মান্যবৰ,

ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী,

প্ৰতিনিধি দলৰ সদস্যসকল,

সংবাদ মাধ্যমৰ বন্ধুসকল,

শুভ সন্ধিয়া আৰু নমস্কাৰ,

মাননীয় প্ৰধানমন্ত্ৰী, ডেনমাৰ্কত মোক আৰু মোৰ প্ৰতিনিধিদলক এক সুন্দৰ আদৰণি আৰু আতিথ্য দিয়াৰ বাবে আপোনাক আৰু আপোনাৰ দলক ধন্যবাদ জনাইছোঁ। আপোনাৰ সুন্দৰ দেশখনলৈ এয়া মোৰ প্ৰথম ভ্ৰমণ। যোৱা বছৰ অক্টোবৰ মাহত, মই আপোনাক ভাৰতত স্বাগতম জনোৱাৰ সুযোগ পাইছিলোঁ। দুয়োৰে এই ভ্ৰমণৰ সৈতে, আমি আমাৰ সম্পৰ্কত ঘনিষ্ঠতা আৰু গতিশীলতা আনিবলৈ সক্ষম হৈছোঁ। আমি দুয়োখন দেশ কেৱল গণতন্ত্ৰৰ মূল্যবোধ, মত প্ৰকাশৰ স্বাধীনতা আৰু আইনৰ শাসনৰেই অংশীদাৰ নহয়, আমাৰ দুয়োৰে বহুতো পৰিপূৰক শক্তি আছে।


বন্ধুসকল,
২০২০ চনৰ অক্টোবৰত ভাৰত-ডেনমাৰ্ক ভাৰ্চুৱেল সন্মিলনৰ সময়ত আমি আমাৰ সম্পৰ্কক সেউজ কৌশলগত অংশীদাৰিত্বৰ মৰ্যাদা দিছিলোঁ। আজি আলোচনাৰ সময়ত আমি আমাৰ সেউজ কৌশলগত অংশীদাৰিত্বৰ যুটীয়া কৰ্ম-পৰিকল্পনাৰ পৰ্যালোচনা কৰিছোঁ।

মই এইবাবেই সুখী যে বিভিন্ন ক্ষেত্ৰত, বিশেষকৈ নৱীকৰণযোগ্য শক্তি, স্বাস্থ্য, বন্দৰ, জাহাজ চলাচল, গোলকীয় অৰ্থনীতি আৰু পানী ব্যৱস্থাপনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি হৈছে। ভাৰতত বিভিন্ন ক্ষেত্ৰত ২০০ৰো অধিক ডেনিছ কোম্পানীয়ে কাম কৰি আছে। এইসমূহ হৈছে- বায়ু শক্তি, জাহাজ, কনছালটেন্সী, খাদ্য প্ৰক্ৰিয়াকৰণ, অভিযান্ত্ৰিক আদি। এই কোম্পানীসমূহে ভাৰতত 'ব্যৱসায় কৰাৰ সহজতা' বৃদ্ধিৰ সুযোগৰ লগতে আমাৰ ব্যাপক আৰ্থিক সংস্কাৰৰ সুবিধা লাভ কৰিছে। ভাৰতৰ আন্তঃগাঁথনি খণ্ড আৰু সেউজ উদ্যোগত ডেনিছ কোম্পানী আৰু ডেনিছ পেঞ্চন পুঁজিৰ বাবে বিনিয়োগৰ যথেষ্ট সুযোগ আছে।

আজি আমি ভাৰত-ইউৰোপীয় ইউনিয়নৰ সম্পৰ্ক, ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু ইউক্ৰেইনকে ধৰি কেইবাটাও আঞ্চলিক আৰু গোলকীয় বিষয়ৰ ওপৰতো আলোচনা কৰিছোঁ। আমি আশা কৰোঁ যে ভাৰত-ইউৰোপীয় ইউনিয়ন মুক্ত বাণিজ্য চুক্তিৰ ওপৰত যিমান সম্ভৱ সোনকালে আলোচনা সম্পূৰ্ণ হ'ব। আমি এক মুক্ত, সামগ্ৰিক আৰু নিয়ম-আধাৰিত ইণ্ডো-পেচিফিক অঞ্চল নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ। আমি ইউক্ৰেইনত তাৎক্ষণিক যুদ্ধবিৰতি আৰু সমস্যা সমাধানৰ বাবে আলোচনা আৰু কূটনীতিৰ পথ গ্ৰহণৰ বাবে আহ্বান জনাইছোঁ। আমি জলবায়ুৰ ক্ষেত্ৰত আমাৰ সহযোগিতাৰ বিষয়েও আলোচনা কৰিছোঁ। ভাৰতে গ্লাছগো কপ-২৬ত লোৱা প্ৰস্তাৱসমূহ পূৰণ কৰিবলৈও প্ৰতিশ্ৰুতিবদ্ধ। আমি আৰ্ক’টিক অঞ্চলত সহযোগিতাৰ বাবে অধিক সুযোগ অন্বেষণ কৰিবলৈ সন্মত হৈছোঁ।

 

মান্যবৰ,

মই নিশ্চিত যে আপোনাৰ নেতৃত্বত ভাৰত আৰু ডেনমাৰ্কৰ মাজৰ সম্পৰ্কই এক নতুন মাত্ৰা লাভ কৰিব। কাইলৈ অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় ভাৰত-নৰ্ডিক সন্মিলন আয়োজনৰ বাবে মই আপোনাসৱলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আনহাতে, আজি প্ৰবাসী ভাৰতীয় অনুষ্ঠানত যোগদান কৰাৰ বাবে মই আপোনাক বহুত ধন্যবাদ জনাইছোঁ। কাৰণ আপুনি এই অনুষ্ঠানত উপস্থিত থাকিবলৈ সময় উলিয়াইছে, ই ভাৰতীয় সম্প্ৰদায়ৰ প্ৰতি আপোনাৰ প্ৰেমৰ প্ৰতীক।

 

ধন্যবাদ

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi pays tributes to Freedom Fighter, Shri Pingali Venkayya on his 150th birth anniversary
August 02, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to freedom fighter, Shri Pingali Venkayya on his 150th birth anniversary.

The Prime Minister remembered Pingali Venkayya for his invaluable role in giving the nation the Tricolour and said that his efforts continue to inspire people to serve the country with dedication and patriotic fervour.

Shri Modi said that the Tiranga fills every Indian heart with immense pride and inspires the nation to work towards nation-building.

The Prime Minister wrote on X;

“Tributes to Pingali Venkayya Ji on his 150th birth anniversary. He is remembered for his invaluable role in giving our nation the Tricolour. May his efforts always inspire people to serve our country with dedication and patriotic fervour.

The Tiranga fills every Indian heart with immense pride and inspires us to work towards nation building.”