আজি মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত জম্মু-কাশ্মীৰৰ সকলো ৰাজনৈতিক দলৰ সৈতে আলোচনা অলপ আগতে সমাপ্ত হৈছে। জম্মু-কাশ্মীৰৰ বিকাশ আৰু গণতন্ত্ৰক শক্তিশালী কৰাৰ দিশত এয়া এক অত্যন্ত ইতিবাচক প্ৰয়াস। বৈঠক বহুত ভাল বাতাবৰণত অনুষ্ঠিত হয়। সকলোৱে ভাৰতৰ গণতন্ত্ৰ আৰু ভাৰতৰ সংবিধানৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠা প্ৰকাশ কৰে। গৃহমন্ত্ৰী ডাঙৰীয়াই জম্মু-কাশ্মীৰৰ স্থিতি, পৰিস্থিতি আৰু উন্নত হোৱা অৱস্থাৰ সৈতে সকলো নেতাক পৰিচিত কৰে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সম্পূৰ্ণ গাম্ভীৰ্যপূৰ্ণভাৱে প্ৰতিটো পক্ষ, প্ৰতিটো যুক্তি, প্ৰতিটো পৰামৰ্শ শুনে আৰু তেওঁ এই কথাৰ প্ৰশংসা কৰে যে সকলো জনপ্ৰতিনিধিয়ে মুক্ত মনেৰে নিজৰ নিজৰ বক্তব্য ৰাখে।

প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বৈঠকত দুটা ডাঙৰ কথাৰ ওপৰত বিশেষ জোৰ দিয়ে। তেওঁ কয় যে জম্মু-কাশ্মীৰত গণতন্ত্ৰক তৃণমূললৈকে লৈ যাবৰ বাবে আমি সকলোৱে মিলি কাম কৰিব লাগিব। দ্বিতীয়তে, জম্মু-কাশ্মীৰত অলৰাউণ্ড বিকাশ হওক, প্ৰতিটো এলেকা, প্ৰতিটো সম্প্ৰদায়লৈকে বিকাশ গৈ পাওক, ইয়াৰ বাবে দিহা-পৰামৰ্শ হওক আৰু জন-সহযোগিতাৰ এটা পৰিৱেশ প্ৰস্তুত কৰি ৰাখিব লাগিব, ই জৰুৰী।

মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কথাও দাঙি ধৰে যে জম্মু-কাশ্মীৰত পঞ্চায়তীৰাজৰ পৰা আন স্থানীয় নিকায়ৰ সৈতে জড়িত সকলো নিৰ্বাচন সফলতাৰে হৈ গৈছে। সুৰক্ষাৰ সৈতে জড়িত অৱস্থাও উন্নত হৈ আছে। পঞ্চায়ত নিৰ্বাচনৰ পিছত প্ৰায় বাৰ হাজাৰ কোটি টকা পোনপটীয়াকৈ পঞ্চায়তৰ হাতত পৰিছে। ইয়াৰ ফলত গাঁওসমূহত বিকাশৰ গতি বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে জম্মু-কাশ্মীৰত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে জড়িত পৰৱৰ্তী মহত্বপূৰ্ণ পদক্ষেপ, অৰ্থাৎ বিধানসভা নিৰ্বাচনৰ ফালে আমি লগ হৈ আগবাঢ়িব লাগিব। ইয়াৰ বাবে ডিলিমিটেচনৰ প্ৰক্ৰিয়াক দ্ৰুতগতিত সম্পূৰ্ণ কৰিব লাগিব। যাতে সকলো ক্ষেত্ৰ, প্ৰতিটো বৰ্গই পৰ্যাপ্ত ৰাজনৈতিক প্ৰতিনিধিত্ব বিধানসভাত পাব পাৰে। বিশেষকৈ দলিত, পিছপৰা, জনজাতি ক্ষেত্ৰৰ বন্ধুসকলক এক উচিত প্ৰতিনিধিত্ব দিয়া আৱশ্যক।

বন্ধুসকল,

ডিলিমিটেচনৰ এই প্ৰক্ৰিয়াত সকলোৰে অংশগ্ৰহণ হওক, ইয়াক লৈ বৈঠকত বিস্তৃতভাৱে আলোচনা হ'ল। বৈঠকত উপস্থিত সকলো দলে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰে।

আজিৰ বৈঠকত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কথাৰ ওপৰতো জোৰ দিয়ে যে জম্মু-কাশ্মীৰক শান্তি আৰু সমৃদ্ধিৰ পথত লৈ যাবলৈ এনেকৈয়ে সকলো ভাগীদাৰ লগ হৈ আগবাঢ়িব লাগিব। তেওঁ কয় যে আজি জম্মু-কাশ্মীৰ হিংসাৰ কু চক্ৰৰ পৰা বাহিৰলৈ ওলাই স্থিৰতাৰ ফালে আগবাঢ়ি আছে। জম্মু-কাশ্মীৰৰ জনতাৰ মাজত এক নতুন আশা জাগিছে, নতুন আত্মবিশ্বাস জাগিছে। প্ৰধানমন্ত্ৰীয়ে এইবুলিও কয় যে আমি এই আত্মবিশ্বাস বঢ়াবলৈ, এই ভৰসাক অধিক শক্তিশালী কৰিবলৈ দিনে-ৰাতিয়ে পৰিশ্ৰম কৰিব লাগিব, একেলগ হৈ কাম কৰিব লাগিব। আজিৰ এই বৈঠক জম্মু-কাশ্মীৰত গণতন্ত্ৰক শক্তিশালী কৰা আৰু জম্মু-কাশ্মীৰৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে এক মহত্বপূৰ্ণ পদক্ষেপ। মই আজিৰ এই বৈঠকত অন্তৰ্ভুক্ত হোৱা বাবে সকলো ৰাজনৈতিক দলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো।

ধন্যবাদ!

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi’s FTA push: Why India’s MSMEs now have a bigger export opportunity

Media Coverage

PM Modi’s FTA push: Why India’s MSMEs now have a bigger export opportunity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 আগষ্ট 2026
August 17, 2026

India Ascendant: Citizens Hail PM Modi's Vision and India’s Multi-Sectoral Growth