব মেকিং ফেক্টৰীত কাম কৰা বেতিয়াৰ বাসিন্দা প্ৰমোদ জীয়ে কাৰখানাত কাম কৰোতে গোটেই প্ৰক্ৰিয়াটো অতি গভীৰভাৱে বুজি পাইছিল। কিন্তু ক’ৰোনাৰ সময়ত প্ৰমোদ জী ঘৰলৈ উভতি আহিব লগীয়া হ’ল। আপুনি জানে নে প্ৰমোদ জীয়ে উভতি অহাৰ পিছত কি কৰিলে? তেওঁ নিজে এলইডি বাল্ব তৈয়াৰ কৰাৰ এটা সৰু কাৰখানা আৰম্ভ কৰিলে। তেওঁ নিজৰ অঞ্চলৰ কিছুমান যুৱকক লৈ কেইমাহ মানৰ ভিতৰতে কাৰখানাৰ কৰ্মীৰ পৰা ফেক্টৰী মালিকলৈ নিজৰ যাত্ৰা সম্পূৰ্ণ কৰিলে, তাকো নিজৰ ঘৰত থাকিয়েই৷

আন এটা উদাহৰণ হৈছে ইউ.পি-ৰ গড়মুক্তেশ্বৰ। গড়মুক্তেশ্বৰৰ পৰা শ্ৰীযুত সন্তোষ জীয়ে লিখিছে যে তেওঁ কেনেকৈ ক’ৰোনাৰ সময়ত দুৰ্যোগক এক সুযোগলৈ ৰূপান্তৰিত কৰিছিল। সন্তোষ জীৰ পিতৃ এজন প্ৰতিভাৱান শিল্পী আছিল, তেওঁ মেট তৈয়াৰ কৰিছিল। যেতিয়া ক’ৰোনাৰ সময়ত বাকী কাম বন্ধ হৈছিল, এই লোকসকলে যথেষ্ট শক্তি আৰু উৎসাহেৰে মেট নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল। সোনকালেই তেওঁলোকে কেৱল উত্তৰ প্ৰদেশৰ পৰাই নহয়, আন ৰাজ্যৰ পৰাও মেটৰ অৰ্ডাৰ পাবলৈ আৰম্ভ কৰিলে। সন্তোষ জীয়ে এইটোও উল্লেখ কৰিছে যে ই অঞ্চলটোৰ শ শ বছৰ পুৰণি সুন্দৰ কলাকো এক নতুন শক্তি প্ৰদান কৰিছে।

বন্ধুসকল, সমগ্ৰ দেশত এনে বহুতো উদাহৰণ আছে য'ত মানুহে 'আত্মনিৰ্ভৰ ভাৰত অভিযান'ত অৰিহণা আগবঢ়াই আছে। আজি, এইটো এটা অনুভৱ হৈ পৰিছে যি সাধাৰণ মানুহৰ হৃদয়ত প্ৰবাহিত হ’বলৈ ধৰিছে।

মোৰ মৰমৰ দেশবাসী, মই নমো এপত গুৰগাঁওৰ বাসিন্দা ময়ুৰৰ এটা আকৰ্ষণীয় পোষ্ট দেখা পাইছিলো। তেওঁ উৎসাহী পক্ষী নিৰীক্ষণকাৰী আৰু প্ৰকৃতি প্ৰেমী। ময়ুৰ জীয়ে লিখিছে যে মই হাৰিয়ানাত বাস কৰো, কিন্তু মই আপোনাক, অসমৰ লোক আৰু বিশেষকৈ কাজিৰঙাৰ লোকসকলৰ বিষয়ে কোৱাটো বিচাৰো। মই ভাবিছিলো যে ময়ুৰ জীয়ে গঁড়ৰ বিষয়ে কথা পাতিব, যাক তাত গৌৰৱ বুলি কোৱা হয়। অৱশ্যে, কাজিৰঙাত জলজ পক্ষীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে ময়ুৰ জীয়ে অসমৰ জনসাধাৰণক প্ৰশংসা কৰাটো বিচাৰিছে। মই জলজ পক্ষীবোৰক সৰলভাৱে কি ক'ব পাৰো সেয়া বিচাৰি আছিলো, এটা শব্দ পাইছিলো – ৱাটাৰবৰ্ড অৰ্থাৎ জলপক্ষী। এনে পক্ষী যি গছৰ ওপৰত নহয়, পানীৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰে, যেনে হাঁহ ইত্যাদি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত কৰ্তৃপক্ষই কিছু সময়ৰ পৰা বাৰ্ষিক জলপক্ষীৰ পিয়ল কৰি আহিছে। এই পিয়লত জলজ চৰাইৰ সংখ্যা প্ৰকাশ পায় আৰু সিঁহতৰ প্ৰিয় বাসস্থানৰ বিষয়ে তথ্য পোৱা যায়। মাত্ৰ দুই-তিনি সপ্তাহৰ আগতে জৰীপটো পুনৰ আৰম্ভ কৰা হৈছে। আপুনি জানি সুখী হ'ব যে এইবাৰ জলপক্ষীৰ সংখ্যা আগৰ বছৰৰ তুলনাত প্ৰায় এশ পসত্তৰ (১৭৫) শতাংশ বৃদ্ধি পাইছে। এই পিয়লৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুঠ ১১২ টা প্ৰজাতিৰ চৰাই দেখা পোৱা গৈছে। ইয়াৰ ভিতৰত, ৫৮ টা প্ৰজাতি হৈছে ইউৰোপ, মধ্য এচিয়া আৰু পূব এচিয়াকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ শীতকালীন প্ৰব্ৰজনকাৰী পক্ষীৰ অন্তৰ্গত৷ ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ হৈছে উন্নত পানী সংৰক্ষণৰ সৈতে মানুহৰ হস্তক্ষেপ অতি কম হোৱাটো। অৱশ্যে কিছুমান ক্ষেত্ৰত ইতিবাচক মানৱ হস্তক্ষেপো অতি গুৰুত্বপূৰ্ণ হৈ পৰে।

অসমৰ শ্ৰীযুত যাদৱ পায়ঙকেই চাওক। আপোনালোকৰ কিছুমানে তেওঁৰ বিষয়ে জানে। তেওঁ নিজৰ কামৰ বাবে পদ্ম বঁটা লাভ কৰিছে। শ্ৰীযুত যাদৱ পায়ং হৈছে এনে এজন ব্যক্তি যিয়ে অসমৰ মাজুলী দ্বীপত প্ৰায় ৩০০ হেক্টৰ ভূমিত বৃক্ষপুলি ৰোপণত সক্ৰিয় অৱদান প্ৰদান কৰিছে। তেওঁ বন সংৰক্ষণৰ বাবে কাম কৰি আছে আৰু বৃক্ষপুলি ৰোপণ তথা জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বিষয়ে মানুহক অনুপ্ৰেৰিত কৰাত জড়িত হৈ আছে।

বন্ধুসকল, অসমত আমাৰ মন্দিৰবোৰেও প্ৰকৃতিৰ সংৰক্ষণত এক পৃথক ভূমিকা পালন কৰি আছে৷ যদি আপুনি আমাৰ মন্দিৰবোৰলৈ চাই দেখা পাব যে প্ৰতিটো মন্দিৰত এটা পুখুৰী আছে। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, শোণিতপুৰৰ নাগশংকৰ মন্দিৰ আৰু গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰৰ ওচৰত এনে বহুতো পুখুৰী আছে। সেইবোৰ বিলুপ্ত কাছৰ প্ৰজাতিৰ সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা হৈছে। অসমত সৰ্বাধিক প্ৰজাতিৰ কাছ পোৱা যায়। এই মন্দিৰবোৰৰ পুখুৰীবোৰ কাছৰ সংৰক্ষণ, প্ৰজনন আৰু সিহঁতৰ বিষয়ে প্ৰশিক্ষণৰ বাবে এক উৎকৃষ্ট স্থান হ'ব পাৰে।

মোৰ মৰমৰ দেশবাসীসকল, কিছুমান লোকে ভাবে যে উদ্ভাৱন কৰিবলৈ আপুনি এজন বিজ্ঞানী হ'ব লাগিব, কিছুমানে ভাবে যে আনক কিবা শিকাবলৈ আপুনি শিক্ষক হ'ব লাগিব। এই মানসিকতাক প্ৰত্যাহ্বান জনোৱা লোকসকল সদায় প্ৰশংসনীয়। এতিয়া যদি কোনোবাই সৈনিক হ'বলৈ প্ৰশিক্ষণ দিয়ে, তেওঁ সৈনিক হোৱাটো প্ৰয়োজন নেকি? আপুনি ভাবিব পাৰে যে হয়, এইটো প্ৰয়োজন। কিন্তু ইয়াত অলপ টুইষ্ট আছে।

মাই গভত, কামকান্ত জীয়ে সংবাদ মাধ্যমৰ এটা প্ৰতিবেদন বিনিময় কৰিছে য'ত অলপ অন্য ধৰণে কোৱা হৈছে। উৰিষ্যাৰ আৰাখুদাত এজন ভদ্ৰলোক আছে – নায়ক চাৰ। যদিও তেওঁৰ নাম চিলু নায়ক, সকলোৱে তেওঁক নায়ক চাৰ বুলি কয়। আচলতে তেওঁ হৈছে Man on a Mission । তেওঁ সেনাবাহিনীত যোগদান কৰিবলৈ বিচৰা যুৱক-যুৱতীসকলক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়ে৷ নায়ক চাৰৰ সংগঠনটোৰ নাম হৈছে মহাগুৰু বেটেলিয়ন। ইয়াত শাৰীৰিক সুস্থতাৰ পৰা সাক্ষাৎকাৰলৈ আৰু লিখাৰ পৰা প্ৰশিক্ষণলৈ সকলো ধৰণৰ প্ৰশিক্ষণ দিয়া হয়। আপুনি জানি আচৰিত হ'ব যে তেওঁ প্ৰশিক্ষণ দিয়া লোকসকলে স্থলসেনা, নৌ-বাহিনী, বিমান বাহিনী, চিআৰপিএফ, বিএছএফত স্থান লাভ কৰিছে। আপুনি এইটোও জানি আচৰিত হ'ব যে চিলু নায়ক জীয়ে নিজেই উৰিষ্যা আৰক্ষীত যোগদান কৰিবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁ সফল হ'ব পৰা নাছিল৷ তথাপিও তেওঁ বহুতো যুৱক-যুৱতীক নিজৰ প্ৰশিক্ষণৰ দ্বাৰা ৰাষ্ট্ৰ সেৱাৰ যোগ্য কৰি তুলিছে। আমি সকলোৱে নায়ক চাৰক আমাৰ দেশৰ বাবে অধিক নায়ক প্ৰস্তুত কৰিবলৈ শুভেচ্ছা জনাইছো।

বন্ধুসকল, কেতিয়াবা এটা অতি সৰু আৰু সৰল প্ৰশ্নও মনক আচৰিত কৰে। এই প্ৰশ্নবোৰ দীঘল নহয়, অতি সৰল হয়, তথাপিও এইবোৰে আমাক চিন্তা কৰিবলৈ তাগিদা দিয়ে। কেইদিনমান আগতে হায়দৰাবাদৰ অপৰ্ণা ৰেড্ডীয়ে মোক এনে এটা প্ৰশ্ন সুধিছিল। তেওঁ কৈছিল যে – আপুনি বহু বছৰ ধৰি প্ৰধানমন্ত্ৰী হৈ আহিছে, পূৰ্বে ইমান বছৰ ধৰি মুখ্যমন্ত্ৰী হৈ আছিল, আপুনি কেতিয়াবা ভাবে নেকি যে কিবা অভাৱ থাকি গ’ল। অপৰ্ণাজী প্ৰশ্নটো অতি সহজ কিন্তু সমানেই কঠিনো। মই এই প্ৰশ্নটো বিবেচনা কৰিছিলো আৰু নিজকে কৈছিলো যে মোৰ এটা অভাৱ আছিল যে মই বিশ্বৰ আটাইতকৈ পুৰণি ভাষা-তামিল শিকিবলৈ প্ৰয়াস কৰিব নোৱাৰিলো, মই তামিল শিকিব নোৱাৰিলো। এইটো এটা সুন্দৰ ভাষা যি বিশ্বৰ সৰ্বত্ৰ জনপ্ৰিয়। বহুলোকে মোক তামিল সাহিত্যৰ মানদণ্ড আৰু এই ভাষাত লিখা কবিতাবোৰৰ গভীৰতাৰ বিষয়ে কয়। ভাৰত এনে বিভিন্ন ভাষাৰ স্থল যি আমাৰ সংস্কৃতি আৰু গৌৰৱৰ প্ৰতীক। ভাষাৰ বিষয়ে কথা পতাৰ সময়ত মই আপোনালোক সকলোকে এটা সৰু আকৰ্ষণীয় ক্লিপ শুনাবলৈ বিচাৰিছো।

 

## (sound clip Statue of Unity)

দৰাচলতে, আপুনি এতিয়া যি শুনি আছিল সেয়া হৈছে ষ্টেচু অব্ ইউনিটীৰ ওপৰত এক নিৰ্দেশক, সংস্কৃতত লোকসকলক চৰ্দাৰ পেটেলৰ বিশ্বৰ সবাতোকৈ ওখ প্ৰতিমাৰ বিষয়ে কোৱা হৈছে। আপোনালোকে জানি সুখী হ'ব যে কেৱাড়িয়াত, ১৫ ৰো অধিক গাইডে সংস্কৃত ভাষাত লোকসকলক নিৰ্দেশনা দিয়ে। এতিয়া মই আপোনালোকক আন এটা কণ্ঠস্বৰ শুনাবলৈ বিচাৰিছো -

 

## (sound clip Cricket commentary)

আপোনালোকেও এয়া শুনি আচৰিত হৈছে! দৰাচলতে, ইয়াত সংস্কৃতত ক্ৰিকেটৰ ধাৰাভাষ কৰা হৈছে। বাৰাণসীত, সংস্কৃত মহাবিদ্যালয়সমূহৰ মাজত এখন ক্ৰিকেট প্ৰতিযোগিতা হয়। এই মহাবিদ্যালয়সমূহ হৈছে শাস্ত্ৰাৰ্থ মহাবিদ্যালয়, স্বামী বেদান্ত বেদ বিদ্যাপীঠ, শ্ৰী ব্ৰহ্ম বেদ বিদ্যালয় আৰু আন্তৰ্জাতিক চন্দ্ৰমৌলি চেৰিটেবল ট্ৰাষ্ট। এই টুৰ্ণামেণ্টৰ খেলৰ সময়ত সংস্কৃততো ধাৰাভাষ কৰা হয়। এতিয়া মই আপোনাক সেই ধাৰাভাষ্যৰ এটা অতি সৰু অংশ শুনাইছিলো। কেৱল সেইটোৱেই নহয়, এই টুৰ্ণামেণ্টত খেলুৱৈ আৰু ধাৰাভাষ্যকাৰীসকলে পৰম্পৰাগত পোছাক পিন্ধি অহা দেখা যায়। যদি আপুনি শক্তি, উত্তেজনা, কৌতুহল, এই সকলোবোৰ একেলগে বিচাৰিছে তেন্তে আপুনি এই খেলবোৰৰ ধাৰাভাষ শুনিব লাগে। টিভি অহাৰ বহু আগতেই, ক্ৰীড়া ধাৰাভাষ্যৰ জৰিয়তেই ক্ৰিকেট আৰু হকীৰ দৰে ক্ৰীড়াৰ শিহৰণ সমগ্ৰ দেশৰ মানুহে অনুভৱ কৰিছিল। টেনিছ আৰু ফুটবল খেলৰ ধাৰাভাষ্যও বহুত ভালদৰে উপস্থাপন কৰা হয়। আমি দেখিছো যে যি খেলত ধাৰাভাষ্য সমৃদ্ধ হয়, সেইবোৰৰ প্ৰচাৰ আৰু প্ৰসাৰ অতি ক্ষীপ্ৰ হয়। আমাৰ বহুতো ভাৰতীয় ক্ৰীড়া আছে, কিন্তু তেওঁলোক ধাৰাভাষ্য সংস্কৃতিলৈ অহা নাই আৰু তাৰ বাবে, তেওঁলোক বিলুপ্ত হ’বলৈ ধৰিছে। মোৰ এটা ধাৰণা আছে –বিভিন্ন ক্ৰীড়া আৰু বিশেষকৈ ভাৰতীয় ক্ৰীড়াৰ ভাল ধাৰাভাষ্য অধিকতম ভাষাত প্ৰচাৰ কৰা হওক, আমি ইয়াক উৎসাহিত কৰাৰ কথা ভাবিব লাগিব। মই ক্ৰীড়া মন্ত্ৰালয় আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ সহকৰ্মীসকলক এই বিষয়ে চিন্তা কৰিবলৈ অনুৰোধ কৰিম।

মোৰ মৰমৰ যুৱ বন্ধুসকল, আগন্তুক কেইটামান মাহ আপোনালোক সকলোৰে জীৱনত বিশেষ গুৰুত্বপূৰ্ণ। বেছিভাগ যুৱবন্ধুৱে পৰীক্ষাত অৱতীৰ্ণ হ’ব। আপোনালোক সকলোৰে মনত আছে নহয়- যে আপুনি এজন যোদ্ধা হ'ব লাগিব, চিন্তাকাৰী নহয়, হাঁহি হাঁহি পৰীক্ষা দিবলা যাব লাগিব আৰু হাঁহি হাঁহি উভতি আহিব লাগিব৷ আপুনি আনৰ সৈতে নহয়, নিজৰ সৈতে প্ৰতিদ্বন্দিতা কৰিব লাগিব৷ পৰ্যাপ্ত টোপনি, আৰু সময় ব্যৱস্থাপনাও কৰিব লাগিব। খেলা-ধূলাও বাদ দিব নালাগিব, কিয়নো যিয়েই খেলে সিয়েই প্ৰস্ফুটিত হয়। মনত ৰখাৰ স্মাৰ্ট উপায়বোৰ গ্ৰহণ কৰিব লাগিব, অৰ্থাৎ সামগ্ৰিকভাৱে এই পৰীক্ষাবোৰত, আপোনাৰ সৰ্বশ্ৰেষ্ঠ উজাৰি দিব লাগিব। আপুনি ভাবিব পাৰে যে এই সকলোবোৰ কেনেদৰে হ'ব। আমি সকলোৱে একেলগে এইটো কৰিবলৈ গৈ আছো। প্ৰতি বছৰৰ দৰে, এই বছৰো, আমি সকলোৱে 'পৰীক্ষাৰ আলোচনা' কৰিম। কিন্তু মাৰ্চত হ’বলগীয়া 'পৰীক্ষা আলোচনা'ৰ পূৰ্বে, মই আপোনালোক সকলো পৰীক্ষা যোদ্ধাৰ পৰা, অভিভাৱকৰ পৰা আৰু শিক্ষকসকলৰ পৰা, আপোনালোকৰ অভিজ্ঞতা, আপোনাৰ পৰামৰ্শ ভাগ-বতৰা কৰিবলৈ অনুৰোধ জনাইছো। আপোনালোকে মাই গভত এই বিষয়ে ভাগ বতৰা কৰিব পাৰে। নৰেন্দ্ৰ মোদী এপত ভাগ বতৰা কৰিব পাৰে। এইবাৰৰ 'পৰীক্ষাৰ আলোচনা'ত যুৱ বন্ধুসকলৰ লগতে অভিভাৱক আৰু শিক্ষকসকলকো আমন্ত্ৰণ জনোৱা হৈছে। আপুনি কেনেকৈ অংশগ্ৰহণ কৰিব লাগে, কেনেকৈ পুৰষ্কাৰ জয় কৰিব পাৰে, কেনেকৈ মোৰ সৈতে আলোচনা কৰাৰ সুযোগ পাব সেই বিষয়ে সকলো তথ্য মাই গভত পাব। এই পৰ্যন্ত, এক লাখতকৈও অধিক শিক্ষাৰ্থী, প্ৰায় ৪০ হাজাৰ অভিভাৱক আৰু প্ৰায় ১০ হাজাৰ শিক্ষকে অংশগ্ৰহণ কৰিছে। আপুনিও আজিয়েই অংশগ্ৰহণ কৰক। এই ক’ৰোনাৰ সময়ত মই ‘পৰীক্ষা যোদ্ধা’ কিতাপখনত বহুতো নতুন মন্ত্ৰ সংযোজিত কৰিছো, ইয়াত অভিভাৱকৰ বাবেও কিছুমান মন্ত্ৰ সংযোজিত কৰা হৈছে। এই মন্ত্ৰবোৰৰ সৈতে সম্পৰ্কিত বহুতো আকৰ্ষণীয় কাৰ্যকলাপ নৰেন্দ্ৰ মোদী এপত দিয়া হৈছে যিয়ে আপোনাৰ আভ্যন্তৰীণ পৰীক্ষা যোদ্ধাক প্ৰজ্বলিত কৰিবলৈ সহায় কৰিব। আপুনি সেইবোৰ নিশ্চয়কৈ চেষ্টা কৰক৷ আগন্তুক পৰীক্ষাৰ বাবে সকলো যুৱবন্ধুক শুভেচ্ছা জনালো।

মোৰ মৰমৰ দেশবাসীসকল, মাৰ্চ মাহটো আমাৰ বিত্তীয় বৰ্ষৰ অন্তিম মাহ, সেয়েহে আপোনালোকৰ বহুতৰে যথেষ্ট ব্যস্ততা থাকিব। এতিয়া দেশত অৰ্থনৈতিক কাৰ্যকলাপ যিদৰে তীব্ৰ হ’বলৈ ধৰিছে আৰু আমাৰ ব্যৱসায়ী তথা উদ্যোগী সতীৰ্থসকলৰ ব্যস্ততাও বৃদ্ধি পাইছে। এই সকলোবোৰৰ মাজতো আমি ক’ৰোনাৰ সাৱধানতা হ্ৰাস কৰিব নালাগে। আপোনালোক সকলোৱে স্বাস্থ্যৱান হওক, সুখী হওক, কৰ্তব্যৰ পথত থিয় হওক, দেশ দ্ৰুতগতিত আগবাঢ়িবই।

আপোনালোক সকলোকে উৎসৱৰ আগতীয়া শুভেচ্ছা জনালো৷ লগতে ক’ৰোনা সম্পৰ্কে যি নিয়ম পালন কৰা হ’ব, সেইবোৰত যাতে কোনোধৰণৰ নমনীয়তা নাথাকে। অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry

Media Coverage

How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi Chairs Second High-Level Meeting with Secretaries of Government of India
July 28, 2026
Sectors discussed: Finance and Economy, Commerce and Industry, and Technology
PM emphasises the need to break both horizontal and vertical silos within the Government
PM emphasises the importance of technological self-reliance and building domestic capabilities in critical sectors
PM encourages greater participation of young innovators and entrepreneurs in cybersecurity ecosystem
PM Stresses Proactive Outreach on Strategic Sectors to Counter Misinformation
PM says Govt must always remain youthful, dynamic and forward-looking, continuously adapting to new challenges and opportunities with agility and innovation
Secretaries share experiences and perspectives on key initiatives, emerging opportunities and implementation challenges

Prime Minister Shri Narendra Modi chaired the second high-level meeting with Secretaries to the Government of India at his residence at 7, Lok Kalyan Marg earlier today. He reviewed the future action agenda of Ministries and Departments dealing with Finance and Economy, Commerce and Industry, and Technology sectors. The meeting focused on accelerating progress towards the goals of Viksit Bharat.

Prime Minister called for a strong focus on team building across Ministries and Departments, urging officers to work with a shared sense of purpose. He emphasised the need to break both horizontal and vertical silos within the Government so that departments function in close coordination and deliver integrated outcomes.

Highlighting the importance of citizen-centric governance, Prime Minister said that the people of India must remain at the centre of governance. He reminded that every decision and policy should be guided by the interests and aspirations of the common citizen.

Prime Minister stressed that while India is making significant investments in infrastructure, equal priority must be given to developing indigenous technologies. He underscored the importance of technological self-reliance and building domestic capabilities in critical sectors.

Prime Minister underlined that energy security is closely linked with national security, economic stability and citizens’ welfare. Prime Minister said India must achieve self-reliance in the energy sector through innovation, diversification and accelerated capacity creation.

Emphasising that reforms are not merely a fashionable term but a continuous necessity for effective governance, Prime Minister stressed the need to reform processes, improve work culture and strengthen institutional efficiency.

Prime Minister said that growing use of technology must be accompanied by a strong focus on cybersecurity to safeguard digital systems and infrastructure. He stressed the need for constant vigilance against emerging cyber threats. He called for encouraging greater participation of young innovators and entrepreneurs in the cybersecurity ecosystem and emphasised that it should evolve into a nationwide movement.

Prime Minister also emphasised the importance of proactive communication on strategic sectors where the country is undertaking major initiatives, to counter misinformation and unfounded fears surrounding such efforts.

Prime Minister says that new academic courses should be planned in partnership with industry to equip the workforce with skills required by emerging and future industries. He also observed that a government must always remain youthful, dynamic and forward-looking, continuously adapting to new challenges and opportunities with agility and innovation.

The meeting featured detailed discussions by Secretaries on the progress, priorities and implementation issues across their respective domains. The meeting was attended by the Cabinet Secretary, Secretaries of key Ministries and Departments, and senior officials from the Prime Minister’s Office.