Share
 
Comments

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে শাসনৰ বাঘজৰী হাতত লৈয়ে দুৰ্নীতি পুলিয়ে-পোখাই উভালিবলৈ প্ৰতিশ্ৰুতি দিছিল৷ ইয়াৰ লক্ষ্য কেৱল দুৰ্নীতি নিৰ্মূলকৰণেই নহয়, ইয়াৰ লগতে চৰকাৰী কাম-কাজত সততাক প্ৰতিষ্ঠা কৰা৷

প্ৰশাসনিক কাম-কাজৰ স্বচ্ছতাৰ হকে দোপত দোপে গ্ৰহণ কৰি বিভিন্ন পদক্ষেপে এই ক্ষেত্ৰত পৰিৱৰ্তন আনি অৰ্থনীতি শক্তিশালী কৰাই নহয়, বৰঞ্চ চৰকাৰৰ প্ৰতি জনসাধাৰণৰ আস্থাও বৃদ্ধি কৰিছে৷

দুৰ্নীতি আৰু কলা ধনৰ দৰে দুই ব্যাধিৰ বিৰুদ্ধে কৰি অহা দীৰ্ঘদিনীয়া যুঁজৰ দৃষ্টিভংগীয়ে অৰ্থনীতিৰ উৎপাদনৰ আশা বৃদ্ধি কৰিছে আৰু ইয়াৰ ফলত হোৱা বিকাশৰ ফলত দেশৰ অতি দৰিদ্ৰ লোকজনেও পাবলৈ সক্ষম হৈছে৷ বিভিন্ন বিদেশী ৰাষ্ট্ৰৰ সৈতে এই ক্ষেত্ৰত স্বাক্ষৰ কৰা চুক্তিয়ে এক সক্ৰিয় ব্যৱস্থা গঢ়ি তোলাৰ লগতে প্ৰশাসন ব্যৱস্থা অতি সংবেদনশীল আৰু স্বচ্ছ কৰি তুলিছে৷

লা ধনৰ উৎস আৰু আহৰণ ৰোধ কৰি ইয়াৰ বিৰুদ্ধে যুঁজাৰ বাবে চৰকাৰে শাসনভাৰ গ্ৰহণ কৰিয়েই বিশেষ অনুসন্ধান গোট(এছআইটি) গঠন কৰে৷ চৰকাৰে এই কমিটীয়ে প্ৰদান কৰা কেতবোৰ পৰামৰ্শ গ্ৰহণ কৰে৷ ২০১৪ চনত শাসনভাৰ লৈয়ে চৰকাৰে সন্মুখীন হোৱা আন এক সমস্যা আছিল কয়লাৰ সংকট৷ উচ্চতম ন্যায়ালয়ে এক স্বচ্ছ আৰু নিকা নিবিদা প্ৰক্ৰিয়াৰ স্বাৰ্থত কয়লা আবণ্টন বাতিল কৰিছিল৷ চৰকাৰে কোনো সময় অপচয় নকৰি স্বচ্ছ নিবিদাৰ হকে কাম কৰে৷ এই ব্যৱস্থাই দেশলৈ সুদূৰপ্ৰসাৰী প্ৰভাৱ আনে৷

দূৰসংযোগ ব্যৱস্থাটো এনে পদ্ধতি অৱলম্বন কৰি অভূতপূৰ্ব ৰাজহ আহৰণ কৰা হয়৷ স্পেকট্ৰাম নিবিদাৰ ক্ষেত্ৰতো চৰকাৰৰ দৃষ্টিভংগীয়ে ব্যাপক লাভ আহৰণৰ বাট প্ৰশস্ত কৰে৷

দীৰ্ঘদিনে মীমাংসা নোহোৱাকৈ থকা বেনামী সম্পত্তি আইন গৃহীত কৰি বেনামী সম্পত্তিৰ জৰিয়তে কলা ধনৰ উৎস ৰোধ কৰা হয়৷ পলাতক অৰ্থনৈতিক অপৰাধ বিধেয়কৰ জৰয়িতে অৰ্থনৈতিক অপৰাধীসকলৰ ক্ষেত্ৰত অনুসন্ধান চলোৱা এজেন্সিসমূহক সকলো সুবিধা প্ৰদান কৰা হৈছে৷ ইয়াৰ দ্বাৰা তদাৰকী সংস্থাসমূহে এনে অপৰাধীৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ লগতে সেইবোৰৰ পৰা বেংকসমূহৰ ঋণৰ পৰিমাণ পুনৰুদ্ধাৰৰ সুবিধা দিয়া হৈছে৷

ঘৰুৱা প্রতিদ্বন্দিতাপূৰ্ণ পদক্ষেপতে সীমাবদ্ধ নাৰাখি, চৰকাৰে এই যুঁজৰ মোকাবিলা কৰিবলৈ দেশক একত্রিত কৰাৰ দিশত এখোজ আগুৱাই গৈছে৷ ইয়াৰ ভিত্তিত মৰিচাছ, ছিংগাপুৰ আৰু চীপৰাছৰ সৈতে দ্বৈত কৰ ৰেহাই চুক্তি(ডিটিএএ) সংশোধন কৰি কলাধন ঘুৰাই অনাৰ ক্ষেত্ৰত দেখা দিয়া বাধা আঁতৰোৱা আৰু ছুইজাৰলেণ্ডৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰি ছুইছ বেংকত থকা ভাৰতীয় লোকসকলৰ একাউণ্টৰ তথ্য সময়মতে পোৱাৰ ব্যৱস্থা কৰা হয়৷

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে বিমুদ্ৰাকৰণৰ জৰিয়তে কলাধনৰ ক্ষেত্ৰত এক মোক্ষম আঘাত হানে৷ এই ঐতিহাসিক সিদ্ধান্তই অপ্ৰকাশিত উপাৰ্জন, সন্দেহজনক লেনদেন আৰু জমা ইত্যাদি ধৰা পেলোৱাত সহায় কৰিছে৷ তদুপৰি, ইতিমধ্যে পঞ্জীয়নবিহীনভাৱে চলি থকা ৩ লাখ ভুৱা কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ইয়াৰ জৰিয়তে এক স্বচ্ছ অৰ্থনীতি গঢ়াৰ উপৰি কৰৰ আধাৰো বৃদ্ধি পাইছে৷

 

লা ধন পুনৰ গঢ়ি তোলাটো ৰোধ কৰাৰ সংকল্পেৰে অধিক অন্তৰ্ভূক্তিমূলক অৰ্থনীতিৰ দিশত গুৰুত্ব আৰোপ কৰা হৈছে৷ ৫০ লাখ নগদবিহীন নতুন বেংক একাউণ্ট খুলি শ্ৰমিকৰ মজুৰিও স্বচ্ছ প্ৰক্ৰিয়াৰে হস্তান্তৰ কৰা হৈছে৷ পূৰ্বতে চৰকাৰৰ পূঁজিৰ অধিকাংশ আত্মসাৎ হৈছিল৷ আধাৰ কাৰ্ডৰ সৈতে কল্যানমূলক আঁচনিসমূহৰ সংযোগ স্থাপনৰ জৰিয়তে ইয়াক এক আইনী পৰিকাঠামো প্ৰদান কৰি চৰকাৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাক ইয়াৰ সৈতে যুক্ত কৰাৰ লগতে চৰকাৰী পূঁজিও প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰাৰ ব্যৱস্থা কৰে৷ বিগত চাৰি বছৰত ৪৩১খন আঁচনিৰ হিতাধিকাৰীৰ বেংক একাউণ্টলৈ ৩.৬৫ লাখ কোটি টকা প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হৈছে৷

চৰকাৰৰ প্ৰতি বৃদ্ধি হোৱা বিশ্বাসৰ ফলশ্ৰুতিতে কৰদাতাৰ সংখ্যাও সৰ্বাধিক হৈছে৷ এইটো গৌৰৱৰ কথা যে ২০১৩-১৪ বৰ্ষত আয়কৰ ৰিটাৰ্ণ ফাইল দাখিল কৰা লোকৰ সংখ্যা ৩.৮৫ কোটিৰ বিপৰীতে ২০১৭-১৮ বৰ্ষত ৬.৮৫ কোটি হৈছে, যিটোৱে কৰৰ আধাৰ সম্প্ৰসাৰিত কৰিছে৷ বিমুদ্ৰাকৰণৰ পাছত ইপিএফঅআৰ কৰ্মচাৰীৰ ৰাজ্যিক বীমা নিগম(ইএছআইচি)ত ক্ৰমে ১ কোটি আৰু ১.৩ কোটিতকৈ অধিক লোকৰ নাম পঞ্জীয়ন হৈছে৷ এই ব্যাপক স্বচ্ছ আৰু গঠনমূলক ব্যৱস্থাই কঠোৰ পৰিশ্ৰম কৰা লোকসকলক এক সুৰক্ষিত ব্যৱস্থাৰ মাজলৈ অনাৰ লগতে তেওঁলোকৰ জমা আৰু আয়ৰ নিৰাপত্তাত সকাহ দিছে৷

সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) হৈছে স্বাধীনতাৰ পাছত হোৱা সৰ্ববৃহৎ সংস্কাৰ, যাৰ দ্বাৰা ফলপ্ৰসূ কাৰ্যকৰীকৰণ, স্বচ্ছতা আৰু আদেশৰ যথাযথ প্ৰয়োগ হৈছে৷ ভাৰতীয় লোকসকলে ইয়াক আন্তৰিকতাৰে গ্ৰহণ কৰিছে, যাৰফলত বিগত ৭০ বছৰত থকা ৬৫ লাখৰ বিপৰীতে জিএছটিৰ এবছৰৰ ভিতৰতে ৫০লাখ নতুন প্ৰতিষ্ঠানে পঞ্জীয়ন কৰে৷

স্বচ্ছতা সুনিশ্চিত কৰিবলৈ গ্ৰহণ কৰা অভিনৱ পদক্ষেপ অনুসৰি পৰিৱেশ মন্ত্ৰালয়ে পৰিৱেশৰ ক্ষেত্ৰত লবলগীয়া অনুমোদনৰ আবেদন অনলাইনযোগে উপলব্ধ কৰাৰ ফলত অনুমোদনৰ সময় ৬০০ দিনৰ পৰা ১৮০ দিনলৈ হ্ৰাস কৰে৷ তদুপৰি, আবেদনকাৰীসকলে অনলাইনৰ জৰিয়তে ইয়াৰ সবিশেষ গতি-বিধি লক্ষ্য কৰি থাকিব পাৰে৷ একেদৰে নন-গেজেটেড পদসমূহত সাক্ষাৎকাৰ নিৰ্মূলকৰণৰ জৰিয়তে উপযুক্ত মেধা প্ৰাৰ্থীৰ নিযু্ক্তি সুনিশ্চিত কৰিছে৷

এই দীৰ্ঘস্থায়ী বহু সুবিধাযু্ক্ত কামসমূহে অৰ্থনীতিৰ বাবে এক সুদৃঢ় আধাৰ গঢ়ি তোলাৰ উপৰি প্ৰান্তীয় লোকলৈকে এক ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰে৷ এক স্বচ্ছ, নিকা আৰু সুস্থিৰ অৰ্থনীতিয়ে সেয়েহে নতুন ভাৰতৰ এক আকাৰ প্ৰদান কৰে৷

ডনেচন
Explore More
It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi

Popular Speeches

It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi
Narendra Modi ‘humbled’ to receive UAE's highest civilian honour

Media Coverage

Narendra Modi ‘humbled’ to receive UAE's highest civilian honour
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi Adorns Colours of North East
March 22, 2019
Share
 
Comments

The scenic North East with its bountiful natural endowments, diverse culture and enterprising people is brimming with possibilities. Realising the region’s potential, the Modi government has been infusing a new vigour in the development of the seven sister states.

Citing ‘tyranny of distance’ as the reason for its isolation, its development was pushed to the background. However, taking a complete departure from the past, the Modi government has not only brought the focus back on the region but has, in fact, made it a priority area.

The rich cultural capital of the north east has been brought in focus by PM Modi. The manner in which he dons different headgears during his visits to the region ensures that the cultural significance of the region is highlighted. Here are some of the different headgears PM Modi has carried during his visits to India’s north east!