আমাৰ উমৈহতীয়া মূল্যবোধ আৰু পাৰস্পৰিক সন্মানৰ আঁত ধৰি ভাৰত-জাপান বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্ব দুয়োখন দেশৰ নিৰাপত্তা আৰু সমৃদ্ধি আগুৱাই নিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ। অৰ্থনৈতিক সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা আমাৰ কৌশলগত দৃষ্টিভংগী আৰু অৰ্থনৈতিক আৱশ্যকতাৰ ক্ৰমবৰ্ধমান অভিসৰণৰ পৰা উদ্ভৱ হোৱা আমাৰ দ্বিপাক্ষিক সহযোগিতাৰ এক মূল আধাৰ।

দুখন সজীৱ গণতন্ত্ৰ আৰু মুক্ত বজাৰ অৰ্থনীতি হিচাপে ভাৰত আৰু জাপান আমাৰ ৰাজনৈতিক আস্থা, অৰ্থনৈতিক গতিশীলতা আৰু স্বাভাৱিক পৰিপূৰকতাৰ ভিত্তিত গুৰুত্বপূৰ্ণ আৰু উদীয়মান খণ্ডসমূহত তেওঁলোকৰ অংশীদাৰিত্ব ত্বৰান্বিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

● ভাৰত আৰু জাপানে ২০২৪ চনৰ নৱেম্বৰ মাহত উপ-বিদেশ মন্ত্ৰী/বিদেশ সচিব পৰ্যায়ত অধ্যক্ষতাত কৌশলগত বাণিজ্য আৰু প্ৰযুক্তিকে ধৰি অৰ্থনৈতিক সুৰক্ষাৰ ওপৰত ভাৰত-জাপানৰ প্ৰথম পৰ্যায়ৰ আলোচনা আৰম্ভ কৰে।

● বৰ্তমানৰ চৰকাৰ-চৰকাৰ ব্যৱস্থাৰ লগতে কৌশলগত বাণিজ্য আৰু প্ৰযুক্তিকে ধৰি অৰ্থনৈতিক সুৰক্ষাৰ আলোচনাৰ জৰিয়তে ভাৰত আৰু জাপানে বৈদেশিক নীতি আৰু কিছুমান অৰ্থনৈতিক আন্তঃসংযোগৰ পৰা উদ্ভৱ হোৱা নিৰাপত্তা প্ৰত্যাহ্বানৰ ওপৰত নীতিগত দৃষ্টিভংগী শ্বেয়াৰ কৰিছিল।

● ভাৰত আৰু জাপানে সুস্থিৰ যোগান শৃংখল গঢ়ি তোলা আৰু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাক আগুৱাই নিয়াৰ সংকল্প লয়, মূল প্ৰযুক্তিসমূহক প্ৰসাৰিত আৰু সুৰক্ষা প্ৰদান আৰু কৌশলগত বাণিজ্য আৰু প্ৰযুক্তি সহযোগিতাৰ দ্বিপাক্ষিক বাধাসমূহ মোকাবিলা কৰে।

● ভাৰত আৰু জাপানে কৌশলগত সহযোগিতাৰ বাবে উচ্চ অগ্ৰাধিকাৰ লাভ কৰিবলগীয়া মূল খণ্ডসমূহ যেনে-অৰ্ধপৰিবাহী, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, ঔষধ, স্বচ্ছ শক্তি আৰু তথ্য আৰু যোগাযোগ প্ৰযুক্তিক স্বীকৃতি দিলে।

● ভাৰত চৰকাৰ আৰু জাপান চৰকাৰে ব্যক্তিগত খণ্ডৰ নেতৃত্বত চলা প্ৰচেষ্টাক সমৰ্থন কৰে যিয়ে দুয়োখন দেশৰ ৰাষ্ট্ৰীয় অৰ্থনৈতিক সুৰক্ষাৰ স্বাৰ্থ সুৰক্ষিত কৰে।

● ভাৰত আৰু জাপানে কেইডানৰেন (জাপান বিজনেছ ফেডাৰেচন) আৰু কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী (চিআইআই)ৰ মাজত অৰ্থনৈতিক সুৰক্ষা সম্পৰ্কীয় ভাৰত-জাপান ব্যক্তিগত খণ্ডৰ আলোচনাৰ আৰম্ভণিক আদৰণি জনায় আৰু জাপান বহিঃ বাণিজ্য সংস্থা(জেট্ৰ’),ই প্ৰস্তাৱ কৰা ভাৰত-জাপান অৰ্থনৈতিক আৰু নিৰাপত্তা সহযোগিতাৰ ওপৰত যুটীয়া কাৰ্য্য পৰিকল্পনাৰ পিছত কৌশলগত খণ্ডসমূহত সুনিৰ্দিষ্ট পদক্ষেপসমূহ আগুৱাই নিয়াৰ বাবে  চিআইআই আৰু জাপান চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী ইন ইণ্ডিয়া (জেচিচিআইআই)ৰ মাজত ঘনিষ্ঠ ৰাজহুৱা-ব্যক্তিগত সহযোগিতাৰ আশা প্ৰকাশ কৰে।

অৰ্ধপৰিবাহী

● ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (মেইটি) আৰু জাপানৰ অৰ্থনীতি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে ২০২৩ চনৰ জুলাই মাহত ভাৰত-জাপান অৰ্ধপৰিবাহী যোগান শৃংখল অংশীদাৰিত্বৰ ওপৰত সহযোগিতা চুক্তিত স্বাক্ষৰ কৰি অৰ্ধপৰিবাহী যোগান শৃংখল বৃদ্ধিৰ দিশত সহযোগিতা শক্তিশালী কৰে।

● ভাৰত আৰু জাপানে অৰ্ধপৰিবাহীত সুস্থিৰ যোগান শৃংখল, প্ৰতিভা আৰু অনুসন্ধান আৰু বিকাশৰ সুযোগ বিচাৰি চৰকাৰী সংস্থা, কোম্পানী আৰু শিক্ষানুষ্ঠানসমূহক একত্ৰিত কৰা ভাৰত-জাপান অৰ্ধপৰিবাহী নীতি আলোচনাৰ অধীনত বৈঠক অনুষ্ঠিত কৰে।

● ভাৰত আৰু জাপানে ব্যক্তিগত খণ্ডই অৰ্থনৈতিক নিৰাপত্তাত অৰিহণা যোগোৱা কামকে ধৰি বিভিন্ন ধৰণৰ কামত লিপ্ত হোৱা বুলি শলাগ লয়। তেওঁলোকে তলত উল্লেখ কৰা প্ৰচেষ্টাসমূহক আদৰণি জনায়, যিয়ে অৰ্ধপৰিবাহী যোগান শৃংখলৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰে আৰু মেক ইন ইণ্ডিয়া পদক্ষেপৰ সৈতে সংগতি ৰাখি ভাৰতত অৰ্ধপৰিবাহী উদ্যোগসমূহৰ প্ৰতিভা আৰু উন্নয়নত সহায় কৰাকে ধৰি দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰে:

চিজি পাৱাৰৰ সৈতে জাপানীজ অৰ্ধপৰিবাহী প্ৰতিষ্ঠান ৰেনেছাছ ইলেক্ট্ৰনিকছৰ দ্বাৰা গুজৰাটৰ সানন্দত অৰ্ধপৰিবাহী অ’এছএটি স্থাপন কৰা

◦ মেইটিৰ চিপছ টু ষ্টাৰ্টআপ (C2S) কাৰ্যসূচীৰ অধীনত ২০২৫ চনৰ মে’ মাহত ৰেনেছাছ আৰু চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিঙৰ মাজত দুটা বুজাবুজি চুক্তি স্বাক্ষৰ কৰা। এই বুজাবুজি চুক্তিসমূহে উদ্যোগ-শৈক্ষিক সহযোগিতা বৃদ্ধি কৰিব আৰু স্থানীয় ষ্টাৰ্টআপসমূহক প্ৰযুক্তিগত উন্নতি আৰু স্থানীয় উৎপাদনক প্ৰসাৰিত কৰিবলৈ সক্ষম কৰিব; আৰু,

◦ ৰেনেছাছে ২০২৪ চনৰ জুন মাহত আই আই টি হায়দৰাবাদৰ সৈতে ভিএলএছআই আৰু এম্বেডেড অৰ্ধপৰিবাহী ব্যৱস্থাৰ ক্ষেত্ৰত গৱেষণা আৰু সহযোগিতাৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।

◦ ভাৰতত অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰ স্থাপনৰ বাবে টকিঅ’ ইলেক্ট্ৰন আৰু টাটা ইলেক্ট্ৰনিক্সে কৌশলগত অংশীদাৰিত্ব আৰম্ভ কৰে।

 

● জাপান আৰু ভাৰতে কোৱাডৰ জৰিয়তে বিশেষকৈ অৰ্ধপৰিবাহী যোগান শৃংখল আকস্মিক নেটৱৰ্কৰ জৰিয়তে অৰ্থনৈতিক সুৰক্ষা আৰু সামূহিক সুস্থিৰতাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰি আহিছে।

 

● ভাৰত আৰু জাপানে অৰ্ধপৰিবাহী উদ্যোগকে ধৰি উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতীয় ভেঞ্চাৰ আৰু ষ্টাৰ্ট-আপ কোম্পানীসমূহৰ বাবে তামিলনাডু চৰকাৰে স্থাপন কৰা পুঁজিক সহায় কৰিবলৈ তামিলনাডু বিনিয়োগ প্ৰসাৰ কাৰ্যসূচী (পৰ্যায় ৩) শীৰ্ষক জাপানৰ য়েন ঋণ প্ৰকল্প সম্পৰ্কে স্বাক্ষৰ আৰু বিনিময় কৰে।

গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ

● ভাৰত আৰু জাপানে খনিজ সুৰক্ষা অংশীদাৰিত্ব আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় পৰিকাঠামো আৰু কোৱাড গুৰুত্বপূৰ্ণ খনিজ পদক্ষেপসমূহৰ অংশীদাৰিত্বৰ জৰিয়তে গুৰুত্বপূৰ্ণ খনিজ যোগান শৃংখলক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰি আছে।

● ভাৰতৰ খনি মন্ত্ৰালয় আৰু জাপানৰ মেইটিয়ে ২০২৫ চনৰ আগষ্ট মাহত খনিজ সম্পদৰ ক্ষেত্ৰত সহযোগিতা চুক্তি পত্ৰত স্বাক্ষৰ কৰে।

● ভাৰত আৰু জাপানে অন্ধ্ৰপ্ৰদেশত টয়টা চুছোৰ আপুৰুগীয়া মাটি শোধন প্ৰকল্পৰ জৰিয়তে তেওঁলোকৰ সহযোগিতা গভীৰ কৰিলে যাৰ লক্ষ্য হৈছে আপুৰুগীয়া মাটিৰ সামগ্ৰীৰ বাবে এক সুস্থিৰ যোগান শৃংখল স্থাপন কৰা।

তথ্য আৰু যোগাযোগ প্ৰযুক্তি

● আভ্যন্তৰীণ পৰিক্ৰমা আৰু যোগাযোগ মন্ত্ৰালয়ে (এম আই চি) ভাৰতত মুক্ত আৰ এন পাইলট প্ৰকল্পক সমৰ্থন কৰে আৰু এই খণ্ডত তেওঁলোকৰ সহযোগিতা আৰু অধিক গভীৰ কৰাৰ সংকল্প গ্ৰহণ কৰে।

● এন ই চি আৰু ৰিলায়েন্স জিঅ’ই তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ আন্তঃগাঁথনি আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিশেষকৈ ৫জি প্ৰযুক্তি আৰু অ’পেন ৰেনৰ ক্ষেত্ৰত সহযোগিতা কৰিবলৈ কৌশলগত অংশীদাৰিত্ব স্থাপন কৰে।

● এন ই চিয়ে চেন্নাইত থকা ইয়াৰ অত্যাধূনিক পৰীক্ষাগাৰৰ জৰিয়তে প্ৰতিটো দিশ সুক্ষ্মভাৱে মুক্ত আৰ এন ব্যৱস্থাৰ বিকাশৰ প্ৰসাৰ ঘটাইছিল।

 

● ভাৰত-জাপান আইচিটি সহযোগিতা কাঠামোৰ অধীনত ভাৰত-জাপান আইচিটি সহযোগিতা কাঠামোৰ অধীনত ২০২২ চনৰ মে’ মাহত ভাৰতৰ যোগাযোগ মন্ত্ৰালয় আৰু জাপানৰ এমআইচিয়ে সপ্তম ভাৰত-জাপান আইচিটি যৌথ কৰ্মীগোটৰ বৈঠক অনুষ্ঠিত কৰে যাৰ লক্ষ্য হৈছে উদীয়মান প্ৰযুক্তিসমূহৰ ক্ষেত্ৰত সহযোগিতাক লাভান্বিত কৰা।

● জাপান আইচিটি ফাণ্ড (জিআইচিটি) আৰু জাপান বেংক ফৰ ইণ্টাৰনেশ্যনেল ক’অপাৰেশ্যন (জেবিআইচি)ৰ জৰিয়তে ভাৰত আৰু জাপানে যৌথ প্ৰকল্পত সহযোগিতা গভীৰ কৰি যাব।

● এনটিটিয়ে জিআইচিটি আৰু জেবিআইচিৰ জৰিয়তে বিনিয়োগ আৰু বিত্তীয় সাহায্য ৰূপায়ণৰ জৰিয়তে নিজৰ ডাটা চেণ্টাৰ ব্যৱসায় (বৰ্তমান ২০টা ডাটা চেণ্টাৰ) সম্প্ৰসাৰণ কৰি যোৱাৰ পৰিকল্পনা কৰিছে।

স্বচ্ছ শক্তি

● ভাৰত আৰু জাপানে ২০২৫ চনৰ আগষ্ট মাহত অনুষ্ঠিত একাদশ ভাৰত-জাপান শক্তি আলোচনাৰ যুটীয়া বিবৃতিক আদৰণি জনায়।

● ভাৰত আৰু জাপানে যৌথ ঋণ ব্যৱস্থা (জেচিএম) সম্পৰ্কীয় সহযোগিতা স্মাৰক স্বাক্ষৰক আদৰণি জনায়।

● ভাৰতৰ নৱ আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয় আৰু মেইটিয়ে স্বচ্ছ হাইড্ৰজেন আৰু এমোনিয়াৰ ওপৰত যুটীয়া উদ্দেশ্য ঘোষণা জাৰি কৰে।

● গুজৰাটৰ মুন্দ্ৰা বিদ্যুৎ কেন্দ্ৰত আই এইচ আই কৰ্পৰেশ্যন, কোৱা আৰু আদানি পাৱাৰ লিমিটেডে এমোনিয়া সহযোগিতা প্ৰদৰ্শনৰ বাবে সহযোগিতা স্বাক্ষৰ কৰে।

● জেবিআইচি আৰু ওছাকা গেছে ক্লিন মেক্সৰ সৈতে সহ-বিনিয়োগ অংশীদাৰিত্ব গঠনৰ ব্যৱস্থাত স্বাক্ষৰ কৰে, যাৰ নাম ক্লিন মেক্স ওছাকা গেছ ৰিনিউৱেবল এনাৰ্জি প্ৰাইভেট লিমিটেড। লিমিটেডে অহা তিনি বছৰত মূলতঃ কৰ্ণাটকত বৰ্তমান আৰু নতুন উন্নয়নমূলক সম্পত্তিকে ধৰি ৪০০ মেগাৱাটৰ নবীকৰণযোগ্য শক্তি পৰ্টফলিঅ’ৰ মালিক আৰু পৰিচালনা কৰিব।

● ভাৰত আৰু জাপানে বিশ্ব জৈৱ ইন্ধন মৈত্ৰীৰ দৰে আন্তঃৰাষ্ট্ৰীয় কাঠামোৰ জৰিয়তেকে ধৰি জৈৱ ইন্ধনৰ ক্ষেত্ৰত সহযোগিতা অব্যাহত ৰাখিব।

● ভাৰত আৰু জাপানে ৭০টাতকৈও অধিক কোম্পানী আৰু চৰকাৰী সংস্থাৰ অংশগ্ৰহণেৰে বেটাৰী আৰু গুৰুত্বপূৰ্ণ খনিজ যোগান শৃংখলৰ ওপৰত জেট্ৰ’ আৰু জাপান চৰকাৰে ভাৰতত আয়োজন কৰা ব্যৱসায়িক মেচমেকিং আৰু গোলটেবুলকে ধৰি বেটাৰী যোগান শৃংখলৰ সহযোগিতাক প্ৰসাৰিত কৰাৰ বাবে এই পদক্ষেপক আদৰণি জনায়।

● ভাৰত চৰকাৰ আৰু জেবিআইচিয়ে স্থাপন কৰা ভাৰত-জাপান পুঁজিৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ আৰু অন্যান্য ক্ষেত্ৰত বিনিয়োগৰ প্ৰসাৰক ভাৰত আৰু জাপানে আদৰণি জনায়।

● অসম বায়’ ইথানল প্ৰাইভেট লিমিটেডে ৰূপায়ণ কৰি থকা উত্তৰ-পূব ভাৰতৰ অসমত বাঁহ ভিত্তিক বায়’ইথানল উৎপাদন প্ৰকল্পৰ সহায়ৰ বাবে জেবিআইচি আৰু পাৱাৰ ফাইনেন্স কৰ্প’ৰেশ্যন লিমিটেডে ৬০ বিলিয়ন জেপাই পৰ্যন্ত ঋণ চুক্তিত স্বাক্ষৰ কৰে।

● ভাৰতৰ মডেল পৰিৱৰ্তনত অৰিহণা যোগাবলৈ জেবিআইচিয়ে জাপানীজ অটোমোটিভ পাৰ্টছ কোম্পানী (য়োকোহামা ৰবৰ, ইয়াজাকি কৰ্পৰেশ্যন আদি)ৰ বিনিয়োগ প্ৰকল্পৰ বাবে বিত্তীয় সাহায্য, জাপানী অটোমোবাইল নিৰ্মাতা (পৰিৱেশ অনুকূল বাহন)ৰ যোগান শৃংখল শক্তিশালী কৰাৰ বাবে ঋণ আৰু জাপানী লজিষ্টিক কোম্পানী (কন’ইক ট্ৰেন্সপ’ৰ্ট)ৰ ৰে’লৱে কণ্টেইনাৰ পৰিবহণ ব্যৱসায়ৰ বাবে সহায় সহযোগিতাকে ধৰি বিত্তীয় সহায়ৰ ব্যৱস্থা ৰূপায়ণ কৰে।

বৈজ্ঞানিক সহযোগিতা

● ভাৰত আৰু জাপানে এই বছৰ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন বিনিময়ৰ বছৰ হিচাপে উদযাপন কৰি তেওঁলোকৰ এছ এণ্ড টিৰ সংযোগ গভীৰ কৰি তুলিছে।

● ভাৰত আৰু জাপানে ২০২৫ চনৰ জুন মাহত বিজ্ঞান আৰু প্ৰযুক্তি সহযোগিতাৰ একাদশ যুটীয়া সমিতিৰ বৈঠক অনুষ্ঠিত কৰি বিশেষকৈ নতুন আৰু উদীয়মান প্ৰযুক্তি যেনে এআই, কোৱাণ্টাম প্ৰযুক্তি, জৈৱ প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন প্ৰযুক্তি আৰু মহাকাশৰ ক্ষেত্ৰত বৈজ্ঞানিক সহযোগিতাৰ সম্পূৰ্ণ পৰিসৰৰ ওপৰত আলোচনা কৰে।

● ভাৰত আৰু জাপানে ভেহিকেল-টু-এভ্ৰিথিং (V2X)ৰ ওপৰত কেইবাটাও যৌথ প্ৰদৰ্শনী পৰীক্ষা চলাইছে, ২০১৯ চনৰ পৰা V2X ব্যৱস্থাৰ ওপৰত বাৰ্ষিক কাৰিকৰী-কৰ্মশালা অনুষ্ঠিত কৰিছে, আৰু V2X প্ৰযুক্তি আৰু বুদ্ধিমত্তাসম্পন্ন পৰিবহণ ব্যৱস্থাৰ ওপৰত সহযোগিতা কৰাৰ সুযোগ বিচাৰিছে।

● ভাৰত আৰু জাপানে জাপান বিজ্ঞান আৰু প্ৰযুক্তি সংস্থা (JST) আৰু ডিএছটিৰ মাজত SICORP ৰ জৰিয়তে অত্যাধুনিক ক্ষেত্ৰত প্ৰস্তাৱৰ বাবে আন্তঃৰাষ্ট্ৰীয় যৌথ আহ্বান ৰূপায়ণ কৰে।

● ভাৰত আৰু জাপানে ভাৰত-জাপান এআই সহযোগিতা পদক্ষেপ আৰম্ভ কৰে যিয়ে যৌথ গৱেষণা, বিশ্ববিদ্যালয় আৰু কোম্পানীসমূহৰ মাজত পদক্ষেপসমূহৰ প্ৰসাৰ, বৃহৎ ভাষাৰ আৰ্হি (এল এল এম)ৰ বিকাশৰ ক্ষেত্ৰত সহযোগিতা আৰু বিশ্বাসযোগ্য এ আই পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাৰ দিশত সহযোগিতাৰ জৰিয়তে এ আইত কৌশলগত সহযোগিতাক প্ৰসাৰিত কৰিব।

● অৰ্ধপৰিবাহী, এআই, ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ, আৰ এণ্ড ডি, ষ্টাৰ্ট-আপকে ধৰি ডিজিটেল খণ্ডত সহযোগিতা প্ৰসাৰিত কৰিবলৈ ভাৰত আৰু জাপানে ২০২৫ চনত ডিজিটেল পাৰ্টনাৰশ্বিপ ২.০ৰ ওপৰত সহযোগিতা চুক্তি নবীকৰণ কৰে।

● ভাৰত আৰু জাপানে স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীকে ধৰি ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰি জাপানত LOTUS প্ৰগ্ৰেম আৰু Sakura Science Exchange Program ৰ দৰে গৱেষণা কৰাৰ লগতে ইণ্টাৰনশ্বিপৰ জৰিয়তে জাপানী কোম্পানীসমূহৰ সৈতে মিলনৰ সুবিধা প্ৰদান কৰি অত্যাধুনিক ক্ষেত্ৰসমূহত মানৱ সম্পদৰ বিনিময়ক শক্তিশালী কৰি তুলিলে।

● বৈজ্ঞানিক বিনিময় আৰু গৱেষণা আৰু উন্নয়নত সহযোগিতা বৃদ্ধিৰ বাবে শিক্ষা সংস্কৃতি, ক্ৰীড়া, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সৈতে যুটীয়া আগ্ৰহ বিবৃতিত স্বাক্ষৰ কৰে।

● এনটিটি ডাটা, ক্লাউড প্লেটফৰ্ম কোম্পানী নেইছা নেটৱৰ্কছ আৰু তেলেংগানা চৰকাৰে হায়দৰাবাদত ১০,৫০০ কোটি টকাৰ বিনিয়োগেৰে এআই ডাটা চেণ্টাৰ ক্লাষ্টাৰ স্থাপনৰ চুক্তিত স্বাক্ষৰ কৰে।

 

ফাৰ্মাচিউটিকেলছ

● জাপানৰ কৌশলগত আন্তঃৰাষ্ট্ৰীয় সহযোগী গৱেষণা কাৰ্যসূচীৰ অধীনত স্বাস্থ্য আৰু চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত সহযোগিতাৰ ওপৰত স্বাক্ষৰ কৰিব জাপান এজেন্সী ফৰ মেডিকেল ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ আৰু ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে।

● ভাৰত গণৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেচন (চিডিএছচিঅ') আৰু জাপানৰ স্বাস্থ্য, শ্ৰম আৰু কল্যাণ মন্ত্ৰালয়ৰ মাজত এখন এমঅ'চি স্বাক্ষৰিত হয়।

● ভাৰত আৰু জাপানে সমমনা দেশসমূহৰ মাজত বায়’ফাৰ্মাচিউটিকেল এলায়েন্সৰ জৰিয়তে এক স্থিতিস্থাপক যোগান শৃংখল গঢ়ি তোলাৰ প্ৰচেষ্টাত সহযোগিতা অব্যাহত ৰাখিব।

● ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে ৰাসায়নিক আৰু ঔষধ উদ্যোগৰ জাপানী কোম্পানীসমূহে বিনিয়োগ প্ৰকল্পৰ বাবে জেবিআইচিয়ে ঋণ প্ৰদান কৰি আছে।

আমাৰ অংশীদাৰিত্ব সম্প্ৰসাৰণ কৰা

বিকশিত বিশ্ব প্ৰত্যাহ্বানৰ পটভূমিত গুৰুত্বপূৰ্ণ অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত জাপান আৰু ভাৰতে তেওঁলোকৰ ভাগ-বতৰা আগ্ৰহক স্বীকাৰ কৰি অৰ্থনৈতিক সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি দিছে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু ইয়াৰ বাহিৰত নিয়মভিত্তিক অৰ্থনৈতিক ব্যৱস্থাৰ বাবে তেওঁলোকৰ উমৈহতীয়া দৃষ্টিভংগীত লংঘিত হৈ দুয়োখন দেশেই কৌশলগত খণ্ডত স্থিতিস্থাপকতা গঢ়ি তোলা, প্ৰযুক্তি আৰু আন্তঃগাঁথনিৰ সুৰক্ষা বৃদ্ধি, আৰু বিশ্বাসযোগ্য আৰু স্বচ্ছ কাঠামোৰ প্ৰসাৰৰ বাবে চৰকাৰ, উদ্যোগ, আৰু শিক্ষানুষ্ঠানৰ মাজত সহযোগিতা গভীৰ কৰি যাব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'

Media Coverage

PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian women’s hockey team on winning FIH Hockey Women’s Nations Cup
June 21, 2026

The Prime Minister, Shri Narendra Modi has congratulated the Indian women’s hockey team for emerging as winners of the FIH Hockey Women’s Nations Cup.

The Prime Minister said that the team played exceptionally well throughout the entire tournament.

Shri Modi extended his best wishes to the team and expressed hope that this victory would inspire several others to take up hockey.

In a post on X, Shri Modi said;

“Indian hockey players bring pride and joy!

Congratulations to the women’s team for emerging as winners in the FIH Hockey Women’s Nations Cup. The team played exceptionally well throughout the entire tournament. Best wishes to the team.

May this win inspire several others to play hockey.

@TheHockeyIndia”