“বিশ্বজুৰি যোগাভ্যাস কৰা লোকৰ সংখ্যা বাঢ়িছে”
“যোগৰপৰা অনুভূত পৰিবেশ, শক্তি আৰু অভিজ্ঞতা আজি জম্মু-কাশ্মীৰত অনুভৱ হৈছে”
“আজি বিশ্বই এক নতুন যোগ অৰ্থনীতিৰ উত্থান দেখিবলৈ পাইছে”
“বিশ্বই যোগক বিশ্বৰ কল্যাণৰ এক প্ৰভাৱশালী উপায় হিচাপে গণ্য কৰিছে”
“যোগে আমাক বৰ্তমান মুহূৰ্তত জীয়াই থাকিবলৈ সহায় কৰে”
“যোগে সমাজত ইতিবাচক পৰিৱৰ্তন সাধনৰ নতুন পথ প্ৰশস্ত কৰিছে”
“যোগে আমাৰ কল্যাণ চৌপাশৰ জগতখনৰ কল্যাণৰে সংপৃক্ত হোৱাৰ কথাটো অনুভৱ কৰাইছে”
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত ১০ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ (IYD) কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কাৰ্য্যসূচীৰ নেতৃত্ব প্ৰদান আৰু যোগাসনত অংশগ্ৰহণ কৰে।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত মোৰ যোগ আৰু ধ্যানৰ ভূমি কাশ্মীৰত উপস্থিত থকাৰ সৌভাগ্য হৈছে। কাশ্মীৰ আৰু শ্ৰীনগৰৰ পৰিবেশ, শক্তি, অভিজ্ঞতাই আমাক যোগৰপৰা অনুভূত শক্তি অনুভৱ কৰায়। যোগ দিৱসত দেশৰ সকলো ৰাইজৰ লগতে বিশ্বৰ প্ৰতিটো কোণত যোগাভ্যাস কৰা সকললৈ কাশ্মীৰ ভূমিৰপৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসে ১০ বছৰীয়া ঐতিহাসিক যাত্ৰা সম্পূৰ্ণ কৰিছে। মই ২০১৪ত ৰাষ্ট্ৰসংঘত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ প্ৰস্তাৱ আগবঢ়াইছিলোঁ। ভাৰতৰ এই প্ৰস্তাৱত ১৭৭ খন দেশে সমৰ্থন জনাইছিল, যি এক অভিলেখ আছিল। তেতিয়াৰপৰাই যোগ দিৱসত নতুন অভিলেখ ৰচনা হৈ আহিছে। ২০১৫ত দিল্লীৰ কৰ্তব্য পথত ৩৫ হাজাৰ লোকে একেলগে যোগাভ্যাস কৰিছিল, এয়াও বিশ্ব অভিলেখ আছিল। যোৱা বছৰ আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্য্যালয়ত যোগ দিৱস উদযাপনৰ কাৰ্য্যসূচীৰ নেতৃত্ব প্ৰদানৰ সুযোগ পাইছিলোঁ, ইয়াত ১৩০ খনৰো অধিক দেশৰ লোকে অংশগ্ৰহণ কৰিছিল। যোগৰ এই যাত্ৰা আজিও অব্যাহত আছে। আয়ুষ বিভাগে ভাৰতত যোগ সাধকসকলৰ বাবে যোগ প্ৰমাণীকৰণ ব’ৰ্ড স্থাপন কৰিছে। মই আনন্দিত যে আজি দেশৰ ১০০ খনৰো অধিক প্ৰতিষ্ঠানে এই ব’ৰ্ডৰ স্বীকৃতি লাভ কৰিছে। বিদেশৰ দহ প্ৰতিষ্ঠানেও এই ব’ৰ্ডৰপৰা স্বীকৃতি লাভ কৰিছে।

 

বন্ধুসকল,

আজি বিশ্বজুৰি যোগাসন কৰা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, লগতে যোগৰ প্ৰতি আকৰ্ষণো বৃদ্ধি পাইছে। যোগৰ উপযোগিতাৰ বিষয়ে জনসাধাৰণ ক্ৰমাৎ পতিয়ন গৈছে। বিশ্বৰ যিকোনো ঠাইতে বিশ্ব নেতাসকলক লগ পোৱা মাত্ৰেকে তেওঁলোক মোৰ সৈতে সততে যোগাসনৰ বিষয়ে কথা পাতে। সমগ্ৰ বিশ্বৰ জ্যেষ্ঠ নেতাসকলে মোৰ লগত সদায় যোগ সম্পৰ্কে আলোচনা কৰে আৰু অত্যন্ত কৌতূহলেৰে প্ৰশ্ন কৰে। বহু দেশৰ দৈনন্দিন জীৱনৰ অংগ হৈ পৰিছে যোগ। ২০১৫ত তুৰ্কমেনিস্তানত এটা যোগ কেন্দ্ৰ উদ্বোধনৰ কথা মনত আছে। আজি তাত যোগ বহু জনপ্ৰিয় হৈ পৰিছে। তুৰ্কমেনিস্তানৰ চিকিৎসা বিশ্ববিদ্যালয়তো যোগ চিকিৎসাক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে। আনকি ছৌদি আৰৱে নিজৰ শিক্ষা ব্যৱস্থাত যোগাসনক অন্তৰ্ভুক্ত কৰিছে। মংগোলীয় যোগ ফাউণ্ডেচনৰ অধীনত মংগোলিয়াত কেইবাখনো যোগাসন বিদ্যালয় স্থাপন কৰা হৈছে। ইউৰোপীয় দেশসমূহতো যোগৰ প্ৰৱণতা দ্ৰুতগতিত বৃদ্ধি পাইছে। আজি জাৰ্মানীৰ প্ৰায় ডেৰ কোটি লোক যোগ সাধক হৈ পৰিছে। আপোনাসৱৰ মনত পৰিছে নে, ফ্ৰান্সৰ এগৰাকী ১০১ বছৰীয়া মহিলা যোগ শিক্ষয়িত্ৰীক এইবাৰ ভাৰতে পদ্মশ্ৰী বঁটা প্ৰদান কৰিছে। তেওঁ কেতিয়াও ভাৰতলৈ অহা নাই যদিও তেওঁ ওৰেটো জীৱন যোগৰ প্ৰচাৰৰ বাবে নিজকে উৎসৰ্গা কৰিছে। আজি বিশ্বৰ প্ৰধান প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহে যোগৰ ওপৰত গৱেষণাৰে গৱেষণা পত্ৰ প্ৰকাশ কৰিছে।

বন্ধুসকল,

যোৱা দহ বছৰত যোগৰ সম্প্ৰসাৰণে যোগৰে জড়িত ধাৰণা সলনি কৰিছে। সীমিত সীমাৰ বাহিৰত এতিয়া যোগৰ উন্মেষ ঘটিছে। নতুন যোগ অৰ্থনীতিৰ উত্থান বিশ্বই প্ৰত্যক্ষ কৰিছে। ভাৰতত হৃষীকেশ আৰু কাশীৰপৰা কেৰালালৈ যোগ পৰ্যটনৰ এক নতুন ধাৰা দেখা গৈছে। প্ৰামাণিক যোগাসন শিকাৰ বাবেই সমগ্ৰ বিশ্বৰপৰা পৰ্যটক ভাৰতলৈ আহিছে। যোগ ৰিট্ৰিট আৰু যোগ ৰিজৰ্ট স্থাপন কৰা হৈছে। বিমানবন্দৰ আৰু হোটেলত যোগাসনৰ বাবে নিৰ্দিষ্ট সুবিধা কৰা হৈছে। বজাৰত দেখা গৈছে যোগাসনৰ বাবে ডিজাইনাৰ পোছাক আৰু আহিলা। জনতাই এতিয়া নিজৰ ফিটনেছৰ বাবে ব্যক্তিগত যোগ প্ৰশিক্ষক নিয়োগ কৰিছে। কৰ্মচাৰীৰ সুস্থতাৰ পদক্ষেপৰ অংশ হিচাপে কোম্পানীসমূহেও যোগাসন আৰু মননশীলতা কাৰ্য্যসূচী আৰম্ভ কৰিছে। এই সকলোবোৰে যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ আৰু কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে।

 

বন্ধুসকল,

এইবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু হৈছে ‘নিজৰ আৰু সমাজৰ বাবে যোগাসন’। আজি বিশ্বই যোগক বিশ্বৰ কল্যাণৰ বাবে এক প্ৰভাৱশালী উপায় হিচাপে গণ্য কৰিছে। যোগে আমাক বৰ্তমানৰ মুহূৰ্তত জীয়াই থকাত সহায় কৰে। ই আমাক আমাৰ গভীৰ অনুভৱেৰে সংযুক্ত কৰে। ই মন, শৰীৰ আৰু আত্মাৰ মাজত ঐক্যতানৰ সঞ্চাৰ কৰে। যোগে আমাক উপলব্ধি কৰাত সহায় কৰে যে আমাৰ কল্যাণ আমাৰ চৌপাশৰ জগতখনৰ কল্যাণৰে সংপৃক্ত। আমাৰ অভ্যন্তৰ শান্ত হৈ থাকিলে আমিও বিশ্বত ইতিবাচক প্ৰভাৱ পেলাব পাৰোঁ।

বন্ধুসকল,

যোগ কেৱল এটা শাখা নহয়, বৰঞ্চ এক বিজ্ঞানো। তথ্য বিপ্লৱৰ এই যুগত য’ত সকলোতে তথ্য সম্পদ উভৈনদী হৈ পৰিছে, তেনে পৰিবেশত এটা বিষয়ত মনোনিৱেশ কৰাটো আমাৰ বাবে এক প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে। যোগে ইয়াৰ সমাধানো দিয়ে। আমি জানো যে একাগ্ৰতা হৈছে মানুহৰ মনৰ সৰ্বাধিক শক্তি। যোগ আৰু ধ্যান-ধাৰণাৰ জৰিয়তেও এই ক্ষমতা বৃদ্ধি পায়। সেয়েহে সেনাবাহিনীৰপৰা ক্ৰীড়ালৈকে যোগাসনক অন্তৰ্ভুক্ত কৰা হৈছে। মহাকাশচাৰীসকলক তেওঁলোকৰ মহাকাশ কাৰ্য্যসূচীৰ প্ৰশিক্ষণৰ অংশ হিচাপে যোগ আৰু ধ্যানৰ প্ৰশিক্ষণো প্ৰদান কৰা হয়। ইয়াৰ ফলত কাৰ্য্যক্ষমতা আৰু সহনশীলতা বৃদ্ধি পায়। আজিকালি বহু কাৰাগাৰত কাৰাবাসীসকলকো যোগাসনৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়, যাতে তেওঁলোকে ইতিবাচক চিন্তাত মনোনিৱেশ কৰিব পাৰে। যোগে সমাজত ইতিবাচক পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰি তুলিছে।

 

বন্ধুসকল,

যোগৰপৰা পোৱা প্ৰেৰণাই আমাৰ ইতিবাচক প্ৰচেষ্টাক সুদৃঢ় কৰি ৰাখিব বুলি মোৰ বিশ্বাস।

বন্ধুসকল,

বৰষুণৰ ফলত আজি অনুষ্ঠানৰ আৰম্ভণি কিছু পলম হৈছে যদিও কালিৰেপৰা যোগৰ প্ৰতি আকৰ্ষণ আৰু জম্মু-কাশ্মীৰৰ বিশেষকৈ শ্ৰীনগৰৰ জনতাই যি উৎসাহেৰে যোগাসন কৰিবলৈ আগ্ৰহী হৈ আছে, সেয়া দেখিবলৈ পাইছোঁ। এয়া জম্মু-কাশ্মীৰৰ পৰ্যটনৰ অগ্ৰগতি সাধনৰ এক সুযোগ। এই কাৰ্য্যসূচীৰ পিছতে যোগাসনৰে জড়িত লোকসকলক নিশ্চয় লগ পাম। বৰষুণৰ বাবে আজি আমি ইয়াত অনুষ্ঠানটো অনুষ্ঠিত কৰিবলগীয়া হ’ল। অৱশ্যে জম্মু-কাশ্মীৰৰ ৫০-৬০ হাজাৰ লোকে যোগ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাটো মই এক বৃহৎ সাফল্য বুলি গণ্য কৰোঁ আৰু ইয়াৰ বাবে জম্মু-কাশ্মীৰৰ জনসাধাৰণক অভিনন্দন জনাইছোঁ। আপোনালোক সকলোলৈকে আকৌ এবাৰ যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিশ্বৰ সকলো যোগপ্ৰেমীলৈ মোৰ শুভেচ্ছা জ্ঞাপন জনালোঁ।

আপোনালোকক অশেষ ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India at Davos: From presence to partnership in long-term global growth

Media Coverage

India at Davos: From presence to partnership in long-term global growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 জানুৱাৰী 2026
January 24, 2026

Empowered Youth, Strong Women, Healthy Nation — PM Modi's Blueprint for Viksit Bharat