প্ৰধানমন্ত্ৰীয়ে বিভিন্ন সময়ত বিভিন্ন স্থানত লাভ কৰা স্মৰণীয় সামগ্ৰীবোৰৰ প্ৰদৰ্শনী আৰু ই-নিলাম আজি ২৪ অক্টোবৰ তাৰিখে সামৰণি পৰিছে। এই সামগ্ৰীসমূহৰ নিলামৰ সময়ছোৱাত উৎসুক ৰাইজে যথেষ্ট সঁহাৰি দেখুৱাইছিল আৰু সক্ৰিয়ভাৱে নিলামত অংশগ্ৰহণ কৰিছিল। উল্লেখ্য যে এই ই-নিলামযোগে আহৰণ হোৱা সমস্ত ধন নমামী গংগে অভিযানৰ বাবে ব্যৱহাৰ কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে লাভ কৰা বিভিন্ন উপহাৰ সামগ্ৰীৰ ই-নিলাম পৰ্ব বিগত ১৪ ছেপ্তেম্বৰ তাৰিখেই দেশৰ কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে আৰম্ভ কৰিছিল। এই সামগ্ৰীৰাজি নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় আধুনিক কলা বিথীকাত প্ৰদৰ্শন কৰা হৈছিল। এই স্মৃতি চিহ্নবোৰৰ ভিতৰত বিভিন্ন পেইণ্টিং, মূৰ্তি, শ্বল, জেকেট আৰু বিভিন্ন পৰম্পৰাগত বাদ্যযন্ত্ৰ আছিল।

পূৰ্বে এই ই-নিলাম পৰ্ব ৩ অক্টোবৰত অন্ত পৰাৰ কথা আছিল, কিন্তু জনসাধাৰণৰ ব্যাপক প্ৰতিক্ৰিয়া তথা নিলামত অংশগ্ৰহণ কৰাৰ বাবে উৎসুকতাৰ প্ৰতি লক্ষ্য ৰাখি এই নিলাম প্ৰক্ৰিয়া আৰু তিনিসপ্তাহলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইতিমধ্যেই নিলামৰ বাবে মুকলি কৰা সকলোবোৰ সামগ্ৰীয়েই বিক্ৰী হৈ গৈছে। বিভিন্ন তাৰকা, ৰাজনীতিবিদ আৰু প্ৰখ্যাত সমাজকৰ্মীয়ে এই নিলামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত আছিল বলীউদৰ অভিনেতা অনিল কাপুৰ আৰু অৰ্জুন কাপুৰৰ লগতে জনপ্ৰিয় কন্ঠশিল্পী কৈলাশ খেৰ অন্যতম।

প্ৰদৰ্শিত স্মৰণীয় সামগ্ৰীৰাজিৰ ভিতৰত আটাইতকৈ কম দামত বিক্ৰী হৈছিল ভগৱান গণেশ আৰু পদুমৰ আকাৰত কাঠত অতি কলাত্মকভাৱে নিৰ্মাণ কৰা মূৰ্তি, যাৰ মূল্য আছিল ৫০০ টকা। সৰ্বাধিক মূল্যত বিক্ৰী হোৱা পেইণ্টিং খনৰ মূল্য আছিল ২৫ লাখ টকা। এই পেইণ্টিংখনত এখন ত্ৰিৰঙ্গা জাতীয় পতাকাৰ পৃষ্ঠভুমিত প্ৰধানমন্ত্ৰী আৰু মহাত্মা গান্ধীৰ ছবি এক্ৰেলিক মাধ্যমত অংকন কৰা হৈছিল।

প্ৰধানমন্ত্ৰীয়ে মাতৃৰ পৰা আসীৰ্বাদ গ্ৰহণ কৰা এক মুহুৰ্ত্তৰ ফ্ৰেমত সজোৱা ছবিৰ আধাৰ মূল্য আছিল ১০০০ টকা, আৰু এই ছবিখন নিলামৰ অন্তত বিক্ৰী হয় ২০ লাখ টকাত। অন্যান্য জনপ্ৰিয় নিলামী সামগ্ৰীৰ ভিতৰত মণিপুৰী লোককলা (আধাৰ মূল্য আছিল ৫০,০০০ টকা, বিক্ৰী হয় ১০ লাখ টকাত), গাইয়ে দামুৰিক গাখীৰ খুৱাই থকা অৱস্থাৰ এক ধাতুৰ মূৰ্তি (আধাৰ মূল্য আছিল ৪,০০০ টকা, বিক্ৰী হয় ১০ লাখ টকাত) আৰু স্বামী বিবেকানন্দৰ এক ১৪ ছেণ্টিমিটাৰৰ ধাতুৰ মূৰ্তি (আধাৰ মূল্য আছিল ৪,০০০ টকা, বিক্ৰী হয় ৬ লাখ টকাত) অন্যতম আছিল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Shortcuts will cut you short’: PM Modi’s message for youngsters at former President Kovind’s autobiography launch

Media Coverage

‘Shortcuts will cut you short’: PM Modi’s message for youngsters at former President Kovind’s autobiography launch
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 আগষ্ট 2026
August 13, 2026

Aatmanirbhar in Motion: Solar Homes, Made-in-India Containers, Record Exports & a Rising Global Footprint Under the Leadership of PM Modi