ডঃ প্ৰমোদ কুমাৰ মিশ্ৰাক ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব হিচাপে নিযুক্ত দিয়া হৈছে৷ তেওঁ আজিৰে পৰা দায়িত্ব গ্ৰহণ কৰিছে৷

ডঃ মিশ্ৰাই কৃষি, দুৰ্যোগ প্ৰশমন, শক্তি খণ্ড, আন্তঃগাঁথনি, বিত্ত আৰু নিয়ামক সন্দৰ্ভৰ বিভিন্ন ব্যৱস্থাপনামূলক কাৰ্যত অভিজ্ঞতা অৰ্জন কৰিছে৷ তেওঁ প্ৰ’ফাইল গৱেষণা, প্ৰকাশন, নীতি নিৰ্ধাৰণ আৰু কাৰ্যসূচী/প্ৰকল্প ব্যৱস্থাপনা আদি বিভিন্ন বিষয়ত আকৰ্ষণীয় কেৰিয়াৰ গঢ়িবলৈ সক্ষম হৈছে৷ নীতি নিৰ্ধাৰণ আৰু প্ৰশাসনৰ ক্ষেত্ৰত তেওঁৰ ব্যাপক অভিজ্ঞতা থকাৰ লগতে প্ৰধানমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব; ভাৰত চৰকাৰৰ কৃষি আৰু সহযোগিতা বিষয়ৰ সচিব; ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ আৰু দুৰ্যোগ প্ৰশমন আদিৰ বিষয়াৰ পদতো তেওঁ আসীন হৈছে৷ কৃষি আৰু সহযোগিতা বিষয়ৰ সচিব হিচাপে তেওঁ বিভিন্ন দিগন্ত প্ৰসাৰী বিষয় যেনে ৰাষ্ট্ৰীয় কৃষি বিকাশ কাৰ্যসূতী (আৰ কে ভি ৱাই) আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান (এন এফ এছ এম) আদিতো সক্ৰিয় ভূমিকা পালন কৰিছিল৷

২০১৪–১৯ চনলৈ প্ৰধানমন্ত্ৰী অতিৰিক্ত মুখ্য সচিব হিচাপে ডঃ মিশ্ৰাই মানৱ সম্পদ ব্যৱস্থাপনাত নতুন উদ্ভাৱনী আৰু ৰূপান্তৰণ ব্যৱস্থা প্ৰণয়ন কৰি চমকপ্ৰদ সাফল্য লাভ কৰিছিল৷

তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইন্সটিটিউট অব্ ডেভেলপমেণ্ট ষ্টাডীজ, এ ডি বিৰ আলোচনা তথা সম্পাদন আৰু বিশ্ব বেংকৰ প্ৰকল্প, গভাৰ্ণিং ব’ৰ্ড অব্ দা ইণ্টাৰনেচনেল ক্ৰ’প ৰিচাৰ্ছ ইন্সটিটিউট ফ’ৰ ছেমি–এৰিড ট্ৰ’পিকছ্ (আই চি আৰ আই এছ এ টি)ৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে বিভিন্ন আন্তৰ্জাতিক সন্মিলনতো অংশগ্ৰহণ কৰিছিল৷

শেহতীয়াকৈ তেওঁক দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনাৰ সন্মানীয় আন্তৰ্জাতিক বঁটা ৰাষ্ট্ৰসংঘৰ ছাছাকাৱা (SASAKAWA) বঁটা, ২০১৯ৰে সন্মানিত কৰা হৈছে৷

ডঃ মিশ্ৰাই ছাছেক্স বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি/বিকাশ অধ্যয়নত পি এইচ ডি, আৰু উন্নয়নশীল অৰ্থনীতিত এম এ কৰিছে৷ তাৰোপৰি তেওঁ দিল্লী স্কুল অব্ ইক’ন’মিকছৰ পৰা অৰ্থনীতিত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে জি. এম মহাবিদ্যালয় (সম্বলপুৰ বিশ্ববিদ্যালয়)ৰ পৰাও অৰ্থনীতিত প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰিছে৷ তেওঁ উৰিষ্যাৰ সকলো বিশ্ববিদ্যালয়ৰ ভিতৰত অৰ্থনীতিত একমাত্ৰ প্ৰথম শ্ৰেণী প্ৰাপ্ত শিক্ষাৰ্থী আছিল৷

তেওঁৰ ৰচনাৱলীসমূহ হ’ল–

  • দা কচ্চ আৰ্থকুৱেক ২০০১: ৰিকালেকচন লেচনছ এণ্ড ইনছাইটছ, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰতিষ্ঠান, নতুন দিল্লী, ভাৰত (২০০৪)
  • এগ্ৰিকালচাৰেল ৰিস্ক, ইনছ্যুৰেন্স এণ্ড ইনকমঃ এ ষ্টাডী অব্ দা ইমপেক্ট এণ্ড ডিজাইন অব্ ইণ্ডিয়াজ কমপ্ৰিহেনছিভ ক্ৰপ ইনছ্যুৰেন্স স্কীম, এভেবুৰী, এল্ডাৰশ্বৰ, ইউ কে (১৯৯৬)
  • সম্পাদিত ডেভেলপমেণ্ট এণ্ড অপাৰেচন অব্ এগ্ৰিকালচাৰেল ইনছ্যুৰেন্স স্কীমছ ইন এছিয়া, এছিয়ান প্ৰডাক্টিভিটী অৰ্গনাইডেছন, টকিঅ’, জাপান (১৯৯৯)

বিভিন্ন আন্তৰ্জাতিক পৰ্যায়ৰ আলোচনীসমূহো তেওঁৰ লিখনী প্ৰকাশ পাইছে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Post revenue rises to ₹15,373 crore in FY 2025-2026 amid digital transformation push

Media Coverage

India Post revenue rises to ₹15,373 crore in FY 2025-2026 amid digital transformation push
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the transformative power of true knowledge
May 26, 2026

The Prime Minister, Shri Narendra Modi, said that true knowledge paves the way for the welfare of the nation, society and the entire humanity. He noted that it is important that our knowledge and actions become a source of inspiration for all humankind.

The Prime Minister shared a Sanskrit Subhashitam-

“आत्मा शुद्धः सदा नित्यः सुखरूपः स्वयम्प्रभः।

अज्ञानान्मलिनो भाति ज्ञानाच्छुद्धो भवत्ययम्‌।। ”

The Subhashitam conveys that the the Ātman is by nature always pure, eternal, blissful, and self-luminous. However, because of ignorance, it appears impure; through true knowledge, it once again reveals its pure nature.

The Prime Minister wrote on X;

“सच्चा ज्ञान देश, समाज और समस्त मानवता के कल्याण का मार्ग प्रशस्त करता है। इसलिए यह जरूरी है कि हमारा ज्ञान और हमारे कर्म पूरी मानवता के लिए प्रेरणा बनें।

आत्मा शुद्धः सदा नित्यः सुखरूपः स्वयम्प्रभः।

अज्ञानान्मलिनो भाति ज्ञानाच्छुद्धो भवत्ययम्‌।।”